প্ৰেমৰ বৰষুণঃ কবিতাত প্ৰেমবোধ আৰু জীৱন-সত্য
ৰুদ্ৰ সিংহ মটক
"সত্য যি সুন্দৰ যাৰ অনন্ত যৌৱন,
তাৰেই বুকুত মই পাতিম কানন। "
(সূৰ্যকুমাৰ ভূঞা)
মূলতঃ প্ৰেমৰ কবি যদিও টুটুমণি নাথ মেধিৰ কবিতাত আছে মানুহৰ প্ৰতি মমতা আৰু গভীৰ দৰদ। কবিৰ শুভবোধ আৰু নিস্বাৰ্থ সমাজপ্ৰেম শলাগিবলগীয়া। হৃদয়ৰ গভীৰত লালিত প্ৰেম আৰু সৌন্দর্যবোধেই বোধহয় তেওঁৰ কলমৰ আলফুল সৃষ্টিৰ উৎস। ড০ বাণীকান্ত কাকতিদেৱে পবিত্র প্ৰেমৰ চিৰন্তন শক্তিৰ বিষয়ে এক তাৎপর্যপূর্ণ মন্তব্য কৰি গৈছে---"অন্তৰত প্ৰেমৰ প্ৰবল উৎস থাকিলে ক্ষেত্রভেদে তাৰ প্ৰকাশ বেলেগ বেলেগ হ'ব পাৰে।" অৰ্থাৎ কোনোজন বিৰহী প্ৰেমিক, অনুৰাগী কবি, কোনোজন শিল্পসাধক, আন কোনোবা আকৌ বিদ্ৰোহী, দেশপ্রেমিক।
অন্তৰত বৈ থকা পবিত্র প্ৰেমবোধৰ ফল্গুৱেই টুটুমণিৰ কাব্যভাৱনাৰ মূল উৎস। হয়তো এই ৰোমান্টিকতাৰ বাবেই তেওঁৰ কলমেৰে নিগৰে প্ৰেমৰ কবিতা পাৰ ভঙা জোনাকৰ ডঁহেচীয়া শইচ্।পাহৰিব নোৱৰা প্ৰেমৰ আবেগ আৰু অনুভূতিবোৰ কবিৰ বাবে নজহা নপমা স্মৃতি; হৃদয়ৰ সপোন আৰু বৈভৱ। প্ৰেমে হৃদয়ৰ নিজাপি ঘৰ উজ্জীৱিত কৰি কবিক নৱজীৱন দান কৰিছে বাবেই হয়তো কবিমনৰ এই মৰ্মৰিত অনুভৱ---
তোমাৰ কোমল হিয়াৰ
ভালপোৱা,
প্ৰথম প্ৰেম নহল মোৰ আধৰুৱা,
জীৱন দিলা মোক পুনৰাই আৰম্ভ
কৰাৰ...
সংবেদনশীল প্ৰেমিক কবি বাবেই টুটুমণিৰ আছে জীৱনৰ ওপৰত অটুট আস্থা। সেইবুলি কবিয়ে আধুনিক মানুহৰ জীৱনৰ অনিশ্চয়তা-অপূৰ্ণতা, দুখ-যাতনাৰ ছবিও খোদিত কৰিছে শব্দৰ কেনভাছত। আমি নীৰৱে প্ৰত্যক্ষ কৰিছো যে কবিৰ শব্দচয়ন যিদৰে নিভাঁজ, উপস্থাপন শৈলীও মনোমুগ্ধকৰ। এয়া হয়তো তৰুণ কবিৰ প্ৰতিভাৰ উজ্বল চানেকি। --
কি আছে জীৱনত...
আনন্দ ক'ত...
ঘৰত, মন্দিৰত, মানবৰ হৃদয়ত,
য'ত হিংসাৰে জৰ্জৰিত পৃথিৱী ।
আমি জানো,---কবিসকল শান্তিৰ পূজাৰী। সত্য, শিৱ, সুন্দৰৰ আৰাধনা কবি, শিল্পীৰ জীৱনৰ মূল ব্ৰত। এইখিনিতে আমি তৰুণ কবিৰ প্ৰেমৰ কবিতা সৃষ্টি সন্দৰ্ভত এটি বিশেষ প্ৰসংগ উনুকিয়াই যোৱাটো প্ৰাসংগিক হ'ব বুলিয়ে ধাৰণা কৰিছো। সেয়া হ'ল, বৰেণ্য জাৰ্মান কবি ৰাইনাৰ মেৰিয়া ৰিল্কেই নতুন কবিসকলক প্ৰেমৰ কবিতা নিলিখিবলৈ অনুৰোধ কৰি চিঠি লিখাৰ কথা কাব্যপ্ৰেমী আমি সকলোৱেই জানো। কবিতাত ভাষিক সৌন্দৰ্য, শিল্পগত সুষমাৰ অপূর্ণতা ৰৈ যোৱাৰ আশংকা কৰিয়ে ৰিল্কেই তেনে বাধা আৰোপ কৰিছিল। ৰিল্কেৰ মননত শিপোৱা এনে সন্দেহ নিশ্চয় অমূলক নাছিল। আজি আমি নিজেও যৌৱন কালত ৰচনা কৰা প্ৰেমৰ কবিতাত চকু ফুৰালে ৰিল্কেৰ চিন্তা আৰু ভিচন সত্য প্ৰতীয়মান হয়। আমাৰ কথা হ'ল যৌৱন মানেই সৃষ্টিৰ মৌবন, প্ৰেমৰ বসন্ত আৰু সৌন্দর্যৰ আৱাহন। কলা বা কবিতা যিয়ে নহওক, নতুনসকলৰ সৃষ্টিত কিছু দোষ-দুৰ্বলতা থাকিবই। কথা হ'ল প্ৰথম জুইশাল,পিছত কমাৰশাল। পূর্ণতাৰ সঁচাৰকাঠী হ'ল সময়, অভিজ্ঞতা আৰু সাধনা। শব্দ আৰু কবিতাৰ ওপৰত টুটুমণিৰ অনুৰাগ আছে ; আস্থাও আছে। তেওঁৰ আবেগ সততে সেউজীয়া; কল্পনাশক্তি গভীৰ। তৰুণ বাবেই আধুনিক কবিতাৰ যি সংহত ভাষা, শিথিল আবেগ নিয়ন্ত্রণ কৰিব পৰা যি বৌদ্ধিক মেজাজ বা intellect--সেয়া আহৰণ কৰিবলৈ কবিসকল আধুনিক কাব্যধাৰাৰ স'তে পৰিচিত হ'ব লাগিব। তেওঁৰ প্ৰয়োজন হ'ব অবিৰত অধ্যয়ন আৰু প্রচুৰ অনুশীলন। কিন্তু আমি মুকলিকৈ কওঁ, বহুতৰ দৰে যদি সস্তীয়া জনপ্রিয়তা মনৰ গোপন লক্ষ্য হয়, তেতিয়া কবিতাৰ দৰে সূক্ষ্ম কলাত সিদ্ধি অসম্ভৱ।
হৃদয়ৰ ভাষা শব্দশিল্পত সিদ্ধি লাভৰ অন্তৰতম আকাংখা থকা সকলে কিংবদন্তি কবি হীৰেন ভট্টাচাৰ্য্যৰ কবিতাৰ অভিধা আৰু মৰ্মবাণী অনুধাবন কৰিব লাগিব। তেখেতৰ দৃষ্টিত--- "কবিতা শুভংকৰ সংগীত অথবা উচ্চতৰ গণিত।" কবিৰ শব্দচয়ন, শব্দবয়ন বীজগণিতৰ দৰে নিৰ্ভুল বা নিটোল হ'ব লাগিব। লগতে সুনিৰ্মিত ভাষাৰ থাকিব লাগিব গীতিময়(lyrical) এক