পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. প্ৰথমবাৰৰ বাবে ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিলে ইৰম শৰ্মিলাৰ। মণিপুৰৰ পূৱ মুখ্য ন্যায়াধীশ দণ্ডাধীশে চৈধ্য বছৰ ধৰি আমৰণ অনশনত থকা ইৰমৰ বিৰুদ্ধে নিজকে হত্যা কৰিব খোজা অভিযোগৰ গোচৰত কালি শুনানি গ্ৰহণ কৰে আৰু তাত ইৰমে "আফছা" আইন উঠাই লোৱাৰ বাবে তেওঁৰ অবিৰত সংগ্ৰামখন চলাই নিয়াৰ কথাই দৃঢ়তাৰে ব্যক্ত কৰে। শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰেই নিজৰ প্ৰতিবাদ অব্যাহত ৰখা বুলি দাবী কৰা ইৰমক অহা ২৭মে' দিল্লীৰ পাতিয়ালা ক'টটো হাজিৰ কৰাবলৈ আদালতে অনুমতি প্ৰদান কৰে।
 
২. দেশৰ ট্ৰাঞ্চজেণ্ডাৰ কমিউনিটিকো অ'বিচি কোটাৰ সন্নিবিষ্ট কৰি শিক্ষা আৰু নিযুক্তিৰ ক্ষেত্ৰত সুবিধা দিবলৈ অনুমোদন দিলে নেচনেল কমিচন ফৰ বেকৱাৰ্ড ক্লাছে। উচ্চতম ন্যায়ালয়ে সমাজত ট্ৰাঞ্চজেণ্ডাৰ সকলক সামাজিক আৰু শিক্ষাৰ ফালৰ পৰা পিছপৰা শ্ৰেণীৰ বুলি দিয়া ৰায়দান মানি লৈয়ে কমিচনে এই অনুমোদন প্ৰদান কৰিছে। ২৩,০১৯ গৰাকী নাগৰিকে এক সমূহ হিচাবে পঞ্জীকৃত হৈছে আৰু তেওঁলোকৰ কমিউনিটিক লৈ এতিয়া শেষ সিদ্ধান্ত দেশৰ কেন্দ্ৰীয় কেবিনেটেই গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

৩. হুইচেল ব্ল'ৱাৰ প্ৰটেকচন এক্ট-২০১১ ত ৰাষ্ট্ৰপতিয়ে হস্তাক্ষৰ কৰি দেশত দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা সকলৰ পৰিচয় গোপনে ৰখা তথা তেখেত সকলক সুৰক্ষা দিয়াৰ বাবে এক ব্যৱস্থা গঢ়ি তোলাৰ বাবে অনুমতি প্ৰদান কৰাৰ সুখবৰ। এই আইনে সাধাৰণ নাগৰিকক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ শক্তিশালী কৰাৰ লগতে প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে।

৪. চিবিএছইৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ১৫মে' আৰু ২৫মে'ত ঘোষণা কৰা বুলি জি.নিউজৰ সূত্ৰই সংবাদ পৰিবেশন কৰিছে। এই ফলাফল www.cbse.nic.in ৰ লগতে এচ.এম.এচ যোগেও পোৱাৰ ব্যৱস্থা কৰিছে বুলি সূত্ৰটোৱে জনাইছে।


৫. ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ধন লৈ ইচ্ছাকৃতভাৱে ঋণ অনাদায় কৰি ৰখা সংস্থা তথা ব্যক্তিৰ বিপক্ষে কঠোৰ পদক্ষেপ লবলৈ বেংকসমূহলৈ পৰামৰ্শ দিলে বিদায়ী বিত্তমন্ত্ৰী পি চিদাম্বৰমে। ইফালে ভাৰতীয় ষ্টেট বেংতে ১৭বেংকৰ যুটীয়া বেংকগোটৰ নেতৃত্ব দি ৭০০০কোটি টকা কিংফিচাৰ এয়াৰলাইনছক ঋণ দিয়াৰ পাছত কোম্পানীটো বন্ধ হৈ যোৱা  বিষয়টোত চিবিআইৰ তদন্তত সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত অনাদায় ঋণৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকত কঠোৰ হবলৈ বিত্তমন্ত্ৰীৰ আহ্বানে বিশেষ গুৰুত্ব লাভ কৰিছে।

