হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "সপোনৰ ফাইনেল" নামৰ একাংকিকা নাটখনিত ভাগ লবলৈ দিল্লীলৈ লৰ ধৰিছে অসমৰ প্ৰখ্যাত অভিনেতা হিমুকন শৰ্মাই। ১০ নং জনপথত প্ৰদৰ্শন কৰিব লগা বাটৰ নাটখনিৰ পৰিচালক তেখেত নিজে যদিও এইবাৰ মূল নায়কৰ ভাৱত ৰেইকি আহমেদ আৰু মল্ল বৰুৱাক নমাইছে বুলি গোপন খবৰ প্ৰকাশ পাইছে। কেইবাবাৰো প্ৰদৰ্শনৰ বাবে জনপথলৈ নিয়া নাটকখনে এইবাৰ প্ৰভু-মেডামৰ কৃপাদৃষ্টি লাভ কৰিব পাৰেনে নোৱাৰে তাকে লৈ ৰাজ্যজুৰি উদ্বিগ্নতাৰ সৃষ্টি হৈছে। খোদ শৰ্মাই এইবাৰ সফল হ'লে যোৰীয়া ছাগলী থানলৈ আগবঢ়াব বুলি আগ কৰা বুলি খবৰ ওলাইছে।
২. "এই ডিনাৰ, সেই ডিনাৰ" নামৰ নাটক এখন কালি অসম সচিবালয়ৰ কেণ্টিনত মঞ্চস্থ হোৱা বুলি জানিব পৰা গৈছে। সেই নাটকত এসাজ ভাত সকলোৱে একেলগে খোৱাৰ এটি দৃশ্য আছিল, পিছে সেই সাজ ভাত গ্ৰহণ কৰিলে ভৱিষ্যতে চাউল কথা খোৱাৰ বাট ওলাবনে নে বাট মৰিব তাকে লৈ নিশ্চিতি নথকাত অংশগ্ৰহণকাৰী সকলৰ বেছি ভাগেই পেট বেয়াৰ বাহানা কৰা বুলি জানিব পৰা গৈছে। গোপন সূ্ত্ৰই খবৰ দিয়া মতে তাত "বিসম্বাদীৰ মোহিনী মন্ত্ৰ" মৰা মছলা দিয়া আছিল আৰু এবাৰ সেয়া ভক্ষণ কৰিলে আৰু নিস্তাৰ নাছিল বুলিয়েই সম্ভাৱনা প্ৰকাশ কৰিছে।

৩. কালি মাজৰাতি মায়েঙৰ বেজৰ পৰা ৰসাল গগৈয়ে সংগ্ৰহ কৰিছে "বিসম্বাদী প্ৰতিৰোধী তাবিজ" আৰু লগতে মাজৰাতি পাঠ কৰিছে "বিসম্বাদী নিবাৰণ মন্ত্ৰও"। চকী যোৱাৰ সম্ভাৱনা দিনে দিনে বাঢ়ি অহাৰ পাছতে তেখেতে বিস্বস্ত মায়েঙৰ বেজৰ সৈতে গোপন বৈঠকত মিলিত হয় বিহিত ব্যৱস্থা লৈছে। লগতে কঁকালতো আনে নেদেখাকৈ চামগুৰিৰ হুছেইনে আনি দিয়া বিশেষ বাংলাভাষী বেজৰো ৰচী পৰিধান কৰি বিপদৰ পৰা নিস্তাৰ বিচাৰিছে বুলি গুজৱ ওলাইছে।

৪. "অসমৰ আধুনিক ধৃতৰাষ্ট্ৰ" সন্মান লাভ কৰিবলৈ প্ৰদেশৰ হাতোৰা সম্ৰাট ভুৱনমালিক কলিতা সক্ষম হৈছে বুলি সংবাদ মাধ্যমে জনাইছে। বাদ-বিসম্বাদ, পাখি কটা, গুৰি কটা আদি খেল চকুৰ সমুখতে চলি থকা দেখিও নিৰুদ্বেগ ভূমিকা লব পৰাৰ সক্ষমতাৰ বাবেই সংবাদসেৱী সমাজে এই সন্মান তেখেতক প্ৰদান কৰিছে। এতিয়া দুৰ্যোধন, দুশাসন আদিৰ ভাওলোৱা সকলক নিজেই চিনাক্ত কৰি লবলৈ ৰাইজলৈ সংবাদসেৱী সমাজে আহ্বান জনাইছে।

