পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১. বিশ্ব সংবাদ পত্ৰ স্বাধীনতা দিৱসত আন্তঃৰাষ্ট্ৰীয় সংগঠন পেৰিছস্থিত ৰিপৰ্টাছ উইডাউট বৰ্ডাছে প্ৰকাশ কৰা বছৰটোৰ "এশগৰাকী ইনফৰমেচন হিৰ'জ"ৰ তালিকাত স্থান লাভ কৰি সন্মানিত হ'ল "দি অৰুণাচল টাইমছ"ৰ সহযোগী সম্পাদক টংগাম ৰীণা। এই তালিকাত স্থান পোৱা তেখেতেই ভাৰতৰ একমাত্ৰ সাংবাদিক।
২. অৱশেষত টিংখাংৰ ৰাজগড়ত মুকলি হ'ল ডঃ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি। ৰাইজৰ ধনেৰে গুৱাহাটীৰ ভাস্কৰ্য শিল্পী ৰিণ্টু খাৰঘৰীয়াৰ নিপুণ হাতৰ পৰশত পূৰ্ণাংগ ৰূপ পোৱা প্ৰতিমূৰ্তিটো ৭ মে'ৰ দিনা ৰাজগড় আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ততঃ ৰাইজে মুকলি কৰে। উল্লেখযোগ্য যে ৰহস্যজনক আইনী মেৰপেচৰ ফলত যোৱা এবছৰো সুধাকণ্ঠৰ প্ৰতিমূৰ্তিটো ঢাকি থবলগীয়া হৈছিল যদিও ৰাইজে কালি ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত এই মূৰ্তি উন্মোচন কৰিলে।

৩. ষষ্ঠ অনুসূচীভুক্ত অঞ্চলসমূহতো পঞ্চায়ত নিৰ্বাচন হোৱাৰ পোষকতা কৰে অসম মুখ্যমন্ত্ৰীয়ে। বিটিএডিৰ স্পৰ্শকাতৰ অঞ্চল সমূহত জনসাধাৰণৰ নিৰাপত্তাৰ বাবে স্থানীয় লোকৰ নিযুক্তিৰে বিশেষ নিৰাপত্তা বাহিনী গঠন কৰা হব বুলিও কৰিলে ঘোষণা। নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছতে অঞ্চলচোলৈ আৰু ৫০টা কোম্পানী শান্তি ৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত হব বুলিও কৰিলে প্ৰকাশ।

৪. আজি উচ্চতম ন্যায়ালয়ে এক ৰায়যোগে সাৰদা চীট ফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভতি চিবিআইক তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আগতে মমতা বেনাৰ্জী চৰকাৰে এই গোচৰ চিবিআইক দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছিল। একেটা গোচৰতে এনফৰ্চমেণ্ট ডাইৰেক্টৰ এঘাৰ ঘণ্টীয়া জেৰাৰ সন্মুখীন হ'ল ফ্ৰণ্টিয়াৰ টিভিৰ নেতৃত্ব দিয়া মনোৰঞ্জনা সিঙ। সুদীপ্ত সেনৰ পৰা ২৫কোটি টকা লৈ টিভি চেনেল খোলা সন্দৰ্ভতে তেখেতক কলকতাত এঘাৰ ঘণ্টা জেৰা কৰা হয় বুলি সংবাদপত্ৰই প্ৰকাশ কৰিছে।

৫. আজিৰে পৰা ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰৰ ম'হঘুলি চাপৰিৰ বিনন্দীয়া পৰিবেশত তিনিদিনীয়াকৈ অনুষ্ঠিত হব ফাটবিহু। তিনিদিনীয়াকৈ পালিত হব লগা এইবৰ্ষৰ ফাটবিহুৰ স্মৰণিকা বিহুৱানৰ পঞ্চবিংশ সংখ্যাটি দ্বিতীয়দিনা উন্মোচন কৰিব সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়ে। অন্তিম দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে। মুকলি সভাত ভাষাবিদ ডঃ ৰমেশ পাঠককে ধৰি আন আন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

৬. অ'এনজিচিৰ অৰ্থ সাহাৰ্যৰে ডব্লিউ টি আইৰ উদ্যোগত বিগত ২০১১চনৰৰ পৰা চাৰি বছৰৰ বাবে বছেৰেকত দুবাৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ পৰ্যবেক্ষণ তথা গণনা কৰি আহিছে। পৃথিৱীত একমাত্ৰ কাজিৰঙা আৰু মানাহাত  পোৱা ইষ্টাৰ্ণ দল হৰিণৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে লোৱা এই পদক্ষেপৰ অংশৰূপে কালিৰে পৰা বৰ্ষটোৰ প্ৰথমটো গণনা আৰম্ভ কৰিছে।

৭. চলিত বৰ্ষৰ এচিয়ান আৰু কমনৱেলথ' গেমচলৈ বাছনি কৰা ভাৰতীয় মহিলা বক্সাৰৰ সাম্ভাব্য তালিকাত মেৰী কমৰ সতে অসমৰো তিনিগৰাকীকৈ বক্সাৰে স্থান লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৬-৮মে'ত অনুষ্ঠিত বাচনিত অসমৰ ফাইলু বসুমতাৰী, মিনু বসুমতাৰীয়ে ৬০কেজি শাখাত আৰু এলাড়ী বড়ো ৭৫কেজিৰ শাখাত নিৰ্বাচিত হৈছে। এই বাচনি শিবিৰ অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ তদৰ্থ সমিতিৰ তদাৰকত।

৮. গুৱাহাটী চিনে ক্লাৱে অহা ১১মে' দেওবাৰে বিয়লি ৫বজাত লক্ষ্মীৰাম বৰুৱা সদনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ তিনিটা বিখ্যাত কবিতাৰ চলচ্চিত্ৰায়ন "ত্ৰয়োদশী"ৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰিছে। প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বুদ্ধদেৱ দাসগপ্তই নিৰ্মান কৰা বিশ্বকবিৰ "বাঁশীৱালা", "কৃষ্ণকলি" আৰু "ইষ্টেচন" কবিতাৰ চিত্ৰায়নৰ প্ৰদৰ্শনেৰে কবিগুৰুৰ ১৫৩তম জয়ন্তীত শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াব বুলি আয়োজকে জনাইছে।

৯. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী বৰ্ষ উপলক্ষে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সহযোগত অহা ১৯ আৰু ২০ছেপ্তেম্বৰত আয়োজন কৰিছে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰৰ আয়োজন কৰিছে। আলোচনাচক্ৰৰ মূল বিষয়- "আধুনিক অসমীয়া সাহিত্যৰ অগ্ৰদূত আৰু অসমীয়া জাতীয়তাবাদৰ স্থপতি লক্ষ্মীনাথ বেজবৰুৱা।" আলোচনা চক্ৰৰ বাবে তিনি হাজাৰ শব্দৰ ভিতৰত লিখা আলোচনা-পত্ৰ (ইংৰাজী বা অসমীয়া মাধ্যমত) ই-মেইল যোগেও softcopyassmaesedepartmentgc@gmail.com ত ২০ আগষ্টৰ ভিতৰত পঠাব পাৰিব বুলি আয়োজকে প্ৰকাশ কৰিছে।

১০. বিশ্বত বৈজ্ঞানিক সমাজবাদৰ পথ পদৰ্শক কাৰ্ল মাৰ্ক্সৰ ১৯৬ সংখ্যক জন্মদিৱস ৰঙিয়াত চিপিআই (এম) দলৰ ৰঙিয়া আঞ্চলিক সমিতিৰ উদ্যোগত ৫মে'ত পাল কৰা হয়।প্ৰাক্তন বিধায়ক অনন্ত ডেকা, কৃষক নেতা সতীশ শৰ্মা, লেখক দীননাথ বৈশ্যই মাৰ্ক্সৰ জীৱনী, আদৰ্শ আৰু মতবাদ সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

১১. কাইলৈৰ পৰা যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হব দেৱব্ৰত শৰ্মা ৰচিত আৰু কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ বৰ্ণিল জীৱন পৰিক্ৰমাক লৈ লেখা পৰীক্ষামূলক নাট "যুগে যুগে চন্দ্ৰনাথ"। বিগত বছৰ তেজপুৰৰ বাণ থিয়েটাৰত মঞ্চস্থ হোৱা নাটকখনে দৰ্শকৰ পৰা প্ৰৱল সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল। দিগন্ত কুমাৰ ভূঞাৰ পৰিচালনাত যোৰহাট জাতীয় বিদ্যালয় আৰু যোৰহাট জাতীয় অভিধান প্ৰকল্পৰ যৌথ আমন্ত্ৰণত তেজপুৰৰ সাংস্কৃতিক অনু্ষ্ঠান "সুন্দৰম"ৰ শিল্পী সকলে এই নাটক মঞ্চস্থ কৰিব।

১২. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পদ্ধতি সদ্যহতে সলনি নহয়। অহা বছৰৰ পৰীক্ষা পূৰ্বৰ পৰীক্ষা পদ্ধতি অনুসৰিয়েই অনুষ্ঠিত হব বুলি ঘোষণা কৰিলে ছেবাৰ সচিব আবিৰ হাজৰিকাই। শিক্ষাবিদ আৰু ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিহে পৰীক্ষা পদ্ধতি সলনি কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হব বুলি প্ৰকাশ কৰিলে সচিব গৰাকীয়ে।

১৩. হোজাই চহৰৰ তেলিবস্তি হাইস্কুলৰ প্ৰাংগণত ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ দ্বিতীয় দীক্ষা সমাৰোহৰ তেলি ফাইণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিতহৈ যায়। সংস্কৃতৰ বহুল প্ৰচাৰৰ বাবে দীক্ষাৰ পাঠ্যক্ৰম সমাপ্ত হোৱাৰ পাছত এই সমাৰোহখনিৰ আয়োজন কৰা হৈছিল।

১৪. অ'এনজিচিৰ ঠিকাভিত্তিক নিয়োজিত শ্ৰমিকে পাব সংশোধিত হাৰত দৰমহা। পূৰ্বাঞ্চল এমপ্লইজ ইউনিয়নকে ধৰি শ্ৰমিক সংগঠন সমূহৰ হেঁচাত ১এপ্ৰিল ২০১২ ৰ পৰা বেয়া ধনসহ শ্ৰমিক সকলক সংশোধিত হাৰৰ দৰমহা দিবলৈ শ্ৰম বিভাৰ উপ-আয়ুক্তৰ উপস্থিতিত অ'এনজিচিৰ বিষয়া, ঠিকাদাৰ সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ সুখবৰ।

১৫. অসমৰ ছবিঘৰত আজি মুক্তি পোৱা "অভদ্ৰ" নামৰ ছবিখনিৰ গীতসমূহৰ অডিঅ' চিডি কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে বিশিষ্ট ছবি পৰিচালক পুলক গগৈ আৰু অসমীয়া ছবিৰ প্ৰযোজক শংকৰলাল গোৱেংকাই। এই ছবিখন মুম্বাইৰ এগৰাকী প্ৰতিষ্ঠিত প্ৰযোজক অৰূপ অধিকাৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে।

No comments:

Post a Comment