১. এমৱেৰ কাৰ্যবাহী বিষয়াজনক আমাৰ দেশত অবৈধ ধনৰ সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ কৰিছে হাইদৰাবাদত। এই বাতৰিটো পাঁচ বছৰ আগতে প্ৰকাশ পোৱা হ'লে বহু অসমীয়া পৰিয়ালেই এমৱেৰ বেগ কিনি আমেৰিকান ষ্টাইলৰ ক্ৰীম ঘঁহি নুফুৰিলেহেতেন আৰু বিহু খাবলৈ আহোতেও বিজনেছৰ কথা কোৱা পৰম্পৰাৰ সৃষ্টি নহলহেতেন বুলি শিক্ষামন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে।
২. পাঁচ বছৰলৈ অন্ততঃ মাকৰ খেচখেচনিৰ পৰা বচোৱাৰ বাবে কালি নৰেন খুড়াক ধন্যবাদ জ্ঞাপন কৰিলে ৰাজকুমাৰ গান্ধীয়ে। এতিয়া তেওঁৰ খেলা ধুলা আৰু চোটা ভীম চোৱাৰ বয়স, পিছে মাক আৰু আংকলসকলে সেই কথা নামানি তেওঁক ৰাজনৈতিক ক্ষেত্ৰত শিশু শ্ৰমিকৰূপে ইমান দিনে ব্যৱহাৰ কৰি আহিছিল বুলিও অভিযোগ দাখিল কৰিছে। শিশু অধিকাৰ আয়োগে এই বিষয়ত বিহিত ব্যৱস্থা লব বুলিও নৰেন খুডা়ই ৰাজকুমাৰক কথা দিয়া বুলি গোপন সূত্ৰত প্ৰকাশ।
৩. এতিয়াৰ পৰা "মনি শংকৰ টি ষ্টল"ৰ সেৱা অনলাইনো পোৱা যাব বুলি মোদী ফেন ক্লাৱে প্ৰকাশ কৰিছে। টুইটাৰ যোগেও বাৰ্তা দি ঘৰতে দেশৰ সকলোৱে মনি শংকৰ চাহ সোৱাদ লোৱাৰ ব্যৱস্থা কৰি "দেশত দম্ভালি মৰা"ৰ অভিলেখ গঢ়া নাগৰিকজনক শিক্ষা দিবলৈ যুৱ মৰ্চাই আলচ কৰিছে বুলিও জানিব পৰা গৈছে।
৪. আচাৰ বনোৱাত ৰাপ থকাৰ বাবেই আৰু লুধিয়ানালৈ যাওঁতে পৰঠাৰ লগত তেখেতৰ আচাৰৰ সোৱাদ পোৱাৰ পাছতে নৰেন কাইৰ মন্ত্ৰী সভাত "ফুড প্ৰচেছিং মিনিষ্টাৰ"ৰ চাকৰি পালে ডাৱৰকণা বাদলে। শপত লোৱাৰ পাছতে তেখেতে দেশৰ সকলো নাৰীকে "আচাৰ ৰাখিবলৈ" আহ্বান জনায় আৰু "আচাৰৰো অচৰ হয়" সেই কথা মনত ৰাখিবলৈ আঙুলিয়াই দিয়ে।
৫. নতুন গ্ৰামোন্নয়ন মন্ত্ৰী নিযুক্ত হোৱাৰ পাছতে সদৌ অসম গ্ৰাম্য লুটন কনিষ্ঠ অভিযন্তা সন্থাই "খুচুৰা ক'লাধন সঞ্চয়" শীৰ্ষক এখন হাতপুথি কেন্দ্ৰীয় মন্ত্ৰীকো উপহাৰ দিব বুলি জানিব পৰা গৈছে। কেনেকৈ খুলশালীৰ নামত মাটি কিনি, স্ক'ৰপিউ কিনি ৰাখিব পাৰি, পায়খানাৰ টেংকিত ধন ৰখাৰ সহজ কৌশল আদি কেচ ষ্টাডিসহ বৰ্ণনা হাতপুথিখনত উপলব্ধ হব। অসমীয়া অভিযন্তা সকলৰ এই ফৰ্মূলা বিভাগটোত ৰাষ্ট্ৰীয় স্তৰতো কাৰ্যকৰী কৰিবৰ বাবেও সন্থাই দাবী কৰিব বুলি জানিব পৰা গৈছে।
৬. শিবু সেনাৰ প্ৰমুখ থাকেৰেই পাকিস্তানী পি.এম অহাৰ পৰত একো দম্ভালি নামাৰি, সতৰ্ক বাণী নিদি পৰম্পৰা ভংগ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে। পিছে মন্ত্ৰীসভাত চীট যোগাৰ কৰিবলগীয়া পৰত "পি.এম চলিব, মাত্ৰ ক্ৰিকেটাৰ নহয়" বুলি সুবিধাজনক স্থিতি গ্ৰহণ কৰাটো এক লজ্জাজনক কথা বুলি পৰিগণিত হৈছে। ইয়েই শিবু সেনাৰ আগৰ উত্তাপটো ক্ৰমে নোহোৱা কৰি পৰাৰ ভুল বাতৰি দেশলৈ বিয়পাই দিব পাৰে বুলি পৰামৰ্শদাতাই প্ৰমুখদাক সোঁৱৰাই দিছে।
৭. চাহ বিক্ৰেতাৰ পৰা পি.এম, মেক-ডনাল্ডৰ বাৰ্গাৰ দোকানত কাম কৰা গৰাকী মানৱ সম্পদ মন্ত্ৰী হোৱাত দেশৰ নতুন প্ৰজন্ম উতসাহী হৈ পৰিছে আৰু যি কোনো সৰু কামেৰে জীৱন আৰম্ভ কৰিলেও যে পিছলৈ ডাঙৰ মানুহ হব পাৰি তাক অনুভৱ কৰিব পাৰিছে। পিছে চাহ দোকানীৰ কথাৰে যিমান মানুহক সেই পেশালৈ আকৰ্ষণ কৰা হ'ল স্মৃতিবাইদেউৰ কথাও সমানে প্ৰচাৰ কৰিলেহে বহুজাতিক কোম্পানীলৈকো মানৱ সম্পদৰ সোঁত বব বুলি সচেতক শৰ্মাই আশা প্ৰকাশ কৰিছে। আৰু চাহ দিয়া, বাৰ্গাৰ দিয়া সকলক ভৱিষ্যতৰ কেবিনেট মন্ত্ৰীৰ মৰ্যদাৰে বৰ্তমানে ব্যৱহাৰ কৰাৰ অভ্যাস কৰিবলৈ ৰাইজলৈ গোহাৰি জনাইছে।
৮. পাকিস্তানৰ পি.এমে মাকৰ লগত টিভি চাই থাকোতেই ভাৰতত মোদীচাৰক মাকে মিঠাই খুৱাই থকা টিভিত দেখি শ্বৰীফচাৰৰ মাকো অনুভূতিৰে আচ্ছন্ন হোৱা বুলি টুইটাৰ যোগে প্ৰকাশ পাইছে। সেয়ে মোদী চাৰে বৈঠকত "তোমাৰে পাছ ক্যা হে" প্ৰশ্নটোৰ উত্তৰটো আগতে গম পোৱাৰ বাবেই বৈঠকত প্ৰশ্নটো বৰ্জন কৰিছে। তাৰ সলনি আমাৰ দেশত "অমন, শান্তি আছেই, এতিয়া প্ৰগতি আৰু বিকাশো আহি আছে" বুলি ফুটনি মৰাৰ খবৰ পোৱা গৈছে। তাৰ বিপৰীতে শ্বৰীফ চাহাবে তেওঁৰ দেশত "তালিবান, মৌলবাদী, ডাউদ" আদিলৈ পৰ্যাপ্ত সুৰক্ষা আছে বুলি গৌৰৱ কৰাৰ গোপন খবৰো পোৱা গৈছে।
৯. "নতুন চৰকাৰ দিনত চাইনীজ মালৰ ভৱিষ্যত" সন্দৰ্ভত এখনি আলোচনা চক্ৰ ইণ্ডো-চীনা ব্যৱসায়ী সংঘই আয়োজন কৰিছে। পিছে উত্তৰ-পূৱৰ চোৰাং কাৰবাৰী সংঘই এই আলোচনাচক্ৰ বৰ্জন কৰা খবৰ আহিছে। তেওঁলোকৰ মতে, চৰকাৰী অনুমতি তথা পৃষ্ঠপোষকতা অবিহনেও চীনা মাল দেশত সস্তাদৰত তেওঁলোকে চাপ্লাই কৰি আছে, আলোচনাচক্ৰ পতা বোৰহে লাইচেঞ্চৰ দোহাই দি ২০০টকীয়া ডাটাকাৰ্ড ইয়াত ২০০০টকাত বিক্ৰী কৰে আৰু এইসকলহে দেশৰ মানুহৰ প্ৰকৃত শত্ৰু বুলিও আঙুলিয়াই দিছে।
১০. "নমো" নামেৰে আম বিক্ৰী কৰাৰ বাতৰিয়ে ৰাষ্ট্ৰীয় সংবাদ শিৰোনামা দখল কৰিছে। সেয়ে এই নামৰ আম যাতে টেঙা নহয়, তাকে লৈ সষ্টম হৈ পৰিছে পুলিচ প্ৰশাসন। কোনোৱে আকৌ চাৰৰ জনপ্ৰিয়তাৰ সুযোগতে টেঙা আম বিক্ৰী কৰি সুনাম নষ্ট কৰিবলৈ চক্ৰান্ত কৰিব বুলিও আশংকা প্ৰকাশ পাইছে।
No comments:
Post a Comment