পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আৰ্তজনক নতুন জীৱন প্ৰদান কৰাৰ লক্ষ্যৰে কণ্ঠশিল্পী জুবলি বৰুৱাই স্থাপন কৰিছে "জুবলি ফাউণ্ডেশ্যন"। গাঁৱে-ভূঞে সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত অংগদানৰ পবিত্ৰ মানৱীয় দ্বায়িত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এই ফাউণ্ডেশ্যনে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। উপদেশ দিয়াৰ আগতে আৰ্হি  দেখুৱাবলৈ জুৱলীয়ে নিজৰ সকলো অংগদান কৰাৰ ইচ্ছাপত্ৰটো স্বাক্ষৰ কৰি ৰাখিছে। লগতে চিনেমা তথা শ্ৰব্য কেছেটত কণ্ঠদান কৰি পোৱা ধন আৰু শেহতীয়া এলবাম "মাটি"ৰ সকলো ধন তেওঁ ফাউণ্ডেশ্যনটোলৈ আগবঢ়াব বুলিও ঘোষণা কৰিছে।

২. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক সোণাৰাম চুতীয়া জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটো অহা ৮জুনত মৰিগাঁৱৰ গান্ধী ভৱনত অনুষ্ঠিত হব। শংকৰ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই এই অনুষ্ঠানটি পতাকা উত্তোলন  কৰিব। স্মৃতিগ্ৰন্থ উন্মোচন, স্মাৰক বক্তৃতাৰ অনুষ্ঠানৰ পাছতে বিয়লি এক সংবাদ মেলত এই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোণাৰাম চুতীয়া আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰা হব বুলি আয়োজকে প্ৰকাশ কৰিছে।

৩.
অসমৰ সুগম সংগীতক সুৰ আৰু কণ্ঠেৰে এক সুকীয়া মৰ্যদা প্ৰদান কৰা সুৰকাৰ-শিল্পী ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ কেইবাদশকজোৰা বৰ্ণময় সংগীত যাত্ৰাৰ কথা ধাৰাবাহিক ৰূপে অহা ৮জুনৰ পৰা পুৱা ৭-৩০বজাত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিকল্পনা তথা প্ৰযোজনা উতপল দত্তৰ আৰু আঁত ধৰিছে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান বিভাগৰ উপ-সঞ্চালক অৱনীৰঞ্জন পাঠকে।

৪. কাজিৰঙাৰ ডিফলু বন শিবিৰ এলেকাত দুগৰাকী চোৰাং চিকাৰীক গুলীয়াই নিহত কৰিলে বনকৰ্মীয়ে। ছয়জনীয়া চোৰাং চিকাৰী দলটোৰ সৈতে মুখামুখি সংঘৰ্ষত বনৰক্ষীৰে দলে এই সফলতা লাভ কৰা বুলি বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াই প্ৰকাশ কৰিছে।

৫. ডেনিয়েল টপ্পৰ হত্যাৰ গোচৰ সন্দৰ্ভত পুনৰ নিৰীক্ষণৰ বাবে চিবিআইৰ আবেদন গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কামৰূপ ছেছন আদালতে অভিযুক্ত প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা তথা পুলিন ফুকনক খালাচ দিয়াৰ বিপৰীতে আন এজন অবিযুক্ত কমল নাথক জুভেনাইল জাষ্টিচ বৰ্ডলৈ প্ৰেৰণ কৰিছিল। নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত চি.বি.আইয়ে জনোৱা আবেদনৰ সন্দৰ্ভত অভিযুক্ত সকললৈ ন্যায়ালয়ে জাননী জাৰি কৰিছে।

৬. কালি ষষ্ঠদশ লোকসভাত আন সকল সাংসদৰ সৈতে অসমৰো ১৪গৰাকীকৈ নিৰ্বাচিত সাংসদে শপত গ্ৰহণ কৰে। লোকসভাত কংগ্ৰেছৰ উপ-দলপতি ৰূপে বাছনি কৰা হৈছে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক। দলটোৰ মুখ্য সচেতকৰ ভূমিকা জ্যোতি-আদিত্য সিন্ধিয়াই পালন কৰিব বুলিও প্ৰকাশ পাইছে।

৭. সম্প্ৰীতি আৰু সদভাৱনাৰ চিন স্বৰূপে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাতৃলৈ প্ৰেৰণ কৰিলে শাড়ী। নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃলৈ শ্বল উপহাৰ দি পঠোৱাৰ পাছতে এখন শুভ্ৰ শাৰী মোদীৰ মাতৃলৈ উপহাৰ ৰূপে নৱাজ শ্বৰীফে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

৮.
সাৰদা চীট ফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভত চিবিআইয়ে ৪৬টাকৈ গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে। এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, এগৰাকী প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীকে ধৰি টেলিভিচন চেনেল, বাতৰি-কাকতৰ ব্যৱসায়ীকে ধৰি নেতা-কৰ্মী-ব্যৱসায়ী অচিৰেই চিবিআইৰ জালত পৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে।


৯. আমেৰিকাৰ আমন্ত্ৰণ গ্ৰহণ কৰি অহা ছেপ্তেম্বৰ মাহত বৈঠকৰ বাবে আমেৰিকালৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰত-মাৰ্কিন বৈদেশিক নীতিৰ সন্দৰ্ভত এই দ্বি-পাক্ষিক তথা বহুচৰ্চিত বৈঠকতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

১০. তেজপুৰৰ নলা-নৰ্দমাৰ ওপৰত প্ৰতিপত্তিশীল লোকৰ বহুমহলীয়া অট্টালিকা নিৰ্মাণৰ বিৰুদ্ধে উপাযুক্তৰ নেতৃত্বত চলিল অভিযান। প্ৰাকৃতিক হোলা বেদখল কৰা সকলৰ বিপক্ষে ফৌজাদাৰী গোচৰ প্ৰশাসনে ৰুজু কৰিবলৈ উদ্যোগ গ্ৰহণ কৰাৰ সুখবৰ।

No comments:

Post a Comment