পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিজন বনকৰ্মীলৈ আগবঢ়োৱা হৈছে দেশৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে "ছেভ আছ হেমচন্দ্ৰ মহিন্দ্ৰা ফাউণ্ডেচন বঁটা"। দেশৰ মুঠ ১৬গৰাকী বনকৰ্মীলৈ আগবঢ়োৱা এই বঁটা কঁহৰাৰ বনকৰ্মী ৰূপক ভূঞা, হাতী মাউত কিৰণ ৰাভা আৰু নাওচালক অনিল চেতিয়ালৈকো আগবঢ়োৱাৰ সুখবৰ। অহা ২৩মে'ত ৰাজস্থানৰ ৰনথাম্বৰ টাইগাৰ ৰিজাৰ্ভত এই বঁটা প্ৰদান কৰা হব। বঁটাৰ লগতে নগদ ৫০হাজাৰকৈ টকাও প্ৰদান কৰিব বুলি ফাউণ্ডেচনটোৰ প্ৰতিষ্ঠাপক অশোক মহিন্দ্ৰাই প্ৰকাশ কৰিছে।

২. কালি গুৱাহাটীত বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীক প্ৰদান কৰা হয় ২০১৩ বৰ্ষৰ অসম উপত্যাকা সাহিত্য বঁটা। এই বঁটা প্ৰদান কৰিলে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত গোৱাৰ সাহিত্যিক দামোদৰ মাউজোৱে। উলিয়ামছন মেগৰ ন্যাসে এই বঁটা আগবঢ়াই আহিছে।

৩. আজি অনুষ্ঠিত হব ২০সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাৰ  দুয়োখন ছেমিফাইনেল। মণিপুৰ-দিল্লীয়ে বোকাখাতত আৰু ওড়িষা-ঝাৰখণ্ডে গোলাঘাট ষ্টেডিয়ামত ছেমিফাইনেল খেলত অৱতীৰ্ণ হব।  ফাইনেলখেলখন ১২মে'ত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে। 

৪. এমাহৰো বেছি সময় খালী হৈ থকা ছেৱাৰ অধ্যক্ষৰ পদত কালি ৰাজ্য চৰকাৰে কৰ্মচৰাৰী বিভাগৰ যুটীয়া সচিব জাভাদী ভি নাগা সুব্ৰমণিয়ক নিযুক্তি প্ৰদান ৰিছে। তেখেতে লগতে তথ্য-প্ৰযুক্তি বিভাগৰো যুটীয়া সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰি থাকিব।

৫. অহা ১৭মে'ত মুম্বাইৰ হোটেল তাজ পেলেচত আয়োজিত হৈছে "কালাৰ্ছ অৱ নৰ্থ-ইষ্ট" শীৰ্ষক এক অনুষ্ঠানৰ। উত্তৰ-পূৱৰ সাংস্কৃতিক সম্পদক বলিউদত স্থান দিয়া, পৰ্যটন, উদ্যোগ আদিৰ ক্ষেত্ৰৰ বাবে উদ্যোগী সকলক আকৰ্ষণ কৰাৰ লক্ষৰে মুম্বাইৰ প্ৰায় তিনিশ গৰাকী বচা বচা উদ্যোগপতি, শিল্পী, তাৰকা তথা বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰে এই আয়োজন কৰা হৈছে বুলি মুখ্য-আয়োজক শ্যামকানু মহন্তই জনাইছে। এই সন্ধিয়াটোত উত্তৰ-পূৱৰ তাৰকা শিল্পী জুবিন, গুৰু ৰিউবান মাছংভাৰ গীত, ডিজাইনাৰ য়ানা নগবা, গৰিমা শইকীয়া গাৰ্গ, বিৰাজ ডেকাৰ সৃষ্টিৰ প্ৰদৰ্শিত হব। ৰেম্পত আন বাৰগৰাকী মডেলৰ সৈতে খোজ দিব আদিল হুছেইন, মেৰী কম আৰু জন আব্ৰাহামেও। অতিথিসকলক উত্তৰ-পূৱৰ পৰম্পৰাগত খাদ্যৰে আপ্যায়ন কৰাৰো ব্যৱস্থা কৰা হৈছে।

৬. ডাইনী হত্যা তথা অন্ধ-বিশ্বাস কু-সংস্কাৰৰ বিৰুদ্ধে সচেতনতাৰ বাবে আৰম্ভ কৰা "মিচন বীৰুবালা"ই শিক্ষানুষ্ঠানসমূহতো ইয়াৰ কোষ খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ডিব্ৰুগড় জিলাৰ ডিব্ৰু কলেজ, চাবুৱা  কলেজ আৰু ফিল'বাৰী কনিষ্ঠ মহাবিদ্যালয়ত এনে কোষ স্থাপিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো এনে কোষ স্থাপনৰ প্ৰস্তুতি চলোৱা বুলি কালি বিশ্ববিদ্যালয়খনিৰ ৱমেন ষ্টাডি চেণ্টাৰত এই আলোচনাচক্ৰত অংশ লৈ বীৰুবালা ৰাভাই ঘোষণা কৰিছে।


৭. নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সৱল চৰকাৰৰ বাবে পূৰ্ণ জনমত পাব বুলি সমীক্ষা বিভিন্ন মহলে প্ৰচাৰ কৰাৰ ফলতে শ্বেয়াৰ মাৰ্কেটত ছেনছেক্সে নতুন অভিলেখ গঢ়াৰ দিশত আগবাঢ়িছে। কালি ২২৯৩৪ সূচকাংক পৰ্যন্ত ছেনছেক্স উৰ্ধগামী হোৱাৰ খবৰ পোৱা গৈছে।