৬. বিটিএডিৰ শেহতীয়া নাৰকীয় হত্যাত প্ৰত্যক্ষভাৱে জড়িত ৯গৰাকী উগ্ৰপন্থীৰ নাম ৰাজহুাৱকৈ ঘোষণা কৰিলে অসম আৰক্ষীয়ে। উগ্ৰপন্থীক সহায় কৰা ২৭ জনক গ্ৰেপ্তাৰ, সংবিজিত গোটলৈ অভিযোগৰ আঙুলি দেখুৱাই অসম আৰক্ষীয়ে অহা ১৬মে'ৰ পাছত হব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হোৱা বুলিও কালি প্ৰকাশ কৰিছে।

৭. গুৱাহাটীত অগৰপৰ মুখ্য কাৰ্যলয় চৌহদত মুকলি হ'ল উত্তৰ পূৱ আঞ্চলিক ৰাজনৈতিক মঞ্চৰ (এন.ই.আৰ.পি.এফ)ৰ কাৰ্যালয়। পূৰ্ণ চাংমাৰ এন.পি.পি দলেও এই মঞ্চত যোগদান কৰিছে।

৮. চিকিৎসক, চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বাবে পৃথক নিৰাপত্তা বাহিনী গঠন কৰা হব বুলি ঘোষণা কৰিলে অসমৰ ৰাজ্য চৰকাৰে। বৰপেটা আৰু যোৰহাট মেডিকেল কলেজৰ স্বীকৃতিৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাও অচিৰেই দূৰ কৰাৰ হব বুলি প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

৯. উৎকোচ লোৱা ৰাইজৰ সেৱক, এজন দেশদ্ৰোহীৰ সমান বুলি গণ্য কৰি ইজৰাইলৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে দুৰ্নীতিৰ এটা গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইহুদ ওলমাৰ্টক ছবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে লগতে ৩লাখ মাৰ্কিন ডলাৰৰ জৰিমনাৰো বিহে। দেশৰ বৃহত্তম ৰিয়েল ষ্টেট কেলেংকাৰী হলিলেণ্ড প্ৰকল্পৰ বাবে উৎকোচ লোৱাৰ বাবেই এই দৃষ্টান্তমূলক শাস্তিৰ বিধান দিয়া হয়।

১০. কালি www.vidyarthipoint.com শীৰ্ষক কেৰিয়াৰ সম্পৰ্কীয় ৱেবচাইটটো উন্মোচন কৰিলে শিক্ষাবিদ দিলীপ কুমাৰ বৰুৱাই। বিগত পাঁচ বছৰে কেৰিয়াৰ বিশেষজ্ঞৰূপে সেৱা আগবঢ়োৱা অৰূপ কুমাৰ ডেকাই শিক্ষানুষ্ঠান, পাঠ্যক্ৰম, নামভৰ্তি, নিয়োগ আদি বিষয়ত তথ্য আৰু প্ৰশ্নোত্তৰৰে এই ৱেবচাইট সজাই তুলিব বুলি প্ৰকাশ কৰিছে।

১১. আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাগৃহত আলোক শিল্পী অ' পি নায়াৰৰ স্মৃতিত আয়োজিত হৈছে "আলোকৰ দিন" শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ। এই অনুষ্ঠানতে দুগৰাকী জ্যেষ্ঠ আলোক কাৰিকৰী শিল্পীক সম্বৰ্ধনা জনোৱাৰ লগতে এক স্মৃতি-পত্ৰিকা "আলোকৰ যাত্ৰা" উন্মোচিত হব।

১২. আম আদমী পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই বি.টি.এ.ডিৰ বধ্যভূমিত কৰিলে ক্ষেত্ৰভিত্তিক অধ্যয়ন। তদন্তক বিপথে পৰিচালিক কৰাৰ ষড়যন্ত্ৰ চলাৰ অভিযোগ তুলি দলটোৰ নেতৃত্বই বি.টি.এ.ডিৰ পৰা অবৈধ অস্ত্ৰ অচিৰেই বাজেয়াপ্ত কৰাৰ পৃষ্ঠপোষকতা কৰি বিজ্ঞপ্তি জাৰি কৰিছে।

 
১৩. অসমৰ ৫১টা ঠাইত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। পুৱা ৮বজাৰ পৰা হব লগীয়া ভোটগণনাৰ ফলাফল চাৰি বজা পৰ্যন্ত বিয়লি ঘোষিত হব বুলিও আশা প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ পৰ্যবেক্ষণত কাউণ্টিং এজেণ্টৰ উপস্থিতিত আৰু ভিডিঅ' ৰেকৰ্ডিং সহ এই গণনাকাৰ্য  সম্পন্ন কৰিবলৈ আয়োজন কৰা বুলিও জানিব পৰা গৈছে।

১৪. এটা দশকজুৰি দেশৰ প্ৰধানমন্ত্ৰী ৰূপে সেৱা আগবঢ়াই কাৰ্যকাল সামৰিব লগা ডঃ মনমোহন সিঙৰ বাবে আজি কংগ্ৰেছ হাইকামাণ্ডে আয়োজন কৰিছে বিদায়ী ভোজমেল। কালি প্ৰধানমন্ত্ৰী জনে নিজৰ কাৰ্যালয়ৰ ব্যক্তিগত সহযোগী সকলৰ পৰা বিদায় সম্ভাষণ গ্ৰহণ কৰে। এজন বিজ্ঞ মানুহ আৰু দেশৰ বিত্তমন্ত্ৰী ৰূপে কৰা কৰ্মক সকলোৱে মনত ৰাখিব বুলি বিদায় বেলাত মন্তব্য কৰিলে বিৰোধী দলৰ অৰুণ জেটলীয়েও। কংগ্ৰেছেও বিদায়ী প্ৰধানমন্ত্ৰীজনক প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে বিৰোধীৰ আক্ৰমণত যাতে তেখেত বিধ্বস্ত হব লগা নহয় তাৰ বাবে প্ৰতিৰোধ গঢ়িবলৈ বুলি কংগ্ৰেছ নেতা সকলক ছোনিয়া গান্ধীয়ে নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে।


১৫. নিৰ্বাচনোত্তৰ সমীক্ষাৰ পৰা এন.ডি.এ চৰকাৰে ভাৰতত শাসন চলাব বুলি ইংগিত পোৱাৰ পাছতে আমেৰিকা প্ৰশাসনৰো নৰেন্দ্ৰ মোদীক লৈ স্থিতি নৰম হোৱাৰ খবৰ। নতুন চৰকাৰ খনৰ লগত সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰাৰ লগতে দেশৰ প্ৰশাসনিৰ মূৰব্বীৰ বাবে এ-১ ভিছাৰো কোনো প্ৰতিবন্ধকতা নাথাকিব বুলি কৰা মন্তব্য দেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

১৬. কালি গুজৰাটত বিধায়িনীদলৰ বৈঠক অনুষ্ঠিত হয় আৰু সেই সভাত বিজেপি দলৰ হৈ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ আসন গ্ৰহণ কৰিলে গুজৰাটৰ পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব তাকে লৈ আলোচনা চলে বুলি সূত্ৰত প্ৰকাশ। অমিত শাহ, আনন্দী পেটেল, সৌৰভ পেটেলকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম বিবেচনাত থকা বুলি সূত্ৰত প্ৰকাশ।


১৭. সুদীৰ্ঘ পোন্ধৰ বছৰৰ পাছত জ্যেষ্ঠ অধিবক্তাৰ পৰা পোনে পোনে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি দিবৰ বাবে মুখ্য ন্যায়াধীশৰ সভাপতিত্বত হোৱা বৈঠকে প্ৰস্তাৱ বিবেচনা কৰিছে। তাৰ বাবে দেশৰ খ্যাতনামা অধিবক্তা গোপাল সুব্ৰমনিয়ম আৰু ৰোহিঙটন নৰিয়ামৰ নাম আলোচিত হোৱাৰ সুখবৰ।

No comments:

Post a Comment