মনৰ কথাঃ টিভি পৰ্দাৰ টক-শ্বোঃ পৰ্দাৰ আঁৰৰ অভিজ্ঞতা :: ডা° নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ টিভি পৰ্দাৰ টক-শ্বোঃ পৰ্দাৰ আঁৰৰ অভিজ্ঞতা :: ডা° নভনীল বৰুৱা

মনৰ কথাঃ টিভি পৰ্দাৰ টক-শ্বোঃ পৰ্দাৰ আঁৰৰ অভিজ্ঞতা :: ডা° নভনীল বৰুৱা

Share This
টিভি পৰ্দাৰ টক-শ্বোঃ পৰ্দাৰ আঁৰৰ অভিজ্ঞতা
ডা° নভনীল বৰুৱা
টিভি পৰ্দাৰ টক-শ্বোঃ পৰ্দাৰ আঁৰৰ অভিজ্ঞতা ডা° নভনীল বৰুৱা
অসমৰ ৰাইজে আগতে প্ৰায়েই মোক টিভি চেনেলৰ প্ৰাইম-টাইমৰ টক শ্বো বিলাকক দেখিছিল। এই টক শ্বো’ত ওলোৱা সকলৰ মই নাম দিছিলো 8pm club. আজি এবছৰ কাল মই কোনো টক শ্বোত ওলোৱা নাই আৰু আগলৈ ওলোৱাৰ সম্ভাৱনা ও ক্ষীণ। এতিয়া আগৰ দৰে মোক নিমন্ত্ৰণ ও নিদিয়া হ’ল আৰু যি তিনিটা চেনেলে মোক এই এবছৰ কালত মাতিছিল, তেওঁলোককো ভদ্ৰ ভাৱে প্ৰত্যাখ্যান কৰিছিলো।
টিভি পৰ্দাৰ টক-শ্বোঃ পৰ্দাৰ আঁৰৰ অভিজ্ঞতা ডা° নভনীল বৰুৱা
কিয় টক শ্বো বাদ দিলো তাৰ বহল ব্যাখ্যা কৰিবলৈ গ’লে বহু অবাঞ্চিত কথা ওলাব বাবে, সেই কথাবোৰ বহলাই কবলৈ বিচৰা নাই। কিন্তু থোৰতে কওঁ যে টক শ্বোৰ নামত মই বহু সময় খৰছ কৰিলো, বহু কষ্ট খালো কিন্তু তাৰ বাবত লাভ একো নহ’ল। না মোৰ লাভ, না সমাজৰ লাভ আৰু মই ভাৱো মই ঠিক সময়তেই টক-শ্বো এৰিলো কাৰণ আজি কালি দেখোন টক শ্বো বিলাকৰ ওপৰত কোনো আলোচনা নেদেখা হ’লো। ৰাইজে নোচোৱা হ’ল নে টক-শ্বো বোৰৰ ওপৰত আলোচনা সমূহৰ বিশ্বাসযোগ্যতা কমিল, মই নেজানো। নে ৰাইজে আগৰ দৰে চাই আছে, মই হে গম নোপোৱা হ’লে – সেয়াও নেজানো।

আজি মই এই যে মোৰ দীঘলীয়া টিভি পৰ্দাৰ যাত্ৰাৰ কিছু অভিজ্ঞতাৰ কথা ক’ব খুজিছো। মই টিভিত ডাক্তৰ হিচাপে ওলাই আছিলো, সেইয়ে টিভিত ওলোৱাটো বৰ ডাঙৰ কথা নাছিল। এদিন অগপ দলে এখন গণ অভিৱৰ্ত্তন পাতিছিল। আঞ্চলিক ভাৱাপন্ন মানুহ হিচাপে মোক নিমন্ত্ৰণ কৰাত মইও শুনিবলৈ গৈছিলো। মিটিং শুনি থাকোতেই হঠাৎ মোক মঞ্চলৈ বৃন্দাৱন গোস্বামী ডাঙৰীয়াই ভাষণ দিবলৈ মাতি দিলে। মইও বহু কিবা কিবি টানকৈ কৈ পেলালো। তাৰ পাচত হঠাত নিতুমনি শইকীয়াৰ ফোন আৰু মোৰ ৰাজনৈতিক বিশ্লেষণৰ যাত্ৰা আৰম্ভ। ক’ত কি ক’লো, লিখিলো সকলো হিচাপ অৱশ্য়েই নাই। অন্ততঃ লিখামেলাবোৰৰ কপিবোৰ নিজৰ সংগ্ৰহত ৰাখিছো। কিন্তু কোৱাবোৰ টিভিত কোৱাহে হ'ল। বাৰু যি কি নহওক, তাৰেই দুটামান উল্লেখযোগ্য ঘটনা কওঁ।

