পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. উত্তৰ-পূৱক "জৈৱিক অঞ্চল" ৰূপে গঢ়ি তুলিবলৈ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছিকিমে সফলতাৰে নিজৰ ৰাজ্যক "জৈৱিক ৰাজ্য"লৈ পৰিগণিত কৰাৰ আদৰ্শ গ্ৰহণ কৰি সমগ্ৰ উত্তৰ-পূৱকে জৈৱিক অঞ্চল কৰি তোলাৰ তেখেতে পোষকতা কৰে। তথা দেশৰ অন্যান্য ৰাজ্যৰ পৰা বছৰি ২০হাজাৰখন কলেজৰ পৰা ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ বাবে উত্তৰ-পূৱলৈ পঠোৱাৰ ব্যৱস্থা কৰিবলৈকো এক প্ৰস্তাৱ সংসদত দিয়া ভাষণত তুলি ধৰে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ পৰ্যটনৰ বিকাশ তথা দেশৰ অন্য ৰাজ্যৰ নৱ-প্ৰজন্মৰ অন্তৰত অঞ্চলটোৰ প্ৰকৃত ছবি ৰোপন কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি স্থাপন কৰাটো সম্ভৱপৰ হব বুলিও তেখেতে আশা প্ৰকাশ কৰে।

২. আজি ঘোষিত হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল। চাৰি বছৰৰ  মূৰত ল'ৰাৰ হাতলৈ শীৰ্ষস্থান,  জয়পুৰৰ গৌৰৱ আগৰৱালাই অৰ্জন কৰিলে এই কৃৰ্তিত্ব।  মুনিশ শৰ্মা, ৰচিত ৰাজ আৰু অক্ষয় ত্ৰিপাঠীয়ে ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰি সৰ্ব-ভাৰতীয় পৰ্যায়ত সফলতাৰ শিখৰ আৰোহণ কৰিছে। অসমৰ ইবু সঞ্জীৱ গাৰ্গে ২৬২ স্থান লাভ কৰি সফল হোৱাৰো সুখবৰ।

৩. আজিৰে পৰা ব্ৰাজিলত আৰম্ভ হৈছে ফিফা বিশ্বকাপ ফুটবলৰ মহাৰণ। বিশ্বৰ ৩২খন দেশে এই বিশ্বকাপত অংশগ্ৰহণ কৰিব। আনফালে বিশ্বকাপৰ বাবে আন্তঃগাঁথনি, আয়োজন আদিত খৰছ কৰাতকৈ দেশৰ ৰাজহুৱা ধন জনস্বাস্থ্য, উপযুক্ত বাসস্থান আদিৰ বাবে খৰছ কৰাৰ দাবীৰে ব্ৰাজিলত প্ৰতিবাদী সকলে ধৰ্ণা-প্ৰতিবাদো অব্যাহত ৰাখিছে।

৪. যোৱা ১০জুনত গুৱাহাটীত উন্মোচিত হ'ল প্ৰয়াত ৰুলেশ্বৰ দাস ৰচিত আৰু গোলাঘাট জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ "বনৰজা"ৰ ইংৰাজী অনুবাদ "দ্য কিং অৱ জাংগল"। প্লাৱন বিজয় দাসে কৰা এই অনুবাদৰ ই-গ্ৰন্থখন আসাম-কাৰ্ট.কম যোগে উপলব্ধ হব। উন্মোচনী অনুষ্ঠানত ডঃ ৰীতা চৌধুৰী, চন্দনা গোস্বামীকে ধৰি আন আন সুধীজনে অংশগ্ৰহণ কৰে।

৫. ৰবিজিতা গগৈৰ পৰিচালনাৰে অহা ১৪-১৫জুনত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কলকলাল বৰুৱা প্ৰেক্ষাগৃহত মঞ্চস্থ হব অনুৰাধা শৰ্মা পূজাৰীৰ বহু পঠিত গল্প "বাদুলী"ৰ নাট্যৰূপ। নিতৌ ৪-৩০ বজা আৰু ৬-৩০ বজাত দুটাকৈ দৰ্শনীৰ আয়োজন কৰা জিৰচং থিয়েটাৰৰ এই নাটৰ বাবে প্ৰবেশ পত্ৰ ০৯৯৫৪৮-৬৩৪১৫ নম্বৰত যোগাযোগ কৰি সংগ্ৰহ কৰিব পাৰিব।

৬. মন্ত্ৰীসভাৰ ব্যাপক সালসলনিৰে অসমত চলি থকা গগৈ চৰকাৰৰ বিসম্বাদ অচিৰেই অন্ত পৰিব বুলি সংবাদ প্ৰকাশ পাইছে। দলীয় বিসম্বাদৰ ফলতে ৰাজ্য প্ৰশাসন স্থবিৰ হৈ পৰাৰ অভিযোগৰ মাজতে কালি দিল্লীত গুলাম নবী আজাদে এই ঘোষণা কৰা বুলি সংবাদ প্ৰকাশ পাইছে।

৭. নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত একাংশ বিশেষজ্ঞৰ স্থিতি সলনি আৰু নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰি নিজৰ দাবী উত্থাপন কৰিব বুলি প্ৰকাশ কৰিলে  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

৮. আইন-শৃংখলা নিয়ন্ত্ৰণত কোনো ক্ৰুটি নথকাটো নিশ্চিত কৰিবলৈ ভিডিঅ' কনফাৰেঞ্চিংৰ জৰিয়তে কালি জিলা সমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে বাৰ্তালাপ কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এই কনফাৰেন্সিংত ৰাজ্যৰ মুখ্য সচিব জিশে খোচলা, ডিজিপ খগেন শৰ্মা আৰু গৃহ বিভাগৰ প্ৰধান সচিব এম.জি.ভি.কে ভানুৱেও অংশ গ্ৰহণ কৰে। বন্ধ, পথ অৱৰোধ, ৰে'ল অৱৰোধ আদি কঠোৰ ভাৱে নিয়্ন্ত্ৰণ কৰাৰ লগতে জনসাধাৰণৰ সৈতে বন্ধুত্বপূৰ্ণভাৱে প্ৰশাসন পৰিচালনা কৰিবলৈ গগৈয়ে পৰামৰ্শ দিয়ে।

৯. সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যাবদ সূচক প্ৰস্তাৱ গৃহীত। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণত উজলি উঠা প্ৰতিটো কথাক কৰ্মলৈ ৰূপান্তৰিত কৰাৰ বাবে সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা চলোৱাৰ আশ্বাস প্ৰদান কৰে। তেখেতে "কেলেংকাৰীৰে ভাৰত" ভাৱমূৰ্তি  বিচক্ষণ ভাৰত"লৈ সলনি কৰিবলৈ আহ্বান জনায়। তেখেতে গাঁও সমূহৰ সৱলীকৰণ, ক্ষুদ্ৰ উদ্যোগীকৰণ আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ কথা প্ৰকাশ কৰে। আৰু ধৰ্ষণৰ দৰে অপৰাধৰ কোনো মনো-বৈজ্ঞানিক বিশ্লেষণ নকৰিবলৈ সকলো পক্ষকে আহ্বান জনায়।

১০. নতুন দিল্লীত হোৱা অভাৱনীয় বিদ্যুত সংকটৰ সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰাৰ বাবে সময় বিচাৰিছে আম আদমি পাৰ্টিৰ সমন্বয়ক অৰবিন্দ কেজৰীৱালে। কেন্দ্ৰই হস্তক্ষেপ কৰি বিষয়টোৰ ক্ষিপ্ৰ সমাধান কৰিব লাগে বুলিও দলে দাবী উত্থাপন কৰিছে।

No comments:

Post a Comment