পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰঃ
১. অহা ৩০ মে'ত ঘোষিত হব ২০১৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। দিনৰ এঘাৰ বজাত কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল ঘোষণা কৰা হব।

২. সদৌ অসম লেখিকা সমাৰোহৰ সমিতিৰ বেলতলা শাখাই অহা ২০জুনত সপ্তদশ প্ৰেৰণা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত ডঃ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত এখনি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। চানমাৰিৰ তীৰ্থনাথ সভাগৃহত আয়োজিত প্ৰতিযোগিতাৰ বাবে ৯৯৫৪১-৫৫৬৬০ নম্বৰত যোগাযোগ কৰিব পাৰিব।

 ৩. ভাৰতীয় ষ্টেট বেংকে কমিউনিটি চাৰ্ভিচ বেংকিংৰ অধীনত অসমৰ কল্যাণ আশ্ৰমক এখনি এম্বুলেঞ্চ প্ৰদান কৰিছে। বেংকটোৰ উত্তৰ পূৱ মণ্ডলৰ মুখ্য মহা-প্ৱন্ধক সঞ্জয় কুমাৰ মাগুৱে এক অনুষ্ঠানত ৰাইজৰ সেৱাত এই এম্বুলেঞ্চখৱ আশ্ৰম কৰ্তৃপক্ষক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।

৪. "ইউনিচেফ অসম"ৰ সহযোগত আজিৰে পৰা "অন্বেষা"ই  শিশুৰ উপযোগীকৈ ছবিৰ কিতাপ প্ৰস্তুতকৰণৰ বাবে লেখক আৰু চিত্ৰকৰ সকলক লৈ এখনি কৰ্মশালাৰ আয়োজন কৰিছে। গুৱাহাটীৰ বাৰোৱাৰীস্থিত অন্বেষাৰ কাৰ্যালয় প্ৰাংগণতে অনুষ্ঠিত হব লগা এই কৰ্মশালা উদ্বোধন কৰিব প্ৰখ্যাত শিশু সাহিত্যিক অৰূপ কুমাৰ দত্তই।

৫. গুজৰাটৰ নতুন আৰু প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী ৰূপে বয়োজ্যেষ্ঠা নেত্ৰী আনন্দীবেন পেটেলে  আজি শপত গ্ৰহণ কৰিব। নৰেন্দ্ৰ মোদীদেৱে প্ৰধান মন্ত্ৰী হোৱাৰ উদ্দেশ্যে উক্ত পদৰ পৰা পদত্যাগ কৰাৰ পাছত কালি বিধানসভাৰ পৰাও বিদায় সম্ভাষণ গ্ৰহণ কৰে।

৬. প্ৰগতিৰ ধ্বজ উৰুৱাই ছিকিমত পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিলে ছিকিম গণতান্ত্ৰিক ফ্ৰণ্টৰ নেতা পৱন কুমাৰ চামলিঙে। আনফালে চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ গৌৰৱ লাভ কৰিলে ওডিষাত নবীন কুমাৰ পাটনায়কে। কালি শপতগ্ৰহণ কৰা দুয়োজন মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী মনোনীত নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ৰাজ্য দুখনক আগুৱাই নিয়াত সহযোগ কৰিব বুলিও প্ৰকাশ কৰিছে।

৭. অহা ২৬মাৰ্চত হব লগা শপত গ্ৰহণ অনুষ্ঠানত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন কেন্দ্ৰীয় চৰকাৰে দ্বায়িত্ব গ্ৰহণ কৰিব। চুবুৰীয়াৰ সৈতে মৈত্ৰী ৰক্ষাৰ বাণী কঢ়িয়াই নিয়াৰ লক্ষ্যৰে এই শপতগ্ৰহণ অনুষ্ঠানলৈ ছাৰ্ক শীৰ্ষ সন্মিলনৰ সদস্য সাতখন দেশৰ ৰাষ্ট্ৰপ্ৰধানক নিমন্ত্ৰণ জনোৱা হৈছে। অনুষ্ঠানত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ উপস্থিত থাকিব বুলি আজি নিশ্চিত প্ৰদান কৰাৰ সুখবৰ।

৮. পঞ্চম দ্বি-বাৰ্ষিক ভৱানী শৰ্মা সোঁৱৰণী গল্প গ্ৰন্থ প্ৰতিযোগিতাত লেখিকাসকলৰ গল্প সংকলন সমূহৰ ভিতৰত ২০১৪ বৰ্ষত বেবী ভূঞাক গল্প সংকলন "মহাপ্ৰয়াণৰ প্ৰস্তুতি" শ্ৰেষ্ঠ গ্ৰন্থৰূপে বিবেচিত হৈছে। অহা ৩জুনত এই বঁটা ভৱানী শৰ্মা দশম স্মৃতি দিৱসত গুৱাহাটীৰ পেঞ্চনাৰ্ছ ভৱনত প্ৰদান কৰা হব। এই অনুষ্ঠানতে কনক চন্দ্ৰ শৰ্মাৰ ৰচিত গ্ৰন্থ "কেইগৰাকীমান কৃৰ্তিমন্ত সাহিত্যিক আৰু তেওঁলোকৰ সাহিত্যৰ সুবাস" উন্মোচিত হব।
৯. মাজুলীৰ অন্যতম জনপ্ৰিয় কাব্যালোচনী "পলস"ৰ উদ্যোগত মাজুলীৰ নতুন খলিহামাৰীত "ৰাজপথত কবিতাৰ মহাৰণ" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত মাজুলী মহাবিদ্যালয়ক কম দিনৰ ভিতৰতে সকলো দিশত জিলিকাই তোলা সুলেখক, চিন্তাশীল ব্যক্তি তথা কলেজখনৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেই এই অনু্ষ্ঠানটিৰ আয়োজন কৰা হৈছিল। বহুকেইগৰাকী কবিয়ে কবিতাপাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

১০. অহা ২৮মে'ত গুৱাহাটীত অসমৰ প্ৰখ্যাত তবলাবাদক সংগীতজ্যোতি বিবেকানন্দ নন্দৰ ৮৪তম জন্ম দিৱসত "শ্ৰুতিনাদ"ৰ তৰফৰ পৰা দ্বিতীয় বাৰৰ বাবে সদৌ অসম ভিত্তিত তবলা বাদন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সবিশেষ জানিবৰ বাবে ৯৭০৬৪-১৮৪৬০ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

১১. অহা ১৯জুনত অৰুণাচল প্ৰদেশৰ একমাত্ৰ ৰাজ্য সভাৰ আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব। কংগ্ৰেছৰ সাসংদৰ মুকুট মিথিৰ কাৰ্যকাল অহা ২৬মে'ত অন্ত পৰিব।

১২. নতুনকৈ দিয়া ৰেচন কাৰ্ডত অৰুণাচল চৰকাৰে পৰিয়ালৰ আটাইতকৈ জ্যেষ্ঠ মহিলাগৰাকীহে পুৰুষৰ পৰিবৰ্তে পৰিয়ালৰ মুৰব্বী ৰূপে গণ্য কৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে। ১৮বছৰৰ ওপৰৰ মহিলাকহে লক্ষিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ হিতাধিকাৰীৰ ক্ষেত্ৰত মুৰব্বী ৰূপে গণ্য কৰিব, এনে প্ৰাপ্ত বয়স্ক মহিলা নাথাকিলেহে জ্যেষ্ঠ পুৰুষজনক পৰিয়ালৰ মুৰব্বী ৰূপে এইক্ষেত্ৰত গণ্য কৰা হব।

১৩. অসম আৰু পশ্চিম বংগত চাহৰ উতপাদন বিগত ২০১৩-১৪ বিত্তীয় বৰ্ষত ৮ শতাংশ বৃদ্ধি হৈ ১২২.৪৪কোটি কিল'গ্ৰামত উপনীত হোৱা বুলি তথ্য প্ৰকাশ পাইছে।

১৪. কালি দেশৰ আন ঠাইসমূহৰ লগতে অসমতো পালিত হয় ভাৰত-ৰত্ন তথা ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিৱসৰ অনুষ্ঠান। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত স্মৃতিচাৰণ অনু্ষ্ঠানত ভুৱনেশ্বৰ কলিতা, নৱ-নিৰ্বাচিত সাংসদ সুস্মিতা দেৱ আদিকে ধৰি দল নেতা সকলে অংশগ্ৰহণ কৰে।

১৫. মেঘালয়ৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে এক ৰায়যোগে ১৯৭১চনৰ আগতে ভাৰতলৈ বসতি কৰিবলৈ অহা বাংলাদেশী মূলৰ লোকসকলক ন্যায়সংগত ভাৱে ভাৰতীয় নাগৰিক বুলি গণ্য কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

No comments:

Post a Comment