ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This

হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. আজি মাতৃৰ সৈতে নতুন চিনেমা "ভাগ মোদী ভাগ"ৰ শুভ-মুহূৰত চাবলৈ গৈছে ৰাজকুমাৰ গান্ধীয়েও। চোটা ভীম এৰি এনে ব'ৰিঙ কাম চাবলৈ যাবলৈ সন্মতি দিবলৈ ৰাজকুমাৰে তিনি পেকেট মনো আংকল চিপচ, দুটা ইটালিয়ান মামা চকলেট আৰু দুটাকৈ জেমচৰ পেকেট মাকৰ পৰা আদায় কৰা বুলি গোপন সূ্ত্ৰত প্ৰকাশ।

২. কাইলৈৰ পৰা পদুম পাৰ্টিৰ কৰ্মীসকলৰ ঘৰে ঘৰে খাখৰা, ফাফৰা, ঢোকলা আদি ৰাতিপুৱাৰ আহাৰ ৰূপে গ্ৰহণ কৰিব লাগিব বুলি অসম পদুম পাৰ্টিয়ে আহ্বান জনাইছে। ৰাষ্ট্ৰীয় দলৰ মূলনেতা জনৰ সৈতে সুৰ মিলাবলৈ ডিঙিৰে একেধৰণৰ খাদ্য পুৱাই পুৱাই ভক্ষণ কৰি ল'লে সুবিধা হব বুলিও খাদ্য-সংস্কৃতি বিভাগৰ সচেতকে প্ৰকাশ কৰিছে।

৩. নেতা সকলৰ দৰেই আমাৰ সাধাৰণ আমখোৱা ৰাইজকো চুইছ বেংকত টকা থোৱাৰ সুবিধা দিবলৈ সাধাৰণ গ্ৰাহক সন্থাই আহ্বান জনাইছে। চুইছ বেংকৰ একোটা শাখা প্ৰতিখন গাঁৱতে ডাকঘৰৰ সৈতে খোলাৰ ব্যৱস্থা কৰিলে গঞা ৰাইজেও গ্লোবেল বেংকিং সেৱা উপভোগ কৰিব পাৰিব আৰু খুচুৰা ক'লাধন জমা কৰি সুনিশ্চিত হব পাৰিব বুলি মত প্ৰকাশ কৰিছে।

৪. বিদায়ী মনেমনে সিঙৰ বাবে বনোৱা বাসভৱনত সংলগ্ন আছে এখনি ক্ষুদ্ৰ অৰণ্য। তাকে লৈ এয়া তেখেতবনবাস পোৱাৰ প্ৰতীকী ৰূপহে বুলি প্ৰকাশ কৰিছে অসমীয়া সাংবাদিক সন্থাই।

৫. ৰিবৰিব বতাহ চলিহাই কালি কৰা এক সংবাদ মেলত তেওঁৰ দলৰ শোচনীয় পৰাজয়ৰ কাৰণ মোদী ধুমুহা বুলি উল্লেখ কৰে। গগৈ চৰকাৰৰ দিনত অকমন্যতাৰ ক'লা ডাৱৰ, বিসম্বাদীৰ বিজুলী ঢেৰেকনীও ইয়াৰ অন্যতম সহযোগী আছিল, আৰু সেয়েই ৰিবৰিব বতাহে ভোটাৰৰ মন লৰাবলৈ সক্ষম নহ'ল বুলিও প্ৰকাশ কৰে। তেখেতে এই সকলো কাহিনী তেওঁৰ প্ৰিয় আলোচনী "ক্ৰাইম এণ্ড ডিটেক্টিভ"লৈ সত্য অপৰাধ শিতানত প্ৰকাশ কৰিবলৈ প্ৰেৰণ কৰিব বুলিও প্ৰকাশ কৰিছে।

৬. কাইলৈৰ পৰা দেশত ভাল দিন আহিব বুলি জানি দেশৰ ১২০কোটি জনতাই আজি বজাৰ কৰাটো বাতিল কৰিছে। কাইলৈৰ পৰা সকলো ৰাইজেই নমোৰাম বাচমতী চাউলৰ ভাত খাব পৰা হোৱাকৈ বজাৰত দৰ কমিব বুলিও আশা প্ৰকাশ কৰিছে।

৭. বৰোদাত মোদী চাৰৰ ভক্ত এজনে আজি শপত গ্ৰহণ উপলক্ষে "মনিশংকৰ টি ষ্টল" খুলি বিনামূলীয়া চাহ বিতৰণ কৰি সংবাদ শীৰ্ষ লাভ কৰিছে। উল্লেখযোগ্য যে সেই নামৰ এজন ৰসাল ব্যক্তিয়ে মোদীচাৰ প্ৰধান মন্ত্ৰী হব নোৱাৰেই, সেয়ে চাহ বেচিবলৈ তেওঁ এটুকুৰ ঠাই উলিয়াই দিব বুলি দম্ভালি প্ৰকাশ কৰিছিল। পিছে গণ বিধাতাই তেওঁকহে পৰাজিত কৰিলে আৰু সেয়ে তেখেতলৈ শ্ৰদ্ধা জনাই জনোৱা চাহৰ জুতি বৰোদাৰ ৰাইজে পাবলৈ সক্ষম হৈছে।

৮. চ'চিয়েল মেডিয়াত নতুন প্ৰজন্ম ইমানেই আকৃষ্ট হৈ পৰিছে যে এগৰাকী প্ৰথমবাৰৰ বাবে যঁজা সন্তানৰ মাতৃয়ে সন্তানৰ নাম "লাইক" আৰু "শ্বেয়াৰ" নামেৰে নামাকৰণ কৰিছে। পাছলৈ আকৌ সন্তানৰ মাতৃ হ'লে তেওঁৰ নাম "কমেণ্ট" ৰাখিবই বুলিও মনৰ কথা প্ৰকাশ কৰিছে।

৯. চলোমেন খানো দিল্লী পাইছেগৈ চাৰ সকলৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লবলৈ। তেখেত কিবা নিজৰ কেচ চিঙি দিবলৈ খাটনি ধৰিবলৈহে নতুন ৰজাৰ তালৈ দৌৰিছে বুলি টুটকীয়াই জনাইছে।

১০. উত্তৰ পূৱত চুলাই উদ্যোগক ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদান কৰিব লাগে বুলি দাবী তুলিলে সদৌ অসম চুলাই উদ্যোগ ব্যৱসায়ী সংঘই। কুটীৰ শিল্প বুলি একো সা-সুবিধা নোহোৱাৰ বাবে উদ্যোগ হিচাবে ইয়াক ঘোষণা কৰি নতুন চৰকাৰে "চুলাই ব্যৱসায়িক জ'ন" আদিৰ নামত পানীৰ দৰত মাটিকে দান কৰি এইসকল থলুৱা লোকক সহায় কৰিবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment