লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. প্ৰতিবাদী অসমত সম্প্ৰতি নকৈ গঢ় লোৱা প্ৰতিমূৰ্তিৰ বজাৰখনত নামনিৰ ফালে হাইদ্ৰামা, পৰমিলা আদি পুতলাৰ চাহিদা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। কিন্তু বিগত এটা দশকৰ দৰে গগৈদেউৰ প্ৰতিকৃতি খেৰৰ জুমুঠিৰ চাহিদা কমক চাৰি দিনক দিনে বৃদ্ধি পোৱাতহে বেপাৰী সন্থাই শংকা প্ৰকাশ কৰিছে। ইলেকচনৰ ৰিজাল্ট ওলোৱাৰ দিনাৰ বাবে খোদ হাতোৰা পাৰ্টিৰ কৰ্মীয়েই চাৰৰ পুতলাৰ বাবে আগতীয়াকৈ বুকিং কৰাৰো গোপন তথ্য জানিব পৰা গৈছে।

২. মন্ত্ৰীত্বৰ সঘন সপোনে আমনি কৰা বয়োজ্যেষ্ঠ নেতা গুঞ্জন দত্তই কালি টিভি মাতি গৰ্জন কৰাৰ খবৰ পোৱা গৈছে। তেখেতৰ মতে খোদ গাওঁবুঢ়া গগৈৰ পাখি কাটিব বিচৰা সকলৰ পাখি কাটি বুঢ়া কালতো উৰাৰ সপোন দেখা তেখেত সকলৰ দৰে চিৰ-যৌৱনা অন্তৰৰ গৰাকী সকলক মন্ত্ৰী পাতিলেহে ৰাজ্যত শান্তি বিৰাজ কৰিব বুলিও অভিমত প্ৰকাশ কৰিছে।

৩. গৰমত দিনত বিজুলীয়ে কেতিয়াবা কেতিয়াবা ভুমুকি মৰাৰ দৰেই কালি বহুদিনৰ মূৰত হঠাত বিজুলী-বাতি মন্ত্ৰীয়ে ৰাইজৰ সমুখলৈ বুলি ওলাই আহি দুৱাষাৰ কথাকোৱাত ৰাজ্যৰ সাধাৰণ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। লাইট জ্বলাব নোৱাৰা মানুহেও এনেকৈ কেতিয়াবা কথাৰ ফুলজাৰিকে জ্বলালেও গৰমত দেহা-জ্বলা ৰাইজৰ অন্তৰে অকন শান্তি পায় বুলিও মন্ত্ৰীজনৰ প্ৰতি অনুভৱ প্ৰকট কৰিছে।

৪. নগাঁৱত পৰকীয়া প্ৰেমত পকি সৰি পৰা এগৰাকী যুৱক আৰু মহিলাই একেখন উৰ্ণাৰে চিপ লোৱাৰ খবৰ বাতৰিত প্ৰকাশ পাইছে। তাকে শুনি মহাকৃপন দেৱাদাৰু শৰ্মাই একেখন উৰ্ণাতে দুজন উলমি দিয়াটো মিতব্যয়তীয়াৰ এক চূড়ান্ত নিদৰ্শন আৰু সমাজে এই পাঠ আওৰাব লাগে বুলিও মন্তব্য প্ৰকাশ কৰিছে।

৫. বাৰ বছৰীয়া কিশোৰক চুৰি কৰাৰ অভিযোগত প্ৰচণ্ড মাৰপিট কৰি ৰঙিয়া থানাৰ বিষয়া এজনে সংবাদ শিৰোনামা পোৱাত সফল হৈছে। তেখেতে নিজৰ কৃৰ্তিত্বক ৰাষ্ট্ৰীয় স্তৰলৈ নিয়াৰ উদ্দেশ্যে সত্তৰ বছৰীয়া বৃদ্ধা আইতাককো প্ৰহাৰ কৰাৰ দৰে বীৰত্ব দেখুওৱা বুলিও প্ৰকাশ পাইছে। ফলত ৰাইজে থানা ঘেৰাও কৰি বিষয়াজনক ঠাইতে সঠিক পুৰস্কাৰ দিবলৈ বিচৰা বুলিও প্ৰকাশ পাইছে। পিছে ৰাইজৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰি বিষয়াজনে আত্মগোপন কৰাতহে ৰাইজে দুখ প্ৰকাশ কৰিছে।

