প্ৰেৰণাময় আদৰ্শ ডিব্ৰুগড়ৰ ‘ডাব্বাৱালা’
কুমাৰ নৱজ্যোতি
আমি সততে কৰ্মসংস্কৃতিৰ কথা কওঁ। কথাই কথাই আওৰাওঁ। কিন্তু, কাৰ্যতঃ কোনোবা ব্যক্তি বা যুৱক-যুৱতীবিশেষক স্বসংস্থাপিত হোৱাৰ ক্ষেত্ৰত বৰকৈ উৎসাহিত কৰিবলৈ ভাল নাপাওঁ। বক্তৃতা, টক-শ্ব’ত এনেবোৰ কথা কোৱা বহুতেই উচ্চশিক্ষিত যুৱক-যুৱতীয়ে কোনো ক্ষুদ্ৰ ব্যৱসায় বা মৎস্য পালন আদিৰ দৰে ক্ষেত্ৰত নামিব খুজিলেও ‘‘ইমানবোৰ পঢ়া-শুনা কৰি তুমি এয়াহে কৰিলা?” বুলি মন্তব্য দিয়াৰ অভিযোগো মাজে-সময়ে আমাৰ কৰ্ণগোচৰ হৈ আহিছে।
প্ৰথম কথাটো হ’ল নিৰক্ষৰ; আনুষ্ঠানিকভাৱে অৰ্ধশিক্ষিত, শিক্ষিত বা উচ্চশিক্ষিত যিধৰণৰ ব্যক্তি বা যুৱক-যুৱতীয়েই নহওক কিয়; তেওঁক তেতিয়াহে ‘নিবনুৱা’ বুলি কোৱাটো সমীচীন, যেতিয়া তেওঁ নিজে উপাৰ্জন কৰাৰ ক্ষেত্ৰ এখনত নিজৰ যোগ্যতাৰে সঠিকভাৱে প্ৰৱেশ কৰিব পৰা নাই। লাগিলে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ তথা আন্তৰ্জাতিক বা দেশীয় বা ৰাজ্যিক পৰ্যায়ৰ অথবা ব্যক্তিগত খণ্ডৰ কোনো চাকৰিয়েই হওক বা নিজে আৰম্ভ কৰা কোনো কৃষিকৰ্ম, ক্ষুদ্ৰ ব্যৱসায় বা ক’ম্পেনীয়েই হওক! মই ভাবোঁ, কেৱল চৰকাৰী চাকৰি নাপালেই (স্বাভাৱিকতেই যোগ্য হ’লেও যিকোনো চৰকাৰেই সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয়।) কোনো এগৰাকী ব্যক্তিক আনে বা নিজেই নিজকে ‘নিবনুৱা’ বা ‘শিক্ষিত নিবনুৱা’ বুলি কোৱাটো সঠিক কথা নহয়। বহু উচ্চশিক্ষিত, চাকৰিৰ বাবে যোগ্য লোকেও চৰকাৰী চাকৰি নকৰাৰ বা পোৱা চাকৰি এৰি দিও নিজাকৈ সফলভাৱে ব্যৱসায় কৰাৰ বিভিন্ন উদাহৰণ আমাৰ অসমৰ সমাজতে আছে। প্ৰথমে সৰুকৈ তেনে পদক্ষেপ এটা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ক্ৰমশঃ ইয়াকে বহলাই গৈ ৰাইজৰ সেৱা কৰাৰ লগতে বহু পৰিয়ালৰ সদস্যক সংস্থাপন দি এক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বহু আশাপ্ৰদ কাহিনীয়েই আমাৰ চৌপাশৰ সমাজখনত সুলভ৷
নৱনীতা গগৈ ভৰালী তেনে এক আত্মপৰিচয়মুখী যাত্ৰাৰ নাম৷ তেওঁ ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ বাসিন্দা। এগৰাকী স্বাভিমানী নাৰী হিচাপে নৱনীতাই আত্মসন্মানকে পৰম সম্পদ বুলি ভাবে। জীৱনত কোনো দিনে হাৰিব নোখোজা, কেতিয়াও শুই-বহি থাকিব নোখোজা ব্যক্তিগত জীৱনত বহু সংঘাতৰ পৰিক্ৰমাৰ মাজেৰে আগবাঢ়ি যোৱা কৰ্মোদ্যমী নাৰী নৱনীতাই নিজা উপাৰ্জনৰ লগতে নিজা পৰিচয় গঢ়িবৰ বাবে স্বতন্ত্ৰতাৰে নিজাকৈ কিবা কৰিব খোজে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত স্নাতক মহলাত অধ্যয়নৰ পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰা নৱনীতাই এসময়ত কবিতাৰ চৰ্চাও নিয়মীয়াকৈ কৰিছিল। বিবাহসূত্ৰে স্বামী আৰু দুই সন্তানৰ সৈতে ডিব্ৰুগড় চহৰৰ বাসিন্দা হোৱা উদ্যমী নৱনীতাই অনুৰাগ আৰু উপাৰ্জনৰ তাগিদাত, স্বাভিমান তথা নিজৰ পৰিয়ালটো সুন্দৰকৈ পৰিচালনা কৰাৰ স্বাৰ্থত স্থানীয় ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত কৰা শিক্ষকতাৰ সমান্তৰালভাৱে বৰ নিষ্ঠাৰে নিজৰ বাসভৱনতে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বিষয়ৰ টিউশ্যন কৰাৰ কামটোও কিছুদিনৰ আগলৈকে কৰিছিল।
ক’ভিডজনিত লক্ডাউনৰ সুদীৰ্ঘ সময়ছোৱাত নৱনীতাৰ টিউশ্যন চেণ্টাৰ বন্ধ হৈ পৰিল। ইফালে বিদ্যালয়খনত কৰা শিক্ষকতাৰ পৰা পোৱা সামান্য দৰমহাৰে ভালকৈ সংসাৰ চলোৱাটোও সম্ভৱ নহয়। অন্ন, বস্ত্ৰ, বাসস্থান-- এই তিনিওটা কথাই জীৱনৰ বাবে যে মুখ্যতঃ জৰুৰী-- এই কথাটো মনত পেলায়েই নৱনীতাই উপাৰ্জনো হওক, ৰাইজৰো সেৱা হওক; এনে এক দৃষ্টিভংগীৰেই আজিৰ পৰা ঠিক দুবছৰ আগেয়ে ‘যিজনক প্ৰয়োজন, সেইজনক; বিশেষকৈ চিকিৎসালয়ত চিকিৎসাধীন ৰোগীক অন্ন যোগান’ৰ মানসেৰে তেওঁ আৰম্ভ কৰিছিল ‘নৱনীতা টিফিন চাৰ্ভিছ’। প্ৰত্যাহ্বান স্বাভাৱিকতেই আছিল। বিভিন্ন ব্যক্তিৰ জিভাই বিভিন্ন সোৱাদ বিচাৰে। কাৰোবাক যদি নিমখ কম লাগে, কাৰোবাক আকৌ বেছি লাগে। কোনোবা এগৰাকীয়ে জ্বলা-মচলা ভাল পায়; আন এগৰাকীয়ে আকৌ সেইসমূহৰ পৰা সমূলি আঁতৰত থাকে। কাৰোবাক খাদ্যত আলু লাগে, কাৰোবাক নালাগে। ব্যক্তিগত সোৱাদ, ৰুচি-অভিৰুচিৰ কথাটো বাদেই ; ৰোগীৰ ক্ষেত্ৰত আৰু আন লোকৰ ক্ষেত্ৰতো(আজিকালি প্ৰায়সকল লোক উচ্চ-ৰক্তচাপ, মধুমেহৰ ক্ষেত্ৰত সতৰ্কইচোন!) খাদ্যৰ এনেবোৰ বাচ্-বিচাৰত নৱনীতাই মন দিবলগীয়া হ’ল। ব্যক্তিৰ ৰুচি তথা ‘অৰ্ডাৰ’ অনুসৰি নৱনীতাই সৰু কেৰাহিত ভাগ ভাগকৈ, বিধে বিধে ব্যঞ্জন ৰান্ধিবলৈ ল’লে। এই সকলো কাম সেইখিনি সময়ত নৱনীতাই অকলে কৰিছিল। বজাৰ কৰা, কটা-বচা, ৰন্ধা-বঢ়া, পেকেট কৰা, বিতৰণ কৰা ইত্যাদি ইত্যাদি। বাংলাত কোৱাৰ দৰে একেবাৰে, “জুতো চিলাই থেকে চণ্ডীপাঠ পৰ্যন্ত”। এতিয়ালৈ অৱশ্যে নৱনীতাৰ কামো বাঢ়িছে। তেওঁৰ স্বামীয়েও আজিকালি বজাৰ-সমাৰ কৰা, বিতৰণ কৰা এইসমূহ কামত সহায় কৰি দিয়ে।
আটাইতকৈ ডাঙৰ কথা ক’ভিডৰ সময়ছোৱাত নৱনীতাৰ এই সেৱাই ডিব্ৰুগড়ৰ বিভিন্ন চিকিৎসালয়ত থকা ৰোগীসকলক, বিশেষকৈ ক’ভিড ৰোগীসকলক; লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক যথেষ্ট সকাহ দিছিল। সংশ্লিষ্ট পৰিয়ালবোৰৰ সৈতে নৱনীতাৰ এক আত্মিক সম্পৰ্কও গঢ়ি উঠিছিল। কেৱল ৰুচি অনুসৰি টিফিন যোগান ধৰাই নহয়; নৱনীতাই সেই সময়ত সংশ্লিষ্ট ৰোগীসকলৰ বাবে বজাৰ-সমাৰ কৰি দিয়া তথা তেওঁলোকৰ বাবে ফাৰ্মেছীৰ পৰা ঔষধ আদি কিনি দিয়াৰ দৰে অতি জৰুৰী, বহু সময় ব্যয়সাপেক্ষ কামবোৰো নিজৰ ব্যস্ততাৰ মাজতো হাঁহিমুখেৰে, সেৱাৰ মনোভাৱেৰে কৰি দিছিল। এইখিনি সময়তে এদিন মই এখন ফাৰ্মেছীৰ সন্মুখত কেইমিনিটমানৰ বাবে লগ পাইছিলোঁ নৱনীতাক। কম সময়তে তেওঁৰ মুখেৰেই আভাস পাইছিলোঁ সেই সেৱামূলক, ব্যস্ত কৰ্মসূচীৰ!
বৰ্তমান ক’ভিডৰ প্ৰাদুৰ্ভাৱ নাই যদিও প্ৰতিটো দিন হাঁহি আৰু আননন্দৰে উদযাপন কৰিব খোজা নৱনীতাই চিকিৎসালয়ত থকা আন ৰোগীসকলকেই হওক বা আন ৰাজহুৱা অনুষ্ঠানতেই হওক বিভিন্ন লোকক ‘অৰ্ডাৰ’ আৰু ‘ৰুচি’ অনুসৰি উপযুক্ত দামত স্বাস্থ্যসন্মত ঘৰুৱা ধৰণেৰে এসাঁজ আহাৰৰ যোগান ধৰাৰ কামটো অব্যাহত ৰাখিছে। শেহতীয়াকৈ তেওঁৰ কামটোত সহযোগীৰ প্ৰয়োজনীয়তাৰ অৱস্থা এটাও আহি পৰিছে। শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী কৰ্মসংস্থান নাপালে বুলিয়েই নিজকে নিবনুৱা বুলি অনুকম্পা বিচৰাৰ মানসিকতা ভাল নোপোৱা নৱনীতাৰ দৃষ্টিত চৰকাৰী কৰ্মসংস্থান কিবা কাৰণত নাপালেও সৎ ভাৱে উপাৰ্জন কৰি নিজৰ লগতে সমাজৰ সেৱা কৰাৰ বহু বিকল্প পথ সন্মুখত থকাৰ পাছতো কৰিবলৈ একো কাম নাই বুলি ভবাগৰাকী দৰাচলতে ধোদৰ পচলাহে !
কেৱল যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি যাব খোজা, বিশেষকৈ ঘৰুৱাভাৱে খাদ্য যোগানৰ এই সেৱাক সম্প্ৰসাৰণ কৰাৰ বাবে থকা নৱনীতাৰ সুতীব্ৰ হেঁপাহ বাস্তৱায়িত হোৱাৰ লগতে তেওঁৰ এই আদৰ্শৰে আন দহগৰাকী অসমীয়া নিজৰ নিজৰ নিজৰ অঞ্চলত সেৱা আগ বঢ়াবলৈ আগবাঢ়ি আহক। মই বিশ্বাস কৰোঁ, এই ক্ষেত্ৰত বিচাৰিলে তেওঁও নিশ্চয় নিজৰ অভিজ্ঞতাৰ আধাৰত প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়াব।
যিকোনো ব্যক্তিৰ ক্ষেত্ৰতে বিয়োগাত্মক দিশবিশেষ খুঁচৰি উলিয়াই ৰটনা কৰা লোকৰ আমাৰ সমাজত অভাৱ নাই। সততে, ভাল কাম এটাৰ প্ৰশংসা কৰাৰ ক্ষেত্ৰতহে আমাৰ মনৰ অভাৱ পৰিলক্ষিত হয়। নাৰীৰ ক্ষেত্ৰতো একেই কথা৷ আনকি, বিশ্ববিদ্যালয়ৰ জীৱনৰ সহপাঠী এগৰাকীৰ ভালখিনিৰ প্ৰশংসা নকৰি তেওঁৰ কি বেয়া আছে, সেইখিনিৰ চৰ্চা কৰিবলৈ উন্মুখ হৈ থকা উচ্চশিক্ষিত, শিক্ষাজগতৰে জড়িত ব্যক্তিক লগ পোৱাৰ বিড়ম্বনাও এই লেখকৰ ক্ষেত্ৰতে ঘটিছে।
এনে ধৰণৰ সকলো সীমাবদ্ধতাক অতিক্ৰমি আমি সকলোৱে এনে কৰ্মজাগৰণৰ দিশত নিজে আগবাঢ়ি যোৱাৰ লগতে কিবা কাৰণত নিজে আগবাঢ়ি যোৱাটো সম্ভৱ হৈ নুঠিলেও তেনেকৈ আগবাঢ়ি যোৱা আনসকলক উদ্দীপনা যোগোৱাটো আমাৰ নৈতিক দায়িত্ব। তেতিয়াহে অসমীয়াই আজিৰ তাৰিখতো সৰু-বৰ সকলো কামতে উদ্যমীৰ ৰূপত আগবাঢ়ি যাব পাৰিব। আজিৰ তাৰিখতো কুকুৰা, গাহৰি পুহিলে সমাজৰ পৰা এঘৰীয়া কৰাৰ বাতৰি সততে পঢ়িবলৈ পোৱাৰ বিড়ম্বনাৰ সময়খিনিত নৱনীতাৰ দৰে হাজাৰ কৰ্মপিপাসু অসমীয়া ওলাই আহক! নিজৰ লগতে তেওঁলোকে সমাজখন তথা জাতিটোৰো সেৱা কৰক; লগতে এক আত্মপৰিচয়ো গঢ়ি তোলক! ক’ভিডকালীন লক্ডাউনৰ সময়খিনিত নিষ্কৰ্মা হৈ বহু অসমীয়াই ঘৰতে বহি থাকিবলগীয়া হোৱাৰ সময়খিনিত কেবাশ অনা-অসমীয়াভাষী লোকে পৰিয়ালৰ সদস্যৰ দ্বাৰাই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি পুৱা আৰু সন্ধিয়াবেলা ডিব্ৰুগড় চহৰৰ অলিয়ে-গলিয়ে বিক্ৰী কৰি নিজে উপাৰ্জন কৰাৰ লগতে ৰাইজক সকাহ দিয়াৰ প্ৰশংসনীয় পদক্ষেপ প্ৰত্যক্ষ কৰি মই অভিভূত হৈছিলোঁ।
