পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. আজি সন্ধিয়া দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লবলৈ ছাৰ্ক দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলো উপস্থিত হোৱাৰ কথা। সু-সম্পৰ্কৰ বাণী কঢ়িয়াই ১৫১গৰাকী বন্দী মাছমৰীয়াক মুকলি কৰি দি দিল্লীলৈ আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু মৰিচাচৰ প্ৰধানমন্ত্ৰীও ইতিমধ্য উৰা মাৰিছে বুলিও সংবাদ প্ৰকাশ। এই অনুষ্ঠানত কংগ্ৰেছ হাইকামাণ্ডৰ লগতে অসমৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

 
২. নতুন চৰকাৰে দ্বায়িত্ব গ্ৰহণ কৰাৰ দিনা শ্বেয়াৰ বজাৰতো ছেনছেক্স ২৪৫ সূচকাংক বৃদ্ধিৰে পুনৰ ২৫হাজাৰৰ সীমাৰ উৰ্ধলৈ গতি কৰাৰ আশা ব্যঞ্জক খবৰ। লগতে পুৱাৰ বজাৰত টকাৰ বিপৰীতে ডলাৰৰ মূল্য ৪১ পইচা হ্ৰাস হৈ প্ৰতি ডলাৰত ৫৮.৪১ টকাত উপনীত হোৱাৰ সুখবৰ।

৩. অসমৰ ৰাজ্যভাষা আৰু মাতৃভাষাৰ ৰক্ষাকৱচৰ বাবে অসম সাহিত্য সভাৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত জাতীয় অভিবৰ্তনলৈ ৰাইজৰ লগতে সামাজিক সংগঠনসমূহৰ বিপুল সঁহাৰি। ভাষা সাহিত্য সন্মিলনী, অসমৰ হৈ ইউনিকোড সম্পৰ্কীয় প্ৰযুক্তিগত দিশ এই সভাত দাঙি ধৰিলে সৰ্বাধিক জনপ্ৰিয় অসমীয়া ডিটিপি চফ্টৱেৰ "ৰামধেনু"ৰ স্ৰষ্টা ত্ৰিদীৱ কুমাৰ বৰুৱাই। গুৱাহাটীৰ জিলা পুথিভঁৰালত হোৱা এই অনুষ্ঠানতে বিশিষ্ট অভিনেতা ভিক্টৰ বেনাৰ্জীৰ কৰকমলেৰে উন্মোচিত হ'ল বীণা বৰুৱাৰ বিখ্যাত "জীৱনৰ বাটত" নামৰ উপন্যাস খনিৰ ইংৰাজী অনুবাদ। আজি অভিবৰ্তনখনত সংবাদ মাধ্যমৰ সৈতে এক অন্তৰংগ আলাপৰো আয়োজন কৰা হৈছে।


৪. অস্কাৰ বঁটাৰে সন্মানিত শব্দ অভিযন্তা ৰেছুল পুকুট্টীয়ে এক ভ্ৰমণসূচী লৈ অসমৰ বৰ্ষাৰণ্যত উপস্থিত হৈছেহি। সহযোগী ৰূপে কৰ্মৰত অসমীয়া  অমৃত প্ৰীতমৰ সৈতে অসমত উপস্থিত হৈ তেখেতে উজনি অসমৰ বৰ্ষাৰণ্য ভ্ৰমণেৰে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ৰূপসুধা পান কৰাৰ লগতে প্ৰকৃতিৰ অনুপম কল-কাকলি শব্দৰাজিও বাণীবদ্ধ ৰূপত সংগ্ৰহ কৰিব বুলি জানিব পৰা গৈছে।

৫. ভাৰতীয় পৰ্বত আৰোহণৰ ইতিহাসত মাউণ্ট এভাৰেষ্ট আৰোহন কৰা কনিষ্ঠতম মহিলা পৰ্বতাৰোহী হোৱাৰ সফলতা লাভ কৰিলে অন্ধ্ৰ প্ৰদেশৰ ১৩বছৰীয়া কিশোৰী মালাভাথ পূৰ্ণাই। তেওঁৰ লগতে ১৬বছৰীয়া সাধানাপল্লী আনন্দ কুমাৰেও এভাৰেষ্ট জয় কৰাৰ খবৰে দেশৰ সংবাদ শীৰ্ষত স্থান লাভ কৰিছে।

৬. সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ বৰপথাৰলৈ দিয়া বৰঙণিৰ বাবে জি এল আগৰৱালালৈ আগবঢ়োৱা হৈছে "বৰপেটাৰোড সমন্বয় সন্মান"। কালি ৩৮তম বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনে এই সন্মান আগৰৱালাদেৱক প্ৰদান কৰে।

