চিন্তনঃ ‘লেখক’ৰ জীৱিকাৰ প্ৰশ্ন বনাম 'সাহিত্য'ৰ কোটি টকীয়া বজাৰ :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ‘লেখক’ৰ জীৱিকাৰ প্ৰশ্ন বনাম 'সাহিত্য'ৰ কোটি টকীয়া বজাৰ :: কুমাৰ নৱজ্যোতি

চিন্তনঃ ‘লেখক’ৰ জীৱিকাৰ প্ৰশ্ন বনাম 'সাহিত্য'ৰ কোটি টকীয়া বজাৰ :: কুমাৰ নৱজ্যোতি

Share This
‘লেখক’ৰ জীৱিকাৰ প্ৰশ্ন বনাম 'সাহিত্য'ৰ কোটি টকীয়া বজাৰ
কুমাৰ নৱজ্যোতি
‘লেখক’ৰ জীৱিকাৰ প্ৰশ্ন বনাম 'সাহিত্য'ৰ কোটি টকীয়া বজাৰ কুমাৰ নৱজ্যোতি, INCOME OF WRITERS, অসমীয়া কবি, কবিতা, লেখক
এগৰাকী ব্যক্তিয়ে লিখিয়েই, কেৱল লিখিয়েই জীৱন নিৰ্বাহ কৰিব পাৰেনে? কেৱল লিখা-মেলাৰ দ্বাৰাই ব্যক্তি এগৰাকীয়ে জীৱনটো উদ্‌যাপন কৰিব পাৰে বুলি আপুনি ভাবেনে? আমাৰ দেশ ভাৰতবৰ্ষত এতিয়াও কেৱল লিখিয়েই খাব পৰাৰ পৰিৱেশ এটা সাধাৰণীকৰণ কৰিব পৰাকৈ এতিয়াও যে সৃষ্টি হোৱা নাই, এই কথা সত্য৷ গণিব পৰা বিক্ৰম শেঠ, অৰূন্ধতী ৰয়, অমিতাভ ঘোষ আদি বহু পৰিমাণৰ অৰ্থৰ ৰয়েল্টি লাভ কৰা কেইগৰাকীমান লেখকৰ উদাহৰণৰ বাদে আমাৰ দেশৰ লেখকসকলৰ ক্ষেত্ৰত লিখা-মেলাৰ কামটো এতিয়াও কাৰ্যতঃ সাৰ্থক ৰূপত পেছা হৈ উঠা নাই৷ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত একাংশ লেখকে দুৰ্গা পূজাৰ উছৱ সংখ্যাৰ আলোচনীসমূহৰ বাবে লিখি অথবা কোনো ক্ষেত্ৰত বাতৰি-কাকত, আলোচনীৰ বাবে দুই-এটা নিয়মীয়া কলম লিখি বা নিজৰ দুই-এখন জনপ্ৰিয় গ্ৰন্থৰ বাবদ কিছু অৰ্থ উপাৰ্জন কৰাৰ ধৰণৰ দুই-এক মন ভাল লগা লগা দৃষ্টান্তৰ বাদে কাৰ্যতঃ আমাৰ দেশত লিখি, কেৱল লিখিয়েই খাব পৰাৰ পৰিৱেশ এটা এতিয়াও গঢ়লৈ নুঠাটো সঁচাকৈয়ে চিন্তনীয়৷ 
‘লেখক’ৰ জীৱিকাৰ প্ৰশ্ন বনাম 'সাহিত্য'ৰ কোটি টকীয়া বজাৰ কুমাৰ নৱজ্যোতি, INCOME OF WRITERS, অসমীয়া কবি, কবিতা, লেখক
