পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশাল আৰু বৰ্ণাঢ্য আয়োজনেৰে মুম্বাইৰ "নেশনেল চেণ্টাৰ অৱ পাৰফৰ্মিং আৰ্টচ"ত কালি অনুষ্ঠিত হ'ল শ্ৰীমন্ত শংকৰদেৱ মুভমেণ্টৰ অনুষ্ঠান। অসমৰ ৰাজ্যপাল জে.বি. পাটনায়ক, দেশৰ প্ৰখ্যাত নৃত্য-বিশেষজ্ঞ সুনীল কোঠাৰী,শংকৰদেৱ মুভমেণ্টৰ ব্ৰেণ্ড এম্বেচাডৰ ভিক্টৰ বেনাৰ্জী, অসম সত্ৰ মহাসভাৰ সভাপতি লীলাকান্ত মহন্ত, অভিনেতা আদিল হুছেইনে দুপৰীয়া অনুষ্ঠিত "বৰ্তমান সময়ত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা" শীৰ্ষক আলোচনাত সাৰুৱা ভাষণ প্ৰদান কৰে। ভাস্কৰজ্যোতি মহন্তৰ শংকৰদেৱ সন্দৰ্ভত বাখ্যামূলক ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত সামৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক ডঃ লক্ষ্মীনন্দন বৰাই।

সন্ধিয়ালৈ আয়োজিত নিশিতা গোস্বামীয়ে আঁত-ধৰা সাংস্কৃতিক অনুষ্ঠানত  সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনৰ লগতে বৰষাৰাণী বিষয়া আৰু তনভী শৰ্মাৰ অংশগ্ৰহণেৰে "চোৰ ধৰা ঝুমুৰা" মঞ্চস্থ কৰা হয় । অসমৰ গৌৰৱস্বৰূপ সুনীতা ভূঞা খাউণ্ড, কল্পনা পাটোৱাৰী , জুবিন গাৰ্গৰ লগতে গুৰু ৰিউবেন মাছাংবাই সংগীতেৰে সকলোকে আপ্লুত কৰে। বলিউদৰ বিশিষ্ট শিল্পী হৰিহৰণ, অনুপ জলোটা, প্ৰীতম, ললিত পণ্ডিত, কল্পনা লাজমীৰ উপৰিও বলিউদত সফলতা লভা অসমীয়া যতীন শৰ্মা, ধ্ৰুৱজ্যোতি ফুকন, অমৃত প্ৰীতম আৰু দেৱজিত চাংমাইকো সম্বৰ্ধনা জনোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ মুভমেণ্টে দিল্লী, বেংগেলুৰুৰ পাছত সফলতাৰে মুম্বাইত মহাপুৰুষজনাৰ জীৱন-কৰ্ম আৰু প্ৰতিভাক উজলাই তোলাৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও সঠিক ৰূপত তুলি ধৰিছে। অসমৰ শিল্প-সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰাৰ বাবে আয়োজক সংস্থা ট্ৰেণ্ড এম এম এছ আৰু নেতৃত্ব বহন কৰা শ্যামকানু মহন্তৰ প্ৰচেষ্টা ৰাজ্যখনৰ বাবেই এক বিশেষ ইতিবাচক খবৰ ৰূপে পৰিগণিত হৈছে।


২. অহা ২৮মে'ত ঘোষিত হব অসমৰ হাইস্কুল আৰু হাই-মাদ্ৰাছা সমূহৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

৩. দিল্লীত অসমৰ বাবে গুৰুত্বপূৰ্ণ মন্ত্ৰীত্বৰ দাবী উত্থাপন কৰিবলৈ ৰাওনা হৈছে অসম বিজেপিৰ সভাপতি সৰ্বানন্দ সোনোৱাল। অসমত লাভ কৰা সফলতাৰ পাছত এতিয়া সোনোৱালৰ দিল্লী যাত্ৰাই উত্তৰ-পূৱৰ লগতে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাট তৰাান্বিত কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

৪. অহা ২৪ মে'ত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিত অনুষ্ঠিত হব সামাজিক অনুষ্ঠান "সৃষ্টি"ৰ বসন্ত উৎসৱ। এই উৎসৱতে পুৰণিগুদাম কাষৰি গাঁৱৰ শিল্পী মহেন্দ্ৰ বৰাক "কলংপৰীয়া শিল্পী" বঁটাৰে সন্মানিত কৰা হব। গ্ৰামাঞ্চলৰ চহা শিল্পী সকলৰ বিৰল কৰ্মৰাজিক স্বীকৃতি দিয়াৰ বাবেই এই বঁটা সংগঠনটোৱে বিগত ২০০৯চনৰ পৰা প্ৰদান কৰি আহিছে। সংগীত আৰু চিত্ৰশিল্পীৰূপে পৰিচিত বৰাদেৱে নামঘৰ সমূহত অংকন কৰা চিত্ৰসমূহেই তেখেতৰ প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন বুলিও জানিব পৰা গৈছে।

