পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ফাট বিহুৰ কালি পৰিল সফল সামৰণি।  তিনিদিনীয়াকৈ ঢকুৱাখানাৰ ম'হঘুলি চাপৰিত আয়োজিত এই বিহুতলীক জনসুমদ্ৰই ভাতৃত্ববোধ আৰু মহামিলনৰ তীৰ্থলৈ পৰিণত কৰে। কালি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে আৰু মুকলি সভাত অংশ লয় ডঃ সমুজ্বল ভট্টাচাৰ্যই।

২. আদিবাসী সকলৰ কৃষ্টি-সংস্কৃতিক তুলি ধৰাৰ বাবে অন্যতম উপ-ভাষা কৈৰী ভাষাত নিৰ্মাণ কৰা প্ৰথমখন অডিঅ'-ভিডিঅ' চিডি "ৰয়লা জালা" উন্মোচন কৰিলে তেজপুৰৰ গণ-চেতনা সমাজে। উদ্বোধক বিচপ মাইকেল তপ্পৰ সতে অনুষ্ঠানটোত অংশ লয় সহকাৰী পৰিচালক এ.কে.গহু আৰু আদিবাসী নেতা ডঃ এক্স লাক্ৰায়ো।

৩. ক্ষুদ্ৰ বহুমুখী প্ৰকল্পৰে অসমৰ উন্নয়ন সন্দৰ্ভত তথ্যভিত্তিক বিজ্ঞান মডেল প্ৰদৰ্শন কৰি বিশেষ সমাদৰ পালে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমিৰ নৱমমানৰ ছাত্ৰ দৰ্শন শইকীয়া আৰু ঋষিৰাজ পাল চৌধুৰীয়ে। গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত কেন্দ্ৰীয় শিক্ষা বৰ্ডৰ অধীনত আয়োজিত মাণ্ডলিক বিজ্ঞান প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা এই মডেলে ব্ৰহ্মপুত্ৰৰ পানীৰ সদব্যৱহাৰ আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণক তুলি ধৰিছে আৰু প্ৰয়োজন সাপেক্ষে এই মডেল অসমৰ মুখ্যমন্ত্ৰীকো তুলি দিবলৈকো ছাত্ৰদ্বয়ে আগ্ৰহ প্ৰকাশ কৰিছে।

৪. মেডিকেল, ইঞ্জিনিয়াৰিঙৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে ২০১৪চনৰ যুটীয়া প্ৰৱেশ পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যায়ৰ তত্বাৱধানত ৰাজ্যৰ ৯টা কেন্দ্ৰত অহা ২৮ আৰু ২৯ মে'ত অনুষ্ঠিত হব। পৰীক্ষাৰ প্ৰৱেশ পত্ৰ অহা ১৯ মে'ৰ পৰা বিতৰণ কৰা হব। ইঞ্জিনিয়াৰিঙৰ প্ৰায় ৪৫০০ আসন আৰু মেডিকেল-ডেণ্টেলৰ ৮০০খন আসনৰ বাবে এই পৰীক্ষা যোগে নামভৰ্তিৰ সুবিধা লাভ কৰিব। চৰকাৰী ইঞ্জিনিয়াৰিঙ কলেজ তথা গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় ১০০০ চীট থকা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

৫. কালাৰ্ছ টিভিৰ জনপ্ৰিয় অনুষ্ঠান "ইণ্ডিয়া গট টেলেণ্ট"ৰ আলমত ৰেঙণি চেনেলে আয়োজন কৰিব এখনি মেগা-ৰিয়েলিটি শ্ব' "নৰ্থ-ইষ্ট গট টেলেণ্ট"ৰ। নৃত্য,গীত, অভিনয়, ছবি অঁকা, খেল, ৰন্ধা-বঢ়া, যাদুৰ উপৰিও যিকোনো প্ৰতিভা এই মঞ্চত প্ৰদৰ্শন কৰিব পৰা যাব। উত্তৰ-পূৱৰ ২১খন ঠাইৰ লগতে মেট্ৰ' চহৰকেইখনতো অ'ডিশ্বন লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু সবিশেষ জানিবৰ বাবে www.sanchitaproduction.in বা ৮০১১৯৮৭৮৭০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিচালিকা সঞ্চিতা তালুকদাৰে প্ৰকাশ কৰিছে।

৬. বিশ্বৰ আটাইতকৈ বৃহত গণতন্ত্ৰৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াৰ আজি সামৰণি। তিনিখন ৰাজ্যৰ ৪১টা সমষ্টিত হৈছে ভোটগ্ৰহণ। বাৰানসীত নৰেন্দ্ৰ মোদীৰ সৈতে সমুখ সমৰত নামিছে অৰবিন্দ কেজৰীৱাল।

৭.
বিশ্বৰ লগতে কালি অসমৰ মৰাণস্থিত কিণ্ডাৰ গাৰ্ডেন প্লে' স্কুলতো পালন কৰা হয় বিশ্ব মাতৃ দিৱসৰ অনুষ্ঠান। অনুষ্ঠানতে কনমানি শিল্পী অংকিতা কলিতাই বিশ্বৰ মাতৃ সমাজৰ চৰণত উসৰ্গা কৰিলে "ইমনৰ থুপি তৰা" শীৰ্ষক ভিডিঅ' গীত। বিকাশ গগৈৰ সংগীত, লক্ষ্যজিত ফুকনৰ পৰিচালনা, মৃদুল গগৈৰ চিত্ৰগ্ৰহণ তথা সম্পাদনাৰে নিৰ্মাণ কৰা গীতটি কালি আনুষ্ঠানিকভাৱে ইউ.টিউব যোগে মুকলি কৰা হয় । 
 
৮. গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই যোৱা ১০মে'ৰ বিয়লি ন'মাইলস্থিত ৰিজিঅ'নেল ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকনলজি চৌহদত আয়োজন কৰে শাস্ত্ৰীয় নৃত্যৰ এক বিশেষ অনুষ্ঠান "নৃত্যাঞ্জলি"ৰ। দূৰদৰ্শনত পোনপটীয়া সম্প্ৰচাৰৰৰো ব্যৱস্থা কৰা এই অনুষ্ঠানত সত্ৰীয়াত ৰামকৃষ্ণ তালুকদাৰ, অপৰাজিতা ডাউকাই, ওডিছীত  অঞ্জনাময়ী শইকীয়া, কথত অলিগুঞ্জন কলিতা মুদিয়াৰ আৰু চন্দ্ৰাণী কলিতা ওজাই নৃত্য পৰিবেশন কৰে।

৯. অইল ইণ্ডিয়াৰ সহযোগত মঞ্চমৈত্ৰী আৰু অসম নাট্য সন্মিলনৰ উদ্যোগত ১২ আৰু ১৩ মে'ত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হৈছে ৰাজ্যিক ভিত্তিত এখনি একাংক নাট প্ৰতিযোগিতাৰ। বিয়লি ৩বজাৰ পৰা আৰম্ভ হব লগা প্ৰতিযোগিতাখনিত এই দুদিনত মুঠ দহখনকৈ নাটক মঞ্চস্থ কৰা হব বুলি আয়োজকে জনাইছে।

১০. অ'এনজিচিৰ অৰ্থ-সাহাৰ্যৰে  কাজিৰঙাৰ দলহৰিণৰ নিৰাপত্তা, সংৰক্ষণ আৰু গৱেষণাৰ  বাবে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই অলপতে সমাপন কৰা পঞ্চম দলহৰিণ গণনাৰ ফলাফলত বিগত চাৰিমাহত এঘাৰটা দলহৰিণ বৃদ্ধিৰে এই সংখ্যা ৮৫৪ত উপনীত হোৱা বুলি জানিব পৰা গৈছে।

১১. আধুনিক অসমীয়া কবিতাৰ প্ৰৱৰ্তক স্বৰূপ কবি, পণ্ডিত দেৱকান্ত বৰুৱাৰ শতবৰ্ষ সোঁৱৰণী অনুষ্ঠান আয়োজিত হৈছে অহা ২৫মে'ত নগাঁৱত। "সাগৰ দেখিছা" নামৰ বিখ্যাত কবিতাটিৰ ৰচক কবিজনৰ স্মৃতিত আয়োজিত হৈছে এক বিশেষ বক্তৃতানুষ্ঠানৰো। এই বক্তৃানুষ্ঠানত তেখেতৰ সাহিত্য আৰু ৰাজনৈতিক জীৱনৰ ওপৰত বক্তৃতা প্ৰদান কৰিব ডঃ দিলীপ কুমাৰ বৰুৱা আৰু অধ্যাপক চন্দন কুমাৰ শৰ্মাই।

১২. গোলাঘাট ষ্টেডিয়ামত আজি অনুষ্ঠিত হব ২০সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলৰ ফাইনেল খেল। আজি চূড়ান্ত খিতাপ বিজয়ৰ বাবে সমুখ সমৰত নামিব পূৰ্বৰ চেম্পিয়ন উৰিষ্যা আৰু শক্তিশালী মণিপুৰ দল। মুঠ ২৪টা দলে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল।

১৩. ভাৰতীয় ক্ৰীড়াক ৰাজনীতিৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে চাৰি বছৰ পূৰ্বে গঠন হোৱা ক্লীন স্প'টছ ইণ্ডিয়া নামৰ সংগঠনটোৰ অসমতো ৰাজ্যিক তদৰ্থ কমিটীখন গঠিত হৈছে। ২৫জনীয়া তদৰ্থ কমিটীৰ সভাপতিৰ দ্বায়িত্ব অৰ্জুন বঁটাৰে সন্মানিত এথলীট ভোগেশ্বৰ বৰুাই গ্ৰহণ কৰিছে।
১৪. বিগত ২০১০বৰ্ষত সোণালী জয়ন্তী পালন কৰা শিমলুগুৰিৰ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক বহাগী বিদায় উসৱ উদযাপন সমিতিয়ে প্ৰদান কৰা "ৰমণী গাভৰু বঁটা" এইবৰ্ষৰ বাবে ১০মে'ত প্ৰদান কৰা হয় বিশিষ্ট শিল্পী মানস ৰবীনক। একেটা অনুষ্ঠানতে উন্মোচিত হয় দুৰ্লভ ফুকনৰ সম্পাদনাত প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ "ৰমণী"ও।
১৫. গড়কাপ্তানী মন্ত্ৰীক লৈ এইবাৰ দীপৰ বিলত পৰিদৰ্শনৰ বাবে উপস্থিত হ'ল মুখ্যমন্ত্ৰী। বিলখনত হোৱা বে-দখল বিষয়ত উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিলে নিৰ্দেশনা।

No comments:

Post a Comment