ৰূপালী পৰ্দাঃ বুম্বা ৰাইডঃ বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰ :: তন্ময়ী ৰাণী নেওগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ বুম্বা ৰাইডঃ বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰ  :: তন্ময়ী ৰাণী নেওগ

ৰূপালী পৰ্দাঃ বুম্বা ৰাইডঃ বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰ :: তন্ময়ী ৰাণী নেওগ

Share This

বুম্বা ৰাইডঃ বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰ

তন্ময়ী ৰাণী নেওগ

RUPALI-PARDA,RECENT,ৰূপালী পৰ্দা,বিশ্বজিৎ বৰা,biswajeet-bora, বুম্বা ৰাইডঃ বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰ  তন্ময়ী ৰাণী নেওগ

বুম্বা ৰাইড, অসমৰ বিশিষ্ট চিনেমা পৰিচালক বিশ্বজিত বৰাৰ সৃষ্টি। এইখন চিনেমাৰেই অসমৰ পৰা গৈ কাঁ চলচ্চিত্ৰ মহোতসৱৰ অংশ হিচাবে ভাৰতীয় চিনেমাৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হবলৈ সক্ষম হোৱা বুম্বা ৰাইডক লৈ এক আগ্ৰহ আছিল। অৱশেষত অসমৰ চিনেমা ঘৰত মুক্তি লভিলে চিনেমাখনে। আগ্ৰহৰে  #boombarideRide চালো। 

RUPALI-PARDA,RECENT,ৰূপালী পৰ্দা,বিশ্বজিৎ বৰা,biswajeet-bora, বুম্বা ৰাইডঃ বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰ  তন্ময়ী ৰাণী নেওগ

দিল্লীৰ জেএনইউৰ দৰে শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লৈ অসমতে শিক্ষাৰ আলোক বিলোৱাৰ দ্বায়িত্ব লোৱা আমাৰ দৰে নৱ-প্ৰজন্মৰ শিক্ষক, অধ্যাপকৰ বাবে অসমৰ শিক্ষা ক্ষেত্ৰলৈ ভুমুকি মাৰি চাবলৈ ইয়ো এটা সুযোগ দিলে। তাৰ আগতেও এটা সুযোগ পাইছিলো, সেয়া হৈছে যে, গুণোৎসৱৰ মূল্যায়ক হিচাপে তৃতীয় দিনা মূল্যায়ন কৰিবলৈ গৈছিলো নগাবাটৰ ফালে এখন এল পি স্কুললৈ।চাহ বাগানৰ সেউজীয়াৰ মাজত স্কুলখন, সন্মুখত এখন বিশাল খেলপথাৰ, ৰাস্তাটোৰ সিপাৰে পাহাৰখন। জবা, তগৰ বিভিন্ন ফুলৰ মালা গাঁঠি চৰকাৰৰ পক্ষৰ কোনোবা আহিছে বুলি আমাক আদৰিলে।আগৰ দুদিন আদৰা সময়ত স্কুলকেইখনৰ প্ৰধান শিক্ষক দুজনে আগভাগ লৈছিল।সেইদিনা সহজ,সৰল অভিভাৱক সকলক দেখিলো।পাঁচজন ছাত্ৰই পুৱাৰ প্ৰৰ্থনা কৰি জৰাজীৰ্ণ শ্ৰেণীত বহিল। 


আশাভৰা চকুবোৰ লৈ, হাতযোৰ কৰি ওচৰচুবুৰীয়া সকলে তিনিপৃষ্ঠাযোৰা এখন দৰখাস্ত মোৰ হাতত তুলি দি সকলো খেলপথাৰ খনত বহি পৰিল। তাৰে এগৰাকী আগুৱাই আহি কান্দি কান্দি কৈছে, “স্কুলটা বন্ধ কৰি নাই দিবি বাই।আমি ক’ত যাবে?” প্ৰধান শিক্ষকৰ তেতিয়ালৈকে দেখা সাক্ষাৎ নাই। হাঁহিমুখীয়া ৰান্ধনী বাইদেউয়ে সকলোবোৰ চম্ভালি আছে যি পাৰে।


কাগজ পত্ৰ বিছাৰি য’ত যি পালো মূল্যায়ন কৰি থাকোতেই ওচৰচুবুৰীয়াৰ অভিযোগ সমূহ কাণ পাতি শুনিলো।দৰ্খাস্ত ল’লো, অভিযোগ বোৰ শুনিলো, ছাত্ৰৰ বহীসমূহ মূল্যায়নৰ বাবে পেকেট কৰি বান্ধিলো। তেনেতে এজন ৫০ৰ উৰ্ধ নিচাগ্ৰস্ত ব্যক্তি আহি ওলাল, কাগজ পত্ৰ ক’ত কি আছে একো গম নাপাই।কথাবোৰ শুধিলে একো কব নোৱাৰে। প্ৰধান শিক্ষকক লৈ ৰাইজৰ অভিযোগবোৰ মানে সঁচা। কিন্তু তাৰ ছাত্ৰসকলৰ মাজত এজন Boomba নাছিল, অনুশোচনা কৰি নিজৰ কৰ্ম কৰিম বুলি অহোপুৰুষাৰ্থ দিব পৰা Boomba ৰ প্ৰধান শিক্ষকজন নাছিল, নাছিল Boombaই  বিচাৰি চলাথ কৰা সেই স্কুল ইন্সপেক্টৰ জন। চাহবাগানৰ মাজত থকা এইখন স্কুল এতিয়া বন্ধ কৰি দিয়া গ’ল, আৰু বেলেগ এখন স্কুলৰ লগত merge কৰি দিলে।  ততে পঢ়ি থকা ছাত্ৰকেইজনে এতিয়া ৪-৫ কিঃমিঃ মান খোজকাঢ়ি গৈ নতুন স্কুলত পঢ়িবগৈ লাগে।কেতিয়ালৈকে পঢ়ি থাকিব সেইটো অনিশ্চয়তাত।


