মোৰো কেতিয়াবা যাদৱ পায়েং হ'বলৈ মন যায়!
(মনৰ একোণত সযতনে পুঁহি ৰাখিছো এক সপোন)
সুৰজিত নেওগ
(মনৰ একোণত সযতনে পুঁহি ৰাখিছো এক সপোন)
সুৰজিত নেওগ
বিশ্ব
পৰিবেশ দিৱস উপলক্ষে আজি আমাৰ দেশত কিমান লাখ গছ পুলি ৰোৱা হ'ব তাৰ হিচাপ
নাই...। কেইদিনমানৰ আগৰ পৰা আজিৰ দিনটো কোনে কেনেকে কিয় কি কৰি পালন কৰিব
তাৰ খবৰ-বাতৰি-ব্ৰেকিং নিউজেৰে সকলোফালে ভৰি পৰিছে... কোনোবাই প্লেকাৰ্ড
উলিয়াই সমদল কৰিছে; ৰেডিঅ' জকিয়ে বুজাই আছে আজিৰ দিনটোৰ তাৎপৰ্য্য, টিভিত
প্ৰ্খ্যাত-অখ্যাত লোকৰ মিলিজুলি আলোচনা, বাতৰি কাকতত বৰ বৰ হৰফেৰে পৰিবেশৰ
উপযোগীতা সম্পৰ্কে অজ্ঞানী লোকক জ্ঞান দিয়াৰ চেষ্টা, ৰাস্তাই-ঘাটে পৰিবেশ
সজাগতা সভা.... মুঠতে বিশ্ব পৰিবেশ দিৱস উপলক্ষে বহুজনে 'কিবা কিবি'
কৰিছে...এক উখল-মাখল পৰিবেশ!
তাৰ মাজত আকৌ যাদৱ পায়েং ডাঙৰীয়াক লৈও টনা-আজোৰা; কোনে তেখেতক আজিৰ নিজৰ নিজৰ সভা-সমিতিলৈ আমন্ত্ৰন কৰি আনি বক্তৃতা দিয়াব পাৰে..... কোনো কোনোৱে হয়তো আজিৰ এই বিশেষ দিন উপলক্ষে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত উদাত্ত কন্ঠে পৰিবেশ সচেতনতাৰ ওপৰত ভাষন দিছে।

পিছে
অপ্ৰিয় সত্যটো হ'ল, আজিৰ এনে ব্যস্ততাৰ পিছত কাইলৈৰ পৰা সকলো পাহৰি এক
গতানুগতিক দিন.... আনৰ পৰা বাঃ বাঃ লবলৈয়ে হওক বা আবেগৰ বশবৰ্তী হয়েই হওক
বা 'দেখাক দেখি কুকুৰে কৰে একাদশী'ক সত্য প্ৰ্তিপন্ন কৰিয়েই হওক, আজি
বহুজনে একো একোজোপা গছপুলি ইতিমধ্যে ৰুইছে বা ৰুব.... কিন্তু তেনেলোকৰ
কেইজনে অহাকালিৰ পৰা তেওঁ ৰোৱা পুলিটোৰ বিষয়ে সজাগ হ'ব?!! হয়তো কেতিয়াও
সেইফালে ঘুৰিয়েই নাচাব... হয়, তাৰ মাজত ব্যতিক্ৰম থাকিব, কিন্তু তেনেই
নগন্য....!!
আজিৰ সন্ধিয়া টিভি চাওঁতে অলপ মন দি চাবছোন.... বিভিন্নজনে
'পৰিবেশ সজাগতা'ৰ অংশ হিচাপে গছপুলি ৰুই থকাৰ লাইভ দৃশ্যাংশ... মে' মাহৰ
দুপৰীয়া ভৰ গৰমত উদং ঠাইত গছপুলি ৰুইছে...!!! মূৰৰ ওপৰত প্ৰ্খৰ ৰ'দ... কিবা
বুজিলেনে? হাহিম নে কান্দিম বাৰু? বিড়ম্বনা এয়ে যে এয়াই আমাৰ 'সচেতনতা'!

