ভংগুৰ সমাজৰ দ্বৈতচাৰিতাঃ গংগুবাই, বুলু বাইহঁতৰ কথাৰে…
মণিকংকনা দাস
মাষ্টৰৰ জীয়েকৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ সময়ত কোনে বাৰু উপভোগ কৰা নাছিল! সম্পৰ্কীয় উকীল মাহী এজনীয়ে কৈছিল, কোৰ্টৰ বুঢ়া-আধা বুঢ়া উকীল কিছুমানেও বোলে সেইটো চাব নাপাই ধৰফৰাইছিল। ইজনে সিজনৰ তাত বিচাৰি ফুৰিছিল। বয়ফ্ৰেণ্ডৰ লগত নীবিড় মুহূৰ্ত কেনেবাকৈ ম’বাইলত ৰেকৰ্ড হ’ল, আৰু তাৰ পাছত এদিন সেইটো ভাইৰেল হৈ পৰিল।
মাষ্টৰৰ জীয়েকৰ প্ৰেমিক কোন আছিল কাৰো বিশেষ জনাৰ আগ্ৰহ নাছিল; কেৱল শুনা গৈছিল- বিবাহিত পুৰুষ। ঘটনাটোৰ পাছত হেনো মাষ্টৰৰ জীয়েকক কোনেও নিচিনা কোনোবা বেলেগ ঠাইলৈ পঠিয়াই দিয়া হৈছিল, ভদ্ৰ-অমায়িক মাষ্টৰে তলমূৰ হৈ স্কুললৈ আহে আৰু তেনেকৈয়ে ঘৰলৈ যায়, সমাজৰ দৃষ্টিত তেৱোঁ হয়তো নিজকে দাগী অপৰাধী যেনেই দেখিছিল। স্কুলৰ দিনৰে পৰা ভদ্ৰ-নম্ৰ, অত্যন্ত মেধাবী ছোৱালীজনী এক মুহূৰ্তৰ অসাৱধানতাৰ বাবে হৈ পৰিল বৰ্জনীয়, সমাজৰ কলংক; যাৰ গোটেই জীৱনেই সলনি হৈ থাকিল এটা মাত্ৰ অঘটনৰ বাবে। নিজৰ ঠাইখনত, চিনাকি মানুহবোৰৰ সন্মুখত ওলোৱাৰ অধিকাৰকণো হেৰুৱালে তাই। কি মুখ দেখুৱাব, আজিলৈ যে তাই আত্মহত্যা কৰাৰ খবৰ এটা নাহিল সেয়াই যথেষ্ট। কত গঞ্জনা, কিমানৰ বা অশ্লীল বাক্য শুনিবলগীয়া হৈছিল তাই! ভাইৰেল হোৱা ভিডিঅ’টো যদি কোনেও উপভোগ নকৰিলেহেঁতেন তেন্তে? কথাবোৰ দেখোন একেই হৈ থাকিলেহেঁতেন। নিজৰ ঠাইখনৰ পৰা, চিনাকি মুখবোৰৰ পৰা পলাবই নালাগিলেহেঁতেন। এটা সত্য ঘটনা আধাৰিত কথা এইখিনি। ম’বাইল, ইণ্টাৰনেট সস্তীয়া হোৱাৰে পৰা ভিডিঅ’ ভাইৰেলৰ কাহিনী কোনে নাজানে!