এই ক্ষেত্ৰত কেৱল লিখাৰ মানৰ কথাটো বা পাঠকৰ ৰুচিবোধেই কাৰণ নহয়; প্ৰকাশক মহলৰ লেখকক মাননি দিয়াৰ ক্ষেত্ৰত অনিহা তথা কৃপণালিৰ লগতে লেখকসকলৰ উপযুক্ত মাননি প্ৰাপ্তিৰ ক্ষেত্ৰত গুৰুত্বহীনতাৰ দৰে কাৰকবোৰো নিশ্চিতভাৱে ক্ৰিয়াশীল হৈ থাকে৷ অসমৰ ক্ষেত্ৰত লেখকক কৰা বঞ্ছনাৰ এই ছবিখন আৰু দুখঃজনক৷ বহু ক্ষেত্ৰত প্ৰকাশকে প্ৰকাশিত গ্ৰন্থৰ বাবদ সামান্য পাৰিতোষিকো আগ নবেঢ়োৱাৰ দেধাৰ উদাহৰণ থকা ৰাজ্যখনত আকৌ তেনে এচাম প্ৰকাশকে আনে নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰিলেও নিজৰ ‘লোকচান’ হোৱাৰ আশংকাত সমালোচনা কৰে৷ প্ৰয়াত হোমেন বৰগোহাঞিৰ দৰে দুই-এগৰাকী কৃতবিদ্যই বিভিন্ন প্ৰত্যাহ্বান সত্বেও নিজা প্ৰতিভা আৰু দুঃসাহসেৰে কেৱল লিখাকেই জীৱিকা ৰূপে ল’ব পৰাৰ ব্যক্তিৰ উদাহৰণ হিচাপে নিজকে প্ৰক্ষেপ কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে এক ইতিহাস হৈ ৰ’ব৷ অৱশ্যে, সাধাৰণভাৱে কেৱল লিখা-মেলা কৰিয়েই জীৱন উদ্‌যাপন সপোন অসম মুলুকত এতিয়াও আকাশ-কুসুম৷ দুই-এগৰাকী লেখকে কোনো গ্ৰন্থৰ বিভিন্ন সংস্কৰণ প্ৰকাশৰ নামত বিপুল পৰিমাণৰ অৰ্থ অসমৰ প্ৰকাশকৰ পৰাই লাভ কৰা বুলি অজ্ঞাত কাৰণত প্ৰচাৰ কৰিলেও বহু ক্ষেত্ৰত সংশ্লিষ্ট প্ৰকাশকৰ সৈতে কথা পাতিলে তেনে দাবীৰ অসাৰতা প্ৰতিপন্ন হোৱা পৰিলক্ষিত হয়৷ একাংশ লেখকে বাতৰি-কাকত, আলোচনীত নিয়মীয়া লিখা-মেলা বা স্তম্ভ লিখা অথবা সেইসমূহৰ বিহু, পূজাৰ বিশেষ সংখ্যাত লিখি পোৱা কিছু বেছি পৰিমাণৰ অনিয়মীয়া অথোৰ্পাৰ্জন কৰাটো নহ’লেবা একপ্ৰকাৰে লিখি অথাৰ্ৎ কলম পিহিয়েই বৃত্তিমূলকভাৱে জীৱন কটোৱা আমাৰ একাংশ সাংবাদিকৰ কথা এই হিচাপত ধৰা হোৱা নাই৷ তেনেহ’লে, আকৌ আগৰ প্ৰশ্নটোলৈকে ঘূৰি আহিছোঁ৷ কেৱল লিখিয়েই খাব অথাৰ্ৎ জীৱন নিৰ্বাহ কৰিব পাৰিনে? তাকো স্বাচ্ছন্দ্যপূর্ণভাৱে!! পাৰিনে কেৱল লিখা-মেলাকে জীৱিকা হিচাপে লৈ জীৱনটো উদ্‌যাপন কৰিব?? ঠিকেই, আমাৰ লেখকসকলৰ বাবে এই কথা সততে সম্ভৱ নহ’লেও বিশ্বৰ একাংশ লেখকৰ বাবে এয়া সম্ভৱ হৈ উঠিছে৷ 

