পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. উচ্চতম ন্যায়ালয়ে কালি এক ঐতিহাসিক ৰায় যোগে স্পষ্ট কৰি দিয়ে যে এতিয়াৰ পৰা দুৰ্নীতিগ্ৰস্ত যুটীয়া সচিব বা তাৰ ওপৰৰ পদৰ আন শীৰ্ষ আমোলাৰ বিপক্ষেও তদন্ত চলাবৰ বাবে চি বি আইয়ে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই৷ আইনৰ আগত সকলো সমান বুলি উল্লেখ কৰি দিয়া এই ৰায়ক চিবিআইৰ সঞ্চালক ৰণজিত সিনসাই আদৰণি জনাইছে৷ এই ৰায়ে দিল্লী আৰক্ষী আইৰ ৬(এ) ধাৰাক নস্যাত কৰি পেলোৱা বুলিও আইন বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে৷

২. বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ আগবঢ়োৱা হৈছে শ্ৰীশ্ৰী বদলা পদ্মআতা সেৱা সমিতিয়ে এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা বদলা পদ্ম বঁটা৷ মৰিগাঁও জিলাৰ লেলাবৰি, বৰিবন্ধাত ৭,৮ আৰু ৯জুনত হ'ব লগা বদলা পদ্ম আতাৰ ৪৬৮সংখ্যক জন্মদিন উদযাপনৰ অনুষ্ঠানত অহা ৯জুনত এই বঁটা প্ৰদান কৰিব বুলি সেৱা সমিতিয়ে প্ৰকাশ কৰিছে৷

৩. দুধনৈ কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত অহা ৯ আৰু ১০ মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে জনমন্দিৰ প্ৰাংগণত আয়োজিত হৈছে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৫৩সংখ্যক জয়ন্তী উৎসৱৰ৷ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সমিতিখনে ৰপালী জয়ন্তী বৰ্ষও পালন কৰিবলৈ আয়োজন চলাইছে৷ এই উৎসৱত চিত্ৰাংকন, কুইজ, ভেশচন প্ৰতিযোগিতাৰ লগতে ৰোগীৰ মাজত ফলমূল বিতৰণ, ৰবীন্দ্ৰ বিচিত্ৰানুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা আদি কাৰ্যসূচীও আয়োজিত হৈছে৷ উৎসৱখনিত প্ৰায় ৫০গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে৷

৪. ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ পাছত অসম কলেজ শিক্ষক সংস্থাৰ এটি সঁজাতী দলে মহাবিদ্যালয়খনত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে আগন্তুক পৰীক্ষা সমূহ অনুষ্ঠিত কৰা বিষয়তো কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়৷ অসম কলেজ শিক্ষক সংস্থাই যোৱা ৪মে'ত দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা কলেজখনলৈ এককালীনভাৱে পাঁচ লাখ টকাৰ সাহাৰ্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰাৰম্ভিক ১লাখ টকাৰ চেক প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে৷

৫. গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত যোৱা ২ আৰু ৩মে'ত ছ্যুকাফা অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হয় "ছ্যুকাফা আৰু ১৩ শতিকাৰ অসম" শীৰ্ষক এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ৷ উদ্বোধনী ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক বুঢ়াগোহাঁইয়ে৷ মূল ভাষণ প্ৰদান কৰে থাইলেণ্ডৰ ৰয়েল ইনষ্টিটিউটৰ গৱেষক প্ৰফেচৰ প্ৰাকং নিমানা হামিন্দাই৷ ছ্যুকাফাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ৬৫খন গৱেষণা পত্ৰ ইয়াত পাঠ কৰা হয়৷ লগতে উন্মোচিত হয় মহাবিদ্যালয়খনৰ বুদ্ধ অধ্যয়ন কেন্দ্ৰৰ পৰা প্ৰকাশিত গ্ৰন্থ "Buddhism at work in India"ৰো৷

৬. বিটিএডিৰ ঘটনাৰ পাছত ইউনিফাইড কামাণ্ডৰ শীৰ্ষ পদস্থ বিষয়া সকলে বাঁহবাৰীৰ পৰ্যটন নিবাসত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে৷ সেনা, সীমান্ত সুৰক্ষী বাহিনী, সহস্ত্ৰ সীমা বল আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপৰিও গৃহ বিভাগৰ প্ৰধান সচিব এম জি কে ভানুৱে সভাখনত অংশগ্ৰহণ কৰে৷ সন্ত্ৰাসজৰ্জৰ অঞ্চলটোত শান্তি বজাই ৰখাৰ স্বাৰ্থত প্ৰয়োজনত সেনাবাহিনীয়ে স্থায়ী শিবিৰ পাতি আৰু লগতে হেলিকপ্টাৰ যোগেও অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সূত্ৰত প্ৰকাশ পাইছে৷

৭. আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী৷ ৰাজ্যখনত য'তেই অবৈধ অস্ত্ৰ আছে তাতেই জব্দ কৰাৰ বাবেব সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছে আৰু সাধাৰণ জনসাধাৰণৰ হাতত মৰণাস্ত্ৰ তুলি দিয়াৰ আত্মঘাতী সিদ্ধান্ত নলবলৈ আহ্বান জনাইছে৷

৮. আমেৰিকাৰ প্ৰধান চহৰ সমূহত প্ৰৱাসী অসমীয়া সকলৰ উদ্যোগত ৰঙালী বিহু উদযাপন হোৱাৰ লগতে ফিনিক্স চহৰতো ৰঙালী বিহুৰ কাৰ্যসূচী ৰূপায়িত কৰি প্ৰৱাসী অসমীয়া সকল উল্লাসিত হৈ পৰা বুলি বাতৰি পোৱা গৈছে৷ প্ৰৱাসী অসমীয়া সকলে হুঁচৰি,বিহু নৃত্য আদিত অংশ লোৱাৰ উপৰিও শিল্পী চন্দনে পৰিবেশন কৰে ডঃ ভূপেন হাজৰিকাৰ সোঁৱৰণীত "কহুঁৱা বন" শীৰ্ষক এক সংগীতানুষ্ঠানৰ৷ লগতে নিয়ন তালুকদাৰৰ সম্পাদনাত প্ৰকাশ পায় "মৰুভূমিত কপৌ" শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও৷


৯. বিনিয়োগকাৰীৰ ধন উভোতাই নিদিয়া বা আদালতত জমা নিদিয়া পৰ্যন্ত কাৰাবাস খাটিব লাগিব ছাহাৰা গ্ৰুপৰ মুৰব্বী সুব্ৰত ৰয় ছাহাৰাই৷ কালি উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দি ৰয়ৰ জামিন আবেদন নাকচ কৰে৷


১০. ছুৰাট পৌৰ নিগমৰ স্বাস্থ্য বিভাগে কালি কৃত্ৰিমভাৱে কাৰ্বাইড দি পকোৱা ২৪০০কেজি দামী আম জব্দ কৰি নষ্ট কৰে আৰু ত্ৰিশ কেজি কাৰ্বাইডো জব্দ কৰে৷ পুনেতো আৰক্ষীয়ে প্ৰায় ৮লাখ টকাৰ এনে আম জব্দ কৰিছে৷ খাদ্য সুৰক্ষা আইন,২০০৬ৰ অধীনত এনে মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে সজাগ হবলৈ সৰ্ব-সাধাৰণ ৰাইজক প্ৰশাসনে আহ্বান জনাইছে৷

১১. "মাৰ্চ ৱান" প্ৰকল্পৰ অধীনত মংগল গ্ৰহলৈ প্ৰেৰণৰ বাবে প্ৰথম চাৰিজনীয়া দল গঠনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে আয়োজক সংস্থাটোৱে৷ ইয়াৰ বাবে আবেদন কৰা মুঠ দুই লাখ আবেদনকাৰী ৬২গৰাকী ভাৰতীয় আৰু তাৰে ৪৪জন ভাৰতীয়কো আন দেশৰ নাগৰিকৰ সৈতে ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি সংস্থাটোৱে ৱেবচাইট যোগে প্ৰকাশ কৰিছে৷
১২.মাইক্ৰ'ব্লগিঙ চাইট টুইটাৰ প্ৰৱেশ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তে৷ প্ৰৱেশৰ প্ৰথমদিনাই তেখেতৰ অনুসৰণকাৰীৰ সংখ্যাই ডেৰ লাখৰো অধিক হোৱা বুলি বাতৰি প্ৰকাশিত হৈছে৷ এতিয়া অনুৰাগীসকলে @superstarRajini ত তেখেতৰ সৈতে সম্পৰ্ক গঢ়িব পাৰিব৷

১৩. কালি উচ্চতম ন্যায়ালয়ে শিক্ষাৰ অধিকাৰ আইনখনৰ সাংবিধানিক বৈধতা বাহাল ৰাখে৷ এই আইনখনে সকলো বিদ্যালয়তে ২৫শতাংশ আসন অৰ্থনৈতিকভাৱে দুৰ্বল সকলৰ বাবে সংৰক্ষণ কৰাটো বাধ্যতামূলক কৰিছে৷ পিছে এই আইনখন চৰকাৰী সাহাৰ্যপ্ৰাপ্ত আৰু অসাহাৰ্যপ্ৰাপ্ত সংখ্যালঘু শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য নহব৷

No comments:

Post a Comment