আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
লুইতৰ পাৰৰ সেইকুৰা জুইঃ
১১ জন শিল্পীৰ অতি দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাত মৃত্যু 
আৰু কিছু প্ৰাসংগিক চিন্তা
সুৰজিত নেওগ
ভায়ামামা, জংকি বৰঠাকুৰ আদিৰ লগতে আমি আৰু কেইটামান সম্ভাৱনাক অকালতে আকৌ হেৰুৱালো। এনেধৰণৰ পথ দুৰ্ঘটনা প্ৰায় প্ৰ্তিদিনেই নিৰৱচ্ছিন্ন ভাৱে হৈ আহিছে আৰু যে অতি দুৰ্ভাগ্যজনকভাৱে হৈও থাকিব সেয়া নিশ্চিত। কোনে জানে, কালিলৈ হয়তো মোৰ বা আপোনাৰ পাল!! দুৰ্ঘটনা সদায় দুৰ্ঘটনাই, কিন্তু অসচেতনতা, অসাৱধানতাই এনেবোৰ দুৰ্ঘটনাৰ অন্যতম প্ৰ্ধান কাৰণ বুলি অনুভৱ কৰিছো।
আজিৰ পৰা কেইবছৰ মানৰ আগতে মুম্বাইত দীঘলীয়াকৈ থকাকে গৈছিলো দেউতাৰ চিকিৎসা সংক্ৰান্তীয় কামত। আমি থকা সময়ৰ মাজভাগতে গণেশপূজা আছিল। মহাৰাষ্ট্ৰ, গুজৰাট আদি ঠাইত গণেশপূজা (গণপতি) তেওঁলোকৰ প্ৰধান ধৰ্মীয় উৎসৱ; ঠিক আমাৰ দূৰ্গা পূজাৰ দৰে। গতিকে স্বাভাৱিক ভাৱে আনন্দ উল্লাসৰো অন্ত নাই। মোৰ ছাত্ৰাৱস্থা আৰু চাকৰিৰ প্ৰায় ৬ বছৰকাল মহাৰাষ্ট্ৰত কটোৱা বাবে এই উৎসৱৰ লগত তাৰ জনসাধাৰণ কিমান অঙ্গাগীভাৱে জড়িত সেই কথাৰ আভাস ভালকেই পাইছিলো।

আমাৰ ইয়াত দূৰ্গাপূজা বা বিহুত যি উন্মাদনাৰ সৃষ্টি হয়, সেই একেধৰণৰ উন্মাদনা থাকে গণপতি উৎসৱত। যি কি নহওক, মুম্বাইত আমাৰ প্ৰ্তিস্থানৰ অতিথিশালাৰ ঠিক তলতে (মানে চৌহদৰ গাতে লাগি থকা) বেছ ডাঙৰকৈ এভাগ পূজা হৈছিল। আবেলিৰ পৰা বিভিন্ন গীত-মাত, আৰতি আদি মাইক যোগে বজোৱা আমি আমাৰ ২২ মহলাৰ ৰুমৰ পৰা স্পষ্টকৈ শুনা পাইছিলো। সেই সময়ত টি-২০ ৰ প্ৰথম বিশ্বকাপ চলি আছিল। শব্দৰ প্ৰ্দূষণৰ পৰা ৰক্ষা পাবলৈ খিৰিকি জপাই বাতানূকুল যন্ত্ৰ চলালেও বিশেষ লাভ নহৈছিল। এনেতে হঠাৎ ঠিক দহ বাজি কেইমিনিটমান যাওঁতে সকলো নিস্তব্ধ; নিমাওমাও। মনতে ভাবিলো, কিজানি বিজুলী সংযোগ ব্যাহত হৈছে। খিৰিকি খুলি চাই দেখো বিজুলী ঠিকেই আছে। তাৰ মানে কিবা কাৰিকৰি বিজুতি হৈছে!! অলপ অপেক্ষা কৰিলো আকৌ কেতিয়াকৈ মাইক বাজিব বুলি.. কিন্তু আমাক আচৰিত কৰি সেই ৰাতিৰ বাবে পুনৰ আৰু মাইক নাবাজিল। আমিও শব্দ প্ৰ্দূষণৰ পৰা ৰক্ষা পাই টোপনি গলো।

আজি হেৰাই যোৱা শিল্পী সুমন মহন্ত

পিছদিনা অতিথিশালাৰ ল'ৰাজনৰ পৰা জানিলো যে মুম্বাইত ৰাতি দহ বজাৰ পিছত ৰাজহুৱা স্থানত উচ্চস্বৰত বজোৱা যিকোনো ধৰণৰ গান-বাজনা আদি নিষেধ; সি লাগিলে যিমানেই ধৰ্মীয় অনুষ্ঠানৰে নহওক কিয়। এই ঘটনাৰ পুনৰাবৃত্তি পূজাৰ বাকী কেইদিনো চলিল। আমি এনেধৰণৰ কথা কল্পনা কৰিব পাৰোনে? আমি একেখন দেশৰে বাসিন্দা বুলি ভাবিবলৈকো সংকোচবোধ কৰো। নে তেওঁলোক আমাতকৈ বেছি ভাৰতীয়?

