মুক্তিৰ বাবে সাজু বাহাৰুল ইছলামৰ "ৰ'দৰ চিঠি"
(পিতা-পুত্ৰৰ ৰূপত পাপন-জুবিন)
হিমাংশু চহৰীয়া
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEijx1N0ysnZG0HBEeb_JHIOISCFF3kN8p_-iC7oXhIGAGQuRgRiMm6LDniCaK0Lb1aZFW0YD7LojQ_qUyRa8UdhZrhCImqepeRMPOBDy4Aohp86RmdzWaJ9QM1Gwz0nJmi0PYmKbh73JBw/s1600/Still+from+the+movie+RODOR+SITHI.jpg)

বহুদিনৰ পৰাই সকলোৰে অপেক্ষা এখন অসমীয়া কথাছবিৰ বাবে। চ'ছিয়েল মিডিয়াই, সংবাদ পত্ৰই কঢ়িয়াই অনা খবৰেই আগ্ৰহ সৃষ্টি কৰিছে ছবিখনৰ প্ৰতি। অসমীয়া ছবিজগতত চলি থকা দুর্দিনৰ মাজতো যেন সকলোৱে অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে এই ছবিখনৰ মুক্তিৰ বাবে। উল্লেখনীয় কথা যে এইবাৰ এই ছবিখনৰ বাবেবাট চাই ৰোৱা দেখা গৈছে নৱপ্ৰজন্মই। এই বহু অপেক্ষিত ছবিখনেই হ'ল অভিনেতা তথা নাট্যকর্মী বাহাৰুল ইছলাম পৰিচালিত 'ৰ'দৰ চিঠি'। যথেষ্ট অভিজ্ঞতাপুষ্ট বাহাৰুল ইছলামক বর্তমান অসমত 'অভিনয়ৰ সম্ৰাট' বুলি কলেও হয়তোকোনেও নুই কৰিব নোৱাৰে। 'আছেনে কোনোবা হিয়াত' ছবিখনৰ পিছত প্ৰায় এটা দশকৰ বহু চিন্তা চর্চা তথা বিচাৰ বিশ্লেষণৰ অন্তত বাহাৰুল ইছলাম আগবাঢ়ি আহিছিল তেখেতৰ দ্বিতীয়খন ছবি নির্মাণৰ বাবে।
আৰু প্ৰায় বছৰযোৰা প্ৰস্তুতিৰ অন্তত অৱশেষত সাজু হৈ উঠিল মুক্তিৰ বাবে 'ৰ'দৰ চিঠি'। ইতিমধ্যে 'ৰ'দৰ চিঠি'য়ে চেঞ্চৰ চার্টিফিকেট লাভ কৰিছে আৰু অতি সোনকালেই ছবিখন মুক্তি দিব বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য কথাটো হ'ল যে তথাকথিত 'ষ্টাৰ'ৰ অবিহনেই নির্মাণ কৰা হৈছে এই ছবিখন। সাৱলীল কাহিনী তথা প্ৰকৃত অভিনয়ক উচিত মর্য্যাদা দিয়াৰ চেষ্টা কৰা হৈছে ছবিখনত।
বাহাৰুল ইছলাম ৰচিত 'সীমাৰ সীপাৰে' নামৰ নাটকখনক কিছু নতুনকৈ সজাই ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে বুলি জানিব পৰা গৈছে। অল্টাৰনেটিভ চিনেমেটিকচৰ বেনাৰত নির্মিত ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ ৰচনা কৰিছে বাহাৰুল ইছলামে।
প্ৰকৃতিক মূল বিষয় হিচাপে লৈয়ে ছবিখনৰ কাহিনী ৰচিত হৈছে আৰু ছবিখনত
সুন্দৰ ৰূপত প্ৰতিফলিত হ'ব মাতৃ-পুত্ৰ, স্বামী-স্ত্ৰীৰ মাজৰ সম্পর্ক তথা জীৱনৰ কথা। ছবিখনে যাতে সমাজৰ সকলো স্তৰৰ লোকৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম
হয়, তাৰ বাবে অহৰহ চেষ্টা কৰিছে পৰিচালকে।
উল্লেখযোগ্য কথাটো এয়ে যে বহু অপেক্ষিত এই ছবিখনত অভিনেতাৰ ৰূপত দেখা যাব যুৱ প্ৰজন্মৰ দুগৰাকী হার্টথ্ৰব জুবিন গার্গ তথা অংগৰাগ পাপন মহন্তক— এয়াই হয়তো ছবিখনৰ প্ৰতি যুৱ প্ৰজন্মৰ আগ্ৰহৰ মূল কাৰণ। জুবিন গার্গৰ অভিনয় ইতিমধ্যে দর্শকে 'তুমি মোৰ মাথো মোৰ', 'দীনবন্ধু', 'মন যায়' আদি ছবিত সৱল অভিনয় কৰা দেখিবলৈ পাইছে আৰু সকলো দর্শককে মুগ্ধ কৰিছে জুবিন গার্গৰ প্ৰতিটো চৰিত্ৰই।
