হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. চেনিৰ দাম বৃদ্ধি পোৱাত সন্তোষ প্ৰকাশ কৰিছে নিখিল ভাৰত বহুমূত্ৰ ৰোগী সন্থাই। আনে চেনি দিয়া চাহ খোৱা দেখি পোৱা যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ দিনক দিনে সদস্য সংখ্যা বৃদ্ধি পাই অহা সন্থটোৱে খাদ্য মন্ত্ৰীক আহ্বান জনাইছে। পাৰিলে ভাৰতত চেনি নিষিদ্ধ ঘোষণা কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে সন্থাৰ অভাৱনীয় সংখ্যা বৃদ্ধিতো লেকাম লগাবলৈ সন্থাই কাতৰ আহ্বান জনাইছে।


২. কালি ব্ৰহ্মপুত্ৰ পাৰত অনুষ্ঠিত বিশেষ বিসম্বাদী ভাওনাত অংশ লৈ মল্লিকাৰ্জুন চাহাবে "কোনেও লবী কৰি মুখ্যমন্ত্ৰী হব নোৱাৰে" বুলি বচন মতাৰ গোপন খবৰ। এতিয়া গগৈ চাৰৰ চকী যাবনে নাযাব, সেয়া ভাওনাৰ শেষতহে ফলাফল ঘোষিত হব বুলি জানিব পৰাৰে পৰা এই বিষয়ত জুৱাৰ বজাৰো গৰম হৈ উঠাৰ খবৰ আহিছে। বিষয়টোত চলি থকা টনা আজোৰাত সকলো ছিণ্ডিকেট, চেকগেট, টোলগেটৰ ব্যৱসায়ী সকলে সুক্ষ্ম দৃষ্টি ৰাখিছে বুলিও জানিব পৰা গৈছে।

৩. বানত ভোগদৈৰ দলঙ উটি যোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম বানাক্ৰান্ত তথা পীড়িত সংঘই। মুখ্যমন্ত্ৰীৰ চহৰ বুলি গপতে ফুলি থকা যোৰহটীয়া ৰাইজকো এইবাৰ বানৰ তিতা-কেহাঁ অনুভৱ কৰি জীৱনৰ প্ৰত্যাহ্বানৰ আনন্দ লবলৈ জনালে আহ্বান। লগতে এতিয়া এক কিল'মিটাৰ পথ অতিক্ৰমৰ বাবে দহ কিল'মিটাৰ খোজকাঢ়িব লগা হোৱাটো স্বাস্থ্যৰ কাৰণে অতিশয় উপকাৰী কথাহে বুলিও সংঘই সহানুভূতি প্ৰকাশ কৰিছে।

৪. কেইবা হেক্টৰ কৃষি ভূমিৰ লগতে ৭৫টা পৰিয়ালৰ ঘৰ-বৰী নদীৰ বুকুত জাহ যোৱাৰ পাছতো উদাসীন হৈ থাকি লখিমপুৰ জিলা প্ৰশাসনে ধৈৰ্য ধৰাৰ ক্ষেত্ৰত এক বিশেষ অভিলেখৰ সৃষ্টি কৰিছে। সচেতন মহলে জিলা প্ৰশাসনক সন্যাসী প্ৰশাসন নামেৰে নামাকৰণ কৰিলেহে এই উদাসীনতাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা হব বুলিও মত প্ৰকাশ কৰিছে।

৫. গেৰুকামুখত অচিৰেই পুনৰ আৰম্ভ হব নদী-বান্ধৰ কাম, উভয় চৰকাৰৰ সেউজ সংকেত পোৱাত সন্তোষ প্ৰকাশ কৰিছে জলবিদ্যুত ঠিকাদাৰ সন্থাই।  চৰকাৰে সেউজ সংকেত দিছে যেতিয়া থলুৱা সংগঠন কেইটাকো মেনেজ কৰাত তেওঁলোকে চেষ্টাৰ ত্ৰুটি নকৰে বুলি ৰাজহুৱা সভাত তেওঁলোকে প্ৰকাশ কৰিলে। ভদ্ৰ ভাষাৰে কথা নমনা সংগঠনক দিবলৈ ৰাম-টাঙোনো সংগঠনটোৱে যোগাৰ কৰা বুলি গোপন সূ্ত্ৰত প্ৰকাশ পাইছে।

৬. মোডী চৰকাৰে কেন্দ্ৰীয় পুঁজিৰ ধনৰ হিচাপ বিচৰাৰ পৰিপ্ৰেক্ষিতত বিষয়া সন্থাৰ টোপনি নাইকীয়া হোৱাৰ খবৰ। ফলত অত্যাধিক টোপনি অহা ঔষধ সেৱন কৰিবলৈ লোৱাত লুটেৰা বিষয়া সংঘৰ পত্নী সকলৰ সংগঠনে উদ্বেগ প্ৰকাশ কৰিছে। আৰু এনে ধৰণৰ মানসিক অত্যাচাৰ অমানৱীয় বুলি অভিহিত কৰি জেনেভাৰ মানৱ অধিকাৰ সংগঠনলৈ হস্তক্ষেপ বিচাৰি ফেক্স কৰিছে বুলিও জানিব পৰা গৈছে।

৭. ৰাষ্ট্ৰীয় সজাগতা সপ্তাহ উপলক্ষে ৰাইজক জাপানী এনকেফেলাইটিছ, মেলেৰিয়া আদিৰ পৰা সাৱধান হবলৈ আহ্বান জনাইছে। লগতে ওচৰ পাজৰে হাততে পোৱাকৈ খুলি দিয়া বিপনীৰ পৰা কমদামত সুৰা সংগ্ৰহ কৰি গাহৰি, কুকুৰাৰ মঙহৰ সোৱাদ লৈ ফিটিঙ হৈ থাকি উন্নয়নৰ ধন, জলসিঞ্চন কেলেংকাৰী আদি বিষয়ত চকু মুদি থাকিবলৈকো প্ৰশাসনে আহ্বান জনাইছে বুলি বিপিন চিপাহীয়ে আমাক জনাইছে।

৮. লালুকত কণীযুক্ত মাছৰ বিক্ৰী অব্যাহত ৰখাৰ বাবে মীন বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰিলে স্থানীয় মাছৰ কণীপ্ৰেমী যুৱক সংঘই। বেলেগ ঠাইৰ পৰাও লালুকলৈ এনে মাছ সংগ্ৰহ কৰিবলৈ অহাটোৱে এক মীন পৰ্যটনৰ সূচনা কৰাতো স্থানীয় সংঘটোৱে সন্তোষ প্ৰকাশ কৰিছে।

৯. কেৱল কংগ্ৰেছী হোৱাৰ বাবেই ১০বছৰো লাইটৰ বিল নিদিয়াকৈ চলি থাকি অভিলেখ স্থাপন কৰিছে চামগুৰিৰ এগৰাকী সমাজকৰ্মীয়ে। এনে সুবিধা দিলে অসমত পাৰ্টিটোত নতুনকৈ যোগদিয়া মানুহৰ সংখ্যাত উজান উঠিবই বুলিও বাতৰিটো পঢ়ি সচেতন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

১০. লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত  অবাধ বেদখল আৰু মূল্যবান গছ কাটি তহিলং কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতো কাণসাৰ হাবি-বন মন্ত্ৰীয়ে দিয়া নাই বুলি প্ৰকাশ পালে অভিযোগ। আচলতে বিসম্বাদী মচলা দি হৰিণা মাংসৰ বেছি ভোজনৰ ফলত তেখেতৰ  ব্যক্তিগত কৌষ্ঠ-কাঠিন্য হোৱাৰ বাবেহে এইবোৰ বিষয়ত তেখেতে মনোযোগ দিব পৰা নাই বুলিও তেখেতৰ খানচামাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

No comments:

Post a Comment