হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. ভোমোৰা লাল বিধায়কে ৰাজকুমাৰ গান্ধীক "জোকাৰ সন্থাৰ" কাৰ্যবাহী বিষয়া বুলি মন্তব্য কৰাকলৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিধায়কজনে সঁচা কথা কোৱাৰ বাবে সন্থাৰ সদস্য সকল এতিয়া উত্তেজিত হৈ পৰাৰ লগতে কাৰ্যবাহী বিষয়াজনক ভোমোৰা লালৰ উচিত শাস্তিৰ দাবী জনাইছে।

২. চিবিএছইৰ দ্বাদশমানৰ ফলাফলত দেশৰ ভিতৰত শীৰ্ষস্থান পোৱা গৰাকীয়ে ৯৯.৬ শতাংশ নম্বৰ পোৱাত সকলোৱে শুভেচ্ছা জনাইছে। শুভেচ্ছাতকৈ কিহত সেই ০.৪শতাংশ নম্বৰ কমিলে তাকৈ লৈহে ৰাইজে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

৩. কেজৰীবাবুক লৈ কৌতুক এটা পোষ্ট নকৰালৈকে খানা-পানী হজম নোহোৱাৰ এক নতুন বেমাৰ আৱিস্কাৰ হৈছে। চ'চিয়েল মেডিয়াত  ভাগ লোৱা পদুম ফেন ক্লাৱৰ সদস্য এই বেমাৰত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে তথ্য প্ৰকাশ কৰিছে। এই ক্লাৱে কেজৰী কৌতুকেৰে দেশত চৰ্দাৰক লৈ সৃষ্ট কৌতুককো অতি সোনকালেই চেৰ পেলাই অভিলেখ গঢ়িবলৈ সংকল্প গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

৪. ইউ পি প্ৰদেশত বতৰৰ বতৰাত ডাৱৰ আৰু বৰষুণৰ গতি বিধিৰ লগতে দুই হত্যা হত্যা-ধৰ্ষণৰ গোচৰে দেশৰ সংবাদ মাধ্যম কঁপাব পাৰে বুলি প্ৰকাশ কৰাটো বাধ্যতামূলক কৰিছে বুলি জানিব পৰা গৈছে। এই বতৰা পোৱাৰ পাছতে টুইটাৰ বিশেষজ্ঞ সকলে পিতা-পুত্ৰ যুটীক গাদীচ্যুত কৰি বনবাস দিব লাগে বুলিও মত প্ৰকাশ কৰিছে।

৫. কালিও দিল্লীত এক ধুমুহাই কোবাই যোৱাৰ ফলত হুমায়ুন তোম্বৰ চূড়া পৰ্যন্ত ক্ষতি হোৱাৰ বাতৰি। মোদী ধুমুহা, ছুনামীৰ ফলত ছাৰে গাদীত বহাৰ পাছত সেইজাক বন্ধ হব বুলি আশা কৰি আছিল। পিছে ৰজাই সেইজাক ধুমুহা ৰাজ্যবোৰৰ অনাগত বিধান সভাৰ নিৰ্বাচনলৈকে বৈ থাকিবলৈ দিবলৈকে সিদ্ধান্ত লোৱাৰ বাবেই ধুমুহাজাক ক্ষান্ত হোৱা নাই বুলি বতৰ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে।

৬. লিখা-পঢ়া মন্ত্ৰীৰ স্নাতক মহলা এডমিট কাৰ্ড বাতৰি কাকতৰ প্ৰকাশ হোৱাত নিলম্বন হোৱা কেইজনক পুনৰ চাকৰি বাহাল কৰি দিবলৈ মন্ত্ৰী বাইদেৱে অনুৰোধ জনাইছে। এনে ঘাঁ লগা বিষয়বোৰ বেছি খজুৱাই থাকিলে বেয়াহে সেয়ে "ৰাজহুৱা স্মৃতি খুবেই ক্ষণিকৰ" বাবেই এই কথাটোৰ বতাহজাক পাৰ হৈ যাবলৈকে দিলেই হ'ল বুলিও তেখেতে টুইট প্ৰকাশ কৰিছে।

৭. উত্তৰ প্ৰদেশত ভ্ৰমণ সূচী লৈ ৰাজকুমাৰ গান্ধীয়ে চি.বি.আই তদন্ত দাবী কৰিছে। বিৰোধীৰ ভূমিকাত থাকি যিকোনো দাবী তোলা দেখোন খুবেই সহজ বুলিও তেখেতে অনুভৱ ব্যক্ত কৰিছে। এজন ভাল শাসক হোৱাৰ আগতে এজন ভাল সমালোচক ৰূপে নিজক গঢ়ি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব বুলিও প্ৰকাশ কৰিছে।

৮. ধৰ্ষণ ৰোধ তথা ন্যায়দানৰ বাবে জিলাই জিলাই বিশেষ কোষ খোলাৰ কথা ঘোষণা কৰা মেনকা বাইদেৱে উত্তৰ প্ৰদেশত ৰাজকুমাৰতকৈ আগতে উপস্থি নোহোৱাত এতিয়া টুইটাৰত প্ৰতিবাদৰ ঢৌ উঠিছে। পিছে মন্ত্ৰালয়ৰ অফিচ ৰুমৰ খিৰিকিৰ পৰ্দা, দুৱাৰৰ পৰ্দা, পেইণ্টিং আদিৰ কথাবোৰ ঠিৰাং নোহোৱাকৈ মেডাম কোনোপধ্যেই ৰাজঘৰ এৰিব নোৱাৰে বুলিও সূত্ৰই প্ৰকাশ কৰিছে। 

৯. অসমত এইবাৰ ৮৪টা উইকেট লবৰ বাবে সৰ্বানন্দ ক্ৰিকেট টীমে কাজিৰঙাত প্ৰস্তুতি কৰ্মশালা আৰম্ভ কৰিছে। অসম প্ৰীমিয়াৰ লীগৰ চিৰিজটোৰ বাবে দলটোৰ প্ৰস্তুতিৰ কথাই জালুকবাৰী, কইনাধৰা, ৰাজীৱ ভৱন আদি স্থানত কঁপনি তোলাৰ গোপন খবৰ।

১০. বজাৰ কৰিবলৈ বেয়া পোৱা বুলি কোৱাৰ বাবেই এগৰাকী কন্যাৰ বিবাহ বাতিল হোৱাৰ গুৰুত্বপূৰ্ণ খবৰ। জানিব পৰা মতে, বজাৰ কৰিবলৈ বেয়া পোৱা বুলি কোৱাৰ বাবেই তেওঁৰ গাত নাৰী-সুলভ গুণৰ অভাৱ হোৱা বুলি দৰাঘৰে সন্দেহ কৰা বুলি গোপনে খবৰ পোৱা গৈছে। দৰাঘৰে শ্বপিং আৰু শাৰী বেয়া পোৱা নাৰী থাকিবই নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে।

No comments:

Post a Comment