হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. আজি ঘোষিত হোৱা শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত অসমৰ চুবুৰীয়ে-চুবুৰীয়ে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে। "লোকৰ ল'ৰাই ষ্টেণ্ড কৰিছে ডিষ্টিংচন পাইছে, আমাৰটোৱে মাত্ৰ ষ্টাৰ আৰু দুখনত লেটাৰ" শীৰ্ষক কান্দোনটোৱেই সৰ্বাধিক জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে "টা.টু.মে.পা" মানে টানিটুনি মেট্ৰিক পাছ কৰা সকলৰ ঘৰত বৰাহ অৱতাৰৰ মঙহেৰে ভোজৰ আয়োজন চলাত ছাত্ৰ সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ ফলত "মেট্ৰিকত নম্বৰ যিমানেই পাই, সিমানেই কান্দোন বেছি" শীৰ্ষক এটি ফঁকৰা-যোজনাও আজি সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।


২. ডিনামাইট শৰ্মাই এইবাৰ লিখি উলিয়াইছে নতুন নাটক। সদ্যহতে "কইনাধৰা কাৰ" নাটকখনৰ মঞ্চায়ন বন্ধ ৰাখি "সভাপতি কোন" নামৰ নাটক এখন ৰচনা কৰি থকা বুলি সূত্ৰত প্ৰকাশ। তাৰ বাবে মূল নাটৰ আগে আগে প্ৰদৰ্শন কৰিব লগা নৃত্য-নাটিকাৰ সংগীত সংগ্ৰহৰ কামত গৈ তেওঁ ঝাৰখণ্ডৰ নিৰিবিলি পৰিবেশত দেহা-মন টঙাই থকা বুলি গৃহৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।


৩. "মেডামৰ আশীৰ্বাদ" নামৰ এখন ভাওনা ৰাষ্ট্ৰীয় মঞ্চত সফলতাৰে প্ৰদৰ্শন কৰি ঘৰলৈ ঘূৰি আহিছে ৰসাল গগৈদেৱ। তেখেত এই আশীৰ্বাদ থকালৈকে কোনেও নোম এডালো ল'ৰাব নোৱাৰে বুলিও শেহতীয়াকৈ বিমান বন্দৰতে দম্ভালি মৰা বুলি বিমান পৰিচাৰিকাৰ সূত্ৰে প্ৰকাশ পাইছে।

৪. নতুন নতুন উদ্ভাৱনীৰে চমক দিয়া ডঃ আৱিস্কাৰ ভৰালীক শেহতীয়াকৈ জালুকাবাৰী বিসম্বাদী বিশ্ববিদ্যালয়ে এটি গুৰুত্বপূৰ্ণ গৱেষণা প্ৰকল্প তুলি দিয়া বুলি গোপনে জানিব পৰা গৈছে। ডালিমৰ বাকলি গুচোৱা, ধানৰ বাকলি গুচোৱা মেচিনৰ উদ্ভাৱক জনক এইবাৰ "চি.এমৰ চকীৰ পৰা গগৈক গুচোৱা" যন্ত্ৰ এটি সাজিবলৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বুদ্ধিয়ক শৰ্মাই খাটনি ধৰাৰ গোপন খবৰ।

৫. শ্বৰীফ চাৰৰ মাকলৈ শাৰী আৰু শ্বল দি পঠিওৱা কথাটোত আমাৰ কনপোানা গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেখেতৰ মতে এনে বৈদেশিক সম্পৰ্ক উন্নতকৰণৰ বাবে মহিলা মাছৰ টোপোলাহে দি পঠাব লাগে। কাৰণ এনে উপহাৰেহে দেশৰ ৫০শতাংশ মহিলাৰ সৱলীকৰণকলৈযে আমি গুৰুত্ব দিও, প্ৰতিবেশীয়ে সেইটো আওকান কৰে, সেয়াও কূটনৈতিকভাৱে প্ৰকাশ পালেহেতেন। অহাবাৰ শ্বৰীফছাৰক অসমমলৈ মাতি মহিলা মাছ, এটেকেলী কলিয়াবৰৰ গাখীৰসহ উপহাৰ দি নিদৰ্শন দেখুৱাব বুলিও কনপোনাই দিল্লীত প্ৰকাশ কৰিছে।


৬. "ভাল দিন আহি আছে" বিজ্ঞাপন পাই দেশৰ অকণি সকলেও নতুন খুড়া নৰেনলৈ আব্দাৰ প্ৰেৰণ কৰিছে। খুড়ালৈ টুইটাৰ যোগে ইংৰাজী মেডিয়ামৰ স্কুলত দুপৰীয়াৰ আহাৰ ৰূপে নমো মেগী আৰু নমো বাৰ্গাৰ যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ দেশৰ ভৱিষ্য নাগৰিক সকলে দাবী জনাইছে বুলি জানিব পৰা গৈছে।


৭. কনপোনা গগৈৰ "টেন পাৰ্চেণ্ট মৰম" নামৰ ভিচিডিখনে এইবাৰ বিহুৰ বতৰত সফলতাৰ শীৰ্ষ চুবলৈ সক্ষম হৈছে। "টেন পাৰ্চেণ্ট মৰমত, ৰাইজে নাচে বহাগত, টেন পাৰ্চেণ্ট মৰমত, অ' ৰাইজ জেঠত মৰে গৰমত..." নামৰ বিহুগীতটি বিদ্যুত বৰদলৈৰ কথা-সুৰেৰে অতিশয় জনপ্ৰিয় হোৱা বুলি জানিব পৰা গৈছে।

৮. যোৱা দহোটা বছৰে কিমান কত ঘটিলে, ক'ত লুকুৱাই ৰাখিলে, সেই সকলোবোৰ হিচাব নিকাচ চাবলৈকে এনেকৈ বিৰতি পাব লাগে বুলি আনন্দেৰে জনালে পৰাজিতা ৰাণী বাইদেৱে। তেখেতৰ মতে জীৱনত মাত্ৰ আগুৱালেই নহব, কিমান আগুৱালো তাকো হিচাব নিকাচ কৰিবলৈ আমি আহৰিও উলিয়াব পাৰিব লাগিব, নহ'লে প্ৰতিযোগিতাৰ নিচাত আমি জীৱনৰ সফলতাবোৰক পাহৰিয়েই থাকিম। বাইদেউৰ এনে সকলো অনুভৱ "পৰাজিত ৰাণীৰ আত্মবিশ্লেষণ" নামৰ ব্লগ'ত নিয়মীয়াকৈ বাইদেৱে আপলোড কৰি যাব বুলিও জানিবলৈ দিছে।

৯. বঙাইগাঁৱত নিৰ্মল ভাৰত অভিযানতে কেলেংকাৰী হোৱাৰ পাছত অভিযানটোকে প্ৰথমে নিকা কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি সচেতম মহলে দাবী কৰিছে। আঁচনিখন নিজেই মলিয়ন হ'লে দেশৰ দহৰ কি নিৰ্মলতা আনিব বুলিও প্ৰশ্ন তুলিছে। পিছে অভিযানৰ প্ৰকল্প বিষয়াৰ পৰিয়ালৰ সূত্ৰই জনোৱা মতে, আঁচনিখনৰ দ্বায়িত্ব লোৱাৰে পৰাই ঘৰত টাইলছ. মাৰ্বল আদি সঠিত ৰূপত লগোৱাৰ পৰাই ঘৰৰ সম্পূৰ্ণ চৌহদ নিৰ্মল হৈ উঠিছে। নিজৰ ঘৰখন প্ৰথমে নিৰ্মল নকৰিলে, দেশ নিৰ্মল কৰিবলৈ গৈনো কি লাভ বুলিও ছাৰৰ শ্ৰীমতীয়ে প্ৰকাশ কৰিছে।


১০. "নেচনেল ইলেকচন ৱাটছ" নামৰ সংস্থাই প্ৰকাশ কৰা তথ্য মতে নতুনকৈ বনোৱা মন্ত্ৰী সভাত ১৩গৰাকী অপৰাধী মন্ত্ৰী আছে। অচিৰেই সংস্থাটোৰ মুৰব্বী মানহানিৰ গোচৰত জেললৈ যোৱাটো তেন্তে খাটাঙ বুলি কেজৰী ফেন ক্লাৱে দৃঢ় আশা পোষণ কৰিছে।

No comments:

Post a Comment