আমাৰ বাবে এই কথাটো ভাবিবলৈ সাধাৰণভাৱে টান হ’লেও একাংশ স্বনামধন্য লেখকে তেওঁলোকৰ জীৱনত কেৱল লিখাৰ দ্বাৰাই প্ৰচুৰ অৰ্থ অৰ্জন কৰি লিখা-মেলাক এক জীৱিকাৰ ৰূপত সম্ভৱ কৰি তুলিছে৷ কেৱল লিখিয়েই তেওঁলোকে খ্যাতিৰ লগতে কটাবলৈ সক্ষম হৈছে ধৰ্ণাঢ্য লোকৰ ঈৰ্ষণীয় জীৱন৷ আড়ম্বৰপূৰ্ণ জীৱন কটোৱা বিশ্বৰ এনে লেখকসকলৰ তালিকা সময়ে সময়ে প্ৰকাশ হৈ আহিছে৷ প্ৰসংগতঃ সাম্প্ৰতিক বিশ্বত নিজৰ লেখাৰ বাবদ সবাৰ্ধিক মাননি পোৱা পাঁচগৰাকী যশস্বী লেখক সন্দৰ্ভত আলোকপাত কৰিব বিচাৰিছোঁ৷

সংশ্লিষ্ট প্ৰকাশনৰ ছপা সংখ্যাৰ লগতে ইন্টাৰনেট বুক, অডিঅ’ বুক আদিৰ বিক্ৰীৰ তথ্য সংগ্ৰহ কৰি সংশ্লিষ্ট গ্ৰন্থ বা প্ৰকাশনৰ মাধ্যমত নিৰ্মিত চলচিত্ৰ বা টেলিভিছনৰ কাৰ্যক্ৰমৰ পৰা হোৱা লেখকগৰাকীৰ আয়ৰ তথ্যৰ অনুসন্ধান, লেখকে আয় লাভ কৰা প্ৰাসংগিক বিজ্ঞাপন ৰ তথ্যৰ লগতে সংশ্লিষ্ট লেখক, প্ৰকাশক, বিক্ৰেতা তথা অন্যান্য বিশেষজ্ঞৰ লগত আলাপৰ জৰিয়তে এনেবোৰ পৰিসংখ্যা প্ৰস্তুত কৰা হয়৷ বিখ্যাত আলোচনী ‘ফবৰ্ছ’ৰ উদে্যাগত তৈয়াৰ হোৱা তথা শেহতীয়াকৈ ২০১৯ বৰ্ষৰ ২০ ডিচেম্বৰত প্ৰকাশ কৰা এক পৰিসংখ্যা অনুসৰি জে. কে.ৰাউলিঙ বিশ্বৰ সবাৰ্ধিক আয় কৰোঁতা লেখকৰ শীৰ্ষত আছে৷ বছৰটোত ৯২ মিলিয়ন ডলাৰ উপাৰ্জনেৰে তেওঁ পুনৰ এই তালিকাত শীৰ্ষ স্থানত থাকিবলৈ সক্ষম হৈছে৷ তেওঁৰ আনসমূহ গ্ৰন্থৰ লগতে মূলতঃ ‘হেৰী পটাৰ এণ্ড দ্য কাৰ্ছড চাইল্ড’ শীৰ্ষক গ্ৰন্থখনে তেওঁলৈ এই সৌভাগ্য কিI.য়াই আনিছে৷ তেওঁৰ পাছতেই বছৰটোত ৭০ মিলিয়ন ডলাৰ উপাৰ্জনেৰে তালিকাত নাম আছে আগৰ বছৰ এই তালিকাত শীৰ্ষত থকা জেমছ্‌ পেটাৰছনৰ নাম৷ আগৰ বছৰটোত বহুচৰ্চিত হোৱা তথা বিল ক্লিণ্টনৰ সৈতে যুটীয়াভাৱে লিখা ‘দ্য প্ৰেছিডেণ্ট ইজ মিছিং’ শীৰ্ষক গ্ৰন্থখনৰ বিক্ৰীৰ অভিলেখৰ বাবেই সংশ্লিষ্ট বছৰতো বৰ্তমান সময়তো আমেৰিকাৰ অন্যতম ধনী লেখক বুলি চৰ্চিত পেটাৰছনে তালিকাখনত প্ৰথমৰফালে নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা বুলি সহজেই অনুমেয়৷ 

প্ৰায় ৩৬ মিলিয়ন ডলাৰৰ উপাৰ্জনেৰে আমেৰিকাৰ প্ৰাক্তন ‘ফাষ্ট লেডী’ মিছেল অ’বামা এই তালিকাৰ তৃতীয় স্থানত আছে৷ প্ৰাপ্ত তথ্য অনুসৰি তেওঁ ২০১৭ বৰ্ষত দুখন গ্ৰন্থৰ বাবে যুটীয়াকৈ ৬৫ মিলিয়ন ডলাৰ আগধন হিচাপে লাভ কৰিছিল৷ ২০১৮ বছৰটোৰ যৱনিকা পৰিবলৈ মাথোঁ দুমাহ থকা অৱস্থাত প্ৰকাশিত তেওঁৰ ‘Memoir, Becoming’ শীৰ্ষক গ্ৰন্থখন সেই দুমাহৰ সময়তে দহমিলিয়নৰো অধিক কপি বিক্ৰী হৈ বছৰটোৰ সবৰ্াধিক বিক্ৰী হোৱা গ্ৰন্থ বুলি স্বীকৃত হোৱাটোও তাৎপৰ্যপূৰ্ণ৷ শিশুসকলৰ অতি আগ্ৰহৰ ‘Diary of a Wimpy Kid’ শীৰ্ষক গ্ৰন্থৰ স্ৰষ্টা জেফ কিন্নিয়ে সংশ্লিষ্ট বছৰটোত ২০ মিলিয়ন ডলাৰৰ উপাৰ্জনেৰে এই তালিকাৰ চতুৰ্থ স্থান লাভ কৰিছে৷ স্বাভাৱিকতেই সাম্প্ৰতিক পৃথিৱীৰ শিশু-সাহিত্যিকসকলৰ ভিতৰত সবাৰ্ধিক আয় কৰোঁতাৰ কৃতিত্বৰ অধিকাৰীও হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে প্ৰথম অৱস্থাত কেৱল প্ৰাপ্তবয়স্কৰ বাবে শিশু বিষয়ক ৰচনাত মনোনিৱেশ কৰা কিন্নীয়ে পাছলৈ প্ৰকাশকৰ পৰামৰ্শক্ৰমে পোনপটীয়াকৈ শিশুৰ বাবে শিশুৰ মনোজগতৰ কথা লিখিবলৈ গৈ সম্প্ৰতি হৈ পৰিছে শিশু সাহিত্যৰ সবাৰ্ধিক জনিপ্ৰয় লেখক৷ কেৱল লিখাৰ মাধ্যমতেই উপাৰ্জন কৰি লিখিত শব্দৰ যে কাহানিও মৃত্যু নাই, শব্দশক্তি যে অক্ষয়-অব্যয় আৰু ‘মূল্যবান’, ‘শক্তিশালী’, সেই কথা আক্ষৰিক অৰ্থতে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে৷

পূবৰ্তে এই তালিকাৰ তৃতীয় স্থানত থকা ষ্টীফেন কিঙে বিশ্বৰ সৰ্বাধিক ধৰ্ণাঢ্য লেখকৰ এই শেহতীয়া তালিকাখনত পঞ্চম স্থান লাভ কৰিছে৷ পূবৰ্ৰ বছৰতকৈ দহ মিলিয়ন ডলাৰ উপাৰ্জন হ্ৰাস হোৱা লেখকগৰাকীয়ে এই তালিকা অনুসৰি সংশ্লিষ্ট বছৰটোত ১৭ মিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে কিঙ বিখ্যাত ‘ডক্টৰ শ্লীপ্‌’ আৰু ‘দ্য কিং অৱ হৰৰ’ৰ স্ৰষ্টা৷

এইসকল লেখকৰ প্ৰায়সমূহ সৃষ্টিয়েই বিশ্বৰ সবৰ্ত্ৰ পাঠকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে৷ উদাহৰণ স্বৰূপে, জে.কে.ৰাউলিঙৰ অন্যতম সৃষ্টি হেৰী পটাৰ চিৰিজে যে কেৱল শিশুৰ মনতেই নহয় প্ৰাপ্তবয়স্কৰ মনতো আনন্দৰ লহৰ বোৱাবলৈ সক্ষম হৈছে ; সেই কথাত নিশ্চয় আমাৰ পাঠকৰো দ্বিমত নাই৷ ‘Harry Potter and the Cursed Child’ ৰ দ্বাৰাও পাঠকক মুহিবলৈ সক্ষম হোৱা হেৰী পটাৰে পূবৰ্ৰ দৰেই এতিয়াও বিশ্বৰ বিভিন্ন প্ৰান্তৰ অজস্ৰজনৰ হৃদয় আৰু মগজু জিনিবলৈ সক্ষম হোৱাটো সঁচাই বিস্ময়কৰ৷

প্ৰাসংগিক যে পূবৰ্ৰ বছৰৰ জুন মাহৰ পৰা সমীক্ষাৰ বছৰটোৰ মে’ মাহ পৰ্যন্ত সামৰি লাভ কৰা এই তথ্যসমূহ সংগ্ৰহ কৰা হয়৷ লেখকসকলৰ উপাৰ্জন সম্পৰ্কীয় বিভিন্ন খবৰ অতি বিশ্বসনীয় NPD Bookscan , বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান, মিডিয়া গ্ৰুপ আদিৰ প্ৰতিনিধি তথা আইনজ্ঞ, চাটাৰ্ড একাউণ্টেণ্ট আদিৰ পৰা সংগ্ৰহ কৰা হয়৷ BoxOffice Mojo, Pollstar Pro আদিও এইসমূহ তথ্যানুসন্ধানৰ অন্যতম উৎস৷

আমাৰ দক্ষ, পাৰদৰ্শী লেখকসকলৰ বাবেও কেৱল লিখিয়েই খাব পৰাৰ দিন কেতিয়াবা আহিবনে !! আধুনিক সমাজৰ বাবে আৰু সৰু-বৰ আঞ্চলিক ভাষাত স্বাধীন ভাৱে লেখক হোৱাৰ প্ৰশ্নৰ এই প্ৰশ্নটো এটা অতিশয় গুৰুত্বপূৰ্ণ হৈ দেখা দিছে, তাৰ উত্তৰো যে সমাজেই বিচাৰিব লাগিব, সেই কথাও কিন্তু নিশ্চিত।
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/Kumar_Navajyoti

No comments:

Post a Comment