পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰসিদ্ধ ধ্ৰুপদী অসমীয়া উপন্যাস বীণা বৰুৱাৰ  "জীৱনৰ বাটত" গ্ৰন্থখন এইবাৰ প্ৰকাশ পাব ইংৰাজীত। বিশিষ্ট লেখক, গৱেষক ললিত কুমাৰ বৰুৱাই কৰা অনুবাদেৰে "এলং দ্য হাই ৰ'ড" আজি গুৱাহাটী জিলা পুথিভঁৰালত অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে সভাপতিত্ব কৰিব লগা অনুষ্ঠানত উন্মোচন কৰিব অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে।


২. কালি গুৱাহাটীৰ আমবাৰীস্থ ইণ্ডিয়া ক্লাৱত হোৱা এক অনুষ্ঠানত উন্মোচিত হ'ল "এ হিষ্টৰী অৱ ইংলিচ লিটাৰেচাৰ" শীৰ্ষক এখনি গ্ৰন্থ। হাতপুথিৰূপে  ব্যৱহাৰ কৰিব পৰা এই গ্ৰন্থখন সন্দিকৈ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপিকা অদিতি চৌধুৰী আৰু ৰীতা গোস্বামীয়ে লিখি উলিয়াইছে। গ্ৰন্থখন উন্মোচন কৰিলে বিশিষ্ট সাহিত্যিক, সমালোচক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই।

৩. শোণিতপুৰ জিলাৰ নামেৰীৰ জৈৱ বৈচিত্ৰ কেন্দ্ৰতো পালিত হ'ল বিশ্ব মৎস্য প্ৰব্ৰজন দিৱস । ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পৰিবেশবিদ ডঃ আনোৱাৰউদ্দিন চৌধুৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ল "পৰিবৰ্তিত পৰিবেশত শিলঘৰীয়া মাছৰ সংৰক্ষণ" শীৰ্ষক এখনি আলোচনা চক্ৰ।

৪. অহা ২৭মে'ত গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত আয়োজিত হৈছে পল্লবী ভূঞা অনুবাদ সাহিত্য বঁটাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান। প্ৰথমবাৰৰ বাবে অনুবাদ সাহিত্যলৈ বৰঙণি যোগোৱা সকলক স্বীকৃতি দিয়াৰ বাবে আয়োজিত অনুষ্ঠানটি বিয়লি ৩-৩০বজাৰ পৰা অনুষ্ঠিত হব বুলি আয়োজকে প্ৰকাশ কৰিছে।

৫.
অসম কৃষি বিশ্ববিদ্যলয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বীজ প্ৰকল্পৰ অধীনৰ "মহিলা সৱলীকৰণৰ জৰিয়তে উত্তৰকালীন জৈৱিক সম্পদ সংৰক্ষণ আৰু আজীৱিকা উন্নীতকৰণ" প্ৰকল্পত সম্পূৰ্ণ  বৈজ্ঞানিক পদ্ধতিৰে উৎপাদিত "কেতেকী জহা ধান"ৰ বীজ বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। আগ্ৰহী সকলে ৮৭৫১৮-৫৩৮৪৫ নম্বৰত সবিশেষ জানিব পাৰিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

৬. এইবাৰ গুৱাহাটী মহানগৰ আৰক্ষী কঠোৰ হৈছে ৰাজহুৱা স্থান ধূমপান ৰোধিবৰ বাবে। আইনমতে দণ্ডনীয় এইকামৰ বাবে আৰক্ষীয়ে এতিয়াৰ পৰা দুশ টকাকৈ জৰিমনা বিহিব বুলি প্ৰকাশ কৰিলে মহানগৰখনৰ জ্যোষ্ঠ আৰক্ষী অধীক্ষকে। সাধাৰণ লোকৰ পৰা ভি.আই.পি সকলোৰে ওপৰত এই জৰিমনা বিহাৰ পদক্ষেপ লব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৭. আজি জজ খেলপথাৰত অনুষ্ঠিত হব প্ৰথম বাৰৰ বাবে  গুৱাহাটী টাউন ক্লাৱে আয়োজন কৰা মহৰ্ষি বৰা ট্ৰফী ক্ৰিকেটৰ ফাইনেল খেল। খিতাপ অৰ্জনৰ বাবে যুঁজত নামিব নৱৰং ক্লাৱ আৰু গুৱাহাটী ক্ৰিকেট কোচিং কেন্দ্ৰ।

৮. অহা ২৩ জুলাইৰ পৰা গ্লাচগোত অনুষ্ঠিত হব লগা কমনৱেলথ গেমছলৈ আঠজনীয়া পুৰুষৰ ভাৰতীয় দলত স্থান লাভ কৰিলে অসমৰ শিৱ থাপাই। আনফালে ডেৰ বছৰ বিৰতিৰ পাছত ৰিঙলৈ উভতি অহা মেৰী কমক পৰাজিত কৰি হাৰিয়ানাৰ পিংকি জাংগ্ৰাই কমনৱেলথ গেমচত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হব লগা মহিলা বক্সিংত অংশগ্ৰহণৰ বাবে আগ দুগৰাকী সতীৰ্থ সৰিতা দেৱী আৰু পূজা ৰাণীৰ সৈতে নিৰ্বাচিত হৈছে।

৯. ৰাজ্যৰ লক্ষ লক্ষ চাহ শ্ৰমিকৰ উন্নয়নৰ নামত কোটি কোটি টকা জালিয়াতিৰে আত্মসাত কৰাৰ কথা পোহৰলৈ আনিলে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাসে। বিশ্ব বেংকৰ পৰা উন্নয়নৰ বাবে পোৱা ৪৬.৮০কোটি টকাৰ ব্যৱহাৰ নকৰি জালিয়াতি কৰাৰ অভিযোগ উঠা টাটা টীৰ অধীনস্থ এমালগেমেটেড প্লেনটেচনছ প্ৰাইভেট লিমিটেডৰ ২৪খন চাহবাগিচালৈ তদন্তৰ বাবে আহিছে বিশ্ব বেংকৰ তিনিজনীয়া তদন্তকাৰীৰ দল।

১০. অৱশেষত কাইলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ উপস্থিত হবহি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত। সেই কথা নিশ্চিত কৰি অহা ২৭মে'ত দুয়োজন নেতাই এক আলোচনাতো মিলিত হব বুলি পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

১১. ছোনিয়া গান্ধী  কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ৰূপে কালি নিৰ্বাচিত হয়। নৱ-নিৰ্বাচিত সাংসদ সকলে তেখেতক নিৰ্বাচিত কৰে।

১২. অসমত দলৰ ভিতৰত চলি থকা সংঘাত নিৰসন তথা পৰ্যালোচনাৰ বাবে অহা ২৯মে'ত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। দিল্লীত গৈ বিসম্বাদী মনোভাৱেৰে বাহৰ পতা বিধায়ক-নেতা সকলকো অসমলৈ গৈ নিজৰ কামত মনোনিবেশ কৰিবলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কালি আহ্বান জনায়।

১৩. গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী বচোৱাত ব্যস্ত থকাৰ সুযোগ লৈ অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে অসমৰ পুলিচ প্ৰশাসনক। যোৰহাট পুলিচৰ জিম্মাত এজন যুৱকৰ কিডনী, লিভাৰ পৰ্যন্ত নষ্ট হোৱাৰ ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়তো তুলি ধৰিলে পুলিচ প্ৰশাসনৰ কদৰ্য ৰূপ আৰক্ষী সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি জাৰি কৰিলে জাননী।

১৪. ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে নৰেন্দ্ৰ মোদীৰ সৈতে দ্বি-পাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত অংন্তৰগভাৱে কাম কৰিব বুলি কালি আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সমুখত প্ৰকাশ কৰিছে। এই সহযোগিতাত অৰ্থনৈতিক, সামৰিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ ভাৱে গুৰুত্ব দিয়া হব বুলিও তেখেতে প্ৰকাশ কৰিছে।

১৫. আম আদমী পাৰ্টিয়ে নিজৰ কৰ্ম আৰু পদ্ধতিক লৈ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তালৈ আঙুলিয়াই দি দলত্যাগ কৰিলে প্ৰতিষ্ঠাপক সদস্য ছাজিয়া ইলমীয়ে। কেপ্তেইন গোপীনাথেও অসণ্টুষ্ট হৈ দলত্যাগ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

No comments:

Post a Comment