মিচা ক'লে কি ডাল হব! (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব! (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব! (হাস্য ব্যংগ)

Share This

শিক্ষা মন্ত্ৰীৰ শিক্ষা আৰু নানা ঋষিৰ নানা মত
কালি আমেৰিকাৰ "ৱাল ষ্ট্ৰীট জাৰ্নেল"ত প্ৰকাশ পোৱা বাতৰি অনুসৰি ভাৰত বৰিষৰ নকৈ বাব পোৱা শিক্ষামন্ত্ৰীগৰাকীৰ হেনো এটিও কলেজীয়া ডিগ্ৰী নাই।  দৰৱত দিবলৈকো নাই! তাকে শুনি আমাৰ গাঁৱৰ খগেন কাই তৌবা-তৌবা! উস হৰি, কলেজ ডিগ্ৰী নাইকীয়া গৰাকীও গৈ দেশৰ শিক্ষামন্ত্ৰী হৈছে, দেশৰ বাঘা বাঘা পণ্ডিত মখাক, উপাচাৰ্য মখাৰ মুৰব্বী হব। নিশ্চয় কিবা "হিডেন টেলেণ্ট" থাকিবই লাগিব, খগেন কাইৰ স্পষ্ট মত!
আচলতে আমাৰ গাঁৱৰ ফালে মেট্ৰিক পাছটোক স্কুলীয়া ডিগ্ৰী বুলি বুজে, আৰু হায়াৰ চেকেণ্ডেৰীটো কলেজীয়া ডিগ্ৰী! পিছে গগৈ চাৰে বাৰে বাৰে সোঁৱৰাই থকাৰ দৰেই আমেৰিকাত আকৌ দ্বাদশ মানটো স্কুলতে ধৰে নহয়! তাকে লৈ এতিয়া দলা-দলিৰ অন্ত নাই! কোনোৱে বোলে নাক কাটিলে, কোনোৱে বোলে গৌৰৱৰ কথাহে! এতিয়া তাকেই লৈ খগেনৰ দৰে কমন মেন,  উলা-মূলা মানুহে উৰহী গছৰ ওৰ বিচাৰি পোৱাই টান হৈ পৰিছে! ভাগ্যে টুইটাৰটোৱে জ্ঞান বিলাই আছে বুলিহে!

বাইদেউ গৰাকীয়ে বোলে বি.কম পাট-১ পাছ বুলিও কৰবাত শপতনামা দিলে ২০০৯ত। "নমো-নামা" কিতাপ লিখা বাইদেউ এগৰাকীয়ে টুইট কৰিছে বোলে, পাৰ্ট-১ পাৰ্ছ ডিগ্ৰীটোৰ নাম প্ৰথম শুনিলো! 

পাছত ওলাল বোলে মন্ত্ৰী মহোদয়াই বিগত ২০০৪ত জমা কৰা শপত নামাত বি.এ পাছ বুলিয়েই লিখি দিছিল! তাকে লৈও এতিয়া হুলস্থুল। খেনোৰ মতে পঢ়া শুনা নকৰা বাবেই তেওঁৰ সঁচাই অৰ্হতা নাই! খেনোৰ মতে আনুষ্ঠানিক শিক্ষা নাথাকিলেও চলাই দেখুৱাব, চাই থাকা!

কাৰোবাৰ মতে বেছি নপঢ়াতো হেনো আচল জগৰ নহয়, কিন্তু শপত নামাত কিয় ভুলকৈ দিছে, সেইটোহে হেনো ডাঙৰ অপৰাধ! সংবিধানেই অশুদ্ধ হোৱা ধৰণৰ!

পিছে আমাৰ খগেন কাইটিয়ে বেলেগ এটা কথালৈ আঙুলিয়াই দিছে, বোলে এই এফিট-এফিড বোলা কাগজখন কেতিয়া দিয়ে বাৰু? বোলে বিয়াৰ প্ৰমাণ পত্ৰ নাই, দি দিয়া এফিড-এফিড! বোলে জন্মৰ প্ৰমাণ পত্ৰ নাই, দি দিয়া এফিড-এফিড!

সেয়েই আৰু, পঢ়া শুনা পাছ কৰাৰ চাৰ্টিফিকেট নাই! দি দিয়া এফিড-এফিড! চাবলৈ গ'লে খগেন কাইৰ ফৰ্মূলাটোও কোনেও নুই কৰিব নোৱাৰে। নাই কাৰণেহে এফিড-এফিড দিছে! নোহোৱা বস্তুটোক লৈ আকৌ বিতৰ্ক কিহৰ, অপৰাধ কিহৰ? হয়তোন কথাটি!

ৰাজকুমাৰ গান্ধীয়েও এম ফিল কৰানে নকৰা এফিড-এফিডহে দিছিল। তাকে লৈ দেশৰ চ'চিয়েল মেডিয়া, টিভিৰ পৰ্দা কঁপাইছিল আমাৰ বিলাত ফেৰত, হাৰ্ভাডত অধ্যাপনা কৰি জ্ঞানেৰে পকি থকা ডঃ সুবুমনিয়াম চাহাবে! পিছে এতিয়া তেওঁ জইন কৰা দলটোতে তেওঁৰ হাৰ্ভাড ফেৰত বিদ্যাক এলাগী কৰি দ্বাদশ শ্ৰেণী সফলতাৰে পাছ কৰা এগৰাকীক শিক্ষা মন্ত্ৰী পাতি দিলে। এতিয়া সুবুমনি চাৰ হেনো নিৰুদ্দেশ! হবৰ কথাও, লাজ-মান বুলি কথা এটা আছে দিয়কচোন।

এগৰাকীয়ে মজা লবলৈ টুইট কৰিছে বোলে, বিলাতফেৰত সুবুস্বামী থাকোতে দ্বাদশ পাছ বাইদেউৱে চাকৰিটো পোৱাতো, দেশৰ মুখত নহয়, সুবুস্বামীছাৰৰ মুখতহে এক বিৰাট তামাছা!

এতিয়া আমাৰ দেশৰ বেলেগ বেলেগ চিন্তাশ্ৰমৰ ঋষি সকলে দিয়া মত এই বিষয়টোত আলোচনা কৰিবলৈ বিচাৰিছো। আমাৰ বংগমূলৰ স্বুপন দাসগুপ্তা নামৰ তৃণবন পাৰ্টিৰ দাদাজনে মন্ত্ৰী বাইদেউৰ সপক্ষে মত দি কৈছে। বাংলাৰ গৌৰৱ, বিশ্বৰ গৌৰৱ, বিশ্ব কবি ৰবীন্দ্ৰ নাথে কিমান পঢ়িছিল আপুনি জানে! উৰি..বাবা স্বুপন বাবু... আনুষ্ঠানিক শিক্ষা বেছি নোলোৱা সকলো কবিগুৰু হৈছে নেকিহে! টুইট কৰাৰ আগতে ভাবি চোৱা ভালহে!

এজন ঋষি ৰবি ৰঞ্জনে কৈছে, বোলে পঢ়া শুনা ডিগ্ৰী থকা মানুহ যদি শিক্ষা মন্ত্ৰী লাগে, তেন্তে প্ৰতিৰক্ষা মন্ত্ৰী হবলৈ সাতডাল ব্ৰেক বেল্ট পোৱাৰ অৰ্হতা বিচাৰক!

পদুম পাৰ্টিৰ এজনে কৈছে, ৰিমট লৈ খেলা কৰা ছোনি মেডামে কিমান পঢ়া আছিল বা! বোলে ৰামে কল খাইছে, শ্যামে হবলা খোৱা নাই ধৰণৰ নহয়নে বাৰু কথাটো।

এজাক ঋষিৰ মতে আমেৰিকাৰ বিল গেটছ, ভাৰতৰ গৌৰৱ আম্বানী, ভাৰ্জিন এয়াৰ লাইনছৰ মালিকজনা, আদানীৰ মূল মালিক সকলো হেনো আধা পঢ়া। ঋষিসকলৰ মতামতে এটা পৰ্যায় পাও পাও যেন, পঢ়া শুনা নকৰা বাবেহে এইসকল মহান হ'ল। এতিয়া দ্বাদশৰ বেছি পঢ়া সকল মাত্ৰ পঢ়ি পঢি় অকালবৃদ্ধহে হবগৈ! না বিল হব পাৰিব, না আম্বানী! পিছে স্কুল এৰাৰ সংখ্যা বিশ্বত কেইবাকোটি কিন্তু বিল, আম্বানী, আদানী দাইটি এজন এজন কিয়, তাৰ উত্তৰ কিন্তু এই অন্ধ নে ভণ্ড ঋষি সকলে নিদিয়ে!

এজনৰ মতে বাইদেৱে পাৰ্ট-১ পাছ কৰিয়েই দেশৰ কেবিনেট শিক্ষামন্ত্ৰী হৈছেগৈ। তাকো নিজৰ প্ৰতিভাৰ জোৰত! আৰু দুশ্ৰেণীমান পঢ়ি লোৱা হ'লে বোলে ইণ্ডিয়া চেৰাই গৈ ইউনেস্কৰ দ্বায়িত্ব ললেগৈ হয়। তেতিয়াটো তেওঁৰ সেৱাৰ পৰা দেশ বঞ্চিতই হ'লহেতেন! এতিয়া পাইছাযে শুকুতাকে মুকুতা বুলি মানি লোৱা! দেশৰ জীয়াৰী, ইটালীৰ নহয়... ইস আঁচোৰ এটা মাৰি নকলে নহয়েই যেন!

এজনৰ মতে আকৌ তেওঁ শিক্ষামন্ত্ৰীৰ ৰূপটো ভালেই এক্ট কৰিব, বাইদেউ জানো দেশৰ চিৰিয়েলৰ নাম্বাৰ ৱান এক্টৰ নহয়! তেওঁ মন্ত্ৰী হোৱাৰ ভাও ধৰিহে যাব লাগে পুতলা নাচ পি.এম.অৰ পৰাহে চলিব! কথাটোও চাবলৈ গ'লে পেংলাই কৰি দিব নোৱাৰি।

বুজিছে, নানা মুনিৰ নানা মত! সেইবুলিয়ে আপোনাৰ সতি-সন্ততিক নপঢ়িলেও হব, নিজ গুণে উন্নতি কৰি লবি বুলি নকব! লাগিলে মহান হবলৈ সক্ষম হোৱা এনে আধাতে শিক্ষা এৰা সকলৰ তলতে পাছলৈ ভাতমুঠি জোগাৰ কৰি গেবাৰি খাটক, তথাপি সতি-সন্ততিক যিমান পাৰি আনুষ্ঠানিক শিক্ষা লবলৈ কওক। পাৰিলে সৰ্ব-ভাৰতীয় পৰীক্ষা দি আই.আই.টিকে পাওক, লাগিলে আই.এ.এছেই হওক। লাগিলে চাকৰি বাদ দি দেশসেৱাৰ চেষ্টা কৰি
"কেজৰীৱালেই হওক", আৰু কিছু ঋষিয়ে পেংলাই কৰি "ইমান পঢ়িও মেনেজ মাষ্টাৰ নোহোৱা বাবেই অকেজু বুলিয়ে কওক!"

অভিভাৱক সকল সেইবোৰলৈ কান নিদিব। পঢ়ক, পঢ়াওক, ভাল মানুহ বনাওক!

No comments:

Post a Comment