চৰকাৰী খণ্ডৰ বিদ্যালয় বুলিলে আপোনাৰ মোৰ অভিজ্ঞতাই যিখন ছবি মনত প্ৰতিস্ফুত কৰে, আমি মূল্যায়ক হিচাপে যোৱা বিদ্যালয়খন বা Boomba Ride ত দেখুওৱা বিদ্যালয় খন তেনে ধাৰণাৰেই চিনেমেটিক উপস্থাপন। ব্যতিক্ৰম বুলিবলৈ দুই এখন নথকা নহয়, কিন্তু সেয়া বিচাৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। আপোনাৰ মোৰ চিনাকি কাহিনী Boomba Ride, আৰু তাতেই হৈটো Boomba ৰ সফলতা।


এইখিনিতে বিশিষ্ট নিৱন্ধকাৰ ডঃ অৰবিন্দ ৰাজখোৱাদেৱে চিনেমাখন চাই লিখা অনুভৱখিনি উক্তি হিচাবে উল্লেখ কৰিব খুজিছো-

"'বুম্বা ৰাইড' চাই অনন্য আনন্দ অনুভৱ কৰিলোঁ। বাস্তৱতা আৰু নান্দনিকতাৰ সমাহাৰে মুগ্ধ কৰিলে। ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰে' আগুৱাই নিয়া বাটটোত বিশ্বজিৎ বৰাৰ সবল সংযোজন। মূল চৰিত্ৰ বুম্বা বিভিন্ন সময়ৰ হাজাৰ বিজাৰ শিশুৰ প্ৰতিনিধি। সেই বাস্তৱতা অনুভৱ কৰিব পৰাটো নিৰ্মাতাসকলৰ মূল সফলতা। মহেন (হালধীয়া চৰায়ে বাওধান খায়), পখী (পখী), ডাঙৰমাই (লাজ), কুকৈ (কণিকাৰ ৰামধেনু)ৰ দৰেই বুম্বাও সংবেদনশীল দৰ্শকৰ বুকুত ৰৈ যাব।

চিনেমাখন চাবলৈ  দৌৰি বা খোজকাঢ়ি যোৱাৰ কোনো বিশেষ  আহ্বান অসমীয়া চিনেমাৰ 'ভাল দিন' আহক বুলি কৈ থকা ব্যক্তিসকলে কৰা নাই। চিনেমা মানে এতিয়াও 'বধকাব্য' বুলিয়েই আমাৰ ভাব এটা বৰ্তি আছে। অৱশ্যে সামগ্ৰিক সমাজখনো কিৰিলিপ্ৰিয়, সেয়ে ছবিঘৰত দৰ্শকৰ সেৰেঙা উপস্থিতি দেখি আচৰিত হোৱা নাই।


অসমৰ চিনেমা হলবোৰৰ মালিক পক্ষৰ কিছু মনোবল থাকিলে ভাল। প্ৰায়বোৰ হলতে 'ব্ৰহ্মাস্ত্ৰ'ৰ হৰ্ডিং গুৰুত্ব সহকাৰে লগোৱা হৈছে, 'বুম্বা ৰাইড'ক এপেণ্ডিক্স কৰি ৰখা হৈছে। এইক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনা থাকিলে বৰ ভাল, জাতীয় দল সংগঠনেও হেঁচা দিব পাৰে।"

 

ৰাজখোৱা ডাঙৰীয়াৰ সৈতে প্ৰায় একেধৰণৰ আমাৰো। Boomba Ride’ৰ কাহিনী সাধাৰণ কিন্তু তাৰ উপস্থাপন অতুলনীয়। প্ৰায় ৭৮ মিনিটৰ ছবিখনত মিচিং ভাষাটো একেবাৰে নিজে কৈ থকা যেন লাগিল, বুজি পোৱাত অকণো অসুবিধা নহ’ল। জিতেন বড়ো আৰু অতুল স্বৰ্গীয়াৰী ৰ দৃশ্যগ্ৰহণে বহুত কেইটা দৃশ্যত কথা নকলেও বহুত কিবাকিবি কৈ গ’ল। Natural light ৰ Interplay চকুত লগা।Non actors ৰ দ্বাৰা গোটেই কাহিনীটো কোৱাত ছবিখন বৰ আকৰ্ষণীয় হৈ উঠিছে।Biswajeet Bora ই প্ৰত্যেকটো চৰিত্ৰকে মুক্তমনে বিচৰণ কৰিবলৈ দিয়া যেন অনুভৱ হ’ল আৰু সেইটো কথাই ছবিখনক স্বভাৱিকভাৱে বাস্তৱমুখী কৰি তুলিছে।ইংৰাজী sub titles ‘ত দুই এক সৰু সুৰা বানানৰ ভুল ৰৈ গৈছে, শুধৰাই ললে ভাল হ’ব।

ধন্যবাদ #BoombaRide! অসমৰ চিনেমা উদ্যোগ অনাগত দিনবোৰক অধিক উজ্বলি উঠক, তাৰেই কামনাৰে।

সম্পাদকীয় সংযোজনঃ
সমাদৃত চিনেমা বুম্বা ৰাইড TUBI TV OTT যোগে বিনামূলীয়াকৈ প্ৰদৰ্শনৰ বাবে তলৰ লিংকত উপলব্দ হৈছে-

Watch Boomba Ride (2021) - Free Movies | Tubi (tubitv.com)

No comments:

Post a Comment