পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১. আজি ঘোষিত হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিজ্ঞান শাখাত তিতাবৰৰ প্ৰাগজ্যোতিকাৰ ৰুপস্মিতা দেৱীয়ে, কলা শাখাত বৰপথাৰৰ অঞ্জলি বৰা মেম'ৰিয়েল একাডেমীৰ দিগন্ত দত্তই  অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। বিজ্ঞানত ৮৫.২৩ শতাংশ উত্তীৰ্ণ হোৱাৰ সুখবৰ।
২. অহা ৪-১১ জুনলৈ অনুষ্ঠিত হব লোকসভাৰ প্ৰথমখন অধিবেশন। সকলো মন্ত্ৰীকে অনাগত ১০০দিনৰ কৰ্মসূচী যুগুতাবলৈ নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১০ দফীয়া ভৱিষ্যত পৰিকল্পনা হাতত লৈ অৰ্থনীতি, শিক্ষা, স্বাস্থ্য, পানী, বিদ্যুত খণ্ডক নতুন চৰকাৰে দিব  অগ্ৰাধিকাৰ । সুশাসন, কাৰ্যকুশলতা, আঁচনি ৰূপায়ণত গুৰু্ত্ব দিব বুলিও কৰিলে ঘোষণা।

৩. আনুষ্ঠানিকভাৱে ড'নাৰ মন্ত্ৰী ৰূপে দ্বায়িত্ব লৈ ভি.কে.সিঙে উত্তৰ-পূৱৰ আধৰুৱা হৈ থকা ৰাষ্ট্ৰীয় প্ৰকল্পবোৰ শীঘ্ৰেই সম্পূৰ্ণ কৰা হব বুলি প্ৰকাশ কৰিছে। উত্তৰ-পূৱৰ জনগণৰ সুৰক্ষা সম্পৰ্কীয় সমস্যা সমূহ সমাধান কৰাত সৰ্বাধিক গুৰুত্ব দিব বুলি নতুন গৃহ বিভাগৰ ৰাজ্যমন্ত্ৰী কিৰণ ৰিজ্জুয়ে কৰিলে ঘোষণা।

৪. উচ্চ মাধ্যমিকত ভূগোল আৰু বুৰঞ্জী বিষয় বাধ্যতামূলক কৰিবলৈ শিক্ষা বিভাগৰ সিদ্ধান্তক অসমৰ শৈক্ষিক মহলে জনালে আদৰণি।  ২০১৬চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই দুটা বিষয়ৰো পৰীক্ষা হব অনুষ্ঠিত। এন.চি.আৰ.টিৰ নিৰ্দেশনাৰে প্ৰস্তুত হোৱা পাঠ্যক্ৰমৰ সৈতে উপলদ্ধ হব অসম বিষয়ক ভূগোল-বুৰঞ্জীৰ পাঠ্যক্ৰম।

৫. অসম লেখিকা সংস্থাই ২০১৪ বৰ্ষৰ লাৱণ্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা এইবাৰ আগবঢ়াইছে ঢকুৱাখনাৰ বিশিষ্ট সাধীনতা সংগ্ৰামী, লেখিকা, সমাজ সেৱিকা বিদ্যাৱতী গগৈলৈ। বিখ্যাত বৰগোহাঞি বংশৰ কন্যা আৰু শিক্ষাবিদ সতীশ চন্দ্ৰ গগৈৰ সহধৰ্মিনী বিদ্যাৱতী গগৈক ষষ্ঠ গৰাকী বঁটা প্ৰাপক ৰূপে লেখিকা সংস্থাই এই বঁটা আগবঢ়াইছে।

৬. মাজুলীৰ প্ৰসিদ্ধ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পী ভবানন্দ বৰা বৰবায়নলৈ সংগীত নাটক একাডেমীয়ে আগবঢ়াইছে "ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ-২০১৩" । প্ৰয়াত পৰমানন্দ বৰবায়নৰ শিষ্য ভবানন্দ বৰা বৰবায়নৰ এই স্বীকৃতিৰ বাবে "অসমীয়াৰ সুখ দুখ"ৰ তৰফৰ পৰাও জ্ঞাপন কৰিছো অভিনন্দন।

৭. নেশ্বনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ( ইণ্ডিয়া) অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰূপে সৰ্ব-সন্মতিক্ৰমে নিৰ্বাচন কৰা গৈছে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক । অসমৰ সকলো জিলা সমিতিৰ মতামতৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ।