এনে ধৰণেৰে খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণ তথা বিতৰণ, বিশেষকৈ কেটাৰিং আদি সেৱাৰ ক্ষেত্ৰত আমাৰ অসমীয়াভাষীসকল আজিৰ তাৰিখতো চকুত পৰাকৈ আগবাঢ়ি অহা নাই। অসমীয়া সোৱাদৰ, ব্যঞ্জনৰ ভাত এসাঁজ ৰাজহুৱাকৈ খুওৱাৰ ব্যৱস্থাৰ কথা ভাবিলেও আশাপ্ৰদ সংখ্যক কেটাৰিং সেৱাৰ উপলব্ধ পৰিস্থিতি এটা আজিৰ তাৰিখতো প্ৰায়বোৰ ঠাইতেই সৃষ্টি হোৱা নাই। তেনে ক্ষেত্ৰত নৱনীতাই আমাৰ বাবে আদৰ্শ কঢ়িয়াইছে। অতি সাধাৰণভাৱে এই ক্ষেত্ৰত প্ৰথমটো খোজ পেলোৱা নৱনীতাই মোক মুম্বাইৰ ডাব্বাৱালাৰ কথা মনত পেলাই দিছে। আহক, নৱনীতাক আমি সকলোৱে উৎসাহিত কৰোঁহক! এবাৰ ৰাজহুৱা অনুষ্ঠান এটিত নৱনীতাই সেৱা আগবঢ়োৱা নিৰামিষ এসাঁজ ভাতৰ সোৱাদে মোক এইখিনি কথা ভবাই তুলিছিল।
সমাগত শাৰদীয় উছৱৰ বতৰত যিসকলে পাকঘৰত নিজে নোসোমোৱাকৈ নিজৰ পৰিয়ালৰ সদস্যসকল তথা আহিম বুলি আগতে খবৰ দি থোৱা আলহীৰ বাবে নৱনীতাৰ হাতৰ জুতিৰেই এসাঁজ ভাতৰ ব্যৱস্থা কৰিব খোজে অথবা চিকিৎসালয়ত থকা ৰোগীৰ বাবেই হওক বা নিজে আয়োজন কৰা কোনো অনুষ্ঠানৰ অভ্যাগতৰ বাবেই হওক সেই সুবিধা গ্ৰহণ কৰিব খোজে ; সেইসকলে তেওঁক ৬০০১৭২৮৯০ ম’বাইল নম্বৰত যোগাযোগ কৰিলেই হ’ব। প্ৰাসংগিক যে মুম্বাইৰ দৰে ব্যস্ত মহানগৰৰ অফিচ-কাছাৰীলৈ যোৱা ব্যক্তিসকলে ঘৰৰ পৰা নি দুপৰীয়াৰ আহাৰ গৰমে গৰমে গ্ৰহণ কৰাটো বিভিন্ন কাৰণত সম্ভৱ নোহোৱাৰ বাবেই তেনেবোৰ ঠাইত ‘ডাব্বাৱলা’ৰ সুবিধা জনপ্ৰিয় হৈছিল৷ সম্প্ৰতি বিভিন্ন প্ৰায়োগিক কাৰণত এই সেৱাৰ পৰিসৰ আগতকৈ হ্ৰাস হ’লেও ইয়াৰ চাহিদা একেবাৰে কমি যোৱা নাই। আমাৰ ডিব্ৰুগড়ৰ দৰে চহৰতো ৰাইজে বিচাৰিলে অফিচ-কাছাৰীত কৰ্মৰত লোকৰ বাবেও প্ৰয়োজনত এই সুবিধা সুলভ হৈ পৰিব। মই ভাবোঁ, সকলো ঠিকেই থাকিলে এটা সময়ত উজনিৰ যোৰহাটৰ দৰে চহৰলৈও আন সমভাৱাপন্ন লোকৰ সহায়ত নৱনীতাই এই সেৱা সম্প্ৰসাৰণ কৰিব পৰাৰ লগতে অসমীয়াৰ কৰ্মোদ্যমৰ নৱজাগৰণৰ দিশত, বিশেষকৈ মহিলাসকলৰ উদ্যমী প্ৰয়াসৰ ক্ষেত্ৰত এক উল্লেখনীয় উদাহৰণ হৈ জিলিকিব।
এগৰাকী অসমীয়া হিচাপে, লগতে তেওঁৰ বিশ্ববিদ্যালয়ৰ জীৱনৰ এগৰাকী শুভাকাংক্ষী সতীৰ্থ হিচাপে মই নৱনীতাৰ এই শুভংকৰ উদ্যমৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনা কৰিলোঁ।
অসমীয়াৰ সুখ-দুখ | xukhdukh.com |
সুখ-দুখ LIVE YouTube Channel | Click |
অসমীয়াৰ সুখ-দুখ @FACEBOOK | https://www.facebook.com/xukhdukhLIVE/ |
অসমীয়াৰ সুখ-দুখ @TWITTER | https://twitter.com/xukhdukh |
No comments:
Post a Comment