বুলু ফিল্ম চিনেমাখন তেনে এটা চিন্তাৰেই ফচল। মানুহে যদি উপভোগেই নকৰিলেহেঁতেন তেন্তে ব্লু ফিল্ম তথা নীলা ছবিৰ দামেইনো ক’ত থাকিলেহেঁতেন। এই নগ্ন ছবিবোৰ নিৰ্মাণ কৰি কিয় ইমান পইচা পোৱা যায় ভাবেনে কেতিয়াবা? আপুনি, মই বাস কৰা এই সমাজখনেই লুকাই লুকাই তেনে ছবি উপভোগ কৰে, আমাৰ ঘৰ-পৰিয়ালৰ সদস্যবোৰেই উপভোক্তা, সেয়ে ইমান চাহিদা। যাৰ বাবে নীলা ছবি হৈ উঠিছে এক লোভনীয় বেহা। হিমাংশু প্ৰসাদ দাসৰ বুলু ফিল্ম ছবিখনক লৈ বিভিন্ন মতামত পঢ়িছোঁ। আমাৰ উদ্দেশ্য ছবিখনৰ আলোচনা নহয়, ছবিখনৰ অন্যতম চৰিত্ৰ বুলু বাইৰ বিষয়ে অলপ কথা কোৱা। চিনেমাখনত বুলু বাইৰ চৰিত্ৰটো অকণ সাঁথৰ কৰি ৰাখিলে, আপোনাৰ যেনেকৈ ইচ্ছা তেনেকৈয়ে বুলু বাইক জাজ কৰিবলৈ পৰিচালকে স্বাধীনতা দিছে। এই যে পেটৰ ভোক, দৰিদ্ৰতা… ইয়ে মূল কাৰণ, তাৰে পৰাই জন্ম হয় একোগৰাকী বুলু বাইৰ। তেওঁৰ দুখ আৰু কান্দোন শুকাই শুকাই এদিন ৰূপান্তৰিত হয় এটুকুৰা কঠিন শিললৈ… যাৰ চকুৰে চালে পৃথিৱীৰ সকলো ৰঙেই দেখি ধুসৰ। ডেকাৱস্থাৰ ধুনীয়া, লাবণ্যময়ী ‘বুলু বায়ে’ কিমান বছৰ যে আইনাত মুখ চোৱা নাই। আজিৰ গ্লেমাৰাছ, হাই ডিমাণ্ড থকা নীলা পৃথিৱীত স্বইচ্ছাৰে বহু যুৱতী-মহিলাই নীলা ছবিৰ হিৰোইন হ’বলৈ আগুৱায়। কিন্তু ‘বুলু বাই’হঁতে সঁচাই-মিছাই এমখা বদনাম পায়। আপোনাৰ ডাঙৰ গাওঁখনত বা চুবুৰীটোত অথবা কাষৰ চুবুৰীটোতে নাই নে এনেকুৱা একোজনী ‘বুলু বাই’, যিয়ে বুকুত এচটা শিল লৈ জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে অথচ সমাজখনৰ পৰা পাইছে মাত্ৰ দুৰ্নাম-অপযশ। যত দোষ নন্দ ঘোষ…! সমাজ লেতেৰা কৰাৰ দোষ ভাগি ‘বুলু বাই’ক ঠিকা হিচাপে দি থোৱা আছে, দুৰ্ভিক্ষ-ভোকৰ বিৰুদ্ধে মৰণপণ দিও যি কাম তেওঁ কৰা নাই। তথাপিও অভিযোগ নাই, কিবা আক্ষেপ থাকিলেও বুকুৰ ভিতৰতে সামৰিছে। ‘বুলু বাই’ক মানুহে ইমানে ঘিণ কৰে যে সময়-সুবিধা মিলিলেই চুলিকোচাত ধৰি টানি আনে আৰু পাব্লিক ঢুলাই দি হাতৰ খজুৱতি মাৰে। নিজৰ পক্ষত একো কোৱাৰ অধিকাৰ দিয়া নহয় ‘বুলু বাই’ক।
আমাৰ সমাজত আৰু এধৰণৰ ‘বুলু বাই’ আছে, সেইজনীও কু-কীৰ্তিৰে জনাজাত, মনে মনে সুৰাৰ বেপাৰেৰে তাই চলাই দেহাৰ বেহা। তাইকনো কোনে বাধ্য কৰালে দেহাৰ বেহা কৰিবলৈ, সেয়া ভাবি চোৱাৰ গৰজ হ’লে কাৰো পৰা নাই। বুকুত একুৰা জুঁই লৈ এইজাতৰ ‘বুলু বায়ে’ দেহাৰ বেহা নেমেলিলে পাকঘৰত চৌকাৰ জুই কোনে জ্বলায়? ৰুগীয়া বাপেক, বৃদ্ধা মাক, মদাহী ভায়েক দুটা অথবা মতাটো, সতি-সন্ততি আৰু বহু কঢ়িয়াব নোৱৰা বোজা…। এই বোজাৰ আগত দেহাৰ বেহাৰে যদি দুপইচা আহে তাকেই মানি লৈছে ‘বুলু বায়ে’। মন কৰিব ‘বুলু বাই’ৰ গ্ৰাহক আৰু উপভোক্তা কিন্তু এইখন সমাজৰে একাংশ পুৰুষ; যাক লৈ হৈ-হাল্লা নাই, ক’তো কাৰো আপত্তি নাই। ঘৰখনত ভোকৰ কৰকৰণি উঠিলে জাজমেণ্টেল সমাজখনে খাই-বৈ নোদোকাটো হৈ নাকত তেল দি শোৱে। কিন্তু উপায়বিহীন ‘বুলু বায়ে’ দেহাৰ বেহা মেলিলে তৰতৰণী উঠে আকৌ সিঁহতৰে। সঁচাকৈ হওঁক বা মিছাতে, দুধৰণৰ ‘বুলু বায়ে’ হৈছে সকলো কুটৰ ঘাই।