৫. তামাৰহাটৰ দুশ বিঘা মাটিত খেতি কৰিও পতান হোৱাত কৃষক সকলে মূৰে কপালে হাত দিয়াক লৈ আম পাৰ্টিয়ে সান্তনাবাণী প্ৰদান কৰিছে। নিজে চাৰিশৰো অধিক লোকসভাৰ চীটত প্ৰাৰ্থী দিও ফল নোপোৱাৰ কথালৈ আঙুলিয়াই দি দলটোৱে তামাৰহাটৰ কৃষক সকলক সান্তনা লবলৈ আহ্বান কৰিছে। ভগবানেও ধনীৰ হাততহে দিয়ে ক্ষমতা- ধন, দুখীয়া বা আম পাব্লিকৰ ভাগ্যত, আছে মাথো খুদকন বুলিও পাৰ্টিৰ মুখপাত্ৰই প্ৰকাশ কৰিছে।

৬. বিগত লোকসভা নিৰ্বাচনত মুখ-থেকেচা খোৱাৰ বাবে হাতীত উঠা পাৰ্টিৰ কোনো দোষ নাই বুলি আনন্দময় ফুৰ্তিবাজ মহন্তই প্ৰকাশ কৰিছে। মেডিয়াৰ মানুহে ৰাস্তা খানি খলা বমা কৰাৰ বাবেহে হাতীৰ যাত্ৰা এইবাৰ বৰ সুখকৰ নহ'ল বুলিও আঙুলিয়াই দিছে। লগতে হাতীত উঠিয়েই বিশ্বকৰ্মা আহিলেহে সোনৰ অসম বনিব বুলিও দৃঢ়তা ফুৰ্তিবাজজনে এতিয়াও প্ৰকাশ কৰি আছে।

৭. নৰেন কাইয়ে শপত পাঠ লোৱাৰ বাবে বেজান দাৰুৱালাই গণণা কৰি ক্ষণ ঠিক কৰি দিছে বুলি জানিব পৰা গৈছে। মাত্ৰ হিন্দু জ্যোতিষিৰ কথামতে কিয় শপত লব এয়া ধৰ্ম-নিৰপেক্ষ কথা নহয় বুলিও বিৰোধী সকলে আঙুলিয়াই দিছে। সৰ্ব-ধৰ্ম সভা কৰি শপত ললেহে প্ৰকৃততে তেখেত সাম্প্ৰদায়িক নহয় সেয়া প্ৰমাণ হব বুলিও মন্তব্য কৰিছে।

৮. দিগবিজিত সিঙে প্ৰেমৰ অমৃত সিঙ নামৰ টিভিৰ সাংবাদিক এগৰাকীৰ পৰা নকৈ সোৱাদ পোৱাৰ পাছতো তেওঁক বিয়া পাতি লোৱাটো খাটাং নহয় বুলি সম্ভাৱনা প্ৰকাশ পাইছে। আজিকালি টিভি চেনেল বহুত বেছি হোৱাৰ পাছত বাকীবোৰ চেনেলৰ প্ৰতিভাবান সকলকো এবাৰ এবাৰ সুযোগ দিয়াৰ লক্ষ্যৰেই এতিয়া বিয়াখন অৰ্নিদিষ্ট কালৰ বাবে হতাই দিয়া বুলি সিঙে প্ৰকাশ কৰিছে।

৯. দুদিনৰ বাবে তিহাৰ জেললৈ পঠোৱা হৈছে কেজৰীবাবুক। বাহিৰত থাকি অনবৰতে সাংবাদিকৰ গঞ্জনা তথা পদুম পাৰ্টিৰ ভেৰোনীয়া বিজ্ঞাপন সংস্থাক তাচ্ছিল্য কৰা কাৰ্টুন, কৌতুক আদিৰ সমল দিয়াৰ পৰা বাৰণ কৰিবলৈকে কেজৰীবাবুক এই নিৰাপদ স্থানত আৰাম কৰিবলৈ পঠোৱা হৈছে বুলি ত্ৰিশ হাজাৰী কোৰ্টৰ কেৰেণীয়ে জনাইছে।

১০. দক্ষিণত দুখীয়াক পুহিবৰ বাবে ৬লাখ ছাগলী বিলাব বুলি তামিলাম্মাঅ ঘোষণা কৰিছে আৰু এই যোজনা সফল হবই বুলি আশা প্ৰকাশ কৰিছে। অসমত এনে ছাগলী বিতৰণৰ যোজনা হ'লে প্ৰথমে বীমা কৰাবই লাগিব আৰু তেহে প্ৰথমে আনিয়ে ছাগলীৰ বৰভোজ খাই, পুনৰ ক্লেইম কৰি ছাগলী পুহি ডাৱল প্ৰফিট অসমীয়াই কৰিব পাৰিব বুলি সচেতন অসমীয়া যুৱ মঞ্চই দৃঢ়তা প্ৰকাশ কৰিছে।

No comments:

Post a Comment