ভাৰতবৰ্ষত ভূমিলেখ্যৰ ডিজিটেলকৰণঃ
জাতি-সত্তাবোৰৰ প্ৰতি ন্যায়ৰ প্ৰশ্ন আৰু প্ৰত্যাহ্বান
কিশোৰ কুমাৰ কলিতা
বিভিন্ন কাৰণত বিগত শতিকাৰ শেহৰ ফালৰপৰা আন্তৰ্জাতিক আৰু স্থানীয় পৰ্যায়ৰ উন্নয়নৰ বিষয়ত ভূমি বিষয়টোৱে এক বিশেষ গুৰুত্ব লাভ কৰিছে আৰু বিশেষকৈ ভূমি অধিকাৰৰ সমগ্ৰ ধাৰণাটোত নতুন নতুন অৱধাৰণা যোগ হ’বলৈ ধৰিছে৷ যিসকল লোক বা গোষ্ঠী আজি শতিকাৰ পাছত শতিকাধৰি আধুনিক ভূমিলেখ্য [Land records] প্ৰক্ৰিয়াৰ পৰা আঁতৰি আছিল তেওঁলোকক সামৰি লোৱাৰ এক আন্দোলন সমগ্ৰ বিশ্বজুৰি আৰম্ভ হৈছে৷ একেদৰে সেউজ বিপ্লৱক এক বিকল্প পথৰে আগুৱাই নিয়াৰ বাবে মহিলাক ভূমি অধিকাৰ প্ৰদান,পশ্চাদপদ আদিবাসী,জনজাতীয় জনগোষ্ঠী [যিবোৰ জনগোষ্ঠীৰ মাজত আজি যুগ যুগ ধৰি ব্যক্তিগত মালিকানাৰ পৰিৱৰ্তে সামূহিক ভূমি মালিকীস্বত্বৰ পৰম্পৰা আছে]ক আধুনিক ভূমিলেখ্যৰ মাজত সামৰি লোৱা আদি প্ৰক্ৰিয়াক যোগাত্মক তথা ঋণাত্মক এই দুয়োটা দিশৰপৰা চালিজাৰি চোৱাৰো এক প্ৰয়াস আৰম্ভ হৈছে৷
ভাৰতবৰ্ষত বিগত শতিকাৰ পঞ্চাশ আৰু ষাঠিৰ দশকত যি ভূমি সংস্কাৰ সংঘটিত হৈছিল তাৰ প্ৰাবল্য বিগত শতিকাৰ শেহৰ দশক পৰ্যন্ত অব্যাহত আছিল আৰু ভূমিৰ ক্ষেত্ৰত নেহৰুবাদী আৰ্থিক সংস্কাৰৰ এক অংশ হিচাপে প্ৰকৃত কৃষক আৰু ভূমিহীনৰ হাতত ভূমি বিতৰণ কৰাটো আছিল চৰকাৰসমূহৰ অন্যতম প্ৰধান লক্ষ্য৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল গোলকায়ন পৰিঘটনা বিশ্বজুৰি সংঘটিত হোৱাৰ পাছত ভাৰতবৰ্ষৰ দেশীয় উন্নয়নমূলক নীতি, আঁচনি আদিত ‘ভূমি’ এক ডাঙৰ বিষয় হৈ পৰিল আৰু তাৰেই পৰিণতিত বিগত সময়ছোৱাত বন অধিকাৰ আইন, ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰৰ জৰিয়তে ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপন আইন, ২০১৩ [LARR], মহিলাৰ উত্তৰাধিকাৰ অধিকাৰ, ডিজিটেল ভাৰত ভূমি ৰেকৰ্ড আধুনিকীকৰণ কাৰ্যসূচী [Digital India Land Records Modernization Program] আদি নীতি, আইন আদি প্ৰণয়ণ কৰা হৈছে৷ উল্লিখিত ২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইন আৰু ২০০৬ চনৰ বন অধিকাৰ আইনৰ জৰিয়তে ভূমি বিতৰণ আৰু অধিগ্ৰহণৰ দিশত ভালেমান যুগান্তকাৰী সমতা আৰু অন্তভুক্তিৰ্কৰণ [inclusion] ৰ প্ৰস্তাৱ লোৱা হৈছিল যদিও বাস্তৱত যি উদ্দেশ্যত এনে আইনবোৰ প্ৰণয়ণ কৰা হৈছিল সেই উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যেন ভালেমান প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে৷ ভূমি সংঘাত আৰু ভূমি কেন্দ্ৰীক মামলা-মোকদৰ্মাই আমাৰ ন্যায়িক বাৱস্থাটো যিসময়ত অত্যধিক ভাৰাক্ৰান্ত কৰি ৰাখিছে সেই সময়ত ৰাষ্ট্ৰৰ সামৰ্থৰ অভাৱ, ভূমি প্ৰশাসনৰ অস্বচ্ছতা আৰু পুৰণি কলীয়া ভূমিলেখ্যৰ বাবে ভূমি সংস্কাৰৰ কোনো এটা কাৰ্যসূচীয়ে ক্ষিপ্ৰতাৰে আগবাঢ়িব পৰা নাই৷ বিশ্ব বেংকৰ ইজ অব ডুইং বিজনেজ সূচাকংই [the Ease of Doing Business Index of the World Bank] বাৰে বাৰে উল্লেখ কৰিছে যে দেশখনৰ আওপুৰণি আৰু অতি বেছি জটিল আমোলাতান্ত্ৰিক ভূমি পঞ্জীয়ন ব্যৱস্থাৰ বাবে দেশখনত নতুন ব্যৱসায় আৰম্ভ কৰাত ব্যৱসায়ী আৰু উদ্যোগপতিসকলে বাৰে বাৰে বিড়ম্বণাৰ মুখামুখি হব লগা হৈছে৷ শেহতীয়াভাৱে এন চি এ ই আৰ [NCAER] লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভিচেছ ইনডেকছে NCAER Land Records and Services Index (N-LRSI ২০১৯-২০২০ৰ ৰাজ্যত ভূমিলেখ্য ব্যৱস্থাপনাৰ আকৰ্ষণীয় উন্নতি হোৱা বুলি নথিভুক্ত কৰাৰ লগতে এইটোও প্ৰকাশ কৰিছে যে ৰাজ্যসমূহে ভূমি ৰেকৰ্ড ব্যৱস্থাপনা সংস্কাৰৰ বাবে তথ্য আৰু ডিজিটেল প্ৰযুক্তি ব্যৱস্থাৰ আৰম্ভ কৰাৰ ২৫ বছৰৰ পাছতো দেশখনৰ ১০ খন ৰাজ্য আৰু কেইবাখনো কেন্দ্ৰীয় শাসিত অঞ্চলত নাগৰিকসকলে ভূমিস্বত্ব অভিলেখ [record of right] বা কেডেষ্ট্ৰেল মানচিত্ৰ[Cadastral Map]ৰ নিচিনা নূ্ন্যতম মৌলিক ভূমিৰ তথ্য সমূহ সহজভাৱে লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এনে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও সাধাৰণ নাগৰিকে ভূমিস্বত্বৰ তথ্য বা আন আন ভূমি সম্পৰ্কীয় তথ্য পাবৰ বাবে ৰাজহ প্ৰশাসনৰ কাৰ্যালয়সমূহলৈ আহি ঘণ্টাৰ পাছত ঘণ্টা ধৰি, দিনৰ পাছত দিনধৰি সময় পাৰ কৰিব লাগে৷ তদুপৰি পুৰণি তথ্যবোৰ ডিজিটেল কৰি সৰ্বসাধাৰণে সহজতে পাব পৰা এক তথ্য লৈ ৰূপান্তৰিত কৰিব নোৱাৰাৰ বাবে আৰু এনে তথ্য ৰাজহ প্ৰশাসনৰ এচাম আমোলা বিষয়াৰ হাতত থকাৰ বাবে বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে৷ ভূমি প্ৰশাসনৰ ব্যাপক আধুনিকীকৰণ আৰু ভূমি তথ্যৰ অভূতপূৰ্ব ডিজিটেল নথিভুক্তিকৰণ ঘটি থকাৰ পাছতো বহু ৰাজ্যতেই ভূমিদখল নিষিদ্ধকৰণৰ বাবে আইন প্ৰণয়ন কৰিব লগাত পৰিছে৷
ভূমিলেখ্যৰ ডিজিটেলকৰণঃ ভাৰতবৰ্ষত ভূমিৰ নথিসমূহ ডিজিটেল কৰাৰ প্ৰক্ৰিয়া ১৯৮৭-৮৮ চনত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ মূল লক্ষ্য আছিল ভূমি আৰু সম্পত্তিৰ নথি যথাযথভাৱে ডিজিটেলৰূপত সংৰক্ষণ কৰা আৰু তাক আপডেট বা উন্নীত কৰা৷ যোৱা তিনিটাতকৈ অধিক দশক ধৰি দেশখনত এই প্ৰক্ৰিয়া চলাৰ পাছতো কিন্তু সমগ্ৰ দেশত এই প্ৰক্ৰিয়াটো আশা কৰা ধৰণে উন্নতি লাভ নকৰিলে৷ নেশ্যনেল কাউন্সিল অব এপ্লাইড ইক’নমিক ৰিচাৰ্ছৰপৰা যুগুত কৰা উল্লিখিত ত্ত্ব-LRSI ২০১৯-২০ এ এই বিষয়ত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে৷ এনে পৰ্যবেক্ষণবোৰ নিম্নোক্ত ধৰণৰ -
ৰ] ভাৰতবৰ্ষৰ চাৰিখন ৰাজ্যত লিখিত বা ডিজিটেল ৰূপত ভূমিৰ যি নথিভুক্তকৰণ কৰা হৈছে সি ৰাজ্যকেইখনৰ একেবাৰে নগণ্য অঞ্চলৰ বাবেহে উপলব্ধ৷ এই ৰাজ্য চাৰিখন হ’ল মিজোৰাম, নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশ৷ জন্মু-কাশ্মীৰ আৰু লাডাখৰ ভূমিলেখ্য ২০২০ চনলৈ ডিজিটেলাইজ কৰি ৱেবত উপলব্ধ হোৱা নাছিল৷ একেদৰে ছিকিম, চণ্ডীগড় আৰু কেৰেলাই ডিজিটেলাইজত ভূমি ৰেকৰ্ড ৱেবত উপলব্ধ কৰা নাছিল৷ দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিবোৰে ৰাজ্যৰ এলেকা বা কিছু অঞ্চলৰ ভূমিৰ ডিজিটেলকৰণ কাৰ্য সম্পন্ন কৰিছিল সেইবোৰৰ ভিতৰত মাত্ৰ ১৩ খনৰহে কেডেষ্ট্ৰেল মেপ ৱেবত উপলব্ধ হৈছিল৷
২] ৰাজ্যসমূহৰ ভিতৰত ৯ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলত ৱেবত যিকোনো লোকে ডিজিটেলি স্বাক্ষৰ কৰা ভূমিস্বত্ব লেখ্য [record of rights] আৰু কেডেষ্ট্ৰেল মেপ [CM] পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ দহখন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ই-সেৱা কেন্দ্ৰৰ জৰিয়তে ক্ৰমে ভূমিস্বত্ব লেখ্য আৰু কেডেষ্ট্ৰেল মেপ লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে দেশখনৰ আঠখন ৰাজ্য আৰু আঠখন কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়াও কোনো লোকে ভিূমস্বত্ব অভিলেখ তথা কেডেষ্ট্ৰেল মেপৰ ব্যৱহাৰযোগ্য আইনী কপিৰ বাবে বিভাগীয় কাৰ্যালয়লৈ যাব লাগে৷
৩] ডিজিটেলকৰণৰ প্ৰসংগত উল্লিখিত N-LRSI ২০১৯-২০ সূচাংকই কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে৷ এনে পৰামৰ্শ কেইটা চমুকৈ এনেধৰণৰ -
ক] ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত যিবোৰ বসতিপ্ৰধান এলেকাৰ মানচিত্ৰ নাই সেই এলেকাসমূহত ক্ষিপ্ৰভাৱে জৰীপ কৰি এই অঞ্চলসমূহত ভূমিস্বত্ব অভিলেখৰ ব্যৱস্থা কৰি ভূমি ব্যৱস্থাপনাৰ বৃহৎ উন্নয়ন সাধন কৰিব পাৰ যায়৷ নগৰীয়া এলেকাসমূহো এই প্ৰক্ৰিয়াত সন্নিৱিষ্ট হ’ব লাগে কিয়নো এনে এলেকাসমূহতে ভূমি ক্ৰয়-বিক্ৰয় সৰ্বোচ্ছ পৰিমাণত হয়৷
খ] ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ভূমিৰ ডিজিটেলকৰণ দ্ৰুতগতিত উন্নত কৰাৰ ক্ষেত্ৰত নামজাৰিৰ ক্ষেত্ৰত প্ৰকৃত সময়ৰ প্ৰত্যায়ন [real time attestation of mutations) ; জন্ম-মৃত্যুৰ পঞ্জীয়ন তথা বংশাৱলীৰ তালিকাৰ দৰে ডাটাবেছ সমূহ সংযোগ কৰা , ভাৰাতীয়াৰ দখলত থকা সম্পত্তিৰ নথিভুক্তকৰণ, দেৱানী আদালতৰ মোকৰ্দমা,ভূমি ব্যৱহাৰৰ পৰিৱৰ্তন বা অধিগ্ৰহণ আদি তথ্য সন্নিৱিষ্ট হ’ব লাগে৷
