পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰঃ
১. অসমত এম জি এনৰেগাৰ শ্ৰমিকৰ বৃদ্ধি কৰাৰ সুখবৰ ঘোষণা কৰিলে অসমৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে।  এই মজুৰী দৈনিক ১৫২টকাৰ পৰা ১৬৭টকালৈ বৃদ্ধি কৰাৰ সুখবৰ। লগতে বকো উন্নয়ন খণ্ডই আই.এছ.অ'ৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ সুখবৰ দিয়াৰ লগতে পঞ্চায়ত পৰ্যায়ত নতুনকৈ ১৬হাজাৰ পদত নিযুক্তি দিয়া হব বুলিও মন্ত্ৰীজনে কালি সংবাদমেলত সদৰী কৰিছে।

 
২. বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱালৈ অসম চৰকাৰে আগবঢ়াইছে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা। অহা বিশ জুনত পোনপ্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰ ভৱনৰ পৰিবৰ্তে অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান তেজপুৰ জিলা পুথিভঁৰালত আয়োজন কৰিছে। এই বঁটা উক্ত অনু্ষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰুৱাদেৱক প্ৰদান কৰিব।

৩. উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত অসমে লাভ কৰিব খাৰুৱা তেলৰ বৰ্দ্ধিত ৰয়েল্টিৰ নামত দহ হাজাৰ কোটি টকা। এই টকা অসমৰ ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে ব্যৱহাৰ হবই লাগিব বুলি দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। চৰকাৰী খণ্ডত নতুন মেডিকেল, ইঞ্জিনীয়াৰিং কলেজ স্থাপন, শৈক্ষিক আন্তঃগাঁথনি উন্নয়নত এই ধনৰ বুজন অংশ খৰছ কৰাৰ বাবেও আছুৱে পৰামৰ্শ আগবঢ়াইছে।

৪. কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ মন্ত্ৰী প্ৰকাশ জাভৰেকাৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠক অসমৰ কাজিৰঙাৰ গঁড় হত্যাৰ বিষয়ত এক টাস্ক ফ'ৰ্চ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গঁড় হত্যাৰ আঁৰৰ কাৰণ সমূহ আৰু তাক প্ৰতিৰোধৰ বাবে সমাধান সূত্ৰৰ সন্ধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধিৰ দলে অচিৰেই কাজিৰঙাই আহিব।

৫. অসমৰ সকলো উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে অসমৰ শিক্ষা পৰিষদৰ শিক্ষাৰ্থীৰ বাবে ৮০ শতাংশ আসন আৰু কেন্দ্ৰীয় শিক্ষা পৰিষদৰ শিক্ষাৰ্থীৰ বাবে ২০শতাংশ আসন সংৰক্ষণ কৰি মেধাৰ ভিত্তিত নামভৰ্তি কৰাবলৈ চৰকাৰক পৰামৰ্শ দিলে শিক্ষা বিভাগে গঠন কৰি দিয়া উচ্চ স্তৰীয় পৰামৰ্শ সমিতিয়ে। উল্লেখযোগ্য যে যোৱা ৫জুনত চৰকাৰে সকলো বৰ্ডৰ পৰা পাছ কৰা শিক্ষাৰ্থীক একেলগ কৰি নামভৰ্তি কৰিবৰ বাবে এক অধিসূচনা জাৰি কৰিছিল।

৬. উত্তৰ পূৱৰ ৰাজ্য সমূহত টেলিকম সেৱাক অধিক উন্নত মানৰ কৰিবলৈ চৰকাৰে বিনিয়োগ কৰিব ৫০০০কোটি টকা। এই অঞ্চলটোত ৮০০০টা নতুন মোবাইল টাৱাৰ স্থাপন কৰিবলৈ চৰকাৰে সিদ্ধান্ত লোৱাৰ কথা যোগাযোগ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সদৰী কৰিছে।

৭. যোৱা শনিবাৰে কৰ্তব্যৰত অৱস্থাত গাড়ীৰে খুন্দিয়াই মৃত্যু ঘটোৱা দিল্লী পুলিচৰ যান বাহন শাখাৰ কনিষ্টবল মানা ৰামৰ পৰিয়াললৈ উপৰাজ্যপালে এক কোটি টকাৰ সাহাৰ্য ঘোষণা কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ৰূপে প্ৰথমবাৰৰ বাবে কোনো আৰক্ষী কৰ্মীৰ বাবে এক কোটি টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰি এক নতুন উদাহৰণ দিল্লীত দাঙি ধৰিছিল।

৮. আয়ৰ তুলনাত সংগতিহীন সম্পত্তি আহৰণৰ গোচৰ উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ সকলো পূৰ্বৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি বিচাৰ চলাই নিয়াৰ পথ মুকলি কৰাৰ সুখবৰ।

৯. দেশৰ ৰাজধানী দিল্লী দেশৰ প্ৰথমখন কেৰাচিন মুক্ত নগৰত পৰিণত হৈছে বুলি দিল্লী চৰকাৰে ঘোষণা কৰিছে। দিল্লীক কেৰাচিন মু্ক্ত নগৰ গঢ়াৰ ২০১২ চনৰ আঁচনিখন সফলতা কাৰ্যকৰী হোৱাৰ পাছত ৰেহাইমূল্যত দিল্লীত কেৰাচিন যোগান বন্ধ কৰা হৈছে আৰু ই ৰাজকোষৰ ২০০কোটি টকা বছৰি ৰাহি কৰিব বুলিও তথ্য প্ৰকাশ পাইছে।

১০. কৰ্ণাটক জৈৱিক কৃষিক কৃষি সন্দৰ্ভত চলোৱা পৰীক্ষা সমূহৰ সফলতা ঘোষণা কৰি দেশৰ নতুন কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে দেশৰ বিভিন্ন অঞ্চলতো জৈৱিক খেতিৰ পৰীক্ষামূলক প্ৰকল্প মুকলি কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

১১. ভূটানৰ জলবিদ্যুত প্ৰকল্প সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ স্থিতিক লৈ অসমৰ ৰাইজ তথা সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে বিষয়টোত স্পষ্টীকৰণ দাঙি ধৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসমৰ ক্ষতি হব পৰা কোনো কাম মোদী ডাঙৰীয়াই নকৰে বুলি স্পষ্ট কৰি দি অসমৰ উন্নতিৰ বাবেহে দল আৰু চৰকাৰে কাম কৰিব বুলিও কালি মত প্ৰকাশ কৰিছে।

১২. বাদ-বিসম্বাদী দুয়োপক্ষকে মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে পৰামৰ্শ লাভ কৰি দিছপুৰলৈ আজি উভতিছে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ। এই সপ্তাহৰ ভিতৰতে বহু-চৰ্চিত বিসম্বাদ নিৰসন কৰিব পৰাকৈ মন্ত্ৰীসভাৰ সালসলনি সম্পন্ন হব বুলিও প্ৰকাশ কৰিছে। লগতে ভুৱনেশ্বৰ কলিতাক যি কোনো মুহূৰ্ততে ছোনিয়া গান্ধীয়ে তলৱ কৰিব পাৰে বুলি দিল্লী এৰি নাযাবলৈ নিৰ্দেশ দিয়াৰো বাতৰি প্ৰকাশিত হৈছে।

No comments:

Post a Comment