অন্তৰ্লীন ছন্দ-সুষমা । কবিৰ ভাষা স্পন্দনশীল বা শিল্পমণ্ডিত নহ'লে, হৃদয়ত ৰেখাপাত কৰিব নোৱাৰিলে পাঠকে কবিতা পঢ়িবইবা কিয়?... কবিতা একে সময়তে সৃষ্টি আৰু নিৰ্মাণ। আমি জ্ঞাত যে এই সত্য নিজস্ব সৃষ্টিশীল অভিজ্ঞতাৰ পোহৰত জ্ঞানপীঠ বিজয়ী কবি নীলমণিয়েও দোহাৰিছে। আমি শিল্পৰ আত্মাৰ ব্যাকৰণ আৰু নিৰ্মিতিৰ অন্তৰালৰ নান্দনিক সত্য পাহৰিলে নচলিব।
সুন্দৰ, সুকুমাৰ মননৰ কবি টুটুমণিৰ সন্মুখত আছে এক দীঘল বাট। আধুনিক কবিতা তেনেই সহজ বুলি ভাৱিলে নিশ্চয় ভুল কৰা হ'ব। আনহাতে ইয়াক অতিকে দুৰূহ, জটিল কলা বুলি ভাৱিলে সাৰ্থক সৃষ্টিৰ লক্ষ্য মাথো সপোন হৈয়ে ৰ'ব। কবি টুটুমণিৰ আগবয়সৰ কেইটামান কবিতা আগ্ৰহেৰে পঢ়ি আমি দুশাৰীমান লেখিলো। বাস্তৱিকতে মই কোনো সমালোচক নহওঁ। এয়া হয়তো মোৰ ভিতৰৰ সংবেদনশীল পাঠকজনৰ সংবেদী মনন ,কল্পনা আৰু হৃদয়স্তনিত অনুভৱ। মাতৃভাষা চৰ্চাৰ লগতে সৃষ্টিৰ প্ৰতি প্ৰবল অনুৰাগ থকা বাবেই হেঁপেহুৱা কবি টুটুমণিৰ লগতে উদীয়মান কবিসকলৰ কাব্যসাধনাৰ স্বাৰ্থতে আমাৰ এই চমু অবলোকন। তৰুণৰ কলমক এধানিমান উছাহ যোগোৱাটোৱেই মোৰ কলমৰ মূল উদ্দেশ্য। মই আশা ৰাখিম, আগ্ৰহী পাঠকে তেওঁৰ "প্ৰেমৰ বৰষুণ" কাব্যপুথিখন (প্ৰথম প্ৰকাশ, মে ২০২২) নিশ্চয় আঁকোৱালি ল'ব। অলপতে এই কবিৰ "প্ৰেমানুৰাগৰ কলি" আৰু "প্ৰেম, বাস্তৱ আৰু জীৱন" শীৰ্ষক আন দুখন কাব্যপুথি প্ৰকাশ পাইছে। সততে মৰমিয়াল, সাহসী স্বভাৱৰ স্বাধীনমনা নাৰী, সবাৰে প্রিয় ব্যক্তিত্বৰ এগৰাকী নিপুণ নৃত্যশিল্পী টুটুমণি নাথ মেধি। আন সকলো কবিৰ দৰে তেওঁৱো জানে --কবিতা বাস্তবিকতে জীৱনশিল্প; হৃদয় সীৰলুৰ শইচ্। সাধনা-অভিজ্ঞতাৰ ৰ'দ-নিয়ৰতহে কলাপকা দিয়ে হৃদয় মথিত কবিতাৰ থোকবোৰ। নীলমণিৰ নীলাচলৰ বুকুৰ সেউজীয়া ছাঁ-ৰ'দতে আপোন মনে শব্দৰ ঘৰ এখন পাতিব খোজা মালীগাঁৱৰ উদীয়মান কবি টুটুমণিৰ জীৱন-এষণা , স্বজ্ঞা আৰু সৃষ্টিসত্তাৰ আমি উত্তৰোত্তৰ কামনা কৰিলো। এদিন হয়তো নীলকণ্ঠ কলমৰ কবিতাই হ'ব টুটুমণিৰ প্ৰথম পৰিচয়।
No comments:
Post a Comment