হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. লিখা-পঢ়া মন্ত্ৰীয়ে ক্ষমতাৰ খকত মধ্যাহ্ন ভোজনত বিসম্বাদী খিচিৰি বেছিকৈ ভক্ষণ কৰাৰ ফলতে দেশৰ ভিতৰতে অসম প্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ অৱস্থা শৌচনীয় হৈ পৰা বুলি সংবাদ শিৰোনামা প্ৰকাশ পাইছে। দেশৰ ৩৫খন ৰাজ্যৰ ৩০তম তালিকাত সগৌৰৱে অৱস্থান লোৱা অসমীয়া প্ৰাথমিক শিক্ষাই এই গতিৰে চলিলে অচিৰেই তলৰ ফালৰ পৰা প্ৰথম স্থান লাভ কৰিবই বুলিও সচেতন অভিভাৱক সকলে মত প্ৰকাশ কৰিছে।

২. দিনটোৰ ২৪ঘণ্টাত ২২বাৰকৈ লোড শ্বেডিঙ কৰি লিমকা বুক অৱ ৰেকৰ্ডছত নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী অতি জনপ্ৰিয় নায়িকা বিজুলীৰাণীয়ে। বৰদলৈ চাহাবৰ কৃপাতে বিজুলীয়ে এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ বাবে ছাৰকো এই মহান গ্ৰন্থত স্থান দিব লাগে বুলি গ্ৰাহক সন্থাই প্ৰকাশ কৰিছে। দিনত মৰিচিকা, ৰাতি মৰিচিকাৰ ৰূপ লোৱা এই বিজুলীক লৈ এতিয়া সদৌ অসম জুৰিয়েই আগ্ৰহৰ অন্ত নাই বুলিও জানিব পৰা গৈছে।

৩. ডাঃ খৰ্গে চাহাবে ভিজিটিং ফীজৰ টোপোলা দক্ষিণাত্যত জমা কৰিহে দিল্লীৰ বৰঘৰলৈ উভতিব বুলি গুজৱ ওলাইছে। পিছে কিবা দৰৱ দিব বুলি চৰ্চালৈ অহা ডাঃ খৰ্গে চাহাবৰ স্পৰ্শই গঁড়ৰ খৰ্গৰ দৰেই বৃদ্ধজনৰো জোশ পুনৰ-উজ্জীৱিতহে কৰিব বুলিও খবৰ পোৱা গৈছে । সকলোকে  মিলাপ্ৰীতিৰে লুটিপুতি খাই থাকিবলৈকে আশীষ কৰি যোৱা খৰ্গে চাৰৰ পৰীক্ষাৰ ৰিপৰ্টত কি ফল ওলাই তাকে লৈ জালুকবাৰীত টোপনি খতি হোৱাৰো বাতৰি আহিছে।

৪. প্ৰতি ইউনিটত পুনৰ ৩৬পইচাকৈ বৃদ্ধ কৰি গ্ৰাহকক মাধমাৰ সোধালে বিদ্যুত পৰিষদে। পিছে দিনটোত নুন্যতম কুৰি বাৰ লাইট যোৱা বিভাগটোৱে একেৰাহে ৩৬মিনিট বিজুলী যোগান দিয়াৰ অন্ততঃ প্ৰতিশ্ৰুতি লিখিতকৈ দিবলৈ সচেতন মহলে দাবী জনাইছে। সন্ধিয়া পৰত লাইট নোযোৱাকৈ থকা প্ৰতিটো মাহতে এটকাকৈ বেছি ভৰিবলৈকো গৰমত জুৰুলা ৰাইজ সাজু আছে বুলি সংবাদ প্ৰকাশ পাইছে।

৫. অসমৰ মুকুটবিহীন নাট্য সম্ৰাট অবিজিত ভট্টাচাৰ্যই এইবাৰ লিখি উলিয়াইছে "মাধমাৰ" নামৰ এখন সাামাজিক নাটক। নৰেনভাইয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিত ভাল দিন অনাৰ প্ৰতিশ্ৰুতি দিয়েই শাসনৰ গাদীত
আৰামচে বহিলৈ ৰাইজক সোধোৱা মূল্যবৃদ্ধিৰ কোবকলৈয়ে নাট্যকাৰজনে নাটকখনৰ লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। ৰাইজে নিজৰ দুখ-দুৰ্দশাৰ ছবি অঁকা নাটকখন আদৰি লবই বুলিও ভট্টাচাৰ্যই দৃঢ়তা প্ৰকাশ কৰিছে।

৬. চৰকাৰী হাস্পতালত ৰোগীক সেৱাত গাফিলতি কৰাক লৈ বাতৰি প্ৰকাশ কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী হাস্পতালত গাফিলতি নোহোৱাটো আৰু ভালদৰে চাই মেলি সন্তোষিত মনেৰে ৰিলিজ লৈ আহিব পৰাটোহে আচলতে বাতৰি বুলি সচেতন ৰোগী সন্থাই স্পষ্ট কৰি দিছে। অৱহেলা, গাফিলতি, অনুন্নত খাদ্য, লেতেৰা পৰিবেশ আদি আচলতে চৰকাৰী স্বাস্থ্যসেৱাৰ এৰাব নোৱাৰা উপাদান বুলিও তেওঁলোকে আঙুলিয়াই দিছে।

৭. যোৰহাট পৌৰসভাত লুণ্ঠনৰ বাতৰিত তদন্তৰ নিৰ্দেশ খবৰ। এইবাৰ তদন্তকাৰীয়ে লুণ্ঠকাৰীক লুণ্ঠন কৰি অন্য এক অভিলেখ গঢ়িবলৈ সুবিধা লাভ কৰিব বুলিও গুজৱ প্ৰচাৰিত হৈছে।

৮. মহানগৰীৰ সৈতে ফেৰ মাৰি বকোতো কৃত্ৰিম বানৰ সোৱাদ ৰাইজে লোৱা বুলি গম পোৱা গৈছে। বকোতেই গুৱাহাটীৰ আনন্দ লভাৰ এই শুভ মুহূৰ্তত সদৌ অসম বানাক্ৰান্ত হতভাগা সন্থাৰ তৰফৰ পৰা অভিনন্দন জনাইছে।

৯. ৰাইজৰ বাবে সুখবৰ, এতিয়াৰ পৰা অলুৰ ছিপছৰ পেকেটতো আলুৰ মূল্যবদ্ধি উপলক্ষে কেৱল বিশ শতাংশ দাম বৃদ্ধি কৰা হৈছে। সেয়ে সদাশয় ৰাইজে উন্নত দামত ছিপছ ক্ৰয় কৰি বহুজাতিক কোম্পানীক অধিক প্ৰেৰণা দিবৰ বাবেও আহ্বান জনাইছে।  পিছে ছিপছৰ পেকেটত বিশ শতাংশ হাৱা অন্ততঃ কম কৰিবৰ বাবেও সচেতন গ্ৰাহক সন্থাই আহ্বান জনাইছে।

১০. অম্বুবাচী মেলাৰ জৰিয়তে সুলভ হোৱা নিচাযুক্ত দ্ৰব্য সেৱন কৰি সপ্তম স্বৰ্গ আৰোহণ কৰা অগণন ভক্তই, এই মেলা প্ৰত্যেক মাহতে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে। ভক্তিৰসৰ লগতে নিচাৰ ৰসো ভালদৰে প্ৰচাৰ কৰিব পাৰিলে বিদেশী হিপ্পী পৰ্যটকৰ পৃষ্ঠপোষকতা লাভৰ সম্ভাৱনা আছে। হিপ্নীয়ে দলে বলে অংশগ্ৰহণ কৰি এই মেলাক আন্তৰ্জাতিক মৰ্যদা দিব পাৰিব বুলিও নিচাখোৰ ভক্ত সংঘই আশা প্ৰকাশ কৰিছে।

No comments:

Post a Comment