বুলু বাই নামটোৱে আৰু এখন চিনেমালৈ মনত পেলালে; গংগুবাই। বাস্তৱৰ দেহোপজীৱীনী গংগুবাইৰ চৰিত্ৰ ৰূপায়ণ কৰিছে আলিয়া ভাট্টে। পৃথিৱীৰ আদিমতম বৃত্তিৰ অন্যতম বেশ্যাবৃত্তি। তেন্তে কিয় প্ৰতিটো অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিব তেওঁলোক, যৌনকৰ্মীৰ প্ৰাপ্য মৰ্যাদা-অধিকাৰৰ হকে মাত মাতি এক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল মুম্বাইৰ কোনো এক নিষিদ্ধ এলেকাৰ আবাসী গংগুবায়ে। সাজি কাচি ৰঙীন হৈ থকা প্ৰতিগৰাকী নিশাৰ নাৰীয়ে বুকুত কঢ়িয়াই লৈ ফুৰে একুৰা জুঁই। কোনেনো তেনে এটা অভিশপ্ত জীৱন কামনা কৰি আগবাঢ়িব বিচাৰে। তেওঁলোক পৰিস্থিতিৰ দাস। ইয়াৰ বাবে মূলতঃ দায়ী আমাৰ এইখন সমাজ। যৌৱনৰ চঞ্চল সময়চোৱাত প্ৰেমত উতলি প্ৰিয়জনৰ লগত পলাই অহা ছোৱালীজনী যদি প্ৰেমৰ নামত প্ৰতাৰিত হয়, মাত্ৰ কেইটামান টকাৰ বিনিময়ত যদি তাইক বিক্ৰী কৰি থৈ যায় সেই প্ৰেমিকে, গোটেই জীৱনটো ঘৰৰ পৰা মনে মনে পলাই অহা সময়খিনিৰ কথা সুঁৱৰি আফচোচ কৰাৰ বাহিৰে তাইৰ আৰু কি থাকে! এবাৰ সেইখন জগতত প্ৰবেশ কৰাৰ পাছত ছোৱালীজনীক যেতিয়া ঘৰৰ মানুহেও গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, কি কৰিব তাই? মৰো বুলিয়েই জানো সকলোৱে আপোনঘাতী হ’ব পাৰে! প্ৰতিজনীৰে আছে এনেকুৱাই একোটা কাহিনী। আৰু তেনেকৈয়ে এদিন সিঁহত হৈ উঠে পতিতা, বাৰবনিতা, বেশ্যা; প্ৰতি নিশাই মেলে দেহাৰ বেহা। তেওঁলোকক যৌনকৰ্মীৰ মৰ্যাদা দিয়াৰ সংগ্ৰামত বহু সৱল যুক্তি দাঙি ধৰি বাৰবনিতা গংগুবায়ে এদিন লগ কৰে দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰীকো। অতীতৰ পৰা চলি অহা পৰম্পৰা মতেই ঠায়ে ঠায়ে নিষিদ্ধ এলেকাত সঘন আহ-যাহ কৰে সমাজৰ উচ্চ বৰ্ণৰ, সম্ভ্ৰান্ত বংশৰ পুৰুষসকলেও। তালৈ যোৱাটো বা পত্নীৰ উপৰিও ৰক্ষিতা ৰখাটো তেওঁলোকৰ বাবে গৌৰৱ, আভিজাত্যৰ চিন। কিন্তু ৰক্ষিতা, পতিতাজনী সমাজৰ বাবে কলংক। কি এক সামাজিক নিয়ম! এইখিনিতে গংগুবাই চিনেমাখনৰ এটি সংলাপ মনলৈ আহিছে, য’ত বিশাল জনসভা এখনৰ মঞ্চৰ পৰা আলিয়া ভাট্টে এই ফোঁপোলা সমাজখনক উদ্দেশ্যি নিৰ্ভীক কণ্ঠে কয়- ‘কুমাৰী আপনে চোৰে নহী, শ্ৰীমতী কিছি নে বনায়া নেহী…।’
No comments:
Post a Comment