সাম্প্ৰতিক প্ৰসংগঃ পুতিনৰ নতুন স্থিতিঃ আৰু এখন বিশ্বযুদ্ধ সন্নিকট নেকি? :: কানাই গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগঃ পুতিনৰ নতুন স্থিতিঃ আৰু এখন বিশ্বযুদ্ধ সন্নিকট নেকি? :: কানাই গগৈ

সাম্প্ৰতিক প্ৰসংগঃ পুতিনৰ নতুন স্থিতিঃ আৰু এখন বিশ্বযুদ্ধ সন্নিকট নেকি? :: কানাই গগৈ

Share This

পুতিনৰ নতুন স্থিতিঃ এখন বিশ্বযুদ্ধ সন্নিকট নেকি ?

কানাই গগৈ

পুতিনৰ নতুন স্থিতিঃ এখন বিশ্বযুদ্ধ সন্নিকট নেকি ? কানাই গগৈ, ৰাছিয়া, ইউক্ৰেইন, অসমীয়া, russia, ukarine, assamese

(১)

কালি ২১ ছেটেম্বৰত (২০২২ চন) ৰাছিয়াৰ জনগণক সম্বোধন কৰাৰ সময়ত ৰাষ্ট্ৰপতি পুতিনে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। এই ঘোষণাবোৰৰ প্ৰেক্ষাপটে ভৱিষ্যতে বিশ্বৰ আকাশলৈ কি ইংগিত কঢ়িয়াই আনিছে, সেয়া সাম্প্ৰতিক সময়ত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে। কিছু কথা সেয়ে ইয়াত আলোচনা কৰিব বিচৰা হৈছে।

পুতিনৰ নতুন স্থিতিঃ এখন বিশ্বযুদ্ধ সন্নিকট নেকি ? কানাই গগৈ, ৰাছিয়া, ইউক্ৰেইন, অসমীয়া, russia, ukarine, assamese

প্ৰথমেই পুটিনৰ ঘোষণাবোৰৰ বিষয়ে জানি লও আহক। পুটিনৰ ভাষণৰ পোনপটীয়া ভাবানুবাদ হৈছে, এনেধৰণৰ-

১) পশ্চিমৰ কিছুমান ৰাজনীতিকে বিশ্বত নিজৰ আধিপত্য বজাই ৰখাৰ বাবে আন দেশৰ স্বতন্ত্ৰতা আৰু আত্মনিৰ্ভৰশীলতাক পদানত কৰাৰ বাবে চেষ্টা চলাই আছে। এনে এখন দেশ হৈছে ৰাছিয়া, আৰু পশ্চিমে আমাৰ দেশক খণ্ড-বিখণ্ড কৰাটো নিজৰ লক্ষ্য কৰি লৈছে। তেওঁলোকে মুকলিকৈয়ে ঘোষণা কৰিছে যে ১৯৯১ চনত তেওঁলোকে ছৱিয়েত সংঘক খণ্ড-বিখণ্ড কৰিলে, আৰু এতিয়া ৰাছিয়াৰ দশাও তেনে কৰাৰ বাবে আঁচনি লৈছে। ইয়াৰ বাবে তেওঁলোকে ৰুছভীতিক অস্ত্ৰ কৰি লৈছে। ইউক্ৰেইনত ৰুছভীতি ৰোপণ কৰি তেওঁলোকে তাৰ জনগণৰ মনত ৰাছিয়াৰ প্ৰতি ঘৃণাৰ জন্ম দিলে, কিন্তু একে সময়তে সেই জনগণক ডবাখেলৰ সৈনিকলৈও ৰূপান্তৰিত কৰিলে – যুদ্ধত তেওঁলোকক মৰিবলৈ আগবঢ়াই দিব পাৰি। ২০১৪ চনতে তেওঁলোকে এইখন যুদ্ধ আৰম্ভ কৰিছিল।


২) কীইৱে পাৰমাণৱিক অস্ত্ৰৰ প্ৰতি নিজৰ ‘অধিকাৰৰ’ দাবী তোলাৰ পিছত বুজাত অসুবিধা নাথাকিল যে দেশখনৰ পৰৱৰ্তী লক্ষ্য হৈ পৰিব ৰাছিয়া। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ সম্ভৱপৰ উপায় আছিল বিশেষ সামৰিক অভিযানটো (বি সা অ)। বি সা অ-ৰ উদ্দেশ্য এতিয়াও অপৰিৱৰ্তিত আছে – দান্যেৎছস্ক আৰু লুগানস্ক গণৰাজ্যবোৰ উদ্ধাৰ কৰি সিবোৰৰ জনগণক নিৰাপত্তা প্ৰদান কৰা। লুগানস্ক গণৰাজ্যক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।


৩) দান্যেৎছস্ক আৰু লুগানস্ক গণৰাজ্যবোৰৰ সংসদবোৰে তথা যাপাৰ’ঝকায়া আৰু সিৰ্ছ’নস্কায়া অঞ্চলবোৰে ৰাছিয়াত অন্তৰ্ভূক্তিৰ বাবে গণমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। আমি সেই সিদ্ধান্তক সমৰ্থন দিম।


৪) আমাৰ দেশৰ ৰক্ষা তথা তাৰ নিৰাপত্তা আৰু অখণ্ডতা অটুট ৰাখিবৰ বাবে দেশত আজিৰে পৰা আংশিক মবিলাইযেশ্বন ঘোষণা কৰা হৈছে (যুদ্ধত অংশ লোৱাত অভীজ্ঞ আৰু বৰ্তমান ৰিযাৰ্বত থকাসকলৰ প্ৰায় ১ শতাংশক ৰাছিয়াৰ সেনাত যোগ দিবলৈ কোৱা হ’ব)। 


 ৫) ৱাশ্বিংটন, লণ্ডন আৰু ব্ৰুছেলৰ ফালৰ পৰা যুদ্ধখন ৰাছিয়াৰ সীমাৰ ভিতৰলৈ সম্প্ৰসাৰিত কৰিবৰ বাবে ইউক্ৰেইনক হেঁচা দি থকা হৈছে, যাতে ৰাছিয়াই সাৰ্বভৌমত্ব হেৰুৱায়। ইয়াৰ লগে লগে কিছুমানে এইখন যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ কথাও ক’বলৈ লৈছে।


 ৬) আমাৰ দেশতো বিভিন্ন অস্ত্ৰ মজুদ আছে, আৰু তাৰে কিছুমান নাটোৰ হাতত থকাবোৰতকৈ উন্নতহে। আমাৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ কথা কৈ থকাসকলে জনা উচিত যে একে অস্ত্ৰ তেওঁলোকৰ বিৰুদ্ধেও প্ৰয়োগ হ’ব পাৰে। আমাৰ দেশৰ অখণ্ডতালৈ ভাবুকি আহিলে দেশৰ জনতাৰ নিৰাপত্তাৰ বাবে আমি আমাৰ হাতত মজুদ থকা সকলো অস্ত্ৰ প্ৰয়োগ কৰিম। পুনৰবাৰ কৈছোঁ – সকলো অস্ত্ৰ ! 


ইয়াৰ পিছত এতিয়া কেৱল এটা প্ৰশ্নই বায়ুমণ্ডলত পাকঘূৰণি খাই আছেঃ আৰু এখন বিশ্বযুদ্ধ সন্নিকট নেকি ?

(২)

বিশ্বৰ বেছি সংখ্যক সচেতন মানুহেই ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতক লৈ উদ্বিগ্ন। এই বিষয়ে আলোচনা কৰা সকলৰ মাজত সতকাই উদয় হয়, এটি প্ৰশ্নৰ, সেয়া হৈছে- ক’লৈ যায় পশ্চিমে ইউক্ৰেইনলৈ পঠিউৱা অস্ত্ৰবোৰ ?


সাম্প্ৰতিক বিশ্বত খাদ্যশস্য ৰপ্তানিকাৰী প্ৰধান দেশবোৰৰ ভিতৰত ইউক্ৰেইন অন্যতম – ইয়াৰ পৰা ইউৰোপৰ লগতে আফ্ৰিকা, মধ্য এছিয়া আদিলৈ ঘেঁহু, বাৰ্লি আৰু গোমধান ৰপ্তানি হয়। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে বহুত দিনলৈ এই ৰপ্তানি বন্ধ আছিল। অৱশেষত আফ্ৰিকাৰ দেশবোৰৰ অনুৰোধক্ৰমে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেজেপ এৰ্দগান ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৱলাদিমিৰ পুতিনৰ লগত আলোচনাত বহিল আৰু ইয়াৰ পিছতহে ইউক্ৰেইনৰ পৰা খাদ্যশস্যৰ ৰপ্তানি আৰম্ভ হ’ল। 

এই ক্ষেত্ৰত প্ৰহসনমূলক কথা এয়ে যে যিখন মহাদেশৰ বাবে এই ৰপ্তানি আৰম্ভ হ’ল, সেইখন আফ্ৰিকায়েই এতিয়া ইউক্ৰেইনৰ খাদ্যশস্য আটাইতকৈ কমকৈ পাইছে ! কথাবোৰ ব্যাখ্যা কৰিলে হয় এনেকুৱাঃ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিবৰ বাবে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰৰ আৱশ্যক, কিয়নো দেশখনৰ নিজস্ব অস্ত্ৰবোৰৰ বেছিভাগেই ৰাছিয়াৰ সেনাবাহিনীয়ে ধ্বংস কৰিলে, আৰু বাকী থকাবোৰৰো বেছি সংখ্যকেই ৰাছিয়াৰ আধুনিক অস্ত্ৰবোৰৰ সম্মুখত তিষ্ঠিব নোৱাৰা বিধৰ। সেয়ে ইউক্ৰেইনক আৱশ্যক হৈছে আধুনিক অস্ত্ৰৰ। ইউৰোপৰ পৰা আধুনিক অস্ত্ৰ পাবৰ বাবেই দেশখনে মহাদেশখনলৈ খাদ্যশস্য বেছিকৈ পঠিয়াইছে, যদিও ইউৰোপত আমদানিকৃত খাদ্যশস্যৰ সিমান প্ৰয়োজন নাই। খাদ্যশস্য বিক্ৰী কৰিবলৈ ইউক্ৰেইন বাধ্য হৈছে, কিয়নো অস্ত্ৰ কিনিবৰ বাবে বিক্ৰী কৰিবলৈ দেশখনত খাদ্যশস্য তথা প্ৰাকৃতিক সম্পদৰ বাহিৰে আন সামগ্ৰী নাই। 


অথচ এই প্ৰক্ৰিয়াৰে ইউক্ৰেইনে ইউৰোপ তথা আমেৰিকাৰ পৰা আহৰণ কৰা অস্ত্ৰৰ আটাইখিনি দেশখনত উপস্থিতো হোৱা নাই – ইয়াৰ একাংশ ইউক্ৰেইনত প্ৰৱেশ কৰাৰ আগতেই বাহিৰে বাহিৰে বিক্ৰি হৈ গৈছে, ইউক্ৰেইনত প্ৰৱেশ কৰাখিনিৰো এটা অংশ দেশখনৰ কৰ্মচাৰী-অধিকাৰীসকলে চোৰাং বজাৰত বিক্ৰী কৰিছে। অৰ্থাৎ খাদ্যশস্য, প্ৰাকৃতিক সম্পদ, বিদ্যুৎ আদি বিক্ৰী কৰি ইউক্ৰেইনে আহৰণ কৰা অস্ত্ৰৰ আধাতকৈও কমহে যুদ্ধস্থলীত উপস্থিত হৈছেগৈ। এইদৰে ইউক্ৰেইনৰ দ্বাৰা আহৰিত অস্ত্ৰৰ এটা অংশ পুনৰ ইউৰোপলৈকে ঘূৰি গৈছে, আৰু আনটো অংশ প্ৰৱেশ কৰিছেগৈ আফ্ৰিকা, মধ্য এছিয়া, দক্ষিণ-পূব এছিয়া আদিত। কোৱা বাহুল্য যে অস্ত্ৰৰ এই অংশটো আফ্ৰিকা, এছিয়া আদিত বৈধভাবে বিক্ৰি হোৱা নাই, বৰঞ্চ সিবোৰ সেই অঞ্চলবিলাকৰ মাফিয়া, সন্ত্ৰাসবাদী, ড্ৰাগছ ব্যৱসায়ী আদিয়েহে ক্ৰয় কৰিছে ! আগেয়ে মাফিয়া, সন্ত্ৰাসবাদী, ড্ৰাগছ ব্যৱসায়ী আদিয়ে স্বয়ংক্ৰিয় ৰাইফল আৰু খুব বেছি ৰকেট লঞ্চাৰ ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া ইবোৰৰ লগতে কামান, আনকি যুদ্ধটেংকো যদি সিহঁতে ব্যৱহাৰ কৰে, তেন্তে তাত আচৰিত হ’বলগীয়া একো নাথাকিব !! 