আনহাতে পাপনে অভিনয় কৰা এইখনেই হৈছে প্ৰথম ছবি। লগতে ছবিখনৰ এক গুৰুত্বপূর্ণ চৰিত্ৰত দেখা যাব হলীউড, বলীউডৰ খ্যাতিসম্পন্ন অভিনেতা তথা সুযোগ্য অসম সন্তান আদিল হুছেইনক। তাৰোপৰি 'ৰ'দৰ চিঠি'ৰ দুটি উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে শশাংক সমীৰ গগৈ তথা বর্ষা বাহাৰে। লগতে দেখা যাব ভাগিৰথী, জ্যোতি নাৰায়ণ নাথ, ফেৰীপ্ৰিয়া, পল্লৱী ফুকন, কিচমত বনো, মমী ডেকা, ননী বৰপূজাৰী, জিয়া বাহাৰ ইত্যাদিক।
জুবিন গার্গৰ সংগীত পৰিচালনাৰে 'ৰ'দৰ চিঠি'ৰ অডিঅ এলবাম ২০১৩ৰ ২৫
ডিচেম্বৰত মুক্তি দিয়া হৈছে আৰু আটাইকেইটি গীতেই শ্ৰোতাৰ পৰা লাভ কৰিছে অভূতপূর্ব সঁহাৰি। দিগন্ত ভাৰতীয়ে লিখা আৰু জুবিন আৰু পাপনে পৃথক পৃথককৈ গোৱা 'প্ৰতিদিনে...' শীর্ষক গীত দুটি এতিয়া সকলোৰে মুখে মুখে। একেদৰে জনপ্ৰিয় হৈছে আৰ জে সমীৰে লিখা আৰু জুবিন গার্গে কণ্ঠদান কৰা 'আকাশে দিয়া ৰ'দৰে চিঠি...' শীর্ষক গীতটিও।
উল্লেখযোগ্য যে এই ছবিখনৰ বাবেই জুবিন গার্গে সম্পূর্ণ নতুন ৰূপত সজাইছে হীৰেণ ভট্টাচার্য্যৰ 'এন্ধাৰে এন্ধাৰে..' শীর্ষক কবিতাটি। ইতিমধ্যে পাপনৰ কণ্ঠত ছবিখনৰ 'প্ৰতিদিনে...' শীর্ষক গীতটিৰ ভিডিঅটোৱেও সকলোৰে মন মুহিবলৈ সক্ষম হৈছে।
প্ৰদীপ দৈমাৰীয়ে চিত্ৰগ্ৰহণ কৰা ছবিখন সম্পাদনা কৰিছে চলচ্চিত্ৰ সম্পাদক কাজুয়ে। চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে বলীউডত প্ৰতিষ্ঠিত অসম সন্তান
অমৃত প্ৰীতম। ছবিখনৰ কলা নির্দেশনা ননী বৰপূজাৰীৰ। সাজসজ্জাৰ দায়িত্বত
আছে জিনা বৈশ্য আৰু ভাগিৰথী। ছবিখনৰ চিত্ৰগ্ৰহণ শ্বিলং, চেৰাপুঞ্জী তথা গুৱাহাটীৰ আশে পাশে বহুতো মনোমোহা লোকেচনত কৰা হৈছে যিটো ইতিমধ্যে ছবিখনৰ গীতত পৰিলক্ষিত হৈছে।
এতিয়া সকলো চিত্ৰীপ্ৰেমী তথা নৱপ্ৰজন্মৰ অপেক্ষা মাথো সেই দিনটোলৈ, যিদিনা মুক্তি লাভ কৰিব 'ৰ'দৰ চিঠি'য়ে। অসমীয়া ছবিজগতত এক মাইলৰ খুঁটিৰূপে পৰিগণিত হওক বাহাৰুল ইছলামৰ 'ৰ'দৰ চিঠি।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEirl8eTJv30TI8E2NQqPQHH49c6vLjGRglI2hLDJrxnJV2ewf2hpiutg14NGTmrsN58B84NcFONm6OBWXSy9OKAwssAqAdcRnOKtp4_j5bA9lrCG6ltsmLWM9_i5b1TeJ-iDpTe0lA-pPE/s1600/477162_10200881407704882_829335052_o.jpg)
উল্লেখযোগ্য কথাটো হ'ল যে তথাকথিত 'ষ্টাৰ'ৰ অবিহনেই নির্মাণ কৰা হৈছে এই ছবিখন। সাৱলীল কাহিনী তথা প্ৰকৃত অভিনয়ক উচিত মর্য্যাদা দিয়াৰ চেষ্টা কৰা হৈছে ছবিখনত।
প্ৰকৃতিক মূল বিষয় হিচাপে লৈয়ে ছবিখনৰ কাহিনী ৰচিত হৈছে আৰু ছবিখনত
সুন্দৰ ৰূপত প্ৰতিফলিত হ'ব মাতৃ-পুত্ৰ, স্বামী-স্ত্ৰীৰ মাজৰ সম্পর্ক তথা জীৱনৰ কথা। ছবিখনে যাতে সমাজৰ সকলো স্তৰৰ লোকৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম
হয়, তাৰ বাবে অহৰহ চেষ্টা কৰিছে পৰিচালকে।
উল্লেখযোগ্য কথাটো এয়ে যে বহু অপেক্ষিত এই ছবিখনত অভিনেতাৰ ৰূপত দেখা যাব যুৱ প্ৰজন্মৰ দুগৰাকী হার্টথ্ৰব জুবিন গার্গ তথা অংগৰাগ পাপন মহন্তক— এয়াই হয়তো ছবিখনৰ প্ৰতি যুৱ প্ৰজন্মৰ আগ্ৰহৰ মূল কাৰণ। জুবিন গার্গৰ অভিনয় ইতিমধ্যে দর্শকে 'তুমি মোৰ মাথো মোৰ', 'দীনবন্ধু', 'মন যায়' আদি ছবিত সৱল অভিনয় কৰা দেখিবলৈ পাইছে আৰু সকলো দর্শককে মুগ্ধ কৰিছে জুবিন গার্গৰ প্ৰতিটো চৰিত্ৰই।
আনহাতে পাপনে অভিনয় কৰা এইখনেই হৈছে প্ৰথম ছবি। লগতে ছবিখনৰ এক গুৰুত্বপূর্ণ চৰিত্ৰত দেখা যাব হলীউড, বলীউডৰ খ্যাতিসম্পন্ন অভিনেতা তথা সুযোগ্য অসম সন্তান আদিল হুছেইনক। তাৰোপৰি 'ৰ'দৰ চিঠি'ৰ দুটি উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে শশাংক সমীৰ গগৈ তথা বর্ষা বাহাৰে। লগতে দেখা যাব ভাগিৰথী, জ্যোতি নাৰায়ণ নাথ, ফেৰীপ্ৰিয়া, পল্লৱী ফুকন, কিচমত বনো, মমী ডেকা, ননী বৰপূজাৰী, জিয়া বাহাৰ ইত্যাদিক।
জুবিন গার্গৰ সংগীত পৰিচালনাৰে 'ৰ'দৰ চিঠি'ৰ অডিঅ এলবাম ২০১৩ৰ ২৫
ডিচেম্বৰত মুক্তি দিয়া হৈছে আৰু আটাইকেইটি গীতেই শ্ৰোতাৰ পৰা লাভ কৰিছে অভূতপূর্ব সঁহাৰি। দিগন্ত ভাৰতীয়ে লিখা আৰু জুবিন আৰু পাপনে পৃথক পৃথককৈ গোৱা 'প্ৰতিদিনে...' শীর্ষক গীত দুটি এতিয়া সকলোৰে মুখে মুখে। একেদৰে জনপ্ৰিয় হৈছে আৰ জে সমীৰে লিখা আৰু জুবিন গার্গে কণ্ঠদান কৰা 'আকাশে দিয়া ৰ'দৰে চিঠি...' শীর্ষক গীতটিও।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgR_t9V3-JFQeVZz97eMKF_2A8a_6Jr6PJ7yQrdR6xh3kHUYiBUPFqI_TIl4U7DI9e8RRgfEbfj50qjblRZpLK8KWjoXMqut2yH9L8n0CoEUq9PRxmyLQF_mI93-_JH0iDqiYv_zNRoEzw/s1600/906639_10200757629930515_454880443_o.jpg)
প্ৰদীপ দৈমাৰীয়ে চিত্ৰগ্ৰহণ কৰা ছবিখন সম্পাদনা কৰিছে চলচ্চিত্ৰ সম্পাদক কাজুয়ে। চাউণ্ড ডিজাইনাৰৰ দায়িত্বত আছে বলীউডত প্ৰতিষ্ঠিত অসম সন্তান
অমৃত প্ৰীতম। ছবিখনৰ কলা নির্দেশনা ননী বৰপূজাৰীৰ। সাজসজ্জাৰ দায়িত্বত
আছে জিনা বৈশ্য আৰু ভাগিৰথী। ছবিখনৰ চিত্ৰগ্ৰহণ শ্বিলং, চেৰাপুঞ্জী তথা গুৱাহাটীৰ আশে পাশে বহুতো মনোমোহা লোকেচনত কৰা হৈছে যিটো ইতিমধ্যে ছবিখনৰ গীতত পৰিলক্ষিত হৈছে।
এতিয়া সকলো চিত্ৰীপ্ৰেমী তথা নৱপ্ৰজন্মৰ অপেক্ষা মাথো সেই দিনটোলৈ, যিদিনা মুক্তি লাভ কৰিব 'ৰ'দৰ চিঠি'য়ে। অসমীয়া ছবিজগতত এক মাইলৰ খুঁটিৰূপে পৰিগণিত হওক বাহাৰুল ইছলামৰ 'ৰ'দৰ চিঠি।
লেখকৰ ফোন নং– ৭৮৯৬৯৬৬১৭,ইমেইল – hsahariah123@gmail.com
অধীৰ আগ্ৰহেৰে বাট চাইছো ছবিখনৰ মুক্তিৰ বাবে।
ReplyDelete