এই যে টক-শ্বোৰ মজিয়াত টিভিৰ পৰ্দাত তৰ্ক বিতৰ্ক , চিঞৰ বাখৰ কৰিছিলো বাবে বহুতেই ভাৱে যে আমি মাত বোলেই নকৰো। আচলতে পৰ্দাৰ আঁৰত কথাবোৰ বেলেগহে! কেমেৰা অফ হলেই সকলো পেনেলিষ্ট সম্পূৰ্ণ নৰ্মেল হৈ যায়। আনকি কেতিয়াবা শাসক দলৰ মুখপাত্ৰই অনুৰোধ কৰে ‘দাদা, আৰু অলপ গালি দিয়কনা, তেতিয়া হে ৰাজ্য সভাৰ টিকট পাম!' কেতিয়াবা আকৌ আমি কথা পাতি লওঁ-“আলোচনা জমা নাই, অলপ চিঞৰো দিয়ক”। 

এবাৰ এজন ভাতৃতুল্য শাসকীয় দলৰ মুখপাত্ৰক মই পি.এম.অ অফিচৰ পৰা গোটোৱা আৰ.টি.আই. তথ্যৰে এনেকৈ উভতি ধৰিলো যে হয় তেওঁ মিচা মাতিছে নহয় প্ৰধান মন্ত্ৰীয়ে। তেওঁ ইমান অস্বস্তিত পৰিছিল যে বহু দিনলৈ সম্পাদকক কৈ থৈছিল যে মোক মাতিলে যেন তেওঁক নেমাতে! অন্য এদিন এজন বহুবল্কি, চতুৰ, তাৰ্কিক ৰাজনীতিবিদৰ এনে অৱস্থা কৰিছিলো যে তেওঁ মোক উত্তৰ দিবলৈ সমল বিছাৰি শ্বোৰ মাজতে পাৰ্টি অফিচলৈ যোগাযোগ কৰিব লগা হৈছিল। কেতিয়াবা আকৌ টক শ্বো’ত কাজিয়া পেচাল শেষ কৰি একে লগে ষ্টুডিঅ ওচৰতে থকা বাৰত বহি মদ্যপান কৰাৰ অভিজ্ঞতাও নোহোৱা নহয়। তেনেকুৱা বহু ঘটনায়েই ঘটিছিল যাক কৈ অন্ত পেলাব নোৱাৰি।

