পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. এইবৰ্ষৰ ভিতৰতে বিটিএডি এলেকাত বড়ো তথা অবড়ো সকলো নাগৰিককে ৰাজনৈতিক ক্ষমতা বিকেন্দ্ৰীকৰণৰ সুবিধা দিবলৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি অঞ্চলটোলৈ স্থায়ী শান্তি ঘূৰাই অনাৰ ব্যৱস্থা কৰা হব বুলি ঘোষণা কৰিলে অসমৰ ৰাজ্যপালে। কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হৰেশ্বৰ বৰুৱাক ৰাজ্যৰ উপ-লোক আয়ুক্ত ৰূপে শপত বাক্য পাঠ কৰোৱাৰ পাছতে এক সংবাদ মেলত ৰাজ্যপালে এই ঘোষণা কৰে।


২. আকাশবাণী গুৱাহাটীৰ বিষয়া উৎপল দত্ত আৰু প্ৰৱাল কুমাৰ শৰ্মাই লাভ কৰিছে সন্মানজনক ছাউথ ইষ্ট এছিয়া মিডিয়া ফেল'শ্বিপ। ফ্ৰান্সৰ পেৰিছৰ পৰা পৰিচালিত "ইউনিয়ন ইণ্টাৰনেশ্বনেল কণ্ট্ৰেলা টিউবাৰকুলেছিছ এট লে মালাডিজ ৰেচপিৰেটেৰিজ" নামৰ অসমৰ গ্ৰাম্য আৰু চাহ বাগিচা অঞ্চলৰ স্বাস্থ্য, শিক্ষা আদিৰ অনগ্ৰসৰতাক লৈ এলানি অনাতাঁৰ তথ্যালেখ্য ৰচনা আৰু প্ৰযোজনা কৰিবলৈ সংগঠনটোৱে এই ফেল'শ্বিপ প্ৰদান কৰিছে। আগতেও দুয়োগৰাকী অসমীয়াই পেনচ মিডিয়া ফেল'শ্বিপ লাভ কৰি অসমৰ বিড়ি উদ্যোগক লৈ এলানি গৱেষণা মূলক তথ্যালেখ্য প্ৰস্তুত আৰু প্ৰচাৰ কৰি আন্তৰ্জাতিক স্তৰতো উচ্চ প্ৰশংসিত হৈছিল।

৩. দেশৰ প্ৰথমটো নিৰ্বাচনৰ পৰা সকলো ধৰণৰ নিৰ্বাচনত ভোট দি আদৰ্শ দেখুৱালে হিমাচল প্ৰদেশৰ কিন্নৌৰ নগৰৰ জ্যেষ্ঠ নাগৰিক শ্যামচৰণ নেগ আৰু পত্নী হীৰামণি নেগীয়ে। ক্ৰমে ৯৭ আৰু ৯২ বছৰীয়া নাগৰিক দুগৰাকীক ভোটগ্ৰহণ কেন্দৰত ফুল মালা, শ্বল আৰু টুপীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে নিৰ্বাচনী বিষয়াই। সংবাদ মাধ্যম যোগে নেগীয়ে দেশৰ সকলো নাগৰিককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। চ'চিয়েল মেডিয়াত জনপ্ৰিয়তাৰ শিখৰ পোৱা তেখেতৰ আহ্বানৰ ভিডিঅ'টো চাবলৈ ইয়াতে ক্লিক কৰক।

৪. কাইলৈ ২০১৩ বৰ্ষৰ অসম উপত্যাকা সাহিত্য বঁটা প্ৰদান কৰা হব বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীক। গুৱাহাটীৰ মাছখোৱাৰ আই.টি.এ সাংস্কৃতিক প্ৰকল্পত সন্ধিয়া ৬বজাৰ পৰা অনুষ্ঠিত হব লগা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ লব বিশিষ্ট সাহিত্যিক দামোদৰ মাও জোৱে।

৫. নগাঁও কলেজৰ অৰ্থনীতি বিভাগৰ উদ্যোগত অসম কলেজ শিক্ষক সংস্থাৰ সহযোগত অহা ১০ মে'ত নগাঁও কলেজত আয়োজিত হৈছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা। "উচ্চ শিক্ষাৰ মান উন্নীতকৰণ আৰু বিনিয়েগৰ বাবে পৰিকাঠামোগত পৰিবৰ্তন" শীৰ্ষক এই কৰ্মশালাখন উদ্বোধন কৰিব নতুন দিল্লীৰ বিশিষ্ট শিক্ষাবিদ সুধাংশু ভূষণে।

৬. অসম লোকসেৱা সংঘৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস অহা ৫জুনত কেন্দ্ৰীয়ভাৱে মাজুলী ৰঙাচাঁহী মহাবিদ্যালয়ত উদযাপনৰ আয়োজন কৰিছে। উক্ত অনুষ্ঠানত পৰিবেশ কৰ্মী যাদৱ পায়েঙক প্ৰদান কৰা হব হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মা বঁটা। উক্ত বঁটাৰ ৰূপত নগদ দহ হাজাৰ টকা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হব। লগতে পৰিবেশ সম্পৰ্কীয় আলোচনাচক্ৰও অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।

৭. ভূমিকম্পৰ সময়ত লব লগা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে কালি কচন কলেজৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলে দিনজোৰা কাৰ্যসূচীৰে প্ৰদৰ্শন কৰে "তাণ্ডৱৰ বিপৰীতে" শীৰ্ষক বাটৰ নাট। পাণবজাৰ, কটন কলেজৰ সমুখ, চানমাৰি, অসম জাতীয় বিদ্যালয়, গণেশগুৰি আৰু পল্টন বজাৰত প্ৰদৰ্শিত হোৱা নাটকখনক দৰ্শক ৰাইজে কৰিলে উচ্চ প্ৰশংসা।

৮. সামাজিক সংগঠন "ইকৰা"ই বিগত বছৰ সমূহৰ দৰেই এই বছৰো আয়োজন কৰিছে সদৌ অসম ভিত্তিত ৰঙালী বিহু স্মৃতিগ্ৰন্থ প্ৰতিযোগিতাৰ। আঞ্চলিক পৰ্যায়ত সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰেৰণা যোগাবলৈকে এই আয়োজন বুলিও সংগঠনটোৱে এক বিবৃতি যোগে প্ৰকাশ কৰিছে।

৯. চিৰন্তন সাহিত্যৰ দিনৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰক। অনুষ্ঠিত হয় কবিগৰাকীৰ সৈতে অন্তৰংগ আলাপৰো আৰু তেখেতে কবিতাৰ পৰিবৰ্তন আৰু আধুনিকতাবাদ সম্পৰ্কে নিজৰ মাতমত ব্যক্ত কৰে।

১০. কথা থিয়েটাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ৯-১১ মে'ত গুৱাহাটীত প্ৰদৰ্শিত হব অবিনাশ শৰ্মাৰ পৰিচালনাৰে এখনি নাট "প্ৰজন্ম"ৰ। নাটক আৰু চিনেমাৰ সংযোজনেৰে সুন্দৰকৈ লিখি উলিয়াওৱা নাটকখনৰ নাট্যকাৰ চাৰুকমল হাজৰিকা। দৰ্শকসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ নাট উপভোগৰ ব্যৱস্থা কৰা হৈছে।

১১. কালিৰে পৰা ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেন ট্ৰিটত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শিক্ষা সম্পৰ্কীয় এক মেলা "আমাৰ অসম এডুকেম্প-২০১৪"। "এন ই এডুভেঞ্চাচ" নামৰ প্ৰতিষ্ঠানটোৰ উদ্যোগত আয়োজিত মেলাখন উদ্বোধন কৰে শিৱসাগৰৰ অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই।

১২. গুৱাহাটী মহানগৰীত পুনৰ কামৰূপ জিলা পৰিবহণ বিভাগে ফেয়াৰ মিটাৰ সংযোগ নকৰা অট'ৰিক্সাৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্ৰ অভিযান। দুদিনত ভূতনাথ আৰু ছয়মাইলত এনে অভিযানত মুঠ ১৫খনকৈ অটোৰিক্সা জব্দ কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

১৩. দেশত চলি থকা সাধাৰণ নিৰ্বাচনৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ কালি সূচাৰু ৰূপত সম্পন্ন হোৱাৰ খবৰ। কালি সাতখন ৰাজ্যৰ ৬৪টা সমষ্টিত হোৱা ভোটগ্ৰহণত সীমান্ধ্ৰ অঞ্চল আৰু পশ্চিমবংগৰ জনতাই সৰ্বাধিক হাৰত ভোটদান কৰে। ৰাহুল গান্ধী, বৰুন গান্ধীৰ লগতে মুঠ ৮৯৭গৰাকীৰ ভাগ্য কালি ই.ভ.এম মেচিনত বন্দী হৈ পৰিছে।

১৪. থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী ইংলুক শ্বিনাৱাট্ৰা আৰু ৯গৰাকী কেবিনেট মন্ত্ৰীক ক্ষমতাৰ অপব্যৱহাৰৰ বাবে দোষী সাব্যস্ত কৰি দেশৰ সাংবিধানিক আদালতে তেওঁলোকক পদৰ পৰা বৰ্খাস্ত কৰাৰ খবৰ।

১৫. দহ বছৰৰ ওপৰৰ যিকোনো লোকেই এতিয়াৰ পৰা বেংক একাউণ্ট খুলি ধনৰ লেনদেন কৰিব পাৰিব। ই-বেংকিং, এটিএম আদি সুবিধা প্ৰদান কৰিবৰ বাবে ৰিজাৰ্ভ বেংকে নতুন নিৰ্দেশনা বেংক সমূহলৈ জাৰি কৰাৰ সুখবৰ।

No comments:

Post a Comment