৭. 
ধানবাদৰ ইণ্ডিয়ান স্কুলছ অৱ মাইনছৰ স্নাতক চূড়ান্ত বৰ্ষৰ অসমীয়া ছাত্ৰ ভাস্কৰ্য ডেকাৰ ইংৰাজী উপন্যাস "দ্য আনৱানটেড ছেডো" প্ৰকাশ কৰি উলিয়াইছে নতুন দিল্লীৰ এইচ বি প্ৰকাশনে। কালি মঙলদৈতো এই গ্ৰন্থখনিৰ এক উন্মোচনী অনু্ষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু বিশিষ্ট লেখক ডাঃ ৰমাকান্ত বৰাই গ্ৰন্থখনি উন্মোচন কৰে।
 
৮. নলবাৰীৰ বিশিষ্ট লেখিকা প্ৰয়াত নলিনী ৰায় বৰুৱাৰ "ঐতিহ্যময় মাজুলীৰ সুৰভি" শীৰ্ষক গ্ৰন্থখনি কালি হয় উন্মোচিত। নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলত উপায়ুক্ত ডাঃ ওম প্ৰকাশে গ্ৰন্থখনি উন্মোচন কৰে। উল্লেখযোগ্য যে  জীৱিত কালত বৰুৱাই ৰচনা কৰা "ৰং কিনিবা কোনে" আৰু "মলুৱা ককাইৰ জন্মদিন" নামৰ দুখনি গ্ৰন্থও প্ৰকাশ পাইছিল।

৯. কেন্দ্ৰীয় লোকসেৱা আয়োগে চলিত বছৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে অহা ৩১মে'ত জাননী জাৰি কৰিব। সাম্ভাব্যসূচী অনুসৰি প্ৰাৰম্ভিক পৰীক্ষা ২৪ আগষ্টত আৰু মূল পৰীক্ষা ১৪ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

১০. যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানত সেৱা আগবঢ়োৱাৰ সময়ত জীৱন উচৰ্গা কৰা ৮গৰাকী ভাৰতীয় শান্তিৰক্ষীলৈ সন্মানীয় ৰাষ্ট্ৰসংঘৰ পদক প্ৰদান কৰা হব।  ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ দ্বিতীয়জন সচিব ডাগ হামাৰস্কজল্ডৰ নামত প্ৰবৰ্তিত বঁটা অহা ২৯মে'ত প্ৰদান কৰা হব। বিশ্বৰ ১০৬গৰাকী শান্তিৰক্ষীলৈ এই বঁটা এইবছৰ প্ৰদান কৰা হব।

১১. উত্তৰ-পূৱৰ সাতোখন ৰাজ্যৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত সমন্বয় সূচনাৰে ভ্ৰাতৃত্ববোধৰ বুনিয়াদ শক্তিশালী কৰাৰ লক্ষ্যৰে স্বেচ্ছাসেৱী অনুষ্ঠান "সুজলা-সুফলা পূৰ্বাঞ্চল"ৰ ঘটিছে আত্মপ্ৰকাশ। পৰহি গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমত এক অনুষ্ঠানৰ আয়োজন কৰি সংস্থাটোৱে নিজৰ লক্ষ্যৰ দিশে আগুৱাই যোৱা যাত্ৰাৰ শুভাৰম্ভ কৰে।

১২. মধ্যপ্ৰদেশত লোকায়ুক্তৰ অভিযানে লাভ কৰিছে ৰাষ্ট্ৰীয় সংবাদ শিৰোনামত স্থান। ১৯৮২চনৰ পৰা ২০১৩লৈকে সংঘটিত দুৰ্নীতিত জড়িত বিষয়াৰ বিৰুদ্ধে ৭০৪টা গোচৰ ৰুজু কৰি চলোৱা অভিযানত তিয়ালৈকে ৩০০কোটিৰো অধিক সম্পত্তি বাজেয়াপ্ত কৰাৰ সুখবৰ।

১৩.
নগাঁৱত অনুষ্ঠিত হ'ল "সাগৰ দেখিছা"ৰ বিখ্যাত কবি, ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান। অনু্ষ্ঠানত অংশ লৈ ডঃ দিলীপ কুমাৰ বৰুৱাই ক'লে- "দেৱকান্ত বৰুৱাই গাইছিল মানৱতাৰ জয়গান"।

১৪. নিয়ম উলংঘা কৰা ট্ৰেকাৰ আৰু অট'ৰিক্সাৰ বিৰুদ্ধে গুৱাহাটীত পৰিবহন বিভাগৰ অভিযান অব্যাহত। ১২খন অট'ৰিক্সা আৰু ৭খনকৈ ট্ৰেকাৰ জব্দ হোৱাৰ খবৰ।

১৫. তিতাবৰ প্ৰেছ ক্লাৱে সম্পাদনা কৰি প্ৰকাশ কৰি তিতাবৰ সমষ্টিৰ সাংসবাদিক সকলৰ জীৱন পঞ্জী। তিতাবৰ অঞ্চলত সংবাদসেৱা আৰু সংবাদ জগতৰ বুৰঞ্জী সংৰক্ষণ কৰিবৰ বাবেই এই প্ৰচেষ্টাক অহা ডিচেম্বৰ মাহৰ ভিতৰত ৰূপদান কৰিব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment