বাতৰিকাকতৰ ৰাশিফল আৰু জৈৱ কণিকাত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ বিচাৰ!
জয়দীপ চক্ৰৱৰ্তী
আন যিকোনো যুক্তিবাদীৰ দৰেই হস্তৰেখা বিচাৰ, কোষ্ঠী বিচাৰ আদিবোৰ বিষয়ক আজিকালি মই সম্পূৰ্ণ ৰূপেই উপেক্ষা কৰো। লক্ষ-কোটি মাইল দূৰৰ সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰ বোৰে কেনেকৈনো পৃথিবীৰ এক জৈৱ-কণিকা 'জয় চক্ৰৱৰ্ত্তী'ৰ ভাগ্য নিয়ন্ত্ৰণ কৰেই বা কেনেকৈ...? এই ধৰণৰ এটা উদ্ভট কল্পনাক কিয়ই বা প্ৰশ্ৰয় দিম আজিৰ এই যুগত !
কেতিয়াবা সমাজৰ একেবাৰে উচ্চ শিক্ষাৰে শিক্ষিত মানে ধৰক, আই.এফ.এছ,
আই.চি.এছ, পি.এইচ.ডি, ইত্যাদি ইত্যাদি ডিগ্ৰীধাৰী অতীৱ জ্ঞানী ব্যক্তি সকলৰ
লগতো নিজৰ কামৰ প্ৰয়োজনৰ বাবেই কেতিয়াবা আলোচনাত বহিব লগা হয়। তেওঁলোকে
যেতিয়া বজাৰৰ মাছৰ দাম, ফিল্ম জগতৰ সেই তাহানিৰে বলৰাজ চাহানীৰ পৰা আজিৰ
ছানি লিয়নকে ধৰি বিশ্বৰ প্ৰতিটো কোণৰ বিবিধ জ্ঞান জগতৰ কথাবোৰ আলোচনা কৰে,
মই তেতিয়া মুগ্ধ ফেঁচা এটাৰ দৰেই চকু ডাঙৰ কৰি, মুখ মেলি তেওঁলোকে সেই
আলোচনা বোৰ শুনি থাকো... সঁচাকৈয়ে তেওঁলোকে ইম্মান জানে ! পিছে তাৰ মাজতেই
হঠাতে অঘটনো ঘটে কেতিয়াবা... যেতিয়া জীৱবিদ্যাৰ কোনো এক পি.এইচ.ডি.
ডিগ্ৰীধাৰী এজনে জগতৰ সাম্প্ৰতিক অৰ্থনীতিৰ ওপৰত গুৰুগম্ভীৰ আলোচনা কৰি
থকাৰ মাজতেই হঠাতে আন এজনৰ হাতখন নিজৰ ফালে টানি লৈ হস্তৰেখাৰ বিচাৰ আৰম্ভ
কৰি দিয়ে। তেতিয়াই যেন তেখেতসকলৰ বিশ্বজ্ঞান সাময়িকভাবে স্থগিত হৈ পৰে।
সেই বিশেষ জনৰ চাৰিওফালে হঠাতে প্ৰসাৰিত হব ধৰে হস্ত অৰণ্য !!! ময়ো তেতিয়া সেই হস্ত অৰণ্যৰ মাজতেই মোৰো হাতখনো সোমাই দিয়াৰ মৃদু চেষ্টা এটা চলাও যদিও বেছিভাগ সময়তেই মোৰ হাতখনে কোনো গুৰুত্ব নাপায়, সেই সময়ত মই সিহঁতৰ মুখত সমবেতভাবে ফুটি উঠা এটা কৌতুকময় হাঁহিৰ ৰেখা দেখা পাও ... ভাৱটো এনে যেন: "এইবোৰতো চব ফাল্টু কথাই হয়, তথাপিতো চোৱাই যাওক না এবাৰৰ বাবে, ক্ষতিয়েই বা কি !"
জয়দীপ চক্ৰৱৰ্তী
আন যিকোনো যুক্তিবাদীৰ দৰেই হস্তৰেখা বিচাৰ, কোষ্ঠী বিচাৰ আদিবোৰ বিষয়ক আজিকালি মই সম্পূৰ্ণ ৰূপেই উপেক্ষা কৰো। লক্ষ-কোটি মাইল দূৰৰ সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰ বোৰে কেনেকৈনো পৃথিবীৰ এক জৈৱ-কণিকা 'জয় চক্ৰৱৰ্ত্তী'ৰ ভাগ্য নিয়ন্ত্ৰণ কৰেই বা কেনেকৈ...? এই ধৰণৰ এটা উদ্ভট কল্পনাক কিয়ই বা প্ৰশ্ৰয় দিম আজিৰ এই যুগত !