গ] কিছুমান ৰাজ্যই ডিজিটেলকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো আনৰ বাবে অনুকৰণীয় আৰু স্বচ্ছ কৰাৰ প্ৰচেষ্টা হাতত লৈছে৷ সহজে চাবপৰা ৱেবচাইট [Easily navigable websites], নাগৰিসকলক সহায় কৰিব পৰা আপ-টুডেট পৰ্টেল, ভাৰ্চুৱেল পঞ্জীয়ন [এই ব্যৱস্থা মহাৰাষ্ট্ৰত আৰম্ভ কৰা হৈছে]; কোনো সম্পত্তিৰ লেনদেনৰ পঞ্জীয়নৰ ক্ষেত্ৰত পাঠ্য অভিলেখ [Textual Record] ত এক টোকা সৃষ্টি কৰিবলৈ ভূমিস্বত্ব অভিলেখ আৰু পঞ্জীয়ন ডাটাবেছৰ মাজত সংযোগ স্থাপন,এপাৰ্টমেণ্ট বা ব্লকৰ নিচিনা উলম্বভাৱে নিৰ্মাণ কৰা সকলো সম্পত্তিৰ মালিকীস্বত্ব নথিভুক্ত কৰা আদি সামৰি এনে ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়াসমূহ গঢ় দিয়া হৈছে৷ তদুপৰি কিছুমান ৰাজ্যই ৰাজহ আদালতৰ গোচৰসমূহৰ লগত পাঠ্য অভিলেখৰ এক সংযোগ ঘটাইছে যাৰ ফলত কোনবিধ মাটিত কি ধৰণৰ বিবাদ বা মোকৰ্দমা আছে তাক জানিব পৰা যায়৷ এনে আৰ্হি সকলো ৰাজ্যই গ্ৰহণ কৰিব পাৰে৷ [উৎসঃ Land in India, Issue and Debates, India Land and Development Conference, ২০২০]
ডিজিটেল ইণ্ডিয়া ভূমিলেখ্য আধুনিকীকৰণ কাৰ্যসূচী:
২০১৬ চনত ভাৰত চৰকাৰে আৰম্ভ কৰা ‘The Digital India Land Records Modernisation Programme (DILRMD) অধীনত এতিয়ালৈ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮,১০,৩০০ টা প্লট জৰীপ কৰাই তাত ইউ এল পি আই এন [Unique Land Parcel Identification Number] প্ৰদান কৰা হৈছে৷ এই ULPIN বা একক ভূমি পাৰ্চেল চিনাক্তকৰণ নম্বৰ হৈছে প্ৰতি টুকুৰা ভূমিৰ বাবে সৃষ্টি কৰা ১৪ অংকৰ আলফানিউমাৰিক [alphaneumeric] আই ডি ৷ ভাৰত চৰকাৰে ইয়াৰ বাবে তৈয়াৰ কৰা National Generic Document Registration System (NGDRত্ৰ) ইতিমধ্যে পঞ্জাৱ, গোৱা, জন্মু আৰু কাশ্মীৰ, মণিপুৰ, মিজোৰাম, দমন আৰু দিউ, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ,চত্তিশগড়, ত্ৰিপুৰা আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এই বাৰখন ৰাজ্যত কাৰ্যকৰী কৰা হৈছে৷ যিকোনো স্থানতে ৰঙা ফিটাৰ মেৰপাকৰ বাহিৰত ‘ভূমি পঞ্জীয়ন’ কৰাৰ সুবিধা গঢ় দিয়াৰ উদ্দেশ্য আৰম্ভ কৰা এই ডিজিটেলকৰণৰ প্ৰসংগত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ প্ৰাক্তন সচিব আশুতোষ শৰ্মাই কৈছিল যে যদিহে ভাৰতৰ প্ৰতি টুকুৰা মাটিৰ ডিজিটেলকৰণ কৰা হয় তেন্তে গ্ৰাম্য এলেকাত টকাৰ সোঁত ব’ব৷ তেওঁ কৈছিল - ‘Banks at time donot accept land as collateral because papers are often not in order. Villagers forced to ahproach local moneylanders. Now banks