ইউক্ৰেইনত প্ৰৱেশ কৰাৰ আগতেই বাহিৰে বাহিৰে অস্ত্ৰ বিক্ৰী কৰাৰ বাবে ইউৰোপ আৰু আমেৰিকাৰ দুটা লাভো হৈছে। আফ্ৰিকা, এছিয়া আদিত যদি কিছু মানুহ খাদ্যৰ অভাৱত মৰে, তেন্তে আমেৰিকা আৰু ইউৰোপত কিছু লোকে অতিভোজন কৰে। এফালে খাদ্যৰ অভাৱত মৃত্যু, আৰু আনফালে অতিভোজন – এই প্ৰসংগটোৱে নিজৰ অজানিতে হ’লেও মহাদেশ দুখনৰ মানুহক বিৱেক দংশনত ভুগায়। এতিয়া এই মহাদেশ দুখনে আফ্ৰিকা আৰু এছিয়ালৈ অধিক অস্ত্ৰ প্ৰেৰণ কৰিছে, ফলত তাত অধিক মানুহৰ মৃত্যু হ’ব। অৰ্থাৎ আফ্ৰিকা আৰু এছিয়াত ভোকাতুৰৰ সংখ্যা কমিব ! আনহাতেদি অস্ত্ৰ বিক্ৰীৰ ফলত ইউৰোপ আৰু আমেৰিকাৰ  অৰ্থোপাৰ্জনো হ’ব!!


আমেৰিকা আৰু ইউৰোপে সদায়েই ভণ্ডামিৰ আশ্ৰয় লৈ আহিছে। গতিকে এতিয়া ইউক্ৰেইনক ‘সহায়’ কৰাৰ নামতো মহাদেশ দুখনে ভণ্ডামি কৰি থকাত আচৰিত হ’বলগীয়া নাই। কিন্তু ‘সাৰ্বভৌমত্ব’ ৰক্ষা কৰাৰ নামত ইউক্ৰেইনৰ বৰ্তমানৰ শাসকসকলে নিজৰ জনগণক এইদৰে ছলনা কৰাটোহে আক্ষেপৰ কথা। অৱশ্যে অবৈধভাবে, অৰ্থাৎ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ সন্ত্ৰাসবাদী, মাফিয়া, ড্ৰাগছ ব্যৱসায়ী আদিক অস্ত্ৰ বিক্ৰী কৰাটো ইউক্ৰেইনৰ বাবে নতুন কথা নহয় – বিগত ২০ বছৰ ধৰি দেশখনে এইদৰে অস্ত্ৰ বাহিৰলৈ পঠিয়াই আছে। আৰু সেয়ে আমেৰিকা-ইউৰোপে পঠিওৱা অস্ত্ৰৰ একাংশ চোৰাং বজাৰত বিক্ৰী কৰোতে দেশখনৰ একো অসুবিধা হোৱা নাই। কিন্তু এইদৰে দেশখনৰ কৰ্মচাৰী-অধিকাৰী কিছুমানে উপাৰ্জন কৰা ধনবোৰ ইউক্ৰেইনৰ উন্নতিৰ বাবে ব্যৱহৃত হোৱা নাই, বৰঞ্চ সিবোৰ জমা হৈছেগৈ অফশ্ব’ৰ কোম্পানীবিলাকত থকা তেওঁলোকৰ ব্যক্তিগত একাউন্টবোৰত ! কোৱা বাহুল্য যে অবৈধভাবে উপাৰ্জন কৰা এই ধনবোৰৰ এটা অংশ ৰাষ্ট্ৰপতি যিল্যেনস্কিৰ একাউন্টতো জমা হৈছে, অথচ এইজনকে পশ্চিমীয়া গণমাধ্যম (লগতে অসমীয়া গণমাধ্যমকেইটায়ো !) তথা ইউক্ৰেইনৰ জনগণে ‘নায়কলৈ’ ৰূপান্তৰিত কৰি ৰাখিছে !!