সেই বিশেষ জনৰ চাৰিওফালে হঠাতে প্ৰসাৰিত হব ধৰে হস্ত অৰণ্য !!! ময়ো তেতিয়া সেই হস্ত অৰণ্যৰ মাজতেই মোৰো হাতখনো সোমাই দিয়াৰ মৃদু চেষ্টা এটা চলাও যদিও বেছিভাগ সময়তেই মোৰ হাতখনে কোনো গুৰুত্ব নাপায়, সেই সময়ত মই সিহঁতৰ মুখত সমবেতভাবে ফুটি উঠা এটা কৌতুকময় হাঁহিৰ ৰেখা দেখা পাও ... ভাৱটো এনে যেন: "এইবোৰতো চব ফাল্টু কথাই হয়, তথাপিতো চোৱাই যাওক না এবাৰৰ বাবে, ক্ষতিয়েই বা কি !"

কিন্তু ১৯৮৮ চনত ধুবুৰীত হোৱা প্ৰৱল বানপানীৰ ফলত মোৰ সেই জন্মপত্ৰিকা খন আজি অৱলুপ্ত । সেয়ে গ্ৰহ-নক্ষত্ৰবোৰে মোৰ বাবে কেনে ধৰণৰ ভাগ্য তৈয়াৰ কৰি থৈছিল, সেয়া আজি আৰু জনাৰ উপায় নাই । শুনিছো, জন্মৰ সময়খিনি আৰু জন্মৰ স্থান জনা থাকিলেই পুনৰ জন্মপত্ৰিকা তৈয়াৰ কৰি দিব পাৰে জ্যোতিষী বা গনক সকলে, কিন্তু মোৰ আৰু সাহসে নজুৰে... কিজানিবা কেচু খান্দোতে সাপে ওলায়, কোনে জানে।
অগত্যা বাতৰি কাকতৰ দেওবাৰে অহা বিশেষ পত্ৰিকাখনত মোৰ প্ৰথম দ্ৰষ্টব্য 'ৰাশিফল', কিন্তু সমস্যাটো হ'ল, মোৰ ৰাশি বা কি আছিলে...??? ঘৰৰ সকলোৱে পাহৰি থাকিলে। মোৰ মাৰ মতে এটা তো পেহীৰ মতে আন এটাহে...!!! দেউতাৰ এইবোৰ লৈ বিশেষ আগ্ৰহ নাই, সেয়ে সুধিলেও লাভ একো নাই ।
মেষ, বৃষ, মিথুন পৰা কুম্ভ, মীনলৈ সকলোবোৰেই মই নিজেই অনুধাৱন কৰিলো । বৃষ? উহু নাই নিমিলিছে দেখুন... !!! মিথুন....? কিহৰ মিথুন ভাই....? সপ্তাহে প্ৰতি কমেও চাৰিদিন গৃহিণীয়ে জনাই আহিছে যে পৃথিৱীৰ আটাইতকৈ অপদাৰ্থ লোকজন মইয়েই। কৰ্কট ? আৰে ধুৰ..., বৃশ্চিক ? নেভাৰ, সিংহ...? বাপৰে তেনে শৌৰ্যবীৰ্য মোৰ গাত ক'ত ? ধনু...? হবও পাৰে দেই তাৰ কেঁকুৰিটোৰ লগত মোৰ জীৱনৰ মিল অলপ নথকা নহয় পিছে তীৰডাল যে সময়ত মাৰিবই নোৱাৰো মই... নাই ধনুও নহয় । কন্যা...? অসম্ভৱ স্ত্ৰীজাতি হব নিবিচাৰো নিজেই। তুলা...? শেষত কি ওজন জোখা হম ? ইমপচিবল ! মকৰ মানে কুম্ভীৰ? নাহ, কাৰোবাৰ ভৰিখন ধৰি ডুবাই দিয়াৰ অভ্যাসটো অন্তত নাইহে। কুম্ভ ? হাঁ, তেনেকৈ বহি থাকো অৱশ্যে, কিন্তু কলহ হবলৈ কোনে বিচাৰিব...? বিশেষকৈ যেতিয়া কলহত নিজৰে চেহেৰাটোৰ ৰেফ্লেকছনটো আহে ! মীন? আৰে বাদ দিয়াহে, মাছ হব যাম কোন দুখত ?