would start lendig more money in such areas’ ৷ ডি আই এল আৰ এম পি [DILRMP]ৰ দ্বাৰা গ্ৰহণ কৰা পূৰ্বৰ ডিজিটেলকৰণ পদক্ষেপ যেনে সকলো প্ৰশাসনিক স্তৰত ডাটা চেণ্টাৰ স্থাপন কৰা,পঞ্জীয়ন আৰু ভূমিস্বত্ব লেখ্যৰ কম্পিউটাৰকৰণ, কেডেষ্ট্ৰেল মেপৰ ডিজিটেলকৰণ আদিৰ সৈতে ডিজিটেলকৰণৰ এই শেহতীয়া পদক্ষেপটোক বহুতে আদৰণীয় বুলি কৈছে৷ ভূমি সম্পদৰ বাস্তৱ সময়ৰ তথ্য উন্নত কৰা, ভূমি বেংক বিকাশ কৰা, ভূমি ব্যৱস্থাৰৰ উন্নতি সাধন কৰা আৰু নীতি তথ্য পৰিকল্পনাত সহায় কৰাৰ উদ্দেশ্যে এক সংহত ভূমি তথ্য ব্যৱস্থাপনা ব্যৱস্থা [Integrated Land Information Management System] গঢ় দিয়াৰ ক্ষেত্ৰত উল্লিখিত ইউ এল পি আই এন প্ৰভূত বৰঙণি যোগাব বুলি আশা কৰা হৈছে৷
কথা হৈছে এনেধৰণৰ ভূমি ডিজিটেল প্ৰক্ৰিয়াই ভূমি ব্যৱস্থাপনা, ভূমি ক্ৰয়-বিক্ৰয় আদিত এক স্বচ্ছতা আনিলেও ভূমিস্বত্ব অভিলেখৰ পৰা আজিলৈ বঞ্চিত কৌটি কৌটি দৰিদ্ৰ কৃষক,জনজাতীয় লোক, আদিবাসী, বনবাসী, ৰায়ত আদিক প্ৰকৃত ন্যায্যতা প্ৰদান কৰিব পাৰিবনে?এনে ভূমি ডিজিটেলকৰণ দক্ষিণ আমেৰিকাৰ পাঁচখন দেশত আজি বহুদিন ধৰি চলি আছে৷ ‘গ্ৰেইন’ নামৰ এক স্বেচ্ছাসেৱী সংগঠনে এই দেশসমূহত চলা ভূমি ডিজিটেলকৰণ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰিছে যে এনে ডিজিটেলকৰণৰ ফলত দক্ষিণ আমেৰিকাৰৰ দেশকেইখনত বৃহৎ পৰিসৰত ভূমিৰ ব্যক্তিগতকৰণ আৰু ভূমিত বিনিয়োগ আৰম্ভ হৈছে যাৰ ফলত কৃষক আৰু খিলঞ্জীয়া লোকৰ ভূমি,সমূহীয়া ভূমি আদিত ব্যাপক হাৰত বেদখল আৰম্ভ হৈছে [উৎস: www.grain.org/en/article/6529-digital-fences-thefinancial-enclosure-of-farmlands-in-south-america]৷
সেয়েহে ভূমি ব্যৱস্থাপনাৰ বাবে অৰ্থবহ এক ডিজিটেলকৰণৰ আগে আগে আজি দশকৰ পাছত দশক ধৰি ভূমি অধিকাৰৰ বাবে সংগ্ৰাম কৰি থকা ৰায়ত, কৃষক,বনবাসী, আদিবাসী, ভূমিহীন,জনজাতীয় লোক আদিৰ ভূমি সমস্যাৰ যথাযথ নিস্পত্তি হ’ব লাগে৷ অন্যথা এনে ডিজিটেলকৰণে ধনী আৰু সমাজৰ শক্তিশালী শ্ৰেণীটোৰ আগত এনে পিছপৰা-বঞ্চিত লোকসকলক নিজ ভূমিৰ পৰা উচ্ছেদ কৰাৰ এক ৰাস্তাহে খুলি দিব৷ ভূমি ডিজিটেলকৰণৰ আগতে শতিকাধৰি ভূমিৰ ক্ষেত্ৰত কৰি অহা শোষণ-নিস্পেষণৰ যথাযথ ন্যায় প্ৰদান অতিকৈ জৰুৰী৷
[লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত, e-mail: kishorassam@gmail.com]
অসমীয়াৰ সুখ-দুখ | xukhdukh.com |
সুখ-দুখ LIVE YouTube Channel | Click |
অসমীয়াৰ সুখ-দুখ @FACEBOOK | https://www.facebook.com/xukhdukhLIVE/ |
অসমীয়াৰ সুখ-দুখ @TWITTER | https://twitter.com/xukhdukh |
No comments:
Post a Comment