"চিটী-লাইটচ"
এখন সফল বাস্তৱধৰ্মী চিনেমাৰ কথাৰে
অজয় লাল দত্ত
আজি ৰাতিপুৱাই "চিটী-লাইটচ" (CITYLIGHTS)" নামৰ ছবিখনৰ প্ৰথম দিনৰ প্ৰথম দৰ্শনী উপভোগ কৰিলোগৈ। এফ.এম ৰেডিঅ' আৰু টিভি যোগে ছবিখনৰ বিষয়ে হোৱা প্ৰচাৰত ছবিখনৰ প্ৰতি আকৰ্ষিত হৈ ছবিখন চাবলৈ গৈছিলো। এক কথাত কবলৈ গ'লে চিনেমাখন খুৱেই বাস্তৱধৰ্মী। ৰুঢ় বাস্তৱক হৃদয়ক চুই চাব পৰাকৈ ৰূপালী পৰ্দাত তুলি ধৰা চিনেমাবোৰৰ ভিতৰত এক অন্যতম সফল ছবিৰূপে এই ছবিখনে নিশ্চয়কৈ স্থান লাভ কৰিব। ![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEinmDhHqFIt7rYAcXfUaowyV_JBYpUGAIOpAk8KO14i9oK8Ky4hXjwOBZdqVCY0ZMKCJM1MNDjLRp7NoFuQjLaisNMV1xzejiQa7rkdHxbXPLDslIXb0Cj7KDYtrEDTWWWf4ASRuV4_BdA/s1600/city480.jpg)
এইছবিখন প্ৰকৃততে বিশেষ ফিল্মছৰ নিবেদন আৰু ২০১৩চনৰ বৃটিছ-ফিলিপাইনছ ছবি "মেট্ৰো মেনিলাৰ" অফিচিয়েল ৰি-মেক। বিদেশী মূলৰ ছবি নিৰ্মাতা সকলৰ পৰা অনুমতিসহ আৰু তেওঁলোকৰ সৈতে সহযোগিতাৰে ভাৰতীয় পৰিবেশত ৰাজস্থান আৰু মুম্বাইৰ পটভূমিত চিনেমাখন নিৰ্মাণ কৰা হৈছে। প্ৰখ্যাত নিৰ্মাতা মুকেশ ভাটে বহুদিনৰ পাছত যৌনতা-ভৌতিক চিনেমাৰ পৰিসৰৰ পৰা ওলাই আহি বাস্তৱাবাদী চিনেমাৰ পথত খোজ দিছে। এই ছবিখন পৰিচালনা কৰিছে বিগত বছৰৰ শ্ৰেষ্ঠ ছবি ৰূপে পৰিগণিত হোৱা "চাহিদ"ৰ পৰিচালক হঞ্চল মেহতাই আৰু নায়কৰ ৰূপত অভিনয় কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান জয় কৰিবলৈ সক্ষম হোৱা ৰাজকুমাৰ ৰাওৱে।
ৰাজস্থানৰ এখন সৰু গাঁৱৰ পৰা দৰিদ্ৰতাৰ অন্ধকাৰৰ পৰা ওলাই আহি মহানগৰীৰ আলোকসজ্জ্বাৰ মাজত জীৱন পোহৰাবলৈ ওলাই অহা এহাল সৰল মানুহ আৰু তেওঁলোকৰ আলাসৰ-ধন কন্যা সন্তানটিৰ কাহিনীক সফল ৰূপত ছবিখনে তুলি ধৰিছে। ৰাজস্থানৰ কথনশৈলীক অনুপম ৰূপত তুলি ধৰিবলৈ সক্ষম হোৱা ৰাজকুমাৰ ৰাওৱে তাৰ বাবে দুমাহ মান সেই ৰাজ্যত বসবাস কৰি তাৰ শৈলী তথা সাঁচ মনত স্থাপন কৰি লৈছিল বুলিও বলিউদৰ খবৰ প্ৰকাশ কৰা সংবাদপত্ৰত প্ৰকাশ পাইছে।
সৰল মানুহে, সৰু দৰিদ্ৰ মানুহে ডাঙৰ চহৰৰ কৃত্ৰিম পোহৰত জিলিকা মহানগৰখন দেখি ওচৰ চাপি আহিলেও, বেয়া মহানগৰীৰ ঠগ, প্ৰৱঞ্চনাই দৰিদ্ৰতাৰ উপশম বিচৰা মানুহক কিদৰে পীড়ন কৰে সেই অনুভৱ মৰ্মে মৰ্মে মানুহে ছবিখন চাই দৰ্শকে হৃদয়ংগম কৰিব, সেয়া ধুৰুপ। সৰু মানুহ সৰল মানুহ, সৰু সুন্দৰ এখন সংসাৰৰ স্বপ্নহে দেখে তেওঁলোকে। নিজৰ আত্মসন্মান, বেয়া কাম নকৰাৰ স্বাভাৱিক সংস্কাৰে সত পথেৰে জীৱন আৰ্জনৰ পথৰ সন্ধানত ব্যাকুল হয়, দৰিদ্ৰতাৰ চেপাত পৰা মানুহ...পিছে ঐশ্বৰ্যই পোহৰোৱা মহানগৰীয়ে কিদৰে আঁকোৱালি লয় তেওঁলোকক, তাৰেই ছায়াছবি ছবিখন!
