১. অৱশেষত ডিনামাইট শৰ্মাই বিসম্বাদী কৰ্মবাহিনীৰ পৰা অব্যাহতি লৈ সুদূৰ ঝাৰখণ্ডত উপনীত হৈছেগৈ বুলি জানিব পৰা গৈছে। নিৰ্দলীয় বিধায়ক হৈও সকলোকে কিনি চি.এম হোৱা মধু কোডা ছাৰৰ পৰা টিপচ লবলৈকে সম্প্ৰতি হতাশাত ভোগা শৰ্মাদা যোৱা বুলি সচেতন মহলত আলোচনা চলিছে। আন কিছুৱে আকৌ গগৈ চাৰৰ মায়েঙৰ বেজৰ ফেৰ মাৰিবলৈ তেখেতে তাত গেৰাণ্টিসহ তাবিজ দিয়া বেজৰ সন্ধানতহে এই যাত্ৰা কৰিছে বুলিও সন্দেহ প্ৰকাশ কৰিছে।
২. একেৰাহে ২৪মিনিট সময় অবিৰত বিজুতি থকাৰ বাবে বিজুলী-বাতি পৰিষদৰ ৰজা বিদ্যুতজ্যোতি বৰদলৈলৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে গেলা-গৰমত সুখ পোৱা নাগৰিক সন্থাই। ফেনৰ তলত পোৱা সুখক লৈ "সেই ২৪মিনিট" নামৰ ইতিবাচক চিনেমাও নিৰ্মাণ কৰিব বুলি নাগৰিক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিজ্ঞপ্তিত প্ৰকাশ ।
৩. নাঙল গগৈয়ে জেঠ মাহৰ মাজ পোৱাৰ পাছতো ক'তো আন্দোলনৰ কঁঠিয়া সিঁচিবলৈ আৰম্ভ নকৰাত অসমৰ সচেতন মহলত এক বিশেষ ধৰণৰ চিন্তাৰ উদ্ৰেক হৈছে। এইবৰ্ষটোত গগৈয়ে আন্দোলনৰ খেতিৰে আগৰ নিজৰ অভিলেখবোৰ ভংগ কৰিব পাৰিবনে নাই তাকে লৈও শংকা প্ৰকাশ পাইছে। আন্দোলন নাথাকিলে অসমীয়া হতাশাত ভূগিব বুলি মনস্বত্ববিদে আশংকা কৰিছে।
৫. অসমত এটি বিশেষ কুইজে এই কেইদিন সংবাদ শীৰ্ষ দখল কৰিছে। চুইছ বেংকত ধন থকা বুলি প্ৰকাশ পোৱা অসমীয়া প্ৰাক্তন মন্ত্ৰীজনৰ নাম কোনে মুখ খুলি কবলৈ সাহস কৰিব তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। পিছে কেজুভাইয়ে পেপাৰত পঢ়ি এজনক দুৰ্নীতিগ্ৰস্ত বুলি কৈ জেলত থাকিব লগা হোৱাৰ পাছতে অসমতো কোনেও নাম মুখত লবলৈ সাহস নকৰা বুলি জানিব পৰা গৈছে। সেয়ে এজনে বুদ্ধি খটুৱাই ছুইছ বেংকত ধন নথকা সকলৰ তালিকাকে প্ৰকাশ কৰি ৰাইজক "সফল মানুহজন চিনাত" সহায় কৰিব বুলিও জানিব পৰা গৈছে।
৬. বিসম্বাদ সন্দৰ্ভত আৰু বিসম্বাদী শিবিৰক লৈ ৰসাল গগৈয়ে মৌনব্ৰত পালন কৰাৰ সিদ্ধান্ত সংবাদ মাধ্যমক প্ৰকাশ কৰিছে। মাত্ৰ তেখেতৰ মনৰ কথা "খঙ উঠিলেই সকলো কৈ দিম.কম"ত প্ৰকাশ কৰিব বুলিও গোপনে জানিব পৰা গৈছে
৭. দিল্লীত "আই লভ ইউ দিল্লী পুলিচ" বুলি টি-চাৰ্ট পৰিধান কৰাৰ অপৰাধত চাৰিগৰাকী যুৱতীক মাৰপিট। নাৰী নিৰ্যাতনৰ কেচ ফাইল কৰিবলৈ যোৱা নাৰী সকলক কৰা ব্যৱহাৰৰ বাবে কেতিয়াও দিল্লীৰ লালটুপিক নাৰীয়ে ভাল পাব নোৱাৰে, সেই কথা চিৰসত্য আৰু সেয়ে এনে টী-চাৰ্টত লিখা শ্লোগান প্ৰতিবাদী আৰু ব্যংগাত্মক বুলি প্ৰশাসনে গণ্য কৰি টা-চাৰ্ট কেইটি জব্দ কৰিছে।
৮. মোদী বিৰোধী ফেচবুকত কৰা মন্তব্যৰ বাবে গোৱাৰ এজন অভিযন্তাক গোচৰ জাপি দিয়াৰ বাতৰি সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰ পাছত ফেচবুক ইণ্ডিয়াইও কেৱল মাত্ৰ মোদী-বন্দনাহে পোষ্ট কৰাত অনুমতি দিব বুলি প্ৰকাশ কৰিছে। গ্ৰাহক সকলে যাতে এনে গোচৰৰ সন্মুখীন হৈ অসুবিধাৰ সন্মুখীন হব লগা নহয়, তাৰ বাবে গ্ৰাহক সকলক সুৰক্ষা দিবলৈকে কোম্পানীটোৱে এই ব্যৱস্থা কৰিবই বুলি জানিব পৰা গৈছে।
৯. পাকিস্তান আৰু শ্ৰীলংকাই ইমান দিনে বিনা-বিচাৰে ধৰি ৰখা মাছমৰীয়া সকলক মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। নতুন প্ৰধান মন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে শপত গ্ৰহণলৈ আহোতে দুয়োখন দেশেই এনে উপহাৰ দি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে। সেই আনন্দতে দুয়োজন নেতাকে মুৰ্গী মাংসৰ বিৰিয়ানি খুওৱাটো খাটাং বুলিও দিল্লী দৰবাৰৰ পৰা গোপনে জানিব পৰা গৈছে।
১০. গান্ধী পৰিয়ালক এইবাৰ "বহু মত দো" বুলি কৰা আহ্বানক ৰাইজে নস্যাত কৰিছে। তাৰ পাছৰে পৰাই জনসাধাৰণৰ আশা আকাংক্ষালৈ সন্মান জনাই এয়াই ওপৰৱালাৰো ইচ্ছা বুলি ৰাজকুমাৰ গান্ধীলৈ বহু মানে বোৱাৰী চপাই অনাৰ সিদ্ধান্ত লোৱাৰ কথা জনপথৰ বৰঘৰত চিন্তা-চৰ্চা আৰম্ভ হৈছে। ৰাইজেও তিনিটকীয়া চাউল বন্ধ হোৱাৰ সম্ভাৱনালৈ চাই এই বিয়াখনতে এদিন দকচি খোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰা বুলি ৰাষ্ট্ৰীয় সামাজিক সংস্থাই প্ৰকাশ কৰিছে।
No comments:
Post a Comment