পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ৰহাৰ জাদেমিকা আশাদীপ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে সাতামপুৰুষীয়া তাঁতশালত সাধনা কৰা প্ৰায় ডেৰকুৰি শিপিনীৰ মাজত অনুষ্ঠিত কৰে নিজে বোৱা গামোচা প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান প্ৰাপ্ত ভমকাফুলীয়া গামোচাকেইখন ক্ৰমে ৫৫০০ আৰু ৫০০০টকাত ঠাইতে নিলামত বিক্ৰী কৰিও শিপিনীসকলক উসাহিত কৰাৰ সুখবৰ।

২. পাইৰেচীৰ বিৰুদ্ধে প্ৰতিবাদী সাব্যস্ত কৰি নিজৰ এলবাম এটকা মূল্যত বিক্ৰী কৰি "সৰ্বনিম্ন মূল্যত এলবাম বিক্ৰী"ৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডছত অভিলেখ সৃষ্টি কৰিলে গুৱাহাটীৰ দুই শিল্পী তথা ভাতৃদ্বয় চৈয়দ আব্দুৰ ৰেকিব আৰু ৰাজ্জাকে। ২০১২ চনৰ ১৪ অক্টোবৰত ডঃ অমৰজ্যোতি চৌধুৰীয়ে উন্মোচন কৰা এলবামটোৰ দাম এটকা ধাৰ্য কৰি ২৫০০ শ্ৰোতাৰ কাষ চাপিবলৈ সক্ষম হয়। ভাতৃদ্বয়ে "বৰষা" নামৰ শ্ৰব্য সংকলনটোৰ এই অভিনৱ প্ৰতিবাদক লিমকা বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ কৰিবলৈ আবেদন জনায়। আৰু ২০১৪চনৰ লিমকা বুকে সংগীতৰ ক্ষেত্ৰৰ ২৪টা অভিলেখৰ এটা ৰূপে তেওঁলোকৰ এই পদক্ষেপলৈ স্বীকৃতি প্ৰদান কৰে।

৩. অল আছাম এমেচাৰ মুৱাই থাই এছ'চিয়েচন এণ্ড ফেয়াৰ স্পৰ্টছ ক্লাৱ ইণ্ডিয়াৰ উদ্যোগত অহা ১৮, ১৯ আৰু ২০জুলাইত যোৰহাটত নৱম ৰাষ্ট্ৰীয় এমেচাৰ মুৱাই থাই চেম্পিয়নশ্বিপ আৰু প্ৰথম চেলেঞ্জাৰ ইণ্ডিয়া প্ৰফেশ্যনেল কম্পিটিশ্যনৰ আয়োজন কৰিছে। প্ৰতিযোগিতাসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হব।

৪. মহিলা সকলৰ স্ব-প্ৰতিভা বিকাশৰ উদ্দেশ্যে "আকাশ" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে যোৰহাট সাহিত্য সভাই। জিলা সাহিত্য সভাৰ ২০১১-১৩ বৰ্ষৰ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰাপ্ত বঙালপুখুৰী শাখা সাহিত্য সভাৰ সহযোগতে অহা ১১ মে'ত এই অনুষ্ঠান আয়োজিত হৈছে।

৫. ভাৰতীয় ষ্টেট বেংক, শিৱসাগৰ শাখাৰ মুখ্য প্ৰৱন্ধক আচিফ ৰেজা আলীয়ে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতিৰ বাবে ৰংপুৰ মধ্য ইংৰাজী বিদ্যালয় জয়সাগৰক এটি কম্পিউটাৰ ছেট যোৱা ১মে'ত  প্ৰদান কৰাৰ সুখবৰ।

৬. বিটিএডিত সংঘটিত নৰসংহাৰৰ দ্বায়িত্ব ল'লে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। অসম চৰকাৰৰ মৌখিক অনুৰোধত এজন জ্যেষ্ঠ বিষয়া গুৱাহাটীত উপস্থিত হৈ চলাব লগীয়া তদন্তৰ বাবে এক আৰ্হি চূড়ান্ত কৰে বুলি সূত্ৰত প্ৰকাশ।

৭. "যুগদ্ৰষ্টা" ছবিৰ সংগীতৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নন্-ফিচাৰ ফিল্ম শিতানত সংগীত পৰিচালনাৰ ৰজত কমল বঁটা লাভ কৰা অনুৰাগ শইকীয়াক কালি নতুন দিল্লীত "ইনলি ফাউণ্ডেচনে" অসমীয়া জাপি, ফুলৰ তোৰা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু অনাগত দিনতো নিজৰ সংগীতৰে অসমবাসীক গৌৰৱান্বিত কৰিব বুলিও আশা কৰে । 

৮. ৰঙিয়াৰ অতীত বুৰঞ্জীক উদ্ধাৰৰ বাবে উদ্যোগ লৈছে শাখা সাহিত্য সভা ৰঙিয়া আলোচনী সভাই। অনুস্থিত কৰিলে "ৰঙিয়া নামৰ উপত্তিৰ ইতিহাস" শীৰ্ষক অনুষ্ঠানৰ। অনুষ্ঠানটোত কেইবাগৰাকীও অধ্যাপক তথা বিজ্ঞলোকে ৰঙিয়াৰ ইতিহাস সন্দৰ্ভত বহুমূলীয়া তথ্য তুলি ধৰে।

৯. শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সাহিত্য-সংস্কৃতি সমাজ আৰু শৈক্ষিক সমিতিৰ উদ্যোগত অহা ৯মে'ত শিৱসাগৰ নাট্য মন্দিৰত আয়োজিত হৈছে দ্বিতীয় বেদৱতী বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানৰ।

১০. 
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-২০১৪ উপলক্ষে  অসম উদ্ভিদ বিজ্ঞান সমিতিয়ে সদৌ অসম ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তিনিটা শাখাত আয়োজিত প্ৰতিযোগিতাখনিৰ বাবে সবিশেষ জানিবলৈ আজিৰ আমাৰ অসম কাকতৰ মহানগৰ পৃষ্ঠা চাব পাৰে।

No comments:

Post a Comment