পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজি শুভমুক্তি
আজিৰ ভাল খবৰবোৰ
১. বছৰটোৰ দশমখন অসমীয়া ছবিৰূপে অসমৰ ৩০টাতকৈ অধিক চলচ্চিত্ৰ গৃহত একেলগে আজি মুক্তি লাভ কৰিছে
"গ্ৰহণ" নামৰ  তিলক শৰ্মা পৰিচালিত কথাছবিখনে। বি.এম.চি মিডিয়া প্ৰডাকচন নিবেদিত ছবিখনৰ প্ৰেম, ভালপোৱা, সংঘাত, অপৰাধ, প্ৰতিশোধৰ কাহিনী বিলকিচ মজুমদাৰৰ, চিত্ৰনাট্য লিজা পেগুৰ। বিভিন্ন ছবিত দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী, বাবি বৰুৱা আদিয়ে অভিনয় কৰিছে। ছবিখনৰ সংগীত ৰিদীপ দাসৰ, দৃশ্যগ্ৰহণ আৰু সম্পাদনা ৰাজীৱ শইকীয়াৰ। ছবিখনৰ সকলো কলা-কুশলীলৈ জনাইছো আন্তৰিক অভিনন্দন।


২. অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে বুলি প্ৰকাশ পাইছে সুখবৰ। এশদিনীয়া কৰ্মতালিকাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ আৰু আলফা, এন.এছ.চি.এনৰ সৈতে আলোচনাৰ প্ৰসংগই স্থান লাভ কৰিছে বুলিও সূত্ৰত প্ৰকাশ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত গৃহ মন্ত্ৰীয়ে অনুমোদন দিয়াৰ লগতে এতিয়া প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলিও সংবাদ মাধ্যমে জনাইছে। এই জনজাতিকৰণৰ ফলত অসমৰ প্ৰায় ৪০শতাংশ লোকেই জনজাতিৰ মৰ্যদা পাবলৈ সক্ষম হব।

৩. বিহাৰত দুৰ্ঘটনাত পতিত হোৱা  ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ ৮৩১গৰাকী যাত্ৰীক দুৰ্ঘটনাস্থলীৰ পৰা আনি গন্তব্যস্থান পোৱালেহি এখন বিশেষ ৰেলে। ইফালে পাটনা চিকি
সা মহাবিদ্যালয়ত চিকিসাধীন হৈ থকা আহত সকলৰ তদাৰক কৰাৰ বাবে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পাটনাত উপস্থিত হৈছেগৈ। লগতে তেখেতে বিহাৰৰ মুখ্যমন্ত্ৰীতো সাক্ষা কৰি যথোপষুক্ত চিকিসা সেৱাৰ ব্যৱস্থা কৰিবলৈকো আহ্বান জনাইছে।

৪. কেন্দ্ৰই ১৮২ কোটি টকা আবণ্টন দিয়া সত্বেও অসমৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাবৰ্ষৰ ছমাহ উকলি যোৱাৰ পাছতো ইউনিফৰ্ম নোপোৱাৰ অভিযোগ সন্দৰ্ভত এতিয়া বিতং প্ৰতিবেদন বিচাৰিছে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ে। উল্লেখযোগ্য যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত বিদ্যালয় পৰিচালনা সমিতিসমূহলৈ ইউনিফৰ্ম যোগানৰ প্ৰক্ৰিয়াটো বিকেন্দ্ৰীকৰণৰ ব্যৱৱস্থা কৰা হৈছিল যদিও, এই নিয়ম অমান্য কৰি ৰাজ্যিক সৰ্বশিক্ষা মিছনে এইকামৰ ঠিকা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমক দ্বায়িত্ব দিছিল।

৫. জন্মগত বিসংগতিৰে হৃদযন্ত্ৰত ফুটা লৈ জন্ম লোৱা শিশুৰ চৰকাৰী খৰছত অস্ত্ৰোপচাৰৰ বাবে বেংগেলুৰু নাৰায়ণ হৃদয়াললৈ অসমৰ পৰা সপ্তমটি দল প্ৰেৰণ কৰিবলৈ ঠিক কৰিছে। ইতিমধ্যে এই আঁচনিৰ অধীনত ২০১০চনৰ পৰা ২১২২টি শিশুক সুস্থ কৰি তোলা হৈছে আৰু এই সপ্তম দলটোত চিকি
সা লাভৰ বাবে ৪৪৫টি শিশুক নিৰ্বাচন কৰি উলিয়াইছে। এনে একোটা অস্ত্ৰোপচাৰত ১.৫লাখৰ পৰা ১৫লাখ টকালৈকে ব্যয় হোৱা বুলিও কালি অভিভাৱক সকলৰ সৈতে বাৰ্তালপ কৰি অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে অৱগত কৰিছে।

৬. কালি পৃথিৱী অন্যান্য স্থানৰ লগতে অসমতো পালিত হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত এই দিৱস উপলক্ষে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা। মণিপুৰ আৰু পাঞ্জাৱৰ পাছতে অসমত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱা আৰু ইয়াৰে অধিকাংশই গুৱাহাটী মহানগৰৰ বুলিও তথ্য আয়োজক সংস্থাৰ অতিৰিক্ত সঞ্চালক ডঃ পি এন তালুকদাৰে প্ৰকাশ কৰিছে।

৭. ঢাকাত বাংলাদেশ চৰকাৰৰ সৈতে অনুষ্ঠিত দ্বি-পাক্ষিক বৈঠকত অংশ লোৱা সুষমা স্বৰাজে অনুপ চেতিয়া প্ৰত্যৰ্পণ প্ৰসংগ আৰু অবৈধ প্ৰব্ৰজনৰ প্ৰসংগটোও উত্থাপন কৰা বুলি জানিব পৰা গৈছে। লগতে ভিচা নীতিত কিছু শিথিলতা অনাৰ লগতে ১৩বছৰৰ তলৰ আৰু ৬৫বছৰৰ উৰ্ধৰ বাংলাদেশী নাগৰিকৰ বাবে দেশত "উপস্থিত হোৱাৰ পাছতে কেইবাবাৰো আহিব পৰা পৰ্যটক ভিছা" দিয়াৰ সিদ্ধান্ত লোৱাৰো কথা প্ৰকাশ পাইছে।

৮. নেচনেল হেৰাল্ড নামৰ সদ্যহতে বন্ধ হৈ যোৱা কাকতখনৰ সম্প্ৰতি আৰু পুঁজিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগত প্ৰাৰম্ভিক তথ্য লাভ কৰাৰ পাছত এতিয়া দিল্লীৰ এখন কৰ্টে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকে ধৰি কেইবাজনো নেতাক আদালতত হাজিৰ হবলৈ চমন জাৰি কৰিছে। এই গোচৰটোৰ গোচৰীয়া ডঃ সুব্ৰমণিয়ম স্বামীয়ে কেচত জয়লাভ কৰাৰো দৃঢ়তা প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৯. দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ৰ এক শীৰ্ষ বিষয়াৰ দলক চ'চিয়েল মেডিয়াত প্ৰতিফলিত হোৱা দেশৰ জনতাৰ স্পন্দনৰ ওপৰত নজৰ ৰাখিবলৈ দ্বায়িত্ব দিছে বুলি প্ৰকাশ পাইছে সুখবৰ। মোদী চৰকাৰৰ এমাহ পূৰ্ণ হোৱৰ উপলক্ষে শাসকীয় দলটোৱে এটা ভিডিঅ' মুকলি কৰাৰো খবৰ। এমহীয়া কাৰ্যকালৰ অন্তত কেইবাটাও সিদ্ধান্তৰ বাবে প্ৰৱলভাৱে সমালোচিত হোৱা প্ৰধানমন্ত্ৰীয়ে দেশৰ হিতৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলি দেশবাসীলৈ এখন চিঠি লিখা বুলিও প্ৰকাশ পাইছে।

১০. নগাঁওৰ নাট্য সংগঠন "মঞ্চ অন্তৰে" আজি নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ অৰ্থ-সাহাৰ্যত নগাঁও নাট্য মন্দিৰত মঞ্চস্থ কৰিব সপোনটি বৰদলৈৰ ৰচনাৰে "ফেউৰাৰ নিনাদ" শীৰ্ষক এখনি নাট।  কলিয়াবৰৰ নন্দীকেশ্বৰ দেৱালয়ত প্ৰচলিত পানীতোলা বৰসবাহ আৰু বাঘভেটা পৰম্পৰাক বিষয়বস্তুৰূপে নাটকখনি ৰচনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment