মুখ্যমন্ত্ৰীৰ মন্তব্য, সাংবাদিক আৰু সাংবাদিকতা
অনিৰুদ্ধ ভকত
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যই বৰ্তমান যথেষ্ট চৰ্চিত হৈছে। কিছু লোকৰ মতে যদি মুখ্যমন্ত্ৰীয়ে সাংবাদিক সকলক সাংবাদিকতাৰ পাঠ পঢ়াব খুজিছে। কিছু লোকৰ মতে মুখ্যমন্ত্ৰীয়ে একো ভুল কথা কোৱা নাই। কথাখিনি কোৱাটো জৰুৰী আছিল আৰু এই কথা তেওঁৰ বাহিৰে বেলেগ কাৰো কোৱাৰ সাহস নাই।
মুখ্যমন্ত্ৰীয়ে সোমবাৰে অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত MSMEৰ এক অনুষ্ঠানৰ পিছত যিখিনি কথা কলে, সেইখিনি কথা আচলতে এজন সাংবাদিকক তেওঁৰ সম্পাদকে কব লগীয়া কথা। মুখ্যমন্ত্ৰীৰ মন্তব্যয়ে বৰ্তমান সময়ৰ বিশেষকৈ অসমৰ সাংবাদিকতা ক্ষেত্ৰখনৰ দুখ লগা ছবিখন আকৌ এবাৰ উদঙাই দিলে। ইয়াত মুখ্যমন্ত্ৰীৰ ভুল নাই, ভুল নাই সাংবাদিক সকলৰো। মই ইয়াৰ বাবে জগৰীয়া কৰিম মূলতে বৰ্তমান পৰিস্থিতিক অথবা সময়ক। We have failed miserably in maintaining the healthy journalistic environment that once existed- আৰু মই ভাবোঁ যে ইয়াৰ বাবে আমি নিজে বহু পৰিমানে দায়ী।
সাংবাদিকতা বৰ্তমান সময়ত এক এনে বৃত্তিত পৰিণত হৈছে যে বেলেগ একো নহলে শেষত গৈ সাংবাদিকতা কৰিম বুলি বহু জন আজি এই বৃত্তিত জড়িত হৈছে। কিছুৰ ক্ষেত্ৰত যদি গ্লেমাৰ এক কাৰণ, কিছুৰ ক্ষেত্ৰত সাংবাদিকতা হৈছে- the profession that helps you in skipping a que। ফলস্বৰুপে স্খলন ঘটিছে অসমৰ গৌৰৱোজ্জ্বল সাংবাদিকতা ক্ষেত্ৰখনত।
অসমত বৰ্তমান দেখা গৈছে যে সাংবাদিকতাৰ ক্ষেত্ৰখনত এক নতুন জাগৰণৰ সৃষ্টি হৈছে। বহুকেইটা চেনেল, News Portal, বহু কেইখন নিয়মীয়া বাতৰি কাকত, সাপ্তাহিক কাকত বিগত কেইবছৰমানৰ ভিতৰত ভুমুকি মাৰিছে। এনে বহুতো প্ৰতিষ্ঠানত সাংবাদিকতা কৰি থকা বহু নতুন যুৱ সাংবাদিকক মই ব্যক্তিগত ভাবে জানো। কিছুমানৰ মনত সমাজত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ কিবা এটা কৰাৰ অদম্য হেঁপাহ, উদ্দীপনা মই দেখিছোঁ। নিশাবোৰ তেওঁলোকৰ উজাগৰী পাৰ হয়, খালী পেটত। সামান্য দৰমহাৰ টকাৰে এই মহানগৰত তেওঁলোক কিন্তু যুঁজি আছে, কিবা এটা কৰিবৰ বাবে।
সোমবাৰৰ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ পিছত আমিও বহু কেইজন সম্পাদক, জেষ্ঠ্য সাংবাদিক তথা বন্ধুৰ লগত কথা পাতিছিলোঁ। প্ৰায় সকলোৱে এটা কথায়েই কলে, যে মুখ্যমন্ত্ৰীয়ে একো ভূল কোৱা নাই। তেন্তে ভূল কাৰ আৰু কত? এই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱা ইমাণ সহজ যদিওঁ নহয়, একেবাৰে অসম্ভৱো নহয়।