নতুন নায়িকা পত্ৰলেখাৰ অভিনয় সুন্দৰ, যদিও মহানগৰীয় চাপ তেওঁৰ ব্যক্তিত্বত বৰ্তমান, তথাপি ৰাজস্থানী এগৰাকী সৰল মহিলাৰ ৰূপক সফল ভাৱেই তেওঁ ৰূপায়ন কৰিছে। সন্তানৰ পেটৰ ভোক বাৰণ কৰিবলৈ বাৰ গাৰ্ল ৰূপে কাম বিচাৰি যোৱা এগৰাকী অসহায় নাৰীৰ চৰিত্ৰত পত্ৰলেখাই নিজৰ অভিনয় প্ৰতিভাৰ স্বাক্ষৰ সঠিক ৰূপতেই তুলি ধৰিছে।
আপুনি যদি চেতন ভগতৰ "থ্ৰী-মিচটেক-অৱ-মাই লাইফ"ৰ ওপৰত আধাৰিত চিনেমা "কাই-পোচে" চাইছে, তেন্তে তাত সাম্প্ৰদায়িক সংঘৰ্ষত উচটনি দিয়া সোঁ-পন্থী গেৰুৱা নেতাৰ সৱল চৰিত্ৰত ভুমুকি মৰা মানৱ কৌল এই ছবিখনতো নিজৰ অভিনয় প্ৰতিভাৰে ভাস্বৰ হৈ উঠা দেখিবলৈ পাব। এটি চিকিউৰিটি চাৰ্ভিছৰ ধুৰন্ধৰ, লোভী কৰ্মচাৰীৰ ৰূপত মানৱ কৌলৰ অভিনয়ে আপোনাক মুগ্ধ কৰিব সেয়া নিশ্চিত। এগৰাকী সহজ, সৰল মানুহক প্ৰলোভনৰ জালত কেনেকৈ বান্ধি পেলাব পাৰি, সেয়া মানৱ কৌলৰ "বিষ্ণু" নামৰ চৰিত্ৰটোৱে তাক সফল ভাৱে তুলি ধৰিছে।
দৰিদ্ৰতাই অসহায় কৰা মানুহৰ শক্তিহীন, জীৱন আৰ্তনাদক অনুভৱ কৰিবলৈ মন থাকিলে এই ছবিখন আপুনি চোৱা উচিত। জীত গাংগুলীৰ সংগীতেৰে গান সমূহো ভাল তথা আকৰ্ষণীয় যদিও গীতিকাৰে সঠিক শব্দৰে কাহিনীটোৰ অনুভূতিখিনিক গীত কেইটিৰ জৰিয়তে দৰ্শকৰ আৰু বেছি কাষ চপাই নিয়াৰ অৱকাশ আছিল বুলি মনে হয়। এজন দৰ্শক হিচাপে, এই ছবিখনক পাঁচৰ ভিতৰত তিনি নম্বৰ নিশ্চয়কৈ দিব পাৰি। আৰু এয়া অনুভৱ কৰিব পাৰি যে ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবই, সেয়া নিশ্চিত।
নিৰ্মাতা মুকেশ ভাটে এফ.এম ৰেডিঅ'ৰ সাক্ষাতকাৰত "ছবিখন চোৱাৰ পাছত আপুনিও আচল চিনেমা "Metro Manila"ও এবাৰ চোৱাৰ তাড়ণা অনুভৱ কৰিব পাৰে" বুলি উল্লেখ কৰিছিল। আৰু সেয়া কৰিলেহে আন এখন ছবিৰ পৰা এটা কাহিনী দেশীয় পটভূমিত কৰা পুনঃনিৰ্মাণত দেশীয় নিৰ্মাতা, কলা-কুশলীসকল কিমান সফল হৈছে সেয়া কব পৰা যাব।
No comments:
Post a Comment