আপুনি কল্পনা কৰকছোন, আমাৰ ইয়াত দুই-তিনিমাহলৈকে চলা বিহুৰ অনুষ্ঠানবোৰ ৰাতি দহ বজাত শেষ হৈ গৈছে....!! আমিবোৰ জাঙুৰ খাই নুঠিমনে? বছৰেকৰ বিহুটো, আমাৰ বাপতিসাহোন বিহুটো ৰাতিপুৱা ৬ টালৈকে হলেই যেনিবা, তাতে আমাৰ কি লোকচান হ'ল? বিহু ফাংচন ফুৎ- গধুলীতে (ৰাতি দহবজাত!!) শেষ হলে আমাৰ শিল্পীসকলে বিহু কেতিয়া গাব? তেওঁলোকৰ দেখোন ভাতেই মৰিব...!! ওৱা, ৰাতি যিমান গধুৰ হয়, ফটিকা পানীকণ ধৰি বিহু গোৱা আৰু বিহু শুনি তাণ্ডৱ নৃত্যকৰাৰ মজাই বেলেগ, নহয়নে?

মই যেতিয়া পুৱা চাৰে আঠবজাত অফিচলৈ বুলি ওলাই যাওঁ, মোৰ ঘৰৰ ওচৰৰ বিহুখনৰ আগনিশাৰ অনুষ্ঠান যেনে হুঁচৰি প্ৰতিযোগীতা চলিয়েই থাকে...!! আমাৰ অসমীয়া ডেকা-গাভৰুৰ এনে কষ্টসহিঞ্চু ৰুপটো দেখি বৰ আচৰিত হওঁ...। এতিয়া আপোনালোকে হয়তো ভাবিছে, যোৱাকালিৰ এই দুৰ্ঘটনাটোৰ সৈতে মুম্বাইৰ ঘটনাটো অথবা ৰাতিপূৱালৈকে বিহু মৰাৰ কি সংযোগ? মই ভাবো, অলপ হলেও যোগসূত্ৰ আছে।

প্ৰায় প্ৰ্তিদিনেই শিল্পী সকলে শেষনিশালৈকে বিহু অনুষ্ঠান কৰি নিশ্চয়কৈ ভাগৰি পৰে; লগতে ভাগৰি পৰে তেওঁলোকৰ বাহন চালকসকলো। এদিন-দুদিন ঠিক আছে, কিন্তু দিনৰ পিছত দিন এয়া জানো সম্ভৱ? বহুদূৰ চালক সকলে বাহন চলাই যায়; তাৰপিছত শিল্পীৰ শেষনিশা অনুষ্ঠান, কলমতিয়াই কলমতিয়াই শেষ নিশা ২-৩ বজাত অলপ হলেও অপ্ৰকৃতিস্থ অৱস্থাত পুনৰ বাহন চলোৱা... যিমান হলেও মানুহ... লগত প্ৰায়ে থকা ফটিকাকণৰ প্ৰ্ভাবো নুই কৰিব নোৱাৰি...।

কেতিয়াবা আপুনি-মই এদিনীয়াকৈ কাৰোবাৰ বিবাহ যাত্ৰী হৈ টোপনি ক্ষতি কৰি গাড়ী চলালে কি অৱস্থা হয়? তেন্তে এই চালকসকল অতিমানৱ নেকি? গতিকেই এক অৱধাৰিত দুৰ্ঘটনাৰ শংকা...। যোৱাকালিৰ দুৰ্ভাগ্যজনক দুৰ্ঘটনাটোৰ বহুবোৰ কাৰকৰ ভিতৰত এইটোও যে নহয় কোনেও ক'ব নোৱাৰে; আৰু কবলৈ চালকজনৰো ইতিমধ্যে মৃত্যু হৈছে...।

পথ দুৰ্ঘটনা ৰোধ কৰাৰ আন বহুবোৰ উপায় আছে। কিন্তু অসচেতন, অসাৱধান, উদণ্ডভাৱে গাড়ী চলোৱাৰ কোনো প্ৰতিকাৰ নাই। আমাৰ ইয়াৰ দূৰ্গাপূজা বা বিহু অনুষ্ঠানবোৰৰ ৰাজহুৱা ৰুপটো আমিও দহ নহলেও এঘাৰ বজাত শেষ কৰিব কিয় নোৱাৰো?? এই বিষয়ত ইতিমধ্যেই দেশৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা আছেই; কিন্তু আমাৰ নপুংসক চৰকাৰ অথবা প্ৰ্শাসনৰ দ্বাৰা ইয়াৰ যথাযথ প্ৰ্য়োগ আশা কৰাতো মিছা।

আমি যেতিয়ালৈকে নিজকে সভ্য সমাজৰ বাসিন্দা বুলি প্ৰ্মাণিত কৰিব নোৱাৰো, দেশৰ আইনী ব্যৱস্থাক পদে পদে ভেঙুচালি কৰাৰ আমাৰ মানসিকতাৰ যেতিয়ালৈকে সলনি কৰিব নোৱাৰো তেতিয়ালৈকে আমি আচলতে কাকো দোষ দিয়াত আমাৰ নৈতিক অধিকাৰকণ নাই। বাপতিসাহোন 'বিহুৰ' নামত বা ধৰ্মীয় অনুভুতিৰ গইনা লৈ দূৰ্গাপূজাৰ নামত কৰা উদভণ্ডালিবোৰ এৰিবৰ হ'ল কিজানি, যাতে লুইতৰ পাৰত প্ৰতিভাবান সকলক দাহ কৰা এনে একুৰাহঁত জুই জ্বলাটো ভৱিষ্যতে আমি ৰোধিব পাৰো।

[অকালতে হেৰাই যোৱা এঘাৰটা সম্ভাৱনাৰ শোকস্তব্ধ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলো; মৃতকৰ আত্মাই সদগতি লাভ কৰক]

No comments:

Post a Comment