পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১. ওপজা দিন ইতিবাচক অথচ ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে বৰমা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভুৱন চন্দ্ৰ কলিতাই। ২০০৬চনত অৱসৰ গ্ৰহণৰ পাছৰে পৰা পেঞ্চনৰ ধনেৰে কলিতাদেৱে অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নৱমৰ পৰা স্নাতক শ্ৰেণীৰ পাঠ্যপুথি বিতৰণ কৰি আহিছে। কালি কলিতাদেৱে নিজৰ ৬৮তম জন্মদিনত নিজৰ বাসভৱনতে প্ৰায় ৪০,০০০টকাৰ পাঠ্যপুথি বিতৰণ কৰে। কলিতাদেৱৰ এই মহানুভৱতাক ৰাইজে প্ৰশংসা কৰাৰ লগতে গুণমুগ্ধই ফুলৰ থোপা, গামোচা আৰু গ্ৰন্থৰে তেখেতক জন্মদিনৰ উষ্ণ অভিনন্দন জ্ঞাপন কৰাৰ সুখৰ খবৰ পোৱা গৈছে।
 
২. গণশিল্পী খগেন মহন্তৰ নামত ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰিব অসম সাহিত্য সভাই। নগাঁও জিলা সাহিত্য সভাৰ সদৌ নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত অসম সাহিত্য সভাৰ কবি দেৱকান্ত বৰুৱাৰ জন্ম-শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিলে সাহিত্য সভাৰ উপসভাপতি পৰমানন্দ ৰাজবংশীয়ে।

৩. উন্মোচিত হ'ল "অসমৰ জাতীয় সংগীত আৰু ইতিহাস" শীৰ্ষক গ্ৰন্থ। কালি গুৱাহাটী প্ৰেছ ক্লাৱত শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে এই তত্ব-গধুৰ গৱেষণা গ্ৰন্থখনি উন্মোচন কৰে।


৪. সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰয়াত নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ স্মৃতিত প্ৰদান কৰি আহিছে সমিতিৰ "সু-সংগঠক বঁটা"। শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিশিষ্ট লোকৰ উপস্থিতিত এইবৰ্ষৰ বঁটা তেজপুৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনু্ষ্ঠিত এক সভাত শিক্ষাবিদ অৱলা গোহাঁইক প্ৰদান কৰাৰ সুখবৰ।

৫. কালি শ্বহীদ কুশল কোঁৱৰদেৱৰ মৃত্যু-বাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ নেহেৰু পাৰ্কস্থিত প্ৰতিমূৰ্তিত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ বিপৰীতে ধুবুৰীত স্থাপিত হোৱা প্ৰতিমূৰ্তিত কালি কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জিলা প্ৰশাসনে আয়োজন নকৰাৰ বিষয়টো সংবাদ মাধ্যমে পোহৰলৈ আনে।  প্ৰশাসনৰ এনে দ্বায়িত্বহীন মনোভাৱে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

৬. দেশৰ ভিতৰতে তৃতীয় শ্ৰেষ্ঠ বিমান বন্দৰৰ সন্মান লাভ কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰে।  এয়াৰপৰ্ট কাউন্সিল ইণ্টাৰনেশনেল নামৰ সংস্থাৰ  জৰীপত প্ৰতি তিনিমাহত যাত্ৰী, বিমান, কৰ্মচাৰীৰ প্ৰতি আগবঢ়োৱা সা-সুবিধাকে ধৰি ৩২টা দিশৰ বিবেচনাৰ ভিত্তিত এই সমীক্ষাত ত্ৰিৱান্দ্ৰম এয়াৰপৰ্টে দেশৰ শীৰ্ষস্থান লাভ কৰিছে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰে দক্ষতাৰ পৃথিৱীজোৰা তালিকাত ৭৫তম স্থান লাভ কৰাৰো সুখবৰ।
৭. বিসম্বাদ শেষ হোৱাৰ খবৰ ৰাজহুৱা কৰি সংবাদ শিৰোনামাত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্থান পোৱাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰো অনুশাসন কমিটিখনৰ পুনৰ গঠন কৰাৰ খবৰ সংবাদ পত্ৰত প্ৰকাশিত হৈছে। জানিব পৰা মতে, ডাঃ ভূমিধৰ বৰ্মনক অধ্যক্ষ ৰূপে লৈ শক্তিশালী ৰূপত এই কমিটিখনৰ পুনৰ গঠন কৰা হৈছে।

৮. মাওবাদী সংগঠনলৈ চাহ জনজাতিৰ উচ্চ-শিক্ষিত যুৱক-যুৱতী সকলে উপযুক্ত কৰ্মসংস্থানৰ অভাৱ আৰু আৰ্থিক দীনতাৰ বাবেই ঢাপলি মেলিছে বুলি প্ৰকাশ পাইছে।  কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ  ৰিজ্জুক এই গতি ৰোধ কৰাৰ বাবে ব্যৱস্থা লবলৈ দাবী জনাবলৈ  অসম চাহ মজদুৰ সংঘই সাক্ষাত কৰিব বুলি সুখবৰ প্ৰকাশ পাইছে।

৯. কামাখ্যা মন্দিৰত অহা ২২জুনৰ পৰা অনুষ্ঠিত হব অম্ববাচী মেলা। কামৰূপ জিলা প্ৰশাসনে দৰ্শনাৰ্থী সকলৰ বাবে কামাখ্যা ৰে'ল ষ্টেচনত এই উদ্দেশ্যে নিৰ্মাণ কৰা অস্থায়ী শিবিৰ কালি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পৰিদৰ্শন কৰি আয়োজনৰ বুজ লয়। অম্বূবাচী মেলালৈ বিনামূলীয়া যাতায়তৰ লগতে ২৪ঘণ্টাই চিকিতসা সেৱাৰ ব্যৱস্থা কৰাৰ কথাও উপায়ুক্ত আশুতোষ অগ্নিহোত্ৰীয়ে প্ৰকাশ কৰিছে।

১০. কোনো এটা গোচৰৰ ৰায়দানৰ আঁৰৰ যুক্তি তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত কৰা আবেদনৰ ভিত্তিত ৰাজহুৱা কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

No comments:

Post a Comment