ইউক্ৰেইনক ‘সাহায্য’ কৰি থকাৰ নামত ইউৰোপে কৰি থকা ভণ্ডামিৰ পৰিণতি মহাদেশখনে নিশ্চয় ভুগিব। চোৰাং বজাৰৰ মাধ্যমত পুনৰ ইউৰোপলৈকে ঘূৰি যোৱা অস্ত্ৰবোৰ ক্ৰয় কৰিছে মহাদেশখনৰ সন্ত্ৰাসবাদী, অপৰাধী চক্ৰ, ড্ৰাগছ ব্যৱসায়ী আদিয়ে। ফলত মহাদেশখনত অস্থিৰতা-অশান্তিৰ সৃষ্টি হ’ব। ইন্টাৰপলৰ প্ৰতিৱেদনত ইতিমধ্যে প্ৰকাশ হৈছে যে আগষ্ট মাহত ইউৰোপত সংঘৱদ্ধ, আৰু বিশেষকৈ সংঘৱদ্ধ সশস্ত্ৰ অপৰাধৰ সংখ্যা আগতকৈ বৃদ্ধি পাইছে। 

 

আমেৰিকা তথা ইউৰোপৰ দেশবোৰে ‘সাহায্যৰ’ নামত ইউক্ৰেইনলৈ অস্ত্ৰ পঠিয়াই থকাৰ আন এটা কাৰণো আছে – দেশবোৰে এই সুযোগতে পুৰণি তথা বৰ্তমান সময়ত প্ৰায় অলাগতীয়াল হৈ পৰা অস্ত্ৰবোৰৰ ঠাইত নতুন তথা সময়োপযোগী অস্ত্ৰ আহৰণ কৰিব বিচাৰিছে। আৰু তেহেলৈ যদি যুদ্ধত ইউক্ৰেইনীয় সেনা মৰিও শেষ হয়, তেতিয়াও এই দেশবোৰৰ একো আহে-নাযায় ! ইফালে এই দেশবোৰৰ কল-কাৰখানাত অস্ত্ৰৰ উৎপাদনো বৃদ্ধি কৰা হৈছে। অৰ্থাৎ ‘সাহায্যৰ’ নামত অস্ত্ৰ বিক্ৰী কৰি উপাৰ্জন কৰাৰ সুযোগটো কোনেও এৰি দিব বিচৰা নাই !! 


চমুকৈ বৰ্তমান ইউক্ৰেইন পৰিৱৰ্তিত হ’ল মুনাফা অৰ্জন কৰাৰ মূল কেন্দ্ৰলৈ ! আৰু সেয়ে কি আমেৰিকা, কি ইউৰোপৰ দেশবোৰ – সকলোৱে ইউক্ৰেইনলৈ ‘সাহায্য’ আগবঢ়াই আছে ! এই প্ৰক্ৰিয়াত ‘সাহায্যকাৰী’ দেশবোৰৰ মুনাফা বৃদ্ধিতো হৈছেই, আনকি যিল্যেনস্কি আৰু তেওঁৰ সাংগোপাংগসকলৰো লাভ বাঢ়িছে !! মাত্ৰ ক্ষতি হৈছে ইউক্ৰেইনৰ সাধাৰণ জনতাৰ – যুদ্ধত তেওঁলোকৰ ঘৰ-দুৱাৰ ধ্বংস হৈছে, কিছু লোকৰ মৃত্যুও হৈছে, আৰু কিছুমানে আন দেশলৈ পলায়ন কৰি তাত অনাদৰ-অসুবিধাত দিন কটাবলগীয়া হৈছে। 


এতিয়া প্ৰশ্ন হ’লঃ ইউক্ৰেইনৰ সাধাৰণ জনতাই কেতিয়াকৈ প্ৰকৃত কথাবোৰ উপলব্ধি কৰিব ? বিশ্বৰ সচেতন জনতাৰো আগ্ৰহী দৃষ্টি এতিয়া এই সংঘাতকলৈয়ে, আৰু সকলোৱেই আশা কৰে যে, এনে অস্ত্ৰৰ সংঘাত অতি সোনকালেই নিৰসন হওক আৰু দুয়ো দেশৰ আকাশলৈ আহক শান্তিৰ কপৌ।

অসমীয়াৰ সুখ-দুখxukhdukh.com
সুখ-দুখ LIVE YouTube ChannelClick
অসমীয়াৰ সুখ-দুখ @FACEBOOKhttps://www.facebook.com/xukhdukhLIVE/
অসমীয়াৰ সুখ-দুখ @TWITTERhttps://twitter.com/xukhdukh

No comments:

Post a Comment