প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণাময় ব্যতিক্ৰম

প্ৰেৰণাময় ব্যতিক্ৰম

Share This
আৰক্ষীৰ বিভাগত ৩৩শতাংশ মহিলাৰ বাবে সংৰক্ষণ ঘোষণা কৰি আদৰ্শ দেখুৱালে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী আনন্দীবেন পেটেলে


যি সময়ত দেশত নাৰীৰ প্ৰতি নিৰ্যাতনৰ বাতৰিয়ে সংবাদ শিৰোনামাত খলকনি তুলিছে, সেই সময়তে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী আনন্দীবেন পেটেলে গ্ৰহণ কৰা পদক্ষেপক সকলোৱেই প্ৰশংসা কৰিছে। নাৰী সৱলীকৰণৰ উদ্দেশ্যে গৰজৰাট আৰক্ষীৰ নিযুক্তিত এতিয়াৰ পৰা ৩৩শতাংশ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে। সকলো স্তৰৰ পদৰ বাবে এই সংৰক্ষণ প্ৰযোজ্য হব বুলিও তেখেতে প্ৰকাশ কৰিছে।

প্ৰথম এশদিনত কৰিব লগীয়া কামৰ তালিকাত অগ্ৰাধিকাৰ ভিত্তিত মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলা সৱলীকৰণৰ লগতে পুষ্টি, পৰিস্কাৰ-পৰিচ্ছন্নতা, ৰাজহুৱা সেৱা ব্যৱস্থা সমূহৰ উন্নীতকৰণ আদিৰ লগতে চৰকাৰী চাকৰিত খালী হৈ থকা পদসমূহৰ মকলৰলকো স্থান দিয়া বুলি জানিব পৰা গৈছে।

ইকনমিক টাইমছৰ প্ৰকাশ কৰা অনুসৰি ব্যুৰো অৱ পুলিচ ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্টৰ তথ্যত দেশজুৰি মাত্ৰ ৮৪,৪৭৯গৰাকীহে মহিলা আৰক্ষী আছে। পুৰুষৰ সমানে সমানে সমাজত আগবাঢ়িব লগা সময়ত, ১৫.৮৫ লাখ সংখ্যাৰ আৰক্ষী বাহিনীত ইমান কম মহিলা আৰক্ষীৰ অংশগ্ৰহণ সঁচাই চিন্তনীয় বিষয় নহয়নে। সৰ্বাধিক মহাৰাষ্ট্ৰত ২০,০৬২ গৰাকী, তামিলনাডুত ১০,১১৮গৰাকী আৰু দিল্লীত ৫,৩৫৬গৰাকী মহিলাই আৰক্ষী সেৱাত নিযুক্ত হৈ আছে। উত্তৰ প্ৰদেশৰ দৰে ডাঙৰ ৰাজ্যত ১.৭৩লাখৰ আৰক্ষী বাহিনীত মাত্ৰ ২৫৮৬গৰাকী মহিলা আৰক্ষীয়ে সেৱা আগবঢ়াই আছে। তাৰ বিপৰীতে মধ্যপ্ৰদেশত ৭৬হাজাৰ আৰক্ষীৰ মাজত মহিলা আৰক্ষীৰ সংখ্যা মাত্ৰ ৩০১০গৰাকীহে।

তাতোকৈ ডাঙৰ কথা এয়ে যে আৰক্ষীৰ শীৰ্ষ পদ সমূহত নিযুক্ত মহিলা বিষয়াৰ সংখ্যাও অতি নগন্যহে। দেশজুৰি মাত্ৰ ১৬গৰাকী মহিলাই ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচ ( ডি়জিপি )ৰ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু দেশজুৰি মাত্ৰ ২৪গৰাকী মহিলাই ইন্সপেক্টৰ জেনেৰেল হোৱাৰ তথ্যও বি.পি.আৰ এণ্ড ডিৰ তথ্যত প্ৰকাশ পাইছে।

আৰক্ষী বাহিনীত থকা এই বৃহত লিংগবৈষম্যক দূৰ কৰাৰ বাবে শক্তিশালী পদক্ষেপ লোৱাৰ ক্ষেত্ৰত গুজৰাটেই ৩৩শতাংশ সংৰক্ষণ সকলো স্তৰতে ৰখাৰ ঘোষণা কৰা প্ৰথমখন ৰাজ্যৰূপে বিবেচিত হৈছে। দেশৰ আন আন অংগৰাজ্যইও এই আদৰ্শ গ্ৰহণ কৰি পদক্ষেপ লোৱাৰ অতীব প্ৰয়োজন আছে। উল্লেখনীয় যে সংসদত ৩৩শতাংশ মহিলা সংৰক্ষণৰ বিষয়টোত বিল উত্থাপন হোৱা বিষয়টো বিগত ১৮বছৰ ধৰি হোঁহোকা-পিছলাৰ স্তৰতে ৰৈ আছে।

আনফালে কেন্দ্ৰীয় সাধাৰণ বাজেটতো যোৱা দশকটোত দেশৰ কৰ্মবাহিনীত মহিলাক সৱল ৰূপত নিযুক্ত কৰাক লৈ সৃষ্টি হোৱা স্থৱিৰতাক দূৰ কৰাৰ বাবেও পদক্ষেপ লব বুলি বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ইংগিত দিয়াৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

 বেছি মহিলা আৰক্ষীৰ অংশগ্ৰহণে নিশ্চয়কৈ মহিলাৰ বিৰুদ্ধে হোৱা নিৰ্যাতনৰ গোচৰ সমূহ সমাধানৰ পথত দেশৰ শাসন প্ৰশাসনক সঙায় কৰিব। আৰু দেশৰ কৰ্মবাহিনীত মহিলাৰ বৰ্দ্ধিত অংশগ্ৰহণে দেশখনৰ ভৱিষ্যতকো নিশ্চয়কৈ উজ্বলাই তুলিব। এই পদক্ষেপ লোৱাৰ বাবে গুজৰাটৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছো।

No comments:

Post a Comment