সেয়েই বাই ল অফ এলিমেনেচন, বাকী থকা 'মেষ' টোকেই পছন্দ কৰি ললোঁ। 'মেষ' এনেও নিৰীহ, শান্ত এক জীৱ। ৰাশিত এটি অসমীয়া মেষসাবক মানে ভেড়া পোৱালীহে হোৱাটো থিৰাং কৰিলো মই, ডাঙৰ শিঙাল ভেড়া হোৱাৰ ইচ্ছা নাই, তেনেকা আক্ৰমণাত্মক দুৰ্ধৰ্ষ ভেড়া মোৰ কাহানিও পছন্দৰ নাছিলে । মই সেই ইংৰাজী নাৰ্চাৰি ৰাইমৰ 'মেৰি হেড এ লিটল ল্যাম্ব'-অৰ সেই ভেড়া শিশুটি হম, ৰাশিত তো উল্লেখ নাই যে মেষ মানেই বৃদ্ধ মেষ !!! কিন্তু ইয়াতো সৰু খোকোজা এটি থাকিয়েই যায়... সেই যে কথাতে কয় " হেজাৰটা ভেড়াতকৈ এটা সিংহই ভাল" কি ডাল ভালহে... সিংহ পুৰুষ সকলোৰ কামকাজ বোৰ দেখোন আজিকালি ভেড়াতকৈও অধম পিছপৰা বিধৰ। মানুহে নিজা সুবিধা অনুসৰি একো একোটা মনেসজা উপমা লগাই দিলেই মানি লম নেকি...??? আমাৰো আত্মপক্ষ সমৰ্থন কৰাৰ অধিকাৰ আছে...! বাদ দিয়াহে, আজিৰ পৰা এইহেন বজ্জাত সিংহতকৈ ভেড়া হোৱাটোয়ে ভাল বুলি ময়ো প্ৰচাৰ কৰিম... যি হ'লেও আজিৰ পৰা মোৰ ৰাশি মই আবিষ্কাৰ কৰিলো, ফুলি ডিটাৰমাইণ্ড... মোৰ ৰাশি 'মেষ' ।
'মেষ'
ৰাশিৰ মানুহ হৈ মোৰ দিনবোৰ ভালেই চলিছিল প্ৰত্যেক দেওবাৰে ৰাশিফল চাইছিলো
বাতৰিকাকতত। কেতিয়াবা ব্যয়ৰ অধিকতাত কষ্ট পাব, কৰ্মক্ষেত্ৰত পৰিবৰ্তন দেখা
নাযায়, শত্ৰু বৃদ্ধি হব পাৰে, সপ্তাহৰ শেষৰ ফালে আৰ্থিক উন্নতি ইত্যাদি
ইত্যাদি লিখাবোৰ চাই কেতিয়াবা পুলকিত, কেতিয়াবা ৰোমহৰ্ষিত, কেতিয়াবা
বিচলিত, কেতিয়াবা বিমোহিত, কেতিয়াবা ভাবান্বিত হৈ চলিছিলো । মিলি যাওক বা
নিমিলক... অপ্ৰত্যাশিত অৰ্থলাভ কৰিব, শত্ৰুসকল পৰাভূত হব, কৰ্মক্ষেত্ৰত
যশোলাভ কৰিব আদি ধৰণৰ কোনো কোনো মোক্ষম ঘোষণাৰ পিছত ব্যাকুল হৃদয়ে
অপেক্ষা কৰাটো এটা নিয়মেই হৈ গৈছিল লাহে লাহে। এনে এটা সময়তে ঘটিল সেই অঘটনটো...
সিদিনাখন দেওবাৰ আছিলে মামা এজন আমাৰ ঘৰত কিবা এটা খবৰ দিব
আহিছিল, তেখেতেই লগত আনিছিলে এখন বাতৰিকাকত। যোৱাৰ সময়ত ভুলক্ৰমে আমাৰ ঘৰতেই
কাকতখন এৰি গ'ল, সেইখন কাকত আমি নাৰাখো, সেয়ে দুপৰীয়া ভাতপানী খাই বিচনাত
বাগৰি সেইখনকে লুটিয়াব ধৰিছোহে মাত্ৰ তাৰ ৰাশিফললৈ চাই চকখাই উঠিলো।
ইতিপূৰ্বে আমি ৰখা কাকতখনত 'মেষ' সম্পৰ্কে যি জানিছো সেয়া হ'ল: স্বাস্থ্য
ভালে যাব, আয়-ব্যয়ৰ সমতা থাকিব, ব্যৱসায়ী সকলোৰ বাবে মোটামুটি সপ্তাহটো
শুভ... কিন্তু এইখনত যে দেখিলো কথাবোৰ একেবাৰেই উল্টা-পুল্টা...!!! লিখিছে
'ব্যয়বৃদ্ধিৰ বাবে দুশ্চিন্তা, শৰীৰ ভালে নাযাব, ব্যৱসায়ী সকলোৰ বাবে
নতুনকৈ অগ্ৰসৰ নোহোৱাটো বাঞ্ছনীয় ।' কি কাৰবাৰ এইবোৰ !!! মনত এক জটিল
দুৰ্ভাৱনাৰ উদয় হ'ল... ছেহ, কোনখন কাকতৰ কথা বিশ্বাসত ল'ম এতিয়া ??? নাই
কিবা এটা গোলমাল আছে সেয়ে প্ৰতিবেশীৰ ঘৰৰ পৰা তৃতীয়খন কাকত কিবা এটা বিশেষ
লিখাৰ বাবে লাগে বুলি কৈ শ্ৰীমতীক আনিব পঠালো আৰু তৃতীয় কাকতৰ ৰাশিফলটোত যি
পালো সেয়া নকোৱাই ভাল । মুঠৰ ওপৰত, সিখনত ভাগ্যচাৰ্যা নামৰ আন এক
মহাপণ্ডিতে তৃতীয় মত এটাহে পোষণ কৰিছে দেখোন !!! এওঁলোক সকলোৱেই
জ্ঞানী-গুণীব্যক্তি, কিন্তু মই এতিয়া কোনফালে যাও ? কোন কাকতৰ ৰাশিফলটোৰ
লগত তেতিয়া হ'লে ৰাহিযোৰা মিলিব মোৰ...??? এক জটিল পৰিস্থিতি ।
হঠাতে
মনত এই ৰাশি-চাশিৰ প্ৰতি এটা তীব্ৰ জিঘাংসা জাগিল... ভাৰ মে যায়ে 'মেষ'
আজিৰ পৰাই মই 'ফ্ৰি লাঞ্ছাৰ' ৰাশিৰ মানুহ !
বৃষ-বৃশ্চিক-কৰ্কট-কন্যা-মকৰ-মীন...যিকোনো এটা হ'লেই হ'ল । দেখাই যাওক এই
তিন কাকতৰ তিনি পণ্ডিতে কোনো এটা ৰাশি সম্পৰ্কে কেতিয়াবা একমত হব পাৰে নে
নাই। বেলেগ বেলেগ কাকতৰ পাঠকৰ বাবে একেটা ৰাশিৰে ৰাশিফল বেলেগ কিয় হয় কোনে
জানে ! এয়া কি ধৰণৰ বিজ্ঞান..??? ইয়াৰ চৰ্চা কৰা পণ্ডিত সকল কি জাতৰ
বিজ্ঞানী !!! মই এতিয়াৰ পৰা প্ৰত্যেক সপ্তাহত ৰাশি সলনি কৰি লম... মোৰ একো
সমস্যা নাই, যিহেতু মোৰ আচল ৰাশিটো হেৰাইয়ে থাকিল সেয়ে মই মোৰ
ইচ্ছামতে যিকোনো ৰাশিতে বিচৰণ কৰিম, যিটোৰ ফলাফল সকলোতকৈ বেয়া তাকেই বাচি
ল'ম... তেতিয়া অন্তত মনটোক সান্তনা দিব পাৰিম ইয়াতকৈ বেয়া আৰু হবই নোৱাৰে,
কিবা হ'লে ভালেহে হব ।।
#মূল থিমটো নাৰায়ণ গংগোপাধ্যায়ৰ 'সুনন্দৰ জাৰ্নাল' পৰা লোৱা।
সত্যিই একটি মহান তথ্য বাংলা আমি এটা পড়তে খুব খুশি aaj ka rashifal
ReplyDelete