লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. "হত্যাইহে আনিব প্ৰগতি" নামৰ নাটক এখনে নামনি অসমত চাঞ্চল্যৰ সৃষ্টি কৰাৰ দুখৰ খবৰ। নাটখনৰ প্ৰযোজনা হাইড্ৰামাৰ নে কম-ড্ৰামা গোটৰ একো ঠিৰাং কৰিব নোৱাৰি সদৌ অসম জ্যোতিষী সন্থা শলঠেকত। কিমান নৰবলি দিলে "ৰাজ্য" নামৰ সোণৰ কণী পৰা হাঁহ এটা পাব তাকে লৈয়ো নিশ্চিতি দিব নোৱাৰি জ্যোতিষী সন্থাৰ ৰাজনৈতিক বিভাগৰ দুখ প্ৰকাশ।

২. কাজিৰঙাত এটা মাত্ৰ গঁড় নিধনক সংবাদ শিৰোনামা দিয়াক লৈ হাবি-বন মন্ত্ৰী নাৰাজ। নুন্যতম পাঁচটা গঁড় হত্যা হলেহে সৰু নিউজ একোট কৰিব লাগে বুলি কৈ স্বভাৱজাত সুৰত কালি তেখেতে গঁড়ৰ সংখ্যা বৃদ্ধি হোৱা বুলি দাবী কৰে। পিছে এই স্থান কাজিৰঙা নে স্বৰ্গতহে খৰ্গ কটা গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে তাকে লৈ তেখেতে কোন মত প্ৰকাশ নকৰাত প্ৰকৃতি প্ৰেমী সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে।

৩. "খিচিৰি ভাষা কোৱাৰ আনন্দ" নামৰ পুথিখন অহা বছৰৰ পৰা দুটা দশকৰ বাবে দশম শ্ৰেণীৰ  দ্ৰুতপাঠ্য ৰূপে প্ৰচলনৰ সিদ্ধান্ত সদৰী কৰিছে লিখা-পঢ়া বিভাগে। "কিতাপ পঢ়াৰ আনন্দ" নামৰ পুথিখনৰ ঠাইত টিভি চাই ভাষা শিকা আৰু খিচিৰি খাই খিচিৰি ভাষা কোৱাৰ আনন্দ লোৱা বিষয়ক এই কিতাপখন নৱ-প্ৰজন্মক উপহাৰ দিবলৈ পাই নিজকে ধন্য মানিছে বুলিও মন্ত্ৰী শৰ্মাই নিজে খোদ টুইটাৰ যোগে প্ৰকাশ কৰিছে।

৪. অসমতো হাতোৰা পাৰ্টিৰ বিধায়িকাৰ ঘৰত খেলিমেলি লাগিছে, তৃতীয় পুৰুষৰ আগমনৰ বাবেই এতিয়া দ্বিতীয় পুৰুষক জেললৈ পঠিয়াব লগা হোৱাৰ দৰে ঘটনা ঘটিছে। তাৰ কাৰণ বিচাৰি নখ বাচনি মাৰোতে দ্বিগ-বিজিত সিঙৰ দৰে প্ৰেমময় মানুহ অসম প্ৰদেশৰ তত্তাৱধায়ক হোৱাৰ পিছৰে পৰাই এনে পৰকীয়া পীৰিতি বৃদ্ধি পাইছে বুলি সদানন্দ বেজে দাবী কৰিছে।

৫. নিৰীহ মানুহৰ তেজ দেখি থাকিব নোৱাৰা হৈছে, ষড়যন্ত্ৰৰ উমান পাইছে। আপুনি যদি  কোনো সামাজিক সংস্থাৰ লগত জড়িত, তেন্তে গৰিহণা দি বিজ্ঞপ্তি লিখিবলৈ আৰম্ভ কৰক। ফেচবুকতো গৰিহণা দিয়ক,  মনত ৰাখিব মৰণাস্ত্ৰ লোৱা অপৰাধীয়েও আজিকালি স্মাৰ্টফোনত ফেচবুক কৰে। সেয়ে গৰিহণা দিওতে ফেকপ্ৰফাইলৰ পৰা দিবলৈ বুলি মানৱ অধিকাৰ সুৰক্ষা সংস্থাই সমাজকৰ্মী সকলক আগতীয়াকৈ আহ্বান জনাইছে।

৬. ডিমৰীয়াত অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহাৰ কথাৰে সংবাদ শিৰোনামা প্ৰকাশ কৰিলে সংবাদ মাধ্যমে। আবকাৰী বিভাগৰ গোঁফৰ তলতে এই কাম হোৱা বুলি উল্লেখ নকৰা বাবে অবৈধ সুৰা ব্যৱসায়ী সন্থাৰ ক্ষোভ প্ৰকাশ। কমিচন খাওতাই খালে, পইচা দিওতাৰহে সাংবাদিকে জগৰ গালে বুলিও সন্থাই কৰিলে মত প্ৰকাশ।

৭. জেঠ মাহৰ মাজভাগৰ পৰা বহাগ বা বসন্ত আগমন-বিদায় আদি কোনো বিষয়তে চান্দা বৰঙনি নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধ-চান্দা-বৰঙণিৰে চেপাঁ খোৱা ক্ষুদ্ৰ ব্যৱসায়ী সংঘই। বাৰিষা এনেয়েও বেপাৰ বেয়া, সেই সময়ত এনে কোনো বন্ধ, চান্দা তোলা অনুষ্ঠান পতা আদি অসামাজিক কাম নকৰিবলৈকো তেওঁলোকো সামাজিক সংগঠন সকলৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে।

৮. তৃতীয় মৰ্চাক সমৰ্থন নিদিয়ে ৰাজকুমাৰ গান্ধীয়ে। তেখেতে কয় যে মোদীৰ ধুমুহাত নিজৰে এনে দুৰৱস্থা হব যেন লাগিছে যে তৃতীয় মৰ্চাক সমৰ্থন কৰাৰো শক্তি নাথাকিব যেন হে অনুভৱ হৈছেগৈ। সেয়ে আগৰে পৰাই দম্ভালি মাৰি থকাই মহাপুৰুষৰ লক্ষণ বুলি কোনোবাই পাঠ পঢ়োৱাৰ পাছতে তেখেতে এই মত প্ৰকাশ কৰি থকা বুলি গোপন সূ্ত্ৰৰ পৰা জানিব পৰা গৈছে।

৯. নামনিত নিয়াৰ দ্বাৰা তদন্ত কৰাব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। পিছে ভিতৰি ৰাজনৈতিকভাৱে হিয়া দিয়া নিয়া থকালৈকে নিয়াই হওক বা চিবিআইয়েই হওক কাৰো নোম এডালো লৰাব নোৱাৰে বুলি ঘোষণা কৰিলে সচেতন শৰ্মাই।

১০. "যমপুৰী ক'ত" নামৰ ৰহস্য নাট এখন অবিজিত ভট্টই লিখি উলিয়াইছে। পিছে ৰহস্য কৰাৰ কি প্ৰয়োজন সেয়া নামনিৰ ফালেই বুলি নাট্যপ্ৰেমী ৰাইজে প্ৰকাশ কৰিছে। এইখন নাটকত তেজৰ নৈ বোৱাব লাগিব আৰু তাৰ বাবে ৰঙা চিঞাহীৰ বাজেটেই কেইবালাখ হব বুলিও আশংকা প্ৰকাশ পাইছে।

No comments:

Post a Comment