অসমৰ সাংবাদিকতা ক্ষেত্ৰখন যথেষ্ট পুৰণি। বিশ্বৰ বিভিন্ন দেশৰ সংবাদ জগতৰ ইতিহাসৰ লগত ফেৰ মাৰিব পৰাকৈ গৌৰৱোজ্জ্বল এক ইতিহাস আমাৰ আছে। আজিৰ তাৰিখত আমাৰ যদি কিবা নাই সেইয়া হৈছে maintenance। কবলৈ বা শুনিবলৈ বেয়া লাগিলেওঁ সচাঁ কথাটো হৈছে যে অসমত সম্পাদক আছে, সাংবাদিক আছে কিন্তু দেখিবলৈ পোৱা নাযায় কোনো সাংবাদিকৰ কৰ্মশালা। নিয়মীয়া কৰ্মশালা অনুষ্ঠিত হোৱাটো খুবেই জৰুৰী যদিও, আমাৰ সাংবাদিকৰ সন্থা তথা কাঠফুলাৰ দৰে সৃষ্টি হোৱা সাংবাদিকতা শিক্ষাৰ প্ৰতিষ্ঠানসমূহে কৰ্মৰত সাংবাদিক সকলৰ বাবে কোনো কৰ্মশালা আয়োজন কৰা দেখা নাযায়। সংবাদ প্ৰতিষ্ঠানসমূহৰ কথা নকলোৱেই, যদিও কৰ্মৰত সাংবাদিকক আগুৱাই যোৱাত প্ৰেৰণা যোগাবলৈ কৰ্মশালা আয়োজন কৰাটো আচলতে যিকোনো এটা সংবাদ প্ৰতিষ্ঠানৰ নৈতিক দ্বায়িত্ব হব লাগিছিল। যিটো হোৱা দেখা আমি নাই আৰু আহিবলগীয়া সময়টো আশা কৰা নাই।
গতিকে মই ভাবোঁ যে আমি নিজেই সজাগ হোৱাটো জৰুৰী। আমাৰ, বিশেষকৈ বৈদ্যুতিন মাধ্যমত কৰ্মৰত সাংবাদিক সকল বিশেষকৈ সজাগ হোৱাৰ প্ৰয়োজন। নিজেই দেখিছোঁ যে আমাৰ অধ্যয়ন বহু পৰিমাণে কম। কাকতত কৰ্মৰত সকলে অন্তত কাকত কেইখন পঢ়ি কিবা এটা অধ্যয়ন কৰে যদিও কেৱল বাইট লৈ বাতৰি কৰা আমাৰ বহুতেই অধ্যয়ন কৰা বাদ দিছে। যাৰ বাবে আজিকালি দৰ্শক সকলে বাতৰিত নতুনত্ব একো বিচাৰি উলিয়াব নোৱাৰে। আমাৰ ইয়াত বহু খবৰৰ ক্ষেত্ৰত সেইবাবেই চেনেল সমূহ বাতৰি কাকততকৈ পিছ পৰি ৰৈছে।
শেষত কওঁ- স্থান, কাল আৰু পাত্ৰ- এই কথাষাৰ আমাৰ সাংবাদিক বন্ধু সকলে মনত ৰখা উচিত। ৰাজ্যৰ মুখ্যমন্ত্ৰীজন এজন জনপ্ৰতিনিধি হিচাপে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াটো তেওঁৰ নৈতিক দায়িত্ব বুলি মই বিশ্বাস কৰোঁ। কিন্তু কোনটো প্ৰশ্ন কত সোধা হৈছে সেই কথাটোকলৈ আমিও নিজে সচেতন হব লাগিব।
২০১০ চনৰ পৰা মই অসমৰ সাংবাদিকতা ক্ষেত্ৰখনৰ লগত জড়িত। এই নগণ্য সময় সাংবাদিকতা কৰি, সাংবাদিকতাৰ ওপৰত নীতিশিক্ষা বা ভাষণ দিয়াৰ ধৃষ্টতা মোৰ নাই, কিন্তু জ্য়েষ্ঠ বহুকেইজন comfort zoneত ৰৈ যোৱাৰ বাবে এই খিনি লিখিলোঁ।
(লেখক ৰাষ্ট্ৰীয় চেনেল ৰিপাব্লিকৰ সাংবাদিক ৰূপে কৰ্মৰত, লেখাটি 'নিয়মীয়া বাৰ্তা'টো প্ৰকাশ পাইছে)
No comments:
Post a Comment