অসমীয়া জুতিৰে আঞ্চলিক ৰেষ্টুৰাৰ শ্ৰেষ্ঠতাৰ তালিকাত
বেংগেলুৰুত জিলিকিছে "অসমী"
বেংগেলুৰু মহানগৰীত অসমীয়া খাদ্য সম্ভাৰক আকৰ্ষণীয় ৰূপত পৰিবেশন কৰি "জুমেটোৰ ইউজাৰচ চইছ" শিতানত আঞ্চলিক ৰেষ্টুৰাৰ শীৰ্ষ দহোটা স্থানৰ ভিতৰত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে "অসমী"য়ে। পৰম্পৰাগত অসমীয়া আহাৰক মূলধন হিচাবে লৈ মাত্ৰ ডেৰ বছৰ আগতে উদ্যোগী অসমীয়া ডঃ শ্ৰীমন্ত শৰ্মাই প্ৰতিষ্ঠা কৰা ৰেষ্টুৰাখনে অতি কম সময়ৰ ভিতৰতে খাদ্যৰসিক সকলৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
২০১৩চনৰ জানুৱাৰীত মুকলি কৰা "অসমী"য়ে দেশৰ খাদ্য বিষয়ক পৰ্যালোচনা কৰা তথা গ্ৰাহকক পৰামৰ্শ দিয়া ৱেবচাইট "zomato.com"ত এই স্বীকৃতি লভাৰ বাবে আন আন আঞ্চলিক খাদ্য সম্ভাৰ পৰিবেশন কৰা বেংগলী, অন্ধ্ৰ, কেৰালা, মাৰাঠী, পাঞ্জাৱী, ৰাজস্থানী আদি খাদ্য সম্ভাৰৰ ৰেষ্টুৰাৰ সৈতে সমানে ফেৰ মাৰিব লগা হৈছে। অসমৰ অতি জনপ্ৰিয় আৰু কিছু হেৰাই যাব খোজা অসমীয়া খাদ্য সম্ভাৰ যোগে "অসমী"য়ে বেংগেলুৰুবাসীৰ মন জয় কৰাৰ লগতে বিশ্বৰ দৰবাৰত অসমীয়া খাদ্য সম্ভাৰক পৰিচিত কৰাৰ দিশে সফলতাৰ প্ৰথমটো খোজ দিয়া বুলি কব পাৰি।

এই মহানগৰীত বাস কৰা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ খাদ্য ৰসিকৰ ভিতৰত জাৰ্মান আৰু নাইজেৰিয়ান সকলৰ মাজত গাহৰি মাংসৰ অনুপম জুতিয়ে জনপ্ৰিয়তা লাভ কৰা বুলি জানিব পৰা গৈছে। লগতে "ছিগনেচাৰ বেছিক থালি"ত পৰিবেশন কৰা খাদ্য সম্ভাৰো অতিশয় জনপ্ৰিয় বুলি প্ৰকাশ পাইছে। অসমীয়া "খাৰ", "বৰৰ টেঙা" আদি ব্যঞ্জনেও জনপ্ৰিয়তা অৰ্জনত সহায় কৰিছে। আনহাতে বিভিন্ন অসমীয়া জুতিৰে বনোৱা মাছ, হাঁহ, কুকুৰা মাংসৰ সৈতে আগবঢ়োৱা "সাজপানী"ৰ সাজেও আমেৰিকান পৰ্যটকৰ লগতে মহানগৰীখনত বসবাস কৰা অসমীয়া তথা অন্যান্য খাদ্য ৰসিক আপ্লুত কৰি তোলাৰ বাবেই এই স্বীকৃতি সম্ভৱপৰ হৈ উঠিছে । অনাগত দিনত জুমেটোৰ এই স্বীকৃতিয়ে ৰেষ্টুৰাখনলৈ অধিক দেশী-বিদেশী খাদ্যৰসিকৰ সোঁত বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি। অসমীয়া খাদ্যৰ জুতিলগা এই যাত্ৰাই সফলতাৰ শিখৰ চুবলৈ সক্ষম হওক, "অসমীয়াৰ সুখ দুখ"ৰ তৰফৰ পৰাও এই সফলতাৰ বাবে "অসমী"ৰ সমূহ কৰ্ম-বাহিনীলৈ জনাইছো অভিনন্দন।
No comments:
Post a Comment