'টক-শ্বো জীৱন'ৰ এটা উল্লেখনীয় ঘটনা নকলে আধৰুৱা হ’ব। মই সাধাৰণতে টক শ্বো আলোচনা হ’ব লগীয়া বিষয়ৰ ওপৰত অলপ হ’লে অধ্যয়ন কৰি গৈছিলো। কিবা এটা ৰাজনৈতিক বিষয়ত আলোচনা কৰিবলৈ মৃনাল তালুকদাৰে মাতিছিল। কিন্তু ষ্টুডিঅত গৈ গম পালো যে অভিনেতা বিজু ফুকনৰ মৃত্যু ঘটিল। মৃনালে ক’লে যে এতিয়া বিজু ফুকন বাদ দি ৰাজনীতিৰ কথা পাতিলে ৰাইজে বেয়া পাব। ইফালে বিজুদাক জানিছিলো যদিও অধ্যয়ন কৰি যোৱা নাছিলো। মৃনালৰ কথা হ’ল মই পাৰিম। চিন্তা কৰি পাৰ পোৱা নাছিলো যে বিজুদাৰ বিষয়ে কি নতুন কথা ক’ম যিটো দৰ্শকে নেজানিব পাৰে। চিনেমাৰ লিষ্টখনটো সকলোৱে জানেই! হঠাৎ মনলৈ আহিল বিজুদাৰ নাট্য অভিনয় আৰু মঞ্চ জীৱনৰ কথা।মোৰ জেঠেৰি দুজন ডিব্ৰুগড় অমোলাপট্টিৰ হোৱা বাবে সেই বিষয়ে কিছু আনে নজনা কথা জানিছিলো। কিছু কথা পাহৰিছিলো, কিছুমান কথা কাজু মজিদে গোৱাৰ পৰা মোক ব্ৰেকত ফোন কৰি জনাই দিলে। আৰু তাৰ ফলত কাহানিও আলোচনা নোহোৱা বিজু দাৰ মঞ্চ জীৱনৰ এক ৰাজহুৱা আলোচনা কৰিবলৈ সক্ষম হৈছিলো।সেই প্ৰগ্ৰেমটো মোৰ টি ভি জীৱনৰ অন্যতম সাফল্য বুলি মই ভাৱো।

এই টক শ্বোৰ অভিজ্ঞতাৰে পুষ্ট হৈ মই দ্বিতীয়টো ভাল কাম কৰিছিলো প্ৰাগ নিউজত মোৰ অনুষ্ঠান “প্ৰাগ হেলথ”। সেই প্ৰগ্ৰেমৰ জড়িয়তে মই বহু নামজ্বলা চিকিৎসকৰ দ্বাৰা বহু ৰোগৰ প্ৰতিকাৰ বা শুদ্ধ চিকিৎসা সম্পৰ্কে ৰাইজক জনাব পাৰিছিলো।

টিভি জীৱনৰ কথা ভাৱিলে এতিয়াও ভাল লাগে যে বহু লোকে মোৰ অনুপস্থিতি অনুভৱ কৰে। অন্য বহুতেই মোৰ কথন শৈলী আৰু স্পষ্টবাদিতাৰ বাবে আজিও আহি মোৰ মুখৰ আগতেই প্ৰশংসা কৰে। আনকি এজন শাসকীয় বিধায়কে মোক অলপতে জনাইছিল যে মোক টক শ্বো'ত মাতিম বুলি ভাবুকি দি তেওঁলোকাৰ পৰা কিবা কিবি দাবীও কৰা হৈছিল! সেয়াও এক বেলেগ অনুভূতি।

আৰু এইটো ও নিশ্চিত যে টি ভি’ৰ পৰ্দাই মোক এজন ডাক্তৰৰ বাহিৰেও সমাজৰ দৃষ্টিত আন এক সামাজিক পৰিচয় দিলে। সেইয়ে টিভিৰ 'টক-শ্বো'ৰ সেই সময়খিনিও মোৰ স্মৃতি হৈ থাকিব। জীৱন প্ৰবাহমান, আমি এটা এৰি নতুন কিবা বিছৰাটোৱেই জীৱনৰ গতি। মোৰ ক্ষেত্ৰটো সেইয়াই প্ৰ্যযোজ্য।
-----------------------------
নমস্কাৰ, সুখ-দুখ লাইভলৈ আপোনাক স্বাগতম জনাইছো। 
ডাঃ নভনীল বৰুৱা, যাক আমি সকলোৱে অসমৰ এগৰাকী বিশিষ্ট নিউৰ-চাৰ্জন তথা এগৰাকী জাতীয়তাবাদী বিশ্লেষক হিচাবে চিনি পাও। ‘কৰোনা কালত অসমৰ জাতীয় প্ৰশ্নবোৰ’ এই সন্দৰ্ভত এক আলোচনা কৰিছিলো। সদাশয় পাঠকৰ বাবে পুৰণি আলোচনাটো তলত আগবঢ়োৱা হ'ল। 

No comments:

Post a Comment