বিজ্ঞানঃ গ্লোবেল ৱাৰ্মিংৰ প্ৰেক্ষাপট আৰু অ'জন দিৱস :: মানস প্ৰতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিজ্ঞানঃ গ্লোবেল ৱাৰ্মিংৰ প্ৰেক্ষাপট আৰু অ'জন দিৱস :: মানস প্ৰতিম দত্ত

বিজ্ঞানঃ গ্লোবেল ৱাৰ্মিংৰ প্ৰেক্ষাপট আৰু অ'জন দিৱস :: মানস প্ৰতিম দত্ত

Share This
গ্লোবেল ৱাৰ্মিংৰ প্ৰেক্ষাপট আৰু অ'জন দিৱস
মানস প্ৰতিম দত্ত
ozone day, global warming, গ্লোবেল ৱাৰ্মিংৰ প্ৰেক্ষাপট আৰু অ'জন দিৱস মানস প্ৰতিম দত্ত
উৎকট গৰমে আমাক প্ৰায়ে দহি গৈছে। গৰমৰ প্ৰকোপ বৃদ্ধি পালেই আমি হাতত লৈ ফুৰে একোটা ছাতি। এই ছাতিয়ে আমাক ছাঁ দিয়ে। সূৰ্যৰ প্ৰখৰ উগ্ৰমুৰ্তিৰ পৰা আমাক ৰক্ষা কৰে। এনেবোৰ কাৰণতে আপোনাৰ কেতিয়াবা সূৰ্যটোৰ প্ৰতি কৃত্ৰিম খং উঠিব পাৰে। কিন্তু সূৰ্যৰ অবিহনে পৃথিৱীত জীয়াই থকাটো অসম্ভৱ। 
ozone day, global warming, গ্লোবেল ৱাৰ্মিংৰ প্ৰেক্ষাপট আৰু অ'জন দিৱস মানস প্ৰতিম দত্ত
সূৰ্যৰ পৰা আমাৰ বাবে অতিকে ভয়ানক এবিধ ৰশ্মি নি:সৰিত হয়, যাক অতি বেঙুনীয়া ৰশ্মি বুলি কোৱা হয়। এই ৰশ্মি ইমানেই ভয়ানক যে, ই পোনপটীয়াকৈ আমাৰ ছালত পৰিলে বিভিন্ন ধৰণৰ ভয়ানক চৰ্মৰোগ হোৱাৰ সম্ভাৱনা থাকে। আমি গৰম দিনত ছাতি লৈ নিজক ৰ’দৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ দৰেই বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰত থকা অ’জন নামৰ স্তৰটোৱে ‘পৃথিৱীৰ ছাতি’ৰ ৰূপত অতি পাতলীয়া আৱৰণে সমগ্ৰ জীৱকুলকে ৰক্ষা কৰি আহিছে। সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিক অতিবেঙুনীয়া A (৩১৫ৰ পৰা ৪০০ নেন’মিটাৰ তৰংগদৈঘ্য) , অতিবেঙুনীয়া B (২৮০ৰ পৰা ৩১৫ নেন’মিটাৰ) আৰু অতিবেঙুনীয়া C (১০০ৰ পৰা ২৮০ নেন’মিটাৰ) হিচাপে ভাগ কৰা হৈছে। অতিবেঙুনীয়া Aপ্ৰকাৰটো মানুহৰ বাবে কম ক্ষতিকাৰক হোৱাৰ বিপৰীতে অতিবেঙুনীয়া B তৰংগদৈৰ্ঘ্যৰ প্ৰকাৰটো অতিকে ক্ষতিকাৰক। ষ্ট্ৰেট’স্ফিয়েৰৰ ৬০ কি:মি: উচ্চতালৈকে অ’জনৰ উপস্থিতি পোৱা যায়।

ষ্ট্ৰেট’স্ফিয়েৰৰ ২০-২৫ কি:মি: উচ্চতাৰ মাজত অ’জনৰ ঘনত্ব সৰ্বাধিক ১০ পি পি এম হয় । সেয়েহে ইয়াক অ’জনৰ তৰপ বা অ’জন স্তৰ বোলা হয়। অ’জন পৰিমাপণৰ বাবে ডবচন একক নামৰ একক ব্যৱহাৰ কৰা হয়। অ’জন স্তৰে আমাৰ বাবে অপকাৰী অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি আমাৰ প্ৰতিৰক্ষাৰ বাবে বিৰামহীনভাৱে কাম কৰি আছে।

অ’জন আৰু অক্সিজেন:

আমি অক্সিজেন বিহীনভাৱে জীয়াই থাকিব নোৱাৰোঁ। কিন্তু সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য যদি ২৪২ নেন’মিটাৰতকৈ কম হয় তেন্তে অতি বেঙুনীয়া ৰশ্মিয়ে এই অক্সিজেন অণু ভাঙি পেলাব। অক্সিজেন অণু ভাঙি যোৱাৰ পাছত ই পুনৰ আন অক্সিজেনৰ অণুৰ লগ লাহি অ’জন সৃষ্টি কৰে।

O2 + UV → O+O
O + O2 → O3

ষ্ট্ৰেট’স্ফিয়েৰ স্তৰতে পুনৰ বিপৰীতমুখী বিক্ৰিয়া ঘটে। ফলত অ’জন পুনৰ ভাঙি যায়। এনেদৰে ভংগন আৰু গঠনৰ জৰিয়তে অ’জনে ভাৰসাম্য বৰ্তাই ৰাখে।

অ’জন স্তৰ কুশলে আছেনে?
১৯২৮ চনত আৱিস্কাৰ হোৱা এবিধ গেছৰ প্ৰকোপৰ ফলত অ’জন স্তৰৰ অৱক্ষয় হ’বলৈ আৰম্ভ কৰে। এই গেছৰ নাম ক্লৰ’ফ্লৰ’কাৰ্বন বা চি এফ চি। এই গেছ সাধাৰণতে বাতানুকূল যন্ত্ৰ, শীতলকাৰক যন্ত্ৰ আদিত ব্যৱহাৰ কৰা হয়। এটা সময়ত এবে যন্ত্ৰসমূহে অধিক জনপ্ৰিয়তা লাভ কৰে। ফলত এই গেছৰ পৰিসৰো বৃদ্ধি পায়। ই অতি বেঙুনীয়া ৰশ্মিৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰক্লৰিক এচিড গঠন কৰে। এই এচিড মেৰু অঞ্চলৰ বৰফৰ কণিকাৰ সৈতে লগ লাগি ক্ল’ৰিণ অণু গঠন কৰে। গঠন হোৱা ক্ল’ৰিণ অণু অতিবেঙুনীয়া ৰশ্মিৰ সৈতে লগ হোৱাৰ ফলত ক্ল’ৰিণৰ পৰমাণুলৈ ভাঙি যায়। এই ক্ল’ৰিণে লাহে লাহে অ’জন স্তৰৰ অৱক্ষয় ঘটাবলৈ আৰম্ভ কৰে আৰু অ’জন স্তৰত কিছুমান বিন্ধাৰ সৃষ্টি কৰে । যাৰ ফলত সেই বন্ধাসমূহৰ মাজেৰে আমাৰ জীৱকুলৰ বাবে ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি অধিক পৰিমাণে পৃথিৱী পৃষ্ঠলৈ আহিবলৈ ধৰিছে।

অ’জনক যে এনেদৰে চি এফ চিয়ে ক্ষতিগ্ৰস্ত কৰিছে সেই কথা জানিবলৈ পোৱা বেছিদিন হোৱাই নাই । ১৯৯৫ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী দুই বিজ্ঞানী মেৰিঅ’ মেলিনা আৰু শ্বাৰউদ ৰ’লেণ্ডে ১৯৭৪ চন মানত এই কথা পোনপ্ৰথমে বিশ্ববাসীক অৱগত কৰিছিল । অতি বেঙুনীয়া ৰশ্মিৰ অধিক বিকিৰণে মানুহৰ ছালত থকা মেলানিন কণাসমূহ নষ্ট কৰি দিব পাৰে।

অ’জনে কেৱল ছালৰ ৰোগহে সৃষ্টি কৰে এনে নহয়। ই উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বাধা দিয়াৰ উপৰিও ফুল, ফল আদিৰ বিকাশতো বাধা দিয়ে। জীৱসমূহৰ প্ৰজনন সক্ষমতা নাশ কৰি জীৱবিলুপ্ত ঘটাব পৰাকৈয়ো এই গেছ শক্তিশালী ।

১৯৮২ চনত এণ্টাৰ্কটিকাত হোৱা সমীক্ষাই অ’জনৰ অৱক্ষয়ৰ কথা নিশ্চিত কৰাৰ পাছত এই ভয়াৱহ অৱক্ষয় ৰোধৰ বাবে চি এফ চিৰ দৰে ভয়ানক অনিষ্টকাৰী বস্তু যাতে ব্যৱহাৰ নহয় তাৰ বাবে চকু দিব লাগিব এই কথা বিজ্ঞানী মহ’লে বুজি উঠিল । তাৰেই ফলশ্ৰুতিত ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৮৭ চনৰ ১৬ ছেপ্তেম্বৰ স্বাক্ষৰিত হ’ল মনট্ৰিল চুক্তি। এই চুক্তি অনুসৰি অ’জন স্তৰৰ অৱক্ষয় হ’ব পৰা যিকোনো সামগ্ৰী ব্যৱহাৰৰ পৰা ৰাষ্ট্ৰসমূহে বিৰত থাকিব লাগিব আৰু জনসচেতনতাৰ বাবে উদ্যোগ ল’ব লাগিব। লগতে সিদ্ধান্ত হয় যে, প্ৰতি বছৰে চুক্তি স্বাক্ষৰিত হোৱা দিনটো আন্ত:ৰাষ্ট্ৰীয় অ’জন দিৱস হিচাপে উদযাপন কৰা হ’ব। 

সম্প্ৰতি প্ৰতি বছৰৰ ১৬ ছেপ্তেম্বৰ তাৰিখে অ’জনৰ সুৰক্ষা আৰু জন সজাগতা বৃদ্ধিৰ বাবে এই দিৱস আয়োজন কৰি অহা হৈছে। প্ৰত্যেক বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত প্ৰাৰ্থনা সভা, সাধাৰণ সভা বা জিৰণিৰ সময়ত এই দিৱস উদযাপন কৰা উচিত। এই দিৱস সম্প্ৰতি অতি প্ৰাসংগিক। ইয়াৰ প্ৰাসংগিকতা শিক্ষাৰ্থী সমাজে উপলব্ধি কৰিলেও আমি দায়িত্বৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এখোজ আগুৱাই গৈছো বুলি ভাবিব পাৰিম।
লেখকৰ নিজা ব্লগৰ লিংকঃ https://manashpratimdutt.wordpress.com/

No comments:

Post a Comment