পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. এবছৰ বিৰতিৰ পাছত ভক্তৰ বাবে প্ৰখ্যাত কেদাৰনাথ মন্দিৰটৌৰ দুৱাৰ কালি অক্ষয় তৃতীয়াৰ পবিত্ৰ আগমনৰ প্ৰাক-মুহূৰ্ততে আজি মুকলি কৰা হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱভক্তৰ অন্যতম আকৰ্ষণ স্বৰূপ মন্দিৰটো যোৱাবছৰ হঠাত হোৱা বানৰ ধ্বংসলীলাৰ পাছৰে পৰা বন্ধ হৈ আছিল। হিন্দু ভক্ত সকলৰ চাৰি ধাম যাত্ৰাৰ অন্যতম অংশ এই মন্দিৰটোৰ দ্বাৰ পুনৰ মুকলি হোৱাকলৈ তীৰ্থযাত্ৰী সকলৰ মাজতো প্ৰৱল আনন্দৰ ঢৌ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
২. ৰাজ্য চৰকাৰৰ স্পষ্ট কৰি দিয়া মতে যোৰহাট আৰু বৰপেটা চিকিতসা মহাবিদ্যালয়ৰ স্বীকৃতি মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই বাতিল কৰা নাই। বৰং আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰাৰ বাবে চৰ্ত আৰোপহে কৰিছে। যদি অনতিপলমে এই আন্তঃগাঁথনি যথাযথ কৰি তোলা নহয়, তেতিয়া পৰবৰ্তী শিক্ষাবৰ্ষৰহে নামভৰ্তি বাতিল হব পাৰে বুলি সংবাদ প্ৰকাশ পাইছে।

৩. গুৱাহাটী মহানগৰীত অনুজ্ঞা-পত্ৰ বিহীন বিবাহ ভৱন বন্ধ কৰাৰ বাবে জাৰি হৈছে নিৰ্দেশ। গুৱাহাটী পৌৰ নিগম এলেকাৰ ভিতৰত ব্যৱসায় অনুজ্ঞা পত্ৰ নথকা বা পৌৰ নিগমৰ নীতি অনুসৰি স্থাপিত নকৰা অথবা যান-বাহন আৰক্ষী অধীক্ষকৰ অনুমতি নোহোৱা বিবাহ ভৱন এতিয়াৰ পৰা চলিব নোৱাৰিব বুলি জানিব পৰা গৈছে।

৪. বিটিএডিৰ শেহতীয়া নৰসংহাৰৰ ঘটনাৰ তদন্তৰ ভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(নিয়া)ক দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। ঘটনাত উদ্বিগ্ন ৰাজ্যপালে বিটিএডিৰ সমস্ত অবৈধ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ বাবে ব্যৱস্থা লবলৈ আৰু ইয়াৰ বাবে ঘৰে ঘৰে তালাচী চলাবলৈকো প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে। উদ্বিগ্ন ইউ.পি.এৰ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰধান মন্ত্ৰী মনমোহন সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক সঠিক ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়া বুলি বাতৰি প্ৰকাশিত হৈছে।

৫. সুপ্ৰসিদ্ধ নাৰায়না হস্পিতালে এতিয়া ৩৫০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলি হস্পিতেল ৰূপে আমিনগাঁৱৰ তোলাৰাম বাফনা অসামৰিক চিকিতসা মহাবিদ্যালয়ত সেৱা আৰম্ভ কৰিছে। ৭০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক, চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ, জীৱিত মুক্তিযুঁজাৰু সকলৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকললৈ বিশেষ সেৱা আগবঢ়াইছে। সবিশেষ হেল্পলাইন ৮৮১১৮৮৮৮৮৮ নম্বৰত ফোন কৰিও জানিব পৰা যাব বুলি প্ৰকাশ কৰিছে।

৬. নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত আজি নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি আয়োজিত হৈছে এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ। এই পৰীক্ষা শিবিৰ পৰিচালনা কৰিছে যোৰহাট লায়নচ্ আই হস্পিতেলে।

৭. বিংশতিতম ৰাষ্ট্ৰীয় মহিলা ফুটবলৰ ডিব্ৰুগড়ৰ জালান আউটড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ছিকিমক ২-১গ'লত পৰাজিত কৰি গ্ৰুপ চিৰ পৰা দিল্লী দলে ছেমি-ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। কালিৰ খেলত ৰেল'ৱে, ছ্ত্তীশগড় আৰু মনিপুৰেও নিজৰ গ্ৰুপৰ খেলত জয়লাভ কৰাৰ সুখবৰ।

৮. অষ্টম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ৰোল-বল প্ৰতিযোগিতাখন অহা ২৩-২৫ মে'লৈ সোণাপুৰৰ টেপেচীয়া ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হব। অসম ৰোল বল সন্থাই অসম দলৰ বাবে অহা ১০-২২ মে'ত এক বাচনি শিবিৰৰো আয়োজন কৰিছে আৰু অসমৰ প্ৰশিক্ষক ৰূপে প্ৰভাকৰ ৱাডেকাৰক নিযুক্ত কৰা বুলিও জানিব পৰা গৈছে।

৯. গুৱাহাটীত চলি আছে পি চি বৰুৱা শিশু দবা ২০১৪ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিংৰ এখনি দবা প্ৰতিযোগিতা। বিভিন্ন বিদ্যালয়ৰ শিশু সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ এতিয়ালৈকে ষষ্ঠ ৰাউণ্ডৰ খেলৰ সমাপ্তি হোৱা বুলিও জানিব পৰা গৈছে।

১০. গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ভূপেন মহন্ত স্মৃতি জি এছ এৰ "এ ডিভিজন" ক্ৰিকেটৰ ফাইনেলত কালি গুৱাহাটী টাউন ক্লাৱে অংকুৰজ্যোতিৰ বিৰুদ্ধে ২২ৰাণত বিজয় সাব্যস্ত কৰি চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। নয়ন ডেকা মেন অৱ দ্য মেচৰ লগতে প্ৰতিযোগিতাখনিৰো শ্ৰেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয়।

No comments:

Post a Comment