৮. লখিমপুৰৰ এগৰাকী প্ৰবীণ সাংবাদিক নন্দ কিশোৰ মহেশ্বৰীৰ ৬৬সংখ্যক জন্মদিনটো কালি নৰ্থ-লখিমপুৰ প্ৰেছ ক্লাৱে "ভাস্কৰ্য আৰু শিল্পীৰ দিন" হিচাপে উদযাপন কৰে। সেই উপলক্ষে অনুষ্ঠিত হয় "ওপজা দিনৰ ৰহঘৰা" নামৰ এটি হাস্যমধুৰ অনুষ্ঠানৰ উপৰি চিত্ৰাংকন প্ৰতিযোগিতাও।

৯. সংগীত নাটক অকাডেমি, নতুন দিল্লীৰ উদ্যোগত গুৱাহাটীৰ শিল্প-সাংস্কৃতিক অনুষ্ঠান "বা"ই আয়োজন কৰা এটা ২৫দিনীয়া আৱাসিক নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠান অহা ১৩মে'ত শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰত আয়োজিত হৈছে। এই অনুষ্ঠানতে কলাক্ষেত্ৰক শীত-তাপ নিয়ন্ত্ৰিত আন্তৰ্জাতিক অভিবৰ্তন কেন্দ্ৰত "সোণসেৰীয়া সপোন" নামৰ নাটকখনি সন্ধিয়া ৬-৩০বজাৰ পৰা অনুষ্ঠিত হব। নাটখনৰ সংগীতৰ ৰচনা আৰু পৰিচালনা অনুপ হাজৰিকাৰ আৰু পোহৰ-পৰিকল্পনা ডঃ মৃণালজ্যোতি গোস্বামীৰ ।

১০. 
আগন্তুক এছিয়ান গেমছ আৰু বিশ্ব ভাৰত্তোলন প্ৰতিযোগিতাৰ বাবে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবৰ বাবে পাটিয়ালাত চলি থকা প্ৰস্তুতি শিবিৰত অংশগ্ৰহণ কৰিছে অসমৰ দুগৰাকীকৈ খলুৱৈয়ে। ৪৮কেজিৰ শাখাত মনালিছা সোনোৱাল আৰু ৬৯কেজিৰ শাখাত স্বপ্নাপ্ৰিয়া বৰুৱাই প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সুখবৰ।

১১. সপ্তম বৰ্ষত ভৰি দিয়া এইবাৰৰ আই.পি.এলত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে পেপছিয়ে ২৬বছৰৰ তলৰ, পাঁচখনকৈ কম আন্তঃৰাষ্ট্ৰীয় খেল খেলা বা ২৫খনতকৈ কম আই.পি.এল খেল খেলা শ্ৰেষ্ঠ প্ৰতিভাবানজনক চিনাক্ত কৰি দহ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ আগবঢ়াব বুলি ঘোষণা কৰিছে।

১৩. প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশত প্ৰদেশ কংগ্ৰেছৰ সাহাৰ্য আৰু পুনঃসংস্থাপন বিভাগৰ এটা দলে শেহতীয়াকৈ সংঘৰ্ষ জৰ্জৰিত অঞ্চলত বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰণ কৰে । আনফালে ছোনিয়া গান্ধীৰ নিৰ্দেশত বিটিএডিৰ স্থিতি বুজ লবলৈ গঠিত হ'ল কংগ্ৰেছৰ প্ৰতিনিধি দল। চি.পি.যোশী আৰু কে ৰহমান খান এই দলৰ নেতৃত্বত থাকিব বুলি দলীয় সূত্ৰত প্ৰকাশ।

১৪. গুৱাহাটীত কৃত্ৰিম বান বিষয়ত জিএমডিএ আৰু গুৱাহাটী পৌৰ নিগমক প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিলে বিভাগটোৰ দ্বায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে। আজি পুৱা তেখেতে মহানগৰীৰ কৃত্ৰিম বান পৰিদৰ্শন কৰাৰ বাবেও গনেশগুৰি, জুৰোড আৰু ভৰলুত উপস্থিত হয়হি বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

১৫. কালি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড সংঘটিত কৰা নৈশ চকীদাৰ কিৰো মেচক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। স্নাতকোত্তৰ শিক্ষাৰ্থী ডাঃ সৰিতাৰ হত্যাকাণ্ডই জোকাৰি যোৱা ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে কৰ্মবিৰতি ঘোষণা কৰিছে আৰু নিৰাপত্তা প্ৰদানৰ দাবী তুলিছে। স্বাস্থ্যমন্ত্ৰীক ঘটনাস্থলীলৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰো বাতৰি আহিছে।

১৬. শেহতীয়াকৈ বিটিএডিত হোৱা নৰ-সংহাৰত পিতৃ-মাতৃ-অভিভাৱকক হেৰুওৱা শিশুসকলৰ দ্বায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আৰু সেই উদ্দেশ্যে অভিভাৱকহীন শিশু সকলক ৰাজ্যিক শিশু গৃহলৈ অনাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

১৭. উচ্চতম ন্যায়ালয়ে এক ৰায়যোগে বিডিঅ' নিযুক্তিত থকা বাধা আঁতৰ কৰিছে আৰু অচিৰেই অসমত ৬৪গৰাকী নতুন খণ্ড উন্নয়ন বিষয়াৰ নিযুক্ত হব বুলি সংবাদ প্ৰকাশ পাইছে। 

No comments:

Post a Comment