৮. আজি অসমৰ ২২টা চিত্ৰগৃহত মুক্তি লাভ কৰিব  "জিলমিল জোনাক" নামৰ নতুন অসমীয়া ছবিখনে। ডঃ ডেইজী গগৈৰ প্ৰযোজনাত হৰেন ৰাজখোৱাৰ কাহিনীৰে ছবিখনত যতীন বৰা, নিশিতা গোস্বামী, ৰাগ ঐনিতম, শ্যামন্তিকাৰ লগতে অসমৰ আগশাৰীৰ শিল্পীসকলে অভিনয় কৰিছে। সংগীত পৰিচালনা মানস ৰবিনৰ, আৱহ সংগীত অনুৰাগ শইকীয়াৰ। শিৱানন বৰুৱাৰ পৰিচালনাৰ এই ছবিখনৰ কিছু দৃশ্যগ্ৰহণ থাইলেণ্ডতো কৰা হৈছে।

৯. এইবাৰ কেগে উদঙালে ৰিলায়েঞ্চৰ লুণ্ঠনৰাজ। কে. জি. ডি-ছিক্সৰ গেছৰ মূল্য চৰকাৰৰ অনুমোদিত মূল্যতকৈ বেছি হাৰত গ্ৰাহকৰ পৰা আদায় কৰি অহা  বুলি কেগে অভিযোগ উত্থাপন কৰিছে।  ৰয়েল্টি আৰু চৰকাৰৰ অংশক বিপণন লাভৰ হিচাপত অন্তভুৰ্ক্ত নকৰাৰ অভিযোগো কোম্পানীটোৰ বিৰুদ্ধে তুলি ধৰিছে।

১০. ৰাষ্ট্ৰসংঘৰ ৭০ সংখ্যক বাৰ্ষিকী উপলক্ষে অহা অক্টোবৰ মাহত গুৱাহাটীত বিশেষ প্ৰদৰ্শনীৰ হব আয়োজন। এই বিষয়ে কালি ৰাষ্ট্ৰসংঘৰ তথ্য বিষযাই অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰে। আনহাতে অহা ছেপ্তেম্বৰত সোণাপুৰত স্থাপিত হব ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰিছ'ছ চেণ্টাৰৰ আধাৰশিলা।  যোৰহাটত জুন মাহৰ দ্বিতীয় সপ্তাহত উদ্বোধন হব ৰাষ্ট্ৰসংঘৰ এটি লাইব্ৰেৰীও।

১১. অহা ২-৩ জুনত গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত অনুষ্ঠিত হব উত্তৰ-পূৱৰ সৰ্ব-বৃহত শৈক্ষিক মেলা এডু অপচনছৰ দ্বাদশ সংস্কৰণ। এই মেলাত দেশৰ ৭৫খনৰো অধিক বিশ্ববিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব।

১২. কালি গুৱাহাটীত বিজেপিৰ মহিলা মৰ্চাই সফলতাৰে আয়োজন কৰে এটি ৰক্তদান শিবিৰৰ।

১৩. অহা ১জুনত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হব অখিল ভাৰতীয় সাহিত্য পৰিষদৰ এখনি গ্ৰন্থ উন্মোচনী সভা। উক্ত সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ থানেশ্বৰ শৰ্মাই ৰচা কৰা "মহৰ্ষি বেদব্যাস" নামৰ গ্ৰন্থখনি উন্মোচিত হব।

১৪. বাৰখন জিলাৰ পৰা অহা শিশু বিজ্ঞানীৰ ৫৭টা প্ৰকল্পৰ আৰ্হিৰে বিশ্বনাথ চাৰিআলিত ২৮মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ২৬সংখ্যক ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী। এই প্ৰদৰ্শনীত ১১৪গৰাকী শিশু বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰিছে।

১৫. আজি যোৰহাট মেডিকেল কলেজত পুনৰ পৰিদৰ্শনৰ বাবে আহিছে মেডিকেল কাউণ্সিল অৱ ইণ্ডিয়াৰ প্ৰতিনিধি। পূৰ্বতে আঙুলিয়াই দিয়া বিসংগিত দূৰ কৰা হৈছেনে নাই তাক লৈ কৰিব "স্বীকৃতি" বিষয়ত পুনঃবিচাৰ।

No comments:

Post a Comment