৬. মাজুলী প্ৰশাসনে বিষয়া অবিহনেই বিভিন্ন বিভাগ চলাই থাকি এক বিশেষ অভিলেখৰ কৃৰ্তিত্ব লভিবলৈ সক্ষম হৈছে। বিনা খৰছত বিভাগ চলোৱাৰ বাবে মাজুলী প্ৰশাসনক অৰাজক.কম নামৰ ৱেবচাইটে আটাইতকৈ মিতব্যয়ী মহকুমাৰ সন্মান আগবঢ়াবলৈ লোৱাৰো খবৰ প্ৰকাশিত হৈছে।

৭. পলাশবাৰীত নিৱনুৱা সংস্থা এটা ভংগ কৰি দিয়াৰ বাতৰি পোৱা গৈছে। মোদী চাৰ প্ৰধান মন্ত্ৰী হবই বুলি এগজিট পোলৰ সমীক্ষাত দেখিয়েই ৰাইজে বিকাশ আহিব, সকলোৱে চাকৰি পাবই গতিকে নিবনুৱা সংস্থাৰ কি প্ৰয়োজন বুলিয়েই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। পিছে স্থানীয় টেট শিক্ষক সকলে এনেদৰে অধিক উতসাহ প্ৰদৰ্শন কৰাটো অনুচিত বুলিহে মন্তব্য আগবঢ়াইছে।

৮. নিৰ্বাচনৰ ভোট দিয়া প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগেই দেশবাসীলৈ ডিজেলৰ এটকীয়া মূল্যবৃদ্ধি এটি কালি উপহাৰ দিছে। এই ক্ষুদ্ৰ উপহাৰটো গ্ৰহণ কৰি অনাগত দিনত ডাঙৰ ডাঙৰ এনে উপহাৰ লাভ কৰিবলৈ সাজু হবলৈ ৰাইজক আহ্বান জনাইছে। বেপাৰী সংঘয়ো নিৰ্বাচনত কৰা খৰছ উদ্ধাৰ কৰা অভিযান অচিৰেই আৰম্ভ কৰিব বুলি প্ৰকট কৰিছে।

৯. তেজপুৰৰ নাৰ্ছ সন্থাই আত্মৰক্ষাৰ বাবে বিচাৰিলে মৰণাস্ত্ৰ। বেমাৰ-আজাৰ মন্ত্ৰীয়ে গগৈ ছাৰৰ গাদী ওফৰাব পাৰিবলৈ আশীষ কৰিলেহে এইয়া পোৱাতো সম্ভৱ হব বুলিও নাৰ্ছ সন্থাৰ এগৰাকী বিষয়-ববীয়াই মত প্ৰকাশ কৰিছে। হাতত বেজী, কঁকালত পিষ্টল লৈ নাৰ্ছ সকলে ৰোগ আৰু দুৰ্বৃত্তৰ সতে সমানে যুঁজ দিব পাৰিব বুলি নাৰ্ছ কনকলতা গগৈয়ে দৃঢ়তা প্ৰকাশ কৰিছে।

১০. ধুবুৰীত জুৱাৰ বজাৰত ফেভাৰিট ৰূপে অগৰুদ্দিন চাহাবেই পৰিগণিত হৈছে। বিজিনেচত বিজি থকাৰ বাবেই যোৱাবাৰ ভালকৈ ৰাইজে সেৱা কৰিব নোৱাৰাৰ বাবে অহা পাঁচ বছৰো তেওঁক সুবিধা দিবলৈ বুলি চাহাবৰ ফেন ক্লাৱে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment