পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. অসম লোকসেৱা আয়োগৰ বিভিন্ন পৰীক্ষাত বিভিন্ন সময়ত যোগ্য প্ৰাৰ্থী বঞ্চিত হৈ অহাৰ অভিযোগৰ ভিত্তিত এনে পৰীক্ষাৰ মৌখিক অংশৰ ভিডিঅ' ৰেকিৰ্ডিং কৰি প্ৰমাণ ৰখাৰ কথা চিন্তা-চৰ্চা কৰিছে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়ত প্ৰাথমিক কাম আৰম্ভ কৰি অচিৰেই মুখ্যমন্ত্ৰীৰ অনুমতিৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

 
২. অসমৰ নাট্য সংস্কৃতিৰ বিকাশত বৰঙণি যোগোৱাৰ উদ্দেশ্যে গঠিত হোৱা বসন্ত শইকীয়া ফাউণ্ডেশ্যন অব্ ড্ৰামাটিক আৰ্টৰ তৰফৰ পৰা অসমীয়া ভাষাত মৌলিক নাটকৰ এক প্ৰতিযোগিতা আয়োজিত হৈছে। শ্ৰেষ্ঠ নাট্যকাৰৰ বাবে "বসন্ত শইকীয়া নাট্য বঁটা"ৰ লগতে ১৫হাজাৰ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে । ইচ্ছুক নাট্যকাৰ সকলে ৯৬৭৮০-৭৩৩৮০ নম্বৰত যোগাযোগ কৰি ১০আগষ্টৰ ভিতৰত  পাণ্ডুলিপি জমা দিবলৈ আহ্বান জনাইছে।

৩. এ.পি.এছ.চিৰ প্ৰাৰম্ভিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বুলি ঘোষিত মানস প্ৰতিম বৰুৱা নামৰ যুৱকৰ উত্তৰবহী গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰীক্ষণ কৰি ৫টা উত্তৰ শুদ্ধ বুলি ঘোষণা কৰিছে আৰু প্ৰাৰ্থীজনক মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈ অসম লোকসেৱা আয়োগলৈ নিৰ্দেশ জাৰি কৰিছে।

৪. নেচনেল ইনষ্টিটিউট অৱ ৰুৰেল ডেভেলপমেণ্ট, হাইদৰাবাদত গ্ৰাম্য উন্নয়ন ব্যৱস্থাপনাৰ এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে উত্তৰ-পূৱ আৰু কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীসকলক সুবিধা দিবলৈ শিক্ষানুষ্ঠানখনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।  সবিশেষ www.nird.org/pgdrdm ৰ পৰা জানি লৈ অহা ২৪জুনত গুৱাহাটীতো অনুষ্ঠিত হব লগা প্ৰৱেশ পৰীক্ষাত বহিব পাৰিব বুলি প্ৰকাশ কৰিছে।

৫. ভাৰতীয় নাগৰিক সকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ আঁচনিৰ প্ৰস্তাৱ সমূহ যথাসম্ভৱ সোনকালে অনুমোদন কৰাৰো ব্যৱস্থা কৰা হব বুলি কালি গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৬. অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে কেন্দ্ৰীয় ভাৱে বিষ্ণুৰাভা দিৱস তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগহত উদযাপন কৰিব। এই অনুষ্ঠানতে আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ লগতে ভাস্কৰ্য শিল্পী হেলা দাস আৰু নৃত্য শিল্পী আইমনি গগৈকো বিষ্ণুৰাভা বঁটা ২০১৪ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব।

৭. বাজেট অধিবেশনলৈ সাজু হৈছে মোডী চৰকাৰ। অহা ১১ জুলাইত এই বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সংসদত দাখিল কৰিব। তাৰ পূৰ্বেই অহা ৯জুলাই ৰে'ল বাজেট উত্থাপন কৰা হব বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

৮. কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰে বৈঠকত মিলিত হ'ল টি.এম.পি.কে আৰু গণশক্তি দলৰ নেতৃত্ব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈকো সংগঠন দুটাৰ নেতৃত্বই তুলিলে দাবী।

৯. গুৱাহাটীত কলিকতাৰ পৰা চীনলৈ সৰবৰাহৰ লক্ষ্যৰে অনা সাত টন ৰঙা চন্দন জব্দ হোৱাৰ সুখবৰ। জব্দ হোৱা এই কাঠখিনিৰ মূ্ল্য প্ৰায় তিনিকোটি টকা হব বুলি ৰাজহ চোৰাংচোৱা বিভাগে সংবাদ মাধ্যমক অৱগত কৰিছ।

১০. কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে অহা ২২ৰ পৰা ২৬জুনলৈ পৰা অম্বুবাচী মেলা সুচাৰুৰূপে চলাই নিবলৈ প্ৰচেষ্টা হাতত লৈছে গুৱাহাটীৰ জিলা প্ৰশাসনে। ক্ল'জ চাৰ্কিট কেমেৰা, মেটেল ডিটেক্টৰৰে পৰ্যবেক্ষণ ৰাখিব লগীয়া মেলাখনেৰে অসমৰ পৰ্যটনক উজ্বলাই তুলিবলৈ চেষ্টা কৰা বুলিও পৰ্যটন মন্ত্ৰীয়ে কালি সংবাদ মেলাত ঘোষণা কৰিছে। তীৰ্থয়াত্ৰী সকলৰ খোৱা-থকা, চিকিতসা তথা পৰিবহনৰো ব্যৱস্থা প্ৰশাসনে কৰিছে বুলি সূত্ৰত প্ৰকাশ পাইছে।

১১. ভেৰগাঁও চাহবাগিচাৰ শ্ৰমিক ক্লাৱত বি.টি.চি.ৰ সাংস্কৃতিক মন্ত্ৰালয়ে আয়োজন কৰিছিল ঝুমুই নৃত্যৰ সাত দিনীয়া এখন কৰ্মশালাৰ । যোৱা ৮জুনৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাখনি ১৪জুনত সফলভাৱে সামৰণি পৰে।

১২. দেশত বহু প্ৰতীক্ষিত ফ'ৰ জি ব্ৰডবেণ্ড সেৱা অহা ২০১৫চনৰ ভিতৰত শুভাৰম্ভ কৰিব বুলি ঘোষণা কৰিলে ৰিলায়েঞ্চ জিঅ' ইনফ'কমে। অহা তিনিবছৰত ৰিলায়েঞ্চে নিজা ব্যৱসায়ত ১.৮লাখ টকা বিনিয়োগ কৰিব বুলিও ঘোষণা কৰিছে। কোম্পানীটোৰ চল্লিশতম বৰ্ষপুতিতে অধ্যক্ষ মুকেশ আম্বানীৰ পত্নীকো প্ৰথমগৰাকী মহিলা সঞ্চালক ৰূপে কোম্পানীৰ বৰ্ডত স্থান দিয়া বুলি সংবাদ প্ৰকাশিত হৈছে।


১৩. মাজুলী সাংস্কৃতিক দৃশ্যপট পৰিচালন কৰ্তৃপক্ষৰ উদ্যোগত অহা ৩-১৬জুলাইত যোৰহাটৰ ৰজাবাৰীস্থ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত এখনি সত্ৰীয়া নৃত্যৰ কৰ্মশালা আয়োজিত হৈছে। চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিব লগা কৰ্মশালাত যোগদানৰ কোনো ভৰ্তি মাচুল নাই বুলিও জানিব পৰা গৈছে। সীমিত আসনৰ বাবে যোগ্যতা আৰু অভিজ্ঞতাৰ মাপকাঠিৰ ভিত্তিতে প্ৰশিক্ষাৰ্থী নিৰ্বাচন কৰা হব বুলিও আয়োজকে প্ৰকাশ কৰিছে।

১৪.
ইউ.পি.এ চৰকাৰে নিযুক্তি দিয়া ৰাজ্যপাল সমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি পদত্যাগ কৰিবলৈ গৃহ মন্ত্ৰালে বাধ্য কৰোৱা বুলি বিতৰ্ক চলি থকাৰ মাজতে কালি অসমৰ ৰাজ্যপাল জে.বি. পাটনায়কে দেশৰ নতুন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক সাক্ষাত কৰে। তেখেতৰ ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত এতিয়াও একো কথা ৰাজহুৱা হোৱা নাই।
 
১৫. দেশৰ আৰ্থ-সামাজিক সমীক্ষা চলিত বৰ্ষৰ ১জুলাইৰ পৰা আৰম্ভ হব। নেশনেল চেম্পল চাৰ্ভেৰ ৭২তম সমীক্ষা ২০১৫চনৰ ৩০ পৰ্যন্ত চলিব আৰু এইবাৰ এই সমীক্ষাই ঘৰুৱা পৰ্যটন ব্যয়কো সামৰি লব বুলি জানিব পৰা গৈছে।

১৬. বিজ্ঞাপন আৰু দৃশ্য প্ৰচাৰ মন্ত্ৰালয়ে কৰিছে ১৫ আগষ্টৰ বাবে বিজ্ঞাপনৰ ডিজাইনৰ আহ্বান। শ্ৰেষ্ঠ বিজ্ঞাপন দেশজুৰি বাতৰিকাকতত প্ৰকাশৰ হব ব্যৱস্থা। শ্ৰেষ্ঠ বিজ্ঞাপনৰ বাবে ১৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰৰো ব্যৱস্থা।  সবিশেষঃ www.davp.nic.in ত।

No comments:

Post a Comment