কথাবোৰ পোন-পটিয়াকৈ কোৱাৰ বাবে বহুজনে হয়তো বেয়াও পাব, হলেও উপায়
নাই। যদি আপোনাৰ সতি সন্ততিৰ ভবিষ্যতৰ বাবে আপুনি চিন্তা কৰে তেন্তে
আজিয়েই কামত ধৰক ....পৰিবেশৰ যদি সচায় উন্নতি হোৱা বিচাৰিছে, তেন্তে
বছৰেকত লোকক দেখুৱাই এটি গছ পুলি ৰুলে কাৰো একো লাভ নহয়.... অন্তত পাৰিলে
প্ৰ্তিমাহে এটাকৈ ৰোৱক.... মহানগৰীত বসবাস কৰা প্ৰায় সকলৰে 'অভিযোগ' ....
"মাটি নাই, ক'ত ৰুম?" ....বাহানা বাদ দিয়্ক... অকণমান ইফালে সিফালে চাওক;
ঢেৰ মাটি আছে..... 'পৰিবেশ বচাবলৈ' কেৱল নিজৰ ঘৰত বা চৌহদত গছপুলি ৰুব
লাগিব বুলি কোনো কথা নাই।
গছ ৰুই জীয়াবলৈ বাৰিষা কাল আটাইতকৈ উত্তম, বৰষুণৰ পানীয়ে প্ৰ্য়োজনীয় পানীৰ যোগান ধৰিব... ওচৰৰ নাৰ্চাৰি খনৰ পৰা সততে ডাঙৰ হোৱা গছৰ পুলি এটা আৰু লগতে বাহঁৰ ঘেৰ এটা কিনি আনক; খুব বেছি এশ টকা খৰচ হ'ব.... চাওকছোন চেষ্টা কৰি; আপুনি যদি বছৰেকত ছটা পুলি ৰুৱে, তাৰে নিশ্চয় অতিকমেও দুটা বাচিব... এতিয়া বাকী হিচাপ কৰক..... কৰো বুলিলে কথাবোৰ নিতান্তই সাধাৰণ, সৰল।

ৰাস্তাত সমদল উলিয়াই, ফেচবুকত আপডেট দি,
বাতৰি কাকতত ডাঙৰ ডাঙৰ প্ৰবন্ধ লেখি, টিভিৰ এচি ৰুমৰ ষ্টুডিঅ'ত বহি বৰ বৰ
লেকচাৰ মাৰি, জ্ঞান দি পৰিবেশ সংৰক্ষণ কৰিব নোৱাৰি.... হাতে কামে লাগক। আমি
সকলোৱে মনত ৰখাতো ভাল যে যাদৱ পায়েং ডাঙৰীয়াই নিৰলে এখন অৰণ্য গঢ়িছে; ডাঙৰ
লেকচাৰ মাৰি নহয়। কেৱল লোকক দেখুৱাই আজি গছ পুলি এটা ৰুলেই নহ'ব; তাৰ
আপডালো কৰিব লাগিব।
উপদেশতকৈ আৰ্হি ভাল, সেয়ে এই প'ষ্টটোৰ লগত
সংলগ্ন ফটো কেইখন দিলো ...মোৰ ঘৰৰ .... অতি সযতনে নামমাত্ৰ মাটিত আমি
হিচাপ-নিকাচ, চিন্তা-চৰ্চা কৰি বহু কেইজোপা গছ ৰুইছো... তলত মাটি নাই বাবে
আমি ঘৰৰ ওপৰৰ চাদটো মাটি ভৰাই, ড্ৰামত, থাৰ্মকলৰ বাকচত (মাছ অহা) সৰু ডাঙৰ
গছ ৰুঁইছো।
কোনোবা যদি আমাৰ এই কামৰ দ্বাৰা অনুপ্ৰাণিত হয় তেন্তে আমাৰ কষ্ট সফল হৈছে বুলি ভাবিব পাৰিম.... গুৱাহাটীত মাত্ৰ ডেৰকঠা মাটিত সৰুঘৰ এটা আৰু আমাৰ বাগিছা খনত থকা কেইজোপামান গছ - আম (৪), বগা জামু, লিছু, কাঁজি আৰু গোল নেমু (৫), আহোম বগৰী (পিচ ফল), মধুৰী, অমিতা (১০), জাহাজী, চেনিচম্পা, এজোপা বকুল, এজোপা বকফুল, মালভোগ কল, আতলচ, বাৰমহীয়া ৰহদৈ, পৰামলখি, সাঁচি গছ, নিম (৩), এজোপা নাহৰ, শেৱালী, এজোপা কৃষ্ণচূড়া, পাইন এজোপা, ডালিম, সুমথিৰা (৩), তিতাফুল (১০) আৰু প্ৰায় ডেৰশ মান ফুলৰ টাবৰ লগতে আন ঢেৰ ফুলৰ গছ আছে... নাই মাত্ৰ নাৰিকল আৰু তামোল গছ, যাক আমি ইচ্ছাকৃত ভাৱে বাদ দিছো।

আকৌ কওঁ; হাতে কামে নকৰি 'দিৱস' পাতি একো লাভ নাই.... ইচ্ছা থাকিলে যিকোনো কাম কৰিব পাৰি।
No comments:
Post a Comment