হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. এইবাৰ অসম লোকৰ সেৱা আয়োগৰ চাকৰিৰ বাবে আগতীয়াকৈ দাম-দৰ ৰাজহুৱা হোৱাত প্ৰাৰ্থী সকলে সন্তোষ প্ৰকাশ কৰিছে। এইদৰে কথাবোৰ খোলাখুলি হলে টকা যোগাৰ কৰিবলৈকো সহজ হয় বুলি কিনিব পৰাৰ সক্ষমতা থকা প্ৰাৰ্থী সকলৰ একাংশই মতামত প্ৰকাশ কৰিছে। পিছে ধন দিয়াৰ পাছত যাতে কোনেও হাইকৰ্টত কেচ দি লেনদেনটো ওলোমাই ৰাখিব নোৱাৰে তাৰ বাবেই "আইন প্ৰতিৰোধী" তাবিজৰো ব্যৱস্থা কৰিব লাগে বুলিও প্ৰাৰ্থী সকলে দাবী কৰিছে।

২. লোকৰসেৱা আয়োগৰ চাকৰিৰ মূল পৰীক্ষাৰ সৈতেই দৰ-দামৰ তালিকা প্ৰকাশ হোৱাৰ লগে লগেই অসমৰ বহু ঠাইত মাটি-বাৰী, সম্পত্তি বিক্ৰীৰ যো-জা চলা বুলি বাতৰি পোৱা গৈছে। গতিকে এই চাকৰি আশা কৰা প্ৰাৰ্থী সকলৰ পিতৃপ্ৰদত্ত মাটি সম্পত্তি অসমৰ ক'লাধন-বগাধনেৰে ধনী লোক সকলে অতি সোনকালে আগ্ৰহেৰে কিনি চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াটো তৰান্বিত কৰিবৰ বাবেও লোকৰসেৱা আয়োগৰ তৰফৰ পৰা সফল ধনবান নাগৰিক সকললৈ আহ্বান জনাইছে।

৩. লোকৰসেৱা আয়োগত লোকৰসেৱাৰ বাবে  চিৰ আগ্ৰহী তথা সকলো চেনেল ফিটিং কৰিবলৈ সক্ষমতা থকা তথা ভাল আমদানিৰ বিভাগ পোৱাটো নিশ্চিত হোৱা সকলৰ বাবে অৰ্থনৈতিক সাহাৰ্য আগবঢ়াবৰ বাবেও সদৌ অসম কন্যাদায়গ্ৰস্ত পিতৃ সংস্থা আগবাঢ়ি আহিছে বুলি সুখবৰ পোৱা গৈছে। সংস্থাটোৱে এই বজৰুৱা পৃথিৱীত সফলতাৰ প্ৰতিশ্ৰুতি দিবলৈ সক্ষম হোৱা সকলক নিশ্চিত ভাৱেই জোঁৱাই ৰূপে বুকিং কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি স্পষ্টভাষাৰে প্ৰকাশ কৰিছে। আৰ্থিক ভাৱে দুৰ্বল এনে প্ৰাৰ্থীক অগ্ৰাধিকাৰ ভিত্তিত সহায় কৰিব বুলিও সংস্থাই আগতীয়াকৈ ঘোষণা কৰিছে।

৪. এইবাৰ খেতিবাতি মন্ত্ৰীও ৰসাল গগৈৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে। পিছে আন সকল বিসম্বাদীৰ দৰে তেখেতৰ দাবীৰ চৰিত্ৰ একে নহয়, তেখেতে কিবা বিভাগ পোৱা নাই, খাবলৈ পোৱা নাই বুলি দাবী কৰা নাই। তেখেতে ঠিকা-ঠুকলি বিতৰণক লৈ আৰম্ভ হোৱা "তদন্ত গাপ" দিয়াৰ দাবীৰেহে চাৰৰ কাষ চাপিছে। চাৰে সন্মতি নিদিলে তেওঁ পোনে পোনে জালুবাৰীৰ আশ্ৰমলৈ গৈ আশ্ৰয় লবগৈ বুলি ভীতি প্ৰদৰ্শন কৰাৰ গোপন খবৰ পোৱা গৈছে।

৫. এতিয়া সদৌ অসম বিসম্বাদী বিধায়নী দলৰ দাবীৰ প্ৰতি হাইকামাণ্ডৰ মুখ্য কাৰ্যালয়ে কি ফলাফল দিয়ে তাকে লৈ ৰাজ্যত উদ্বিগ্নতা বৃদ্ধি পাইছে। উদ্বিগ্ন ব্যক্তিসকলক এই প্ৰতিদিনে বৃদ্ধি হোৱা এই মানসিক চাপৰ পৰা মুক্তি দিবলৈ চাপমুক্তি নামৰ স্বেচ্ছাসেৱী সংগঠনে এটি ৱেবচাইট মুকলি কৰিছে। বিসম্বাদৰ ফলাফল, বিধায়কৰ গতিবিধি, গগৈ চাৰৰ প্ৰেচাৰৰ গ্ৰাফ আদি সকলো তথ্য প্ৰত্যক্ষ কৰিব পৰাকৈ লাইভ ফীডেৰে এই "খোৱা-কামোৰা.কম" নামৰ ৱেবচাইটটো কালি মুকলি কৰা হৈছে।

৬. ভূমিস্খলনৰ আশংকা থকা গুৱাহাটীৰ ৩৭৭টা অঞ্চলৰ পৰিয়ালক ৪৮ঘণ্টাৰ ভিতৰত আন ঠাইলৈ যাবলৈ আহ্বান জনালে ৰসাল গগৈয়ে।  হেৰি পটাৰৰ যাদুকৰী ঝাড়ুৰ ব্যৱস্থা চাৰে কৰি দিলেই ৰাইজে ঘৰ-বাৰী সম্পতি লৈ সুৰক্ষিত স্থানলৈ উৰা মাৰিব বুলিও প্ৰকাশ কৰিছে।

৭. "জলবন্দী" নামৰ ভাওনাখন গুৱাহাটীত তিনিদিনৰ পাছতো শেষ নোহোৱাত শিল্পী সমাজে ক্ষোভ প্ৰকাশ কৰিছে। এতিয়াও হাজাৰ হাজাৰ লোকে বিভিন্ন অঞ্চলত অহোৰাত্ৰি ভাওনাখন উপভোগ কৰি থকা সত্বেও সেইবোৰ স্থানলৈ গগৈ চাৰৰ মিনাৰেল ৱাটাৰৰ বটল আৰু চিৰা গৈ উপস্থিত নোহোৱা বুলিও অভিযোগ উঠিছে। ইফালে নবীন নগৰত পানী শুকালে বুলিয়েই  পানী আৰু চিৰা বিতৰণ বন্ধ কৰা কথাটোৱে মহানগৰীৰ বহু অঞ্চলত ক্ষোভৰ অগনি জ্বলোৱাৰো বাতৰি পোৱা গৈছে।

৮. গগৈ চাৰে গুৱাহাটীত উচ্ছেদ অভিযান চলাবলৈ নিৰ্দেশ দিয়াৰ পাছতে ৰাইজক উদ্ধাৰ কৰিবলৈ নাঙল গগৈ ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হৈছে। জলাশয় বা পাহাৰৰ পৰা মানুহ উঠাব পাৰক বা নোৱাৰক, এজন গগৈৰ এই অভিযানে আন এজন গগৈক যে সংবাদ শিখৰলৈ পুনৰ উঠাবই সেয়া খাটাং বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

৯. গুৱাহাটীৰ বতৰ আগজাননী কেন্দ্ৰই দিয়া বতৰাৰ সৈতে স্থানীয় বতৰে অসহযোগ  কৰাৰ খবৰ আহিছে।  জালুকবাৰী সমষ্টিত থকা কেন্দ্ৰটোৰ পৰা কৰা ভৱিষ্যতবাণীৰ ওলোটাহে গুৱাহাটীৰ খানাপাৰাৰ ফালৰ বতৰে কৰা বুলি গম পোৱাৰ পাছত, এয়া বিসম্বাদীৰ গৰম হাৱা চলাৰেই ফলশ্ৰুতি হব পাৰে বুলি সচেতন ৰাইজে আশংকা কৰিছে।

১০. মহানগৰত বান ব্যৱস্থাপনাৰ বাবে বিশেষ টাস্ক ফৰ্চ গঠন কৰিবলৈ ওলোৱাৰ সুখবৰ। এই টাস্ক ফৰ্চত নবীন নগৰ, ভঙাগড় আদি অঞ্চলৰ বান-বিধ্বস্ত হোৱা পৰিয়াল সমূহৰ পৰাই অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিয়া হব বুলিও প্ৰকাশ পাইছে। মাত্ৰ আবেদনকাৰী সেই অঞ্চলত ঘৰ, মাটি থকা নিগাজী বাসিন্দা হোৱাৰ লগতে বি.পি.এল হোৱাৰ চৰকাৰী প্ৰমাণপত্ৰ যোগাৰ কৰি ৰখাৰ যোগ্যতা থাকিব লাগিব। এইক্ষেত্ৰত ঘৰ কেইমহলীয়া সেই কথা কোনোপধ্যেই বিবেচনালৈ নাহে বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ।

No comments:

Post a Comment