বহাগৰ সংকল্পঃ
যুঁজ-বাগৰ, বিতৰ্ক বিসৰ্জনেই নমঃ
সুৰজিত নেওগ
বহুত দিনৰ পৰা ভাবি আছিলো... এইবোৰ কৰি মানে যুঁজ-বাগৰ কৰি একো লাভ নাই... অদৰকাৰত নিজ স্বাভিমান আৰু সন্মানত আঘাট লাগে... সেয়ে বহাগ মাহৰ ১ তাৰিখটোকে বাছি ললো, যদিও তাৰ বহু আগৰ পৰাই মনে মনে প্ৰ্চেষ্টা চলাই আছিলো.... আমাৰ নিজৰ বছৰটোৰ আৰম্ভণিতে সংকল্প (ইংৰাজী নৱবৰ্ষত লোৱা ৰিজলিউচনটোৰ লেখিয়া..) লৈয়েই ললো ...না খবৰ কাগজ, না টিভি একো মেলিবই নোৱাৰাই হলো... নিৰ্বাচনৰ নামত সকলোতে যিহে ব'ম্বাৰ্ডমেৰ্ন্ট (উপযুক্ত অসমীয়া শব্দটো মই বিচাৰি পোৱা নাই, বোমাবৰ্ষণ, বিস্ফোৰণ আদি শব্দবোৰ পচন্দ হোৱা নাই...!!)... চাৰিওফালে 'বিশেষজ্ঞ' সকলৰ বিশ্লেষণ। তাৰ মাজতে আকৌ জুবিন-পাপনৰ সমৰ্থক-বিৰোধীসকলৰ হিন্দী, অসমীয়া গীত গোৱাকলৈ যিহে নৰম-গৰম আলোচনা, ফৰ্মুতি দলিওৱা-দলি। কোনোবা দুস্কৃতিকাৰিয়ে তাৰ মাজতে দিলে পাপনলৈ শিল গুটি মাৰি...!! আমাৰ ইয়াত নিৰ্বাচন শেষ হ'ল কি নহ'ল, বিটিএডিত হিংসাৰ দাবানল আৰম্ভ হৈ গ'ল। মুঠতে অতি বিৰক্তিকৰ, ঘৄণনীয় ব্ৰেকীং নিউজৰ যেন অন্ত নপৰিবই...। ইপিনে এই সকলোৰে অলক্ষিতে গড়ে দৈনিক এটাকৈ গড় কাজিৰঙাত মৰিয়েই আছে।
কোনো কথা নাই, কাৰো কোনো ভ্ৰুক্ষেপ নাই। আমি আমাৰ চিৰাচৰিত জাতীয় চৰিত্ৰবোধৰ অকনো হেৰফেৰ হ'বলৈ নিদিয়াকৈ পূৱা ৬ বজালৈকে তিনি-চাৰিদিনীয়া কাৰ্য্যসূচৰে 'বিহু' পাতিয়েই আছো। নামী-বেনামী গায়ক-গায়িকাই (শিল্পী বুলি কৈ শিল্পী শব্দটোক উপলুঙা নকৰো) বেসুৰা সুৰত এজাক সুৰামত্ত যুৱ্কৰ (এইসকল ঠিক নৱপ্ৰ্জন্ম হয় নে নহয় নাজানো) তাণ্ডৱ নৃত্যৰ তালে তালে নিজৰ ভিন্ন-ভাষিক সৃষ্টিৰ ঢল বোৱাইছে!! বাহঃ বাহঃ লোৱাৰ লগতে দাবী-ধমকি-হুমকিৰে উদ্যোক্তাসকলে সংগ্ৰহ (ডকাইতি বুলিবও পাৰি কিজানি) কৰা ধনৰ পৰা শকত মাননী লৈ নিজকে ধন্য মানিছে...। এই ফেচবুকতে দেখা পাওঁ এইসকল 'স্বনামধন্য' গায়ক-গায়িকাৰ বিনা পইচাৰ বিজ্ঞাপন.. মই আজি অমুক ঠাইত. কালিলৈ তমুক ঠাইত...!! কতো এনে ব্ৰেকীং নিউজ এতিয়ালৈকে দেখা নাই যে এনে এগৰাকী, মাথো এগৰাকীয়ে কৈছে "মই অহাকালিৰ পৰা সংঘৰ্ষ জৰ্জৰিত ঠাইলৈ যাম... মোৰ শক্তিৰে মই কিবা এটা কৰিবলৈ চেষ্টা কৰিম..." আপোনালোকে দেখিছেনে বাৰু? অৱশ্যে ইয়াতো এধানি বিতৰ্কৰ অৱকাশ নথকা নহয়, যেনে ধৰক, কিবা বোলেনে এই গায়ক-গায়িকাসকলেহে এই কামটো কৰাৰ ঠিকা লৈ থৈছে নেকি? বাকী আমাৰ দৰে নিকম্মা সকলে কি কৰি আছো? বছ বিতৰ্ক আৰম্ভ .... গতিকে কৰি থাকক ৰাইজ... আপুনি আপোনাৰ কাম কৰক, মই মোৰ কাম কৰো....!! কি দৰকাৰ মিছামিছি বিতৰ্কত সোমাই পৰা...!!
হয়, মোৰ সংকল্পটো সেইটোৱেই... বহাগৰ এক তাৰিখৰ পৰা অতি কষ্টেৰে এই সংকল্পটো লৈছো... অদৰকাৰি কোনো বিতৰ্কত নোসোমাও... কি দৰকাৰ হে? মোডী জিকক বা হাৰক, ৰাহুলৰ চিন-মোকাম নাইকিয়া হওক বা নহওক, তৰুন গগৈৰ গাদী থাকক বা নাথাকক মোৰ কি আহে যায়.... জুবিনে হিন্দী গাওক, অসমীয়া গাওক, নেপালী গাওক, ইংৰাজী গাওক মোৰ কি আহে যায়... পাপনে গানতকে লেকচাৰ বেচি মাৰি থাকক, মোৰ কি আহে যায়... সুৰত গায়, বেসুৰাকে গায় গাওক না... মোৰ কি আহে যায়... মোৰ মন গলে শুনিম, মন নগ'লে নুশুনো আকৌ...বিটিএডিত হাগ্ৰামাই নে কংগ্ৰেছে নে এনডিএফবিয়ে জুই লগাইছে তাত মোৰ কি আহে যায়... মানুহ ক'ত নমৰে নো !!?
ৰকিবুলে গঁড়কিটা ৰক্ষা কৰিব নোৱাৰি এতিয়াও বাচি থকা জীয়া গঁড়কেইটাৰ খৰ্গটোকে কাটি পেলোৱাৰ পোষকতা কৰিছে, মোৰ তাতেনো কি আহে যায় হে... এই কাপোৰ কানি পিন্ধা দুঠেঙীয়া পেটেলা গঁড়টোৱে এতিয়া 'অনাঅসমীয়া পমূৱা মুছলমান' (অবৈধ বাংলাদেশী বুলি ক'লে আকৌ বিতৰ্কৰ সুত্ৰপাত হোৱাৰ ভয়) সকলক আত্মৰক্ষাৰ বাবে অস্ত্ৰ দিয়াৰো কথা কৈছে...বেচ কথা.... চাওক ৰাইজ, কথাষাৰ ঠিক কৈছে নে নাই.... অন্তত অকৰ্মন্য চৰকাৰ এখনৰ অকৰ্মন্যতাৰ কথাকৈই পাকে প্ৰ্কাৰে দোহাৰিছে... চোৰ-ডকাইতৰে গিজ-গিজাই থকা আমাৰ নগৰ চহৰবোৰৰ নাগৰিক সকলকো দেখোন একো একোটা পিষ্টল বা একে চিৰিজৰ বন্দুক দি দিলেই হয়... চোৰ-ডকাইতৰ পৰা আত্মৰক্ষা আমি নিজেই কৰিম.... তেতিয়া আমাৰ সমগ্ৰ পুলিচ বাহিনীটোৱেই নিচিন্ত মনে হাইৱেত ট্ৰাক ৰখাই ৰখাই চান্দা তুলি থাকিব পাৰিব দেখোন..
যি কি নহওক, এই বোৰত মোৰ একো নাহে নাযায়..!! মোৰ বন্ধুসকল, আপোনালোকৰ কেইবাজনেও মোৰ ব্যক্তিগত বাৰ্তাবাকচত মোলৈ বাৰ্তা পঠিয়াই অভিযোগ কৰিছে যে মই হেনো বহুদিন একো লেখা-মেলা নাই কৰা.... মোৰ ভয় তাতেই.... কোনোমতে মোৰ লিকলিকাই থকা মনটোক সম্বৰণ কৰিছো, জানোচা কিবা এটা লেখিলেই বিতৰ্ক হৈ যায়....!! আৰু লেখিমনো কি? মই যিকোনো 'লিখকৰ' সংজ্ঞাৰ শাৰিতেই নপৰো... মাত্ৰ মাজে মাজে মনত খুন্দিয়াই থকা চিন্তা-ভাৱনাবোৰ শব্দৰ আকাৰ দিবলৈ চেষ্টা কৰো... কিন্তু 'লিখক', না না। সেয়ে মই এই বহাগতে সংকল্প লৈছো, এতিয়াৰ পৰা যিকোনো বিতৰ্ক হ'ব পৰা বা তেনেজাতীয় প'ষ্ট বা মন্তব্যৰ পৰা যৎপৰোনাষ্টি আতঁৰি থাকিম; যদিহে কোনোৱে মোৰ গাত লাগি যোৱাকৈ কিবা 'বিতৰ্কিত' কথা কৈ মোক বাধ্য নকৰে....!!!
আপুনি বাৰু কি সংকল্প ল'লে? নে হেপ্পী নিউ ইয়েৰলৈ পিছুৱাই থৈছে?
No comments:
Post a Comment