৫. অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী "ক্ৰান্তিকাল"য়ে বিগত ২০১১ বৰ্ষৰ পৰা প্ৰদান কৰি অহা "ক্ৰান্তিকাল সাহিত্য বঁটা" এই বৰ্ষৰ বাবে কালি নগাঁৱত বিশিষ্ট কবি সনন্ত তাঁতীক প্ৰদান কৰা হয়। পৰ্যটন ভৱনত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সমালোচক ডঃ মদন শৰ্মাই এই বঁটা প্ৰদান কৰে।

৬. ৰাজনৈতিক নেতাৰ আনুষ্ঠানিক শিক্ষাগত অৰ্হতাই সততে বিতৰ্কৰ সৃষ্টি কৰাৰ মাজতে সুখবৰ ৰূপে প্ৰকাশ পাইছে নৱ-নিৰ্বাচিত সাংসদ সকলৰ অৰ্হতাৰ তথ্য। এই তথ্যমতে ষষ্ঠদশ লোকসভাত অতি কমেও ৭৫শতাংশ স্নাতক সাংসদ থাকিব আৰু বিগত বাৰৰ ১৭শতাংশৰ তুলনাত এইবাৰ দহ শতাংশ সাংসদ মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণহে। ইফালে ডক্টৰেট ডিগ্ৰী থকা সাংসদৰ সংখ্যা বিগত বাৰৰ ৩শতাংশৰ পৰা ৬শতাংশলৈ বৃদ্ধি পাইছে। দশম শ্ৰেণীতকৈ কম পঢ়া সাংসদ বিগতবাৰৰ তিনি শতাংশৰ তুলনাত এইবাৰ তেৰ শতাংশলৈ বৃদ্ধি পাইছে। মুঠ ২৫৩গৰাকী সাংসদৰ বয়স ৫৫বছৰতকৈ বেছি আৰু চল্লিশ বছৰতকৈ কম বয়সৰ সাংসদ মাথো ৭১গৰাকীহে বুলিও জানিব পৰা গৈছে।

৭. নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা শ্বেয়াৰ মাৰ্কেটত ছেনছেক্সৰ অত্যাধিক উত্থান সন্দৰ্ভত অস্বাভাৱিক কাৰ্যলাপ কৰি বজাৰ নিয়ন্ত্ৰণ কৰা বিষয়ত ত্ৰিশটা কোম্পানীৰ সন্দেহজনক কাৰ্যকলাপ "ছেবি"ৰ দৃষ্টিগোচৰ হোৱা বুলি প্ৰকাশ পাইছে। বজাৰ নিয়্ন্ত্ৰক ছেবিয়ে ইণ্টিগ্ৰেটেড মাৰ্কেট ছাৰ্ভিলেন্স ছিষ্টেমৰ দ্বাৰা অৰ্থনৈতিক অপৰাধমূলক এনে তথ্য লাভ কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

৮. ৰাজহুৱা খণ্ডৰ বেংক সমূহত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ কম কৰাৰ বাবে ৰিজাৰ্ভ বেংকৰ এখন সমিতিয়ে পৰামৰ্শ দিছে। চৰকাৰী বেংকত চৰকাৰৰ অংশীদাৰীত্ব কমোৱাৰ লগতে ব্যৱস্থাত অধিক স্বচ্ছতা অনাৰ বাবে চেষ্টা চলাবলৈকো পৰামৰ্শৱলী তৈয়াৰ কৰি নতুন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে আগবঢ়াব বুলি প্ৰকাশ কৰিছে।

৯. অহা ১৯ আৰু ২০ মে’ ২০১৪ তাৰিখে ডিব্ৰুগড় চহৰৰ হোটেল গাৰ্ডেন ট্ৰিটত অনুষ্ঠিত হব শিক্ষা সম্পৰ্কীয় এক মেলা "দ্য আছাম ট্ৰিবিউন এডু-ফেয়াৰ ২০১৪"। বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ উপৰিও কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নোত্তৰ দিবৰ বাবে কেৰিয়াৰ বিশেষজ্ঞ ডঃ বুলজি
বুঢ়াগোহাঁই দেৱো এই অনুষ্ঠানত উপস্থিত থাকিব। উজনি অসমৰ শিক্ষাৰ্থী সকলে নিৰপেক্ষভাৱে কেৰিয়াৰৰ সম্পৰ্কীয় পৰামৰ্শ লাভ কৰিবলৈ তেখেতৰ সতে মুখামুখিকৈ প্ৰশ্ন কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

১০. কালি তেজপুৰত অনুষ্ঠিত হয় দণ্ডিনাথ কলিতা চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠানৰ। এই অনুষ্ঠানত "লক্ষ্মীনাথ বেজবৰুৱাৰ জাতীয়তাবাদী চিন্তাধাৰা আৰু অসমৰ নৱ-প্ৰজন্ম" শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট কবি তথা ডিব্ৰুগড় বিশ্ববিদ্যায়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অধ্যাপক ডঃ কৰবী ডেকা হাজৰিকাই। এই অনুষ্ঠানতে "দণ্ডিনাথ কলিতা ব্যংগ কবিতা সমগ্ৰ" নামৰ কাব্য সংকলনটিও উন্মোচিত হয়।

No comments:

Post a Comment