পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক নগেন বৰালৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে "ছেমছন ছিং ইংতি বঁটা" আগবঢ়োৱাৰ সুখবৰ। পৰিষদৰ ৬৩তম প্ৰতিষ্ঠা দিৱসত আজি বৰাদেৱক জিলাখনৰ এই সৰ্বোচ্চ বঁটাটি প্ৰদান কৰা হব।


২. উত্তৰ-পূৰ্বাঞ্চলৰ বহু ভাষাৰ সাহিত্য অনুষ্ঠান সপ্তষি গোষ্ঠীৰ বাৰ্ষিক অধিবেশনত কালি "কুসুমবালা গগৈ সোঁৱৰণী বঁটা" লখিমপুৰ কলেজৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ডঃ বন্তি গগৈ হাওবৰাক আৰু "কৃষ্ণ গগৈ সোঁৱৰণী বঁটা" লেখক-সাংবাদিক ৰিপুঞ্জয় গগৈক প্ৰদান কৰা হয়। গুৱাহাটীৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত ২৯বছৰীয়া অনুষ্ঠানটোৰ অধিবেশন খনতে দিলীপ মহন্ত, হৰেশ্বৰ বৰুৱা, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিক সম্বৰ্ধনা জনোৱা হয়। লগতে সাংবাদিকতাৰ ক্ষেত্ৰলৈ বৰঙণি যোগোৱা মনোৰঞ্জন বড়ি, নৱজিত ভাগৱতী, পৰস্মিতা কৌশিক আৰু শ্ৰুতি জৈনকো সম্বৰ্ধনা জনায়। লগতে কবি সন্মিলন, সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠানো আয়োজিত হোৱাৰ সুখবৰ।

৩. অসম গ্ৰামীণ বেংকৰ উদ্যোগত গুাৱাহাটীৰ চানমাৰিস্থ গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত একৈশ দিনীয়াকৈ অায়োজন কৰা মহিলাৰ পোছাক ৰূপাংকৰ প্ৰশিক্ষণৰ সফলভাৱে সামৰণি পৰিছে। সশক্তিকৰণৰ এনে প্ৰশংসনীয় কাৰ্যসূচীৰে নিৱনুৱা সমস্যা দূৰ কৰাৰ বাবে বেংকটোৱে গ্ৰহণ কৰা পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

৪. কালি গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হ'ল বিশিষ্ট গৱেষক, অধ্যাপক জীৱন চন্দ্ৰ শৰ্মাৰ "প্ৰাচীন অসমীয়া শব্দকোষ" নামৰ অভিধানখন। নৱ-প্ৰজন্মক পুৰণি ভাষা-সাহিত্য অধ্যয়ন কৰিবলৈ আহ্বান জনাই অভিধানখন উদ্বোধন কিৰলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়াই।

৫. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনক নিৰ্বাচন অহা ২০১৫চনৰ ৫জুলাইত অনুষ্ঠিত হব। এই কথা ঘোষণা কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জনাৰ্দন দ্বিবেদীয়ে নিৰ্বাচনী সূচী প্ৰেৰণ কৰিছে। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে সেই উদ্দেশ্যে সদস্য ভৰ্তিৰ অন্ত পেলোৱাৰ পাছতে ১ এপ্ৰিলত প্ৰাথমিক, ১৫মে'ত ব্লক, ৭জুনত জিলা কংগ্ৰেছৰ নিৰ্বাচন পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰি ৫জুলাই প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন অনুষ্ঠিত কৰা হব।

৬. দেশৰ পৰা অস্ত্ৰ-শস্ত্ৰ ৰপ্তানিৰ বাবে বিশেষ নীতি গ্ৰহণ আৰু বন্ধুত্বপূৰ্ণ দেশলৈ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা উন্নয়ন প্ৰতিষ্ঠানে বিকাশ কৰা প্ৰতিৰক্ষা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত "এক খিৰিকিযুক্ত অনুমোদন ব্যৱস্থা" কৰিলে ডি.আৰ.ডি.অ'ই যুঁজাৰু বিমান, ক্ষেপনাস্ত্ৰকে ধৰি সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম বুলি প্ৰকাশ কৰিলে সংস্থাটোৰ মুৰব্বী অবিনাশ চন্দ্ৰই। ভাৰতীয় অস্ত্ৰৰ সক্ষমতা আৰু মূল্য চীনৰ প্ৰতিৰক্ষা সামগ্ৰীতকৈ উন্নত আৰু সস্তা বুলিও তেখেতে প্ৰকাশ কৰিছে।

৭. এইবাৰ ৰোজ ভেলীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে "ছেবি"য়ে। অহা তিনি মাহৰ ভিতৰতে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা সংগ্ৰহ কৰা কমেও ২০১৬কোটি টকা বিনিয়োগকাৰীক ঘূৰাই দিবলৈ নিৰ্দেশ জাৰি কৰা বুলি সংবাদ শিৰোনামা প্ৰকাশিত হৈছে।

৮. দৰঙৰ দলগাঁও শাখা সাহিত্য সভাৰ কবিতা সংকলন "দুৱৰি" যোৱা ২০জুনত বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয়। দলগাঁও জাতীয় বিদ্যালয়ত অনুষ্ঠিত সভাতে সংকলনখনি উন্মোচিত হয়।

৯. ইণ্টাৰনেট যোগে অনলাইন শ্বপিঙৰ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত উপনীত হৈছে ভাৰত। ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় এনে অনলাইন পৰ্টেল "ফ্লিপকাৰ্ট"য়ে দেশত ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ বাবে বৰ্তমানৰ ১৩হাজাৰ কৰ্মচাৰীৰ সৈতে দেশজুৰি দেশ ৩০খন নগৰত আৰু ১২ হাজাৰ কৰ্মচাৰী নিযোগ কৰিব বুলি প্ৰকাশ কৰিছে।

১০. গুৱাহাটীত অনাথ শিশুৰ শিক্ষা, স্বাস্থ্যৰ যতন লৈ প্ৰশংসনীয় কাম কৰি থকা "পৰশ" নামৰ অনুষ্ঠানে এটা দশক পূৰ কৰিবলৈ ওলাইছে। ৪২টাকৈ অনাথ শিশুক আশ্ৰয়দান কৰি শিক্ষা সুনিশ্চিত কৰাৰ লগতে সংগঠনটোৱে আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলৈকো আৰ্থিক অনুদান প্ৰদান কৰাৰ কাৰ্যসূচীও হাতত লোৱাৰ সুখবৰ পোৱা